1. {#1শ্রমৰ মূল্য } [QS]তুমি তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া[* আহাৰ বিতৰণ কৰা বা সলনি কৰা প্ৰসংগত কোৱা হৈছে। - পানীত যদি পেলাই দিয়া মানে হ’ল, জাহাজত বস্তু পঠাই দি বেলেগ দেশত ব্যৱসায় কৰা। ]; [QE][QS2]কিয়নো অনেক দিনৰ পাছত তাক পুনৰ ঘূৰাই পাবা। [QE]
2. [QS]তোমাৰ কার্য সাধনৰ উপায়বোৰ, সাত বা আঠজনৰ সৈতে ভাগ বাঁটি লোৱা; [QE][QS2]কিয়নো পৃথিবীত কি দুর্যোগ ঘটিব, তাক তুমি নাজানা। [QE]
3. [QS]যেতিয়া মেঘবোৰ বৃষ্টিৰে পূৰ্ণ হৈ থাকে, [QE][QS2]তেতিয়া তাৰ পৰা পৃথিবীত বৰষুণ পৰে; [QE][QS2]গছ উত্তৰ বা দক্ষিণ যি দিশতেই পৰক, [QE][QS2]কিন্তু যি ঠাইত পৰে, সেই ঠাইতেই পৰি থাকে। [QE]
4. [QS]যি কোনোৱে বতাহক নিৰীক্ষণ কৰে, [QE][QS2]তেওঁ বীজ ৰোপন কৰিব নোৱাৰে, [QE][QS]যি কোনোৱে বৰষুণক নিৰীক্ষণ কৰে, [QE][QS2]তেওঁ শস্য দাব নোৱাৰে। [QE]
5. [QS]বতাহ[† আত্মা কোন দিশৰ পৰা আহিব নাজানা। ] কোন দিশৰ পৰা বলিব, তুমি নাজানা; [QE][QS2]তুমি নাজানা মাতৃগর্ভত এটি শিশুৰ হাড়বোৰ কেনেকৈ বৃদ্ধি হয়; [QE][QS]সেইদৰে যিজন সকলো বস্তুৰে সৃষ্টিকর্তা, সেই ঈশ্বৰৰ কার্যও তুমি বুজিব নোৱাৰা। [QE]
6. [QS]ৰাতিপুৱা তুমি তোমাৰ বীজ ৰোপন কৰিবা, [QE][QS2]আৰু গধূলি পৰত তোমাৰ হাতক কর্মহীন নকৰিবা; [QE][QS2]কিয়নো পুৱা বা গধূলি কৰা কোনটো কার্যত তুমি সফল হ’বা, তুমি নাজানা; [QE][QS2]এই কার্যত নে সেই কার্যত, অথবা দুয়োটাই একে সমানেই ভাল হ’ব, তাক নাজানা। [QE]
7. {#1যৌৱন আৰু বৃদ্ধ কাল } [QS]স্বৰূপেই পোহৰ সুন্দৰ আৰু চকুৰ বাবে সূৰ্যক দেখা পোৱা এক সন্তোষজনক বিষয় [QE]
8. [QS]কোনো মানুহ যদি অনেক বছৰ জীয়াই থাকে, [QE][QS2]তেন্তে তেওঁ যেন নিজৰ সেই দিনবোৰত আনন্দ উপভোগ কৰে; [QE][QS2]কিন্তু অন্ধকাৰৰ আগন্তুক দিনবোৰৰ কথাও যেন তেওঁ মনত ৰাখে; [QE][QS2]কিয়নো সেই দিনবোৰ হ’ব অনেক। [QE][QS2]যি যি ঘটিব সেই সকলোৱেই অস্থায়ী, অসাৰ। [QE]
9. [PS]হে যুবক, তুমি তোমাৰ যৌৱনকালত আনন্দ কৰা; যুবা বয়সৰ দিনবোৰত তোমাৰ হৃদয়ে তোমাক আনন্দিত কৰক; তুমি তোমাৰ হৃদয়ৰ সৎ ইচ্ছাবোৰৰ পথত চলিবা আৰু নিজ চকুৰ দৃষ্টিত যি ভাল তাকে কৰিবা। কিন্তু জানিবা যে, ঈশ্বৰে এই সকলো বিষয়ৰ কাৰণে তোমাক বিচাৰৰ ঠাইলৈ আনিব। [QE]
10. [PS]এই হেতুকে তোমাৰ হৃদয়ৰ পৰা ক্রোধ দূৰ কৰা; তোমাৰ শৰীৰৰ কষ্টলৈ মনোযোগ নিদিবা; কিয়নো যৌৱন আৰু যুবা কালৰ শক্তি ভাপ-স্বৰূপ। [QE]