1. [PS]যাকিৰ পুত্ৰ আগুৰে ঈশ্বৰীয় বচন কোৱা: [PE][QS]এই মানুহে ঈথীয়েল আৰু উকালত ঘোষণা কৰে: [QE]
2. [QS]যি কোনো মনুষ্যতকৈ নিশ্চয় মই বহুত বেছি জন্তুৰ দৰে, [QE][QS]আৰু মনুষ্যজাতিৰ বুজা শক্তি মোৰ নাই, [QE]
3. [QS]আৰু মই প্ৰজ্ঞা শিকা নাই, [QE][QS]নাইবা পবিত্ৰ জনাৰ বিষয়েও জ্ঞান পোৱা নাই। [QE]
4. [QS]কোন স্বৰ্গলৈ উঠি গৈছিল, আৰু নামি আহিছিল? [QE][QS]কোনে নিজৰ হাতৰ মুঠিত বতাহ ধৰিছিল? [QE][QS]কোনে জল সমূহক বান্ধি লুকুৱাই ৰাখিছিল? [QE][QS]কোনে পৃথিবীৰ সকলো সীমা স্থাপন কৰিছিল? [QE][QS]তেওঁৰ নাম কি? আৰু তেওঁৰ পুত্ৰৰ নাম কি? নিশ্চয় তুমি জানা! [QE]
5. [QS]ঈশ্বৰৰ প্ৰতিটো বাক্য প্রমাণিত, [QE][QS]তেওঁত আশ্ৰয় লোৱা সকলৰ তেওঁ ঢাল হয়। [QE]
6. [QS]তেওঁৰ বাক্যৰ লগত একো যোগ নিদিবা; [QE][QS]নহ’লে তেওঁ তোমাক তিৰস্কাৰ কৰিব, আৰু তুমি মিছলীয়া বুলি প্রমাণিত হবা। [QE]
7. [QS]মই তোমাৰ আগত দুটা বস্তু খুজিছোঁ; [QE][QS]মোৰ মৃত্যু হোৱাৰ আগতে সেই বস্তু দুটা মোক দিবলৈ অমান্তি নহ’বা। [QE]
8. [QS]অহংকাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা; [QE][QS]মোক দৰিদ্ৰ নাইবা ধনৱান নকৰিবা; [QE][QS]কেৱল মোৰ প্রয়োজনীয় আহাৰ মোক দিয়া। [QE]
9. [QS]কাৰণ মোৰ যদি অতিৰিক্ত থাকে, তেনেহ’লে মই তোমাক অস্বীকাৰ কৰিম আৰু ক’ম, “যিহোৱা নো কোন?” [QE][QS]বা মই যদি দৰিদ্ৰ হওঁ আৰু চুৰ কৰোঁ, [QE][QS]তেনেহ’লে মোৰ ঈশ্বৰৰ নাম মই অপবিত্র কৰিম। [QE]
10. [QS]দাসক তেওঁৰ মালিকৰ আগত নিন্দা নকৰিবা; [QE][QS]কৰিলে তেওঁ তোমাক শাও দিব, আৰু তুমি দোষী বুলি গণিত হ’ব। [QE]
11. [QS]এটা বংশ আছে, যি নিজৰ পিতৃক শাও দিয়ে, [QE][QS]আৰু নিজৰ মাতৃক মহিমান্বিত নকৰে। [QE]
12. [QS]সেই বংশই নিজে নিজৰ দৃষ্টিত শুদ্ধ; [QE][QS]কিন্তু তেওঁলোকে নিজৰ কলুষিতা পৰিত্যাগ নকৰে। [QE]
13. [QS]সেই বংশ নিজৰ দৃষ্টিতে নিজে বহুত অহংকাৰী! [QE][QS]আৰু তেওঁলোকে চকুৰ পিৰিঠি ওপৰ কৰি ৰাখে! [QE]
14. [QS]তেওঁলোক এনে বংশ; যিসকলৰ দাঁত তৰোৱালৰ দৰে, আৰু গালৰ হাড় ছুৰিৰ দৰে, [QE][QS]সেয়ে তেওঁলোকে দেশৰ পৰা দৰিদ্ৰ সকলক আৰু মানুহৰ মাজৰ পৰা অভাৱী সকলক গ্রাস কৰিব পাৰে। [QE]
15. [QS]জোকৰ দুজনী জীয়েক আছে; “দিয়া দিয়া” বুলি তেওঁলোকে কান্দে। [QE][QS]তিনিটা বিষয় আছে, যি কেতিয়াও সন্তুষ্ট নহয়, [QE][QS]চতুৰ্থ বিষয়ে কেতিয়াও নকয় “যথেষ্ট হ’ল” [QE]
16. [QS]চিয়োল, বাঁজী তিৰোতাৰ গৰ্ভ, [QE][QS]পানীৰ বাবে তৃষ্ণাতুৰ হোৱা মাটি, [QE][QS]আৰু জুইয়ে কেতিয়াও নকয়, “যথেষ্ট হ’ল।” [QE]
17. [QS]যি চকুৱে নিজৰ পিতৃক উপহাস কৰে, [QE][QS]আৰু মাতৃৰ আজ্ঞা পালন কৰিবলৈ ঘিণ কৰে, [QE][QS]তেওঁৰ চকু উপত্যকাৰ কাউৰীবোৰৰ দ্বাৰাই কাঢ়ি উলিওৱা হ’ব, [QE][QS]আৰু শগুণে তেওঁক খাব। [QE]
18. [QS]ইয়াত তিনিটা বিষয় আছে, যি মোৰ বাবে অতি অদ্ভুত, [QE][QS]চতুৰ্থ বিষয় মই বুজি নাপাওঁ: [QE]
19. [QS]ঈগলে আকাশত উৰে; [QE][QS]সাপে শিলত বগায়; [QE][QS]জাহাজে সমুদ্রৰ মাজত গতি কৰে, [QE][QS]আৰু পুৰুষে মহিলাৰ সৈতে জীৱনধাৰণ কৰে। [QE]
20. [QS]এইদৰে ব্যভিচৰিণীৰ পথ; [QE][QS]তেওঁ খাই আৰু মুখ মঁচে [QE][QS]আৰু কয়, “মই কোনো ভুল কৰা নাই।” [QE]
21. [QS]তিনিটা বিষয়ত পৃথিৱী কঁপে, [QE][QS]আৰু চতুৰ্থ বিষয় সহিব নোৱাৰি: [QE]
22. [QS]যেতিয়া এজন দাস ৰজা হয়; [QE][QS]আৰু এজন মুৰ্খই আহাৰ খাই তৃপ্ত হয়; [QE]
23. [QS]ঘিণলগীয়া মহিলাই যেতিয়া বিবাহ হয়; [QE][QS]আৰু এগৰাকী দাসীয়ে যেতিয়া নিজৰ গৃহিনীৰ স্থান লয়। [QE]
24. [QS]পৃথিবীত চাৰিটা ক্ষুদ্ৰ বস্তু আছে; [QE][QS]তথাপিও সেইবোৰ বহুত জ্ঞানী। [QE]
25. [QS]পৰুৱা শক্তিশালী প্রাণী নহয়, [QE][QS]তথাপি সিহঁতে গ্রীষ্ম কালত সিহঁতৰ আহাৰ যুগুত কৰে; [QE]
26. [QS]চাফন পশু শক্তিমান জীৱ নহয়, [QE][QS]তথাপি সিহঁতে শিলৰ মাজত নিজৰ ঘৰ সাজে; [QE]
27. [QS]ফৰিংবোৰৰ ৰজা নাথাকে, [QE][QS]তথাপি সিহঁত সকলোৱে শ্রেণী অনুসাৰে অতিক্রম কৰে; [QE]
28. [QS]জেঠীক তুমি তোমাৰ দুয়োখন হাতেৰে ধৰি ৰাখিব পাৰা; [QE][QS]তথাপি সিহঁত ৰজাৰ অট্টালিকাত বাস কৰে। [QE]
29. [QS]নিজৰ দীঘল খোজৰ বাবে গৌৰৱ কৰা তিনিটা জীৱ আছে, [QE][QS]চতুৰ্থবোৰ নিজৰ খোজ কঢ়াৰ ধৰণৰত গৌৰৱ কৰে। [QE]
30. [QS]জন্তুৰ মাজত শক্তিশালী সিংহ, [QE][QS]আৰু ই কোনো বস্তুৰ পৰা আঁতৰি নাহে; [QE]
31. [QS]বুকু ফিন্দাই খোজ কঢ়া মতা কুকুৰা, মতা ছাগলী, [QE][QS]আৰু সৈন্যসকলৰ কাষত থকা ৰজা। [QE]
32. [QS]তুমি যদি অজ্ঞানী হোৱা, তেনেহ’লে তুমি নিজকে প্রশংসা কৰা, [QE][QS]বা যদি তুমি কু-কল্পনা কৰা, [QE][QS]তেনেহ’লে তোমাৰ মুখত তোমাৰ হাত দিয়া। [QE]
33. [QS]যিদৰে গাখীৰ মন্থন কৰিলে মাখন হয়, [QE][QS]আৰু নাক মোহাৰিলে তেজ ওলায়, [QE][QS]সেইদৰে ক্ৰোধে বিবাদ সৃষ্টি কৰে। [QE]