অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ূদৰ ৰচিত গীত। } [QS]হে ঈশ্বৰ, মোৰ অভিযোগবোৰৰ কথা কওঁতে মোৰ মাত শুনা; [QE][QS]শত্রুৰ ভয়ৰ পৰা মোৰ জীৱন ৰক্ষা কৰা। [QE]
2. [QS]দুষ্টবোৰৰ ষড়যন্ত্ৰৰ পৰা মোক লুকুৱাই ৰাখা; [QE][QS]দুৰাচাৰীবিলাকৰ মানসিক উত্তেজনাৰ অপৰাধবোৰৰ পৰা মোক গুপুতে ৰাখা। [QE]
3. [QS]তেওঁলোকে তৰোৱাল ধৰোঁৱাদি নিজৰ জিভা ধৰাইছে; [QE][QS]তেওঁলোকে তিক্ততাপূর্ণ কথাৰ ধনুকাঁড় জুৰিছে। [QE]
4. [QS]নির্দোষী জনক গুপুতে মাৰিবলৈ নিজৰ কাঁড় জুৰিছে; [QE][QS]তেওঁলোকে তালৈ অকস্মাতে বাণ মাৰে, ভয় নকৰে। [QE]
5. [QS]সিহঁতে কুমন্ত্ৰণাত নিজক উৎসাহ দিয়ে; [QE][QS]গুপুতে ফান্দ পতাৰ বিষয়ে কথা পাতে; [QE][QS]সিহঁতে কয়, “এই আমাক[* বস্তুবোৰ ] কোনে দেখিব?” [QE]
6. [QS]তেওঁলোকে কু-পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে; [QE][QS]তেওঁলোকে কয়, “আমি ভালকৈ ভাবি-চিন্তি কল্পনা কৰি থৈছোঁ।” [QE][QS]প্ৰত্যেকৰ আন্তৰিক ভাব আৰু হৃদয় গভীৰ। [QE]
7. [QS]কিন্তু ঈশ্বৰে তেওঁলোকক আহত কৰিব; [QE][QS]অকস্মাতে কাঁড়ৰ দ্বাৰাই আঘাত কৰিব। [QE]
8. [QS]তেওঁলোকে অন্যায় কাম কৰাৰ কাৰণে, তেওঁলোকৰ জিভা তেওঁলোকৰ বিৰোধী হ’ল। [QE][QS]যি সকলে তেওঁলোকক অস্থিৰ হোৱা দেখিব; [QE][QS]তেওঁলোক সকলোৱে তাকে দেখি মূৰ জোকাৰিব। [QE]
9. [QS]তেওঁলোক সকলোৱে ভয়াৰ্ত হ’ব; [QE][QS]ঈশ্বৰে যি কার্য কৰিলে, সেই বিষয়ে চিন্তা কৰিব, [QE][QS]তেওঁলোকে ঈশ্বৰৰ কাৰ্যৰ বিষয়ে ঘোষণা কৰিব। [QE]
10. [QS]ধাৰ্মিক লোকে যিহোৱাত আনন্দিত হৈ তেওঁত আশ্ৰয় ল’ব; [QE][QS]ঈশ্বৰ ভক্ত সকলোৱে তেওঁৰ ন্যায়পৰায়ণতা দেখি অন্তৰৰে গৌৰৱ কৰিব। [QE]
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 64 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ূদৰ ৰচিত গীত। } হে ঈশ্বৰ, মোৰ অভিযোগবোৰৰ কথা কওঁতে মোৰ মাত শুনা; শত্রুৰ ভয়ৰ পৰা মোৰ জীৱন ৰক্ষা কৰা। 2 দুষ্টবোৰৰ ষড়যন্ত্ৰৰ পৰা মোক লুকুৱাই ৰাখা; দুৰাচাৰীবিলাকৰ মানসিক উত্তেজনাৰ অপৰাধবোৰৰ পৰা মোক গুপুতে ৰাখা। 3 তেওঁলোকে তৰোৱাল ধৰোঁৱাদি নিজৰ জিভা ধৰাইছে; তেওঁলোকে তিক্ততাপূর্ণ কথাৰ ধনুকাঁড় জুৰিছে। 4 নির্দোষী জনক গুপুতে মাৰিবলৈ নিজৰ কাঁড় জুৰিছে; তেওঁলোকে তালৈ অকস্মাতে বাণ মাৰে, ভয় নকৰে। 5 সিহঁতে কুমন্ত্ৰণাত নিজক উৎসাহ দিয়ে; গুপুতে ফান্দ পতাৰ বিষয়ে কথা পাতে; সিহঁতে কয়, “এই আমাক* বস্তুবোৰ কোনে দেখিব?” 6 তেওঁলোকে কু-পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে; তেওঁলোকে কয়, “আমি ভালকৈ ভাবি-চিন্তি কল্পনা কৰি থৈছোঁ।” প্ৰত্যেকৰ আন্তৰিক ভাব আৰু হৃদয় গভীৰ। 7 কিন্তু ঈশ্বৰে তেওঁলোকক আহত কৰিব; অকস্মাতে কাঁড়ৰ দ্বাৰাই আঘাত কৰিব। 8 তেওঁলোকে অন্যায় কাম কৰাৰ কাৰণে, তেওঁলোকৰ জিভা তেওঁলোকৰ বিৰোধী হ’ল। যি সকলে তেওঁলোকক অস্থিৰ হোৱা দেখিব; তেওঁলোক সকলোৱে তাকে দেখি মূৰ জোকাৰিব। 9 তেওঁলোক সকলোৱে ভয়াৰ্ত হ’ব; ঈশ্বৰে যি কার্য কৰিলে, সেই বিষয়ে চিন্তা কৰিব, তেওঁলোকে ঈশ্বৰৰ কাৰ্যৰ বিষয়ে ঘোষণা কৰিব। 10 ধাৰ্মিক লোকে যিহোৱাত আনন্দিত হৈ তেওঁত আশ্ৰয় ল’ব; ঈশ্বৰ ভক্ত সকলোৱে তেওঁৰ ন্যায়পৰায়ণতা দেখি অন্তৰৰে গৌৰৱ কৰিব।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 64 / 150
×

Alert

×

Assamese Letters Keypad References