1. {ইলীহুৰ দ্বিতীয় বক্তৃতা। }
2. [PS]পাছে ইলীহুৱে আৰু উত্তৰ কৰি কলে, [PE][QS]হে জ্ঞানী লোকবিলাক, মোৰ কথা শুনা; [QE][QS]হে বিজ্ঞলোকবিলাক, মোলৈ কাণ পাতা। [QE]
3. [QS]কিয়নো জীবাই যেনেকৈ আহাৰৰ আস্বাদ লয়, [QE][QS]তেনেকৈ কাণে কথাৰ পৰীক্ষা কৰে। [QE]
4. [QS]আহাঁ, যি ন্যায়, তাক আমি বাচি লওঁহঁক; [QE][QS]যি ভাল, তাক আমাৰ মাজত নিশ্চয় কৰোঁহক। [QE]
5. [QS]কিয়নো ইয়োবে কৈছিল, যে,মই ধাৰ্মিক, [QE][QS]তথাপি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে; [QE]
6. [QS]মই ন্যায়ৱান হলেও, মিছলীয়া বুলি গণিত হৈছোঁ, [QE][QS]বিনাদোষে মোৰ গাত চিকিৎসা কৰিব নোৱাৰা ঘা লাগিছে। [QE]
7. [QS]পানী পি তৃপ্ত হোৱাৰ দৰে বিদ্ৰূপ কৰি তৃপ্ত হোৱা, [QE]
8. [QS]দুৰাচাৰীবোৰৰ লগত ফুৰা, [QE][QS]আৰু দুষ্টৰ সঙ্গী হোৱা, ইয়োবৰ নিচিনা কোন আছে? [QE]
9. [QS]কিয়নো তেওঁ কৈছিল, “ঈশ্বৰৰ লগত প্ৰণয় ৰাখিলে, [QE][QS]মানুহৰ একো লাভ নহয়।” [QE]
10. [QS]এতেকে হে বিজ্ঞ লোকবিলাক মোলৈ কাণ পাতা; [QE][QS]ঈশ্বৰে যে কুকৰ্ম কৰিব, আৰু সৰ্ব্বশক্তিমান জনাই যে অন্যায় কৰিব, এইয়ে তেওঁৰ পৰা দুৰা থাকক। [QE]
11. [QS]কিয়নো তেওঁ মানুহৰ কৰ্মৰ দৰে তাক ফল দিয়ে, [QE][QS]আৰু যাৰ যেনে আচৰণ, তাৰ তেনে দশা ঘটাই। [QE]
12. [QS]বাস্তৱিক ঈশ্বৰে কুকৰ্ম নকৰে। [QE][QS]সৰ্ব্বশক্তিমান জনাই ন্যায়ৰ বিপৰীত নকৰে। [QE]
13. [QS]তেওঁক পৃথিবীৰ ওপৰত ক্ষমতা কোনে দিলে? [QE][QS]আৰু গোটেইখন জগত কোনে স্থাপন কৰিলে? [QE]
14. [QS]যদি তেওঁ নিজেই নিজতেই মন দি থাকে, [QE][QS]যদি নিজে দিয়া আত্মা আৰু নিশ্বাস নিজলৈ চপাই নিয়ে, [QE]
15. [QS]তেন্তে সকলো মৰ্ত্ত্য একেবাৰে মৰি যাব, [QE][QS]আৰু মনুষ্য পুনৰায় ধুলি লীন হৈ যাব। [QE]
16. [QS]যদি তোমাৰ বিবেচনা থাকে, [QE][QS]তেন্তে এই কথা শুনা, আৰু মোৰ বাক্যলৈ কাণ পাতা। [QE]
17. [QS]ন্যায় ঘিণ কৰোঁতাজনে জানো শাসন কৰিব পাৰে? [QE][QS]তুমি ধাৰ্মিক আৰু পৰাক্ৰমী জনাক জানো দোষী কৰিব পাৰা? [QE]
18. [QS]ৰজাক জানো “তুমি অধম,” এই বুলি কব পাৰি? [QE][QS]আৰু সম্ভ্ৰান্ত লোকবিলাকক, “তোমালোকে দুষ্ট,” এই বুলি জানো কব পাৰি? [QE]
19. [QS]তেন্তে, যি জনাই অধ্যক্ষসকলক মুখলৈ নাচায়, [QE][QS]আৰু দৰিদ্ৰতকৈ ধনীকো উত্তম বুলি জ্ঞান নকৰে, এনে জনাক কিমান কম পৰিমাণে তাক কব পাৰি! [QE][QS]কিয়নো সকলোৱেই তেওঁৰ হাতেৰে কৰা বস্তু। [QE]
20. [QS]সিবিলাক নিমিষতে, এনে কি মাজ নিশাতেই মৰে; [QE][QS]লোকবিলাকে কঁপি কঁপি পৰলোকলৈ গমণ কৰে, [QE][QS]আৰু পৰাক্ৰমী বিলাকক বিনাহাতে কাঢ়ি নিয়া হয়। [QE]
21. [QS]কিয়নো তেওঁ মানুহৰ কথাত চকু দিয়ে, [QE][QS]আৰু তাৰ সকলো গতি দেখে। [QE]
22. [QS]য’ত দুৰাচাৰীবোৰ লুকাই থাকিব পাৰে, [QE][QS]এনেকুৱা অন্ধকাৰ কি মৃত্যুছায়া নাই। [QE]
23. [QS]যি স্থলত মনুষ্য বিচাৰৰ অৰ্থে ঈশ্বৰৰ ওচৰলৈ যাব, [QE][QS]এনে স্থলত তেওঁ তাৰ বিষয়ে বৰ চিন্তা কৰিব লগীয়া হয়। [QE]
24. [QS]তেওঁ অনুসন্ধান নকৰি পৰাক্ৰমীবিলাকক খণ্ড খণ্ড কৰি, [QE][QS]আৰু তেওঁবিলাকৰ ঠাইত আন লোকক স্থাপন কৰে। [QE]
25. [QS]এই হেতুকে তেওঁ তেওঁবিলাকৰ কাৰ্যবোৰ জানে, [QE][QS]আৰু ৰাতিতে সকলো লুটিয়াই পেলায়, [QE][QS]তাতে তেওঁবিলাক চুৰ্ণীকৃত হয়। [QE]
26. [QS]তেওঁ সকলোৰে দেখাতে তেওঁবিলাকক দুৰ্জন বুলি প্ৰহাৰ কৰে; [QE]
27. [QS]কিয়নো তেওঁবিলাকে তেওঁ পাছে পাছে যাবলৈ এৰি, [QE][QS]আৰু তেওঁৰ এটি পথকো নামানি, [QE]
28. [QS]দৰিদ্ৰৰ কাতৰোক্তি তাৰ আগত উপস্থিত কৰে, [QE][QS]আৰু দুখিত বিলাকৰ কাতৰোক্তি তেওঁৰ কাণত পেলায়। [QE]
29. [QS]তেওঁ শাস্তি দিলে কোনে তেওঁক দোষ দিব পাৰে? [QE]
30. [QS]অধৰ্মি লোকে যেন ৰাজত্ত্ব নকৰে; [QE][QS]আৰু প্ৰজাবিলাকক ফান্দত পেলাবলৈ যেন কোনো নাথাকে, [QE][QS]এই নিমিত্তে, জাতিৰ পৰাই হওক, বা মানুহৰ পৰাই হওক, [QE][QS]তেওঁ মুখ ঢাকিলে কোনে তেওঁৰ দৰ্শন পাব পাৰে? [QE]
31. [QS]“মই শাস্তি ভোগ কৰিলোঁ, মই আৰু অধৰ্ম আচৰণ নকৰোঁ;” [QE]
32. [QS]যি নেদেখোঁ, তাক মোক দেখুৱাই দিয়া; [QE][QS]যদি মই অন্যায় কৰিলোঁ, তেন্তে মই আৰু নকৰোঁ, “এই বুলি ঈশ্বৰৰ আগত কোৱা উচিত নে? [QE]
33. [QS]ঈশ্বৰে দিয়া প্ৰতিফল তোমাৰ ইচ্ছাৰ দৰে হয়নে যে, তুমি তাক অগ্ৰাহ্য কৰিলা? [QE][QS]কিয়নো মনোনীত কৰা কাৰ্য তোমাৰ হে, মোৰ নহয়; এই হেতুকে তুমি যি জানা, তাক কোৱা। [QE]
34. [QS]বুদ্ধিমান লোকে মোক কব, এনে কি, মোৰ কথা শুনা প্ৰত্যেক জ্ঞানৱানে কব, [QE]
35. [QS]“ইয়োবে জ্ঞানশূন্য কথা কৈছে, আৰু তেওঁৰ বাক্য বিবেচনাযুক্ত।” [QE]
36. [QS]ইয়োবে দুষ্টলোকৰ দৰে উত্তৰ দিয়াৰ কাৰণে তেওঁৰ পৰীক্ষা শেষলৈকে হলেই ভাল। [QE]
37. [QS]কিয়নো তেওঁ নিজৰ পাপত বিদ্ৰোহ লগ লগাইছে, তেওঁ আমাৰ মাজত হাত-তালি দিছে, [QE][QS]আৰু ঈশ্বৰৰ বিৰুদ্ধে অনেক কথা কৈছে। [QE]