অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {আচফৰ ৰচিত গীত। } [QS]পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে, [QE][QS]সূৰ্যৰ উদয় স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে। [QE]
2. [QS]চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা, [QE][QS]ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে। [QE]
3. [QS]আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব; [QE][QS]তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব, [QE][QS]তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব। [QE]
4. [QS]তেওঁ নিজৰ লোকসকলৰ ন্যায় বিচাৰ কৰিবৰ কাৰণে, [QE][QS]তেওঁ ওপৰৰ আকাশ-মণ্ডলক আৰু পৃথিবীক মাতিছে। [QE]
5. [QS]“মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা, [QE][QS]যিসকলে উৎসৰ্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে।” [QE]
6. [QS]আকাশ-মণ্ডলে তেওঁৰ ধাৰ্মিকতা ঘোষণা কৰিছে; [QE][QS]কিয়নো ঈশ্বৰ নিজেই বিচাৰকর্তা। (চেলা) [QE]
7. [QS]হে মোৰ লোকসকল, শুনা, মই কথা ক’ম; [QE][QS]হে ইস্ৰায়েল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম; [QE][QS]মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ। [QE]
8. [QS]তোমাৰ উৎসর্গৰ বাবে মই তোমাক দোষী কৰা নাই; [QE][QS]তোমাৰ হোমবলিবোৰ সদায় মোৰ সন্মুখত আছে। [QE]
9. [QS]তোমাৰ ঘৰৰ পৰা ভতৰা মই নলওঁ; [QE][QS]তোমাৰ গঁৰালৰ ছাগলীও মই গ্ৰহণ নকৰোঁ। [QE]
10. [QS]কিয়নো সকলো বনৰীয়া জন্তু মোৰেই, [QE][QS]অসংখ্য পাহাৰবোৰৰ ওপৰত ঘূৰি ফুৰা পশুবোৰ মোৰেই। [QE]
11. [QS]এনেকি, পাহাৰৰ সকলো পক্ষীক মই জানো[* আকাশৰ সকলো পক্ষীক মই জানো ]; [QE][QS]পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই। [QE]
12. [QS]“মোৰ ভোক লাগিলেও মই তোমাক নক’ম; [QE][QS]কিয়নো জগত আৰু তাত থকা সকলো মোৰেই। [QE]
13. [QS]ভতৰাৰ মাংস মই ভোজন কৰিম নে? [QE][QS]মই ছাগলীবোৰৰ তেজ পান কৰিম নে? [QE]
14. [QS]ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা; [QE][QS]সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা। [QE]
15. [QS]সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; [QE][QS]মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।” [QE]
16. [QS]কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে, [QE][QS]“মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে? [QE]
17. [QS]কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা; [QE][QS]মোৰ কথাবোৰ পাছফালে পেলাই থোৱা। [QE]
18. [QS]চোৰক দেখিলে তুমি তাৰ লগত বন্ধুত্ব কৰা; [QE][QS]তুমি ব্যভিচাৰীবোৰৰ সহযোগী হৈ থাকা। [QE]
19. [QS]দুষ্ট কথাৰ কাৰণে তোমাৰ মুখ খোলা ৰাখা, [QE][QS]তোমাৰ জিভাই ছলনাৰ বশত থাকি কথা কয়। [QE]
20. [QS]তুমি বহি বহি নিজৰ আত্মীয়ৰ বিৰুদ্ধে কথা কৈ থাক; [QE][QS]একে মাতৃৰ নিজৰ ভাইৰ বিৰুদ্ধে নিন্দা কৰা। [QE]
21. [QS]এই সকলোবোৰ তুমি কৰিছা, কিন্তু মই মনে মনে আছিলোঁ; [QE][QS]তুমি ভাৱিছা, মই তোমাৰেই নিচিনা এজন। [QE][QS]কিন্তু এতিয়া মই তোমাক ধমকি দিম আৰু তোমাৰ সন্মুখত তোমাৰ সকলো দোষ লৈ আনিম। [QE]
22. [QS]তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা; [QE][QS]নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম; [QE][QS]তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব। [QE]
23. [QS]যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে; [QE][QS]যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম। [QE]
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 50 / 150
1 {আচফৰ ৰচিত গীত। } পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে, সূৰ্যৰ উদয় স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে। 2 চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা, ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে। 3 আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব; তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব, তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব। 4 তেওঁ নিজৰ লোকসকলৰ ন্যায় বিচাৰ কৰিবৰ কাৰণে, তেওঁ ওপৰৰ আকাশ-মণ্ডলক আৰু পৃথিবীক মাতিছে। 5 “মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা, যিসকলে উৎসৰ্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে।” 6 আকাশ-মণ্ডলে তেওঁৰ ধাৰ্মিকতা ঘোষণা কৰিছে; কিয়নো ঈশ্বৰ নিজেই বিচাৰকর্তা। (চেলা) 7 হে মোৰ লোকসকল, শুনা, মই কথা ক’ম; হে ইস্ৰায়েল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম; মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ। 8 তোমাৰ উৎসর্গৰ বাবে মই তোমাক দোষী কৰা নাই; তোমাৰ হোমবলিবোৰ সদায় মোৰ সন্মুখত আছে। 9 তোমাৰ ঘৰৰ পৰা ভতৰা মই নলওঁ; তোমাৰ গঁৰালৰ ছাগলীও মই গ্ৰহণ নকৰোঁ। 10 কিয়নো সকলো বনৰীয়া জন্তু মোৰেই, অসংখ্য পাহাৰবোৰৰ ওপৰত ঘূৰি ফুৰা পশুবোৰ মোৰেই। 11 এনেকি, পাহাৰৰ সকলো পক্ষীক মই জানো* আকাশৰ সকলো পক্ষীক মই জানো ; পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই। 12 “মোৰ ভোক লাগিলেও মই তোমাক নক’ম; কিয়নো জগত আৰু তাত থকা সকলো মোৰেই। 13 ভতৰাৰ মাংস মই ভোজন কৰিম নে? মই ছাগলীবোৰৰ তেজ পান কৰিম নে? 14 ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা; সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা। 15 সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।” 16 কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে, “মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে? 17 কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা; মোৰ কথাবোৰ পাছফালে পেলাই থোৱা। 18 চোৰক দেখিলে তুমি তাৰ লগত বন্ধুত্ব কৰা; তুমি ব্যভিচাৰীবোৰৰ সহযোগী হৈ থাকা। 19 দুষ্ট কথাৰ কাৰণে তোমাৰ মুখ খোলা ৰাখা, তোমাৰ জিভাই ছলনাৰ বশত থাকি কথা কয়। 20 তুমি বহি বহি নিজৰ আত্মীয়ৰ বিৰুদ্ধে কথা কৈ থাক; একে মাতৃৰ নিজৰ ভাইৰ বিৰুদ্ধে নিন্দা কৰা। 21 এই সকলোবোৰ তুমি কৰিছা, কিন্তু মই মনে মনে আছিলোঁ; তুমি ভাৱিছা, মই তোমাৰেই নিচিনা এজন। কিন্তু এতিয়া মই তোমাক ধমকি দিম আৰু তোমাৰ সন্মুখত তোমাৰ সকলো দোষ লৈ আনিম। 22 তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা; নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম; তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব। 23 যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে; যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 50 / 150
×

Alert

×

Assamese Letters Keypad References