অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. [PS]যি জনে অনুশাসন ভাল পায়, তেওঁ জ্ঞানকো ভাল পায়; [PE][QS]কিন্তু যি জনে অনুযোগ ঘিণ কৰে, তেওঁ নিৰ্বোধ। [QE]
2. [QS]শুদ্ধ লোকে যিহোৱাৰ পৰা অনুগ্ৰহ পায়; [QE][QS]কিন্তু যিজনে দুষ্ট কৰ্মৰ পৰিকল্পনা কৰে, তেওঁক দোষাৰোপ কৰা হয়। [QE]
3. [QS]কোনো লোক দুষ্টতাৰ দ্বাৰাই সংস্থাপিত নহয়; [QE][QS]কিন্তু সত্যতাত চলা জনৰ মূল লৰচৰ নহব। [QE]
4. [QS]গুণৱতী ভাৰ্যা স্বামীৰ মুকুটৰ দৰে; [QE][QS]কিন্তু লাজ দিওঁতা মহিলাৰ অস্থি ক্ষয়কাৰী ৰোগ যেন হয়। [QE]
5. [QS]সত্যতাত চলা জনৰ পৰিকল্পনা ন্যায় হয়; [QE][QS]কিন্তু দুষ্টলোকৰ উপদেশ প্ৰতাৰণাপূৰ্ণ। [QE]
6. [QS]দুষ্টলোকৰ কথাবোৰ ৰক্তপাত কৰিবলৈ খাপ দিয়াৰ দৰে হয়; [QE][QS]কিন্তু ন্যায় কৰাসকলৰ কথাই তেওঁলোকক সুৰক্ষিত কৰে। [QE]
7. [QS]দুষ্টলোকক বিনষ্ট কৰা হয় আৰু তেওঁলোক নাইকিয়া হয়; [QE][QS]কিন্তু যিসকল লোকে সত্যতাত চলে, তেওঁলোকৰ ঘৰ থিৰে থাকে। [QE]
8. [QS]মানুহে নিজৰ প্রজ্ঞা অনুসাৰে প্ৰশংসা পায়; [QE][QS]কিন্তু কুটিল কাৰ্য কৰা লোক ঘৃণনীয় হয়। [QE]
9. [QS]গুৰুত্বহীন পদত থকাতকৈ কেৱল দাস হোৱাই ভাল; [QE][QS]খাবলৈ নাই কিন্তু নিজৰ গুৰুত্বকলৈ অহংকাৰ কৰে। [QE]
10. [QS]যিজনে সত্যতাত চলে, তেওঁ নিজৰ পশুৰ প্রয়োজনীয়তালৈ যত্ন কৰে; [QE][QS]কিন্তু দুষ্টলোকৰ সহানুভুতি নিষ্ঠুৰতাযুক্ত। [QE]
11. [QS]যিজনে নিজৰ মাটিত চহায়, তেওঁ জোৰাওকৈ আহাৰ পায়; [QE][QS]কিন্তু যিজনে মূল্যহীন অভিপ্রায়ৰ অনুগামী হয়, তেওঁ জ্ঞানশূন্য। [QE]
12. [QS]দুষ্টলোকে আনৰ পৰা চুৰ কৰা বস্তুৰ প্রতি পাপীলোকে আকাংক্ষা কৰে; [QE][QS]কিন্তু সত্যতাত চলা জনৰ ফল নিজৰ পৰাই আহে। [QE]
13. [QS]পাপী জনক তেওঁৰ কুকথাই ফান্দত পেলাই; [QE][QS]কিন্তু সত্যতাত চলাজন সঙ্কটৰ পৰা ৰক্ষা পায়। [QE]
14. [QS]মানুহে নিজৰ কথাৰ ফলৰ দ্বাৰাই ভাল বিষয়ত পৰিপূৰ্ণ হয়; [QE][QS]তেওঁ নিজৰ হাতেৰে কৰা কামৰ দ্বাৰাই পুৰস্কাৰ পায়। [QE]
15. [QS]অজ্ঞানীৰ পথ তেওঁৰ নিজৰ দৃষ্টিত শুদ্ধ; [QE][QS]কিন্তু জ্ঞানীজনে পৰামৰ্শ শুনে। [QE]
16. [QS]অজ্ঞানীয়ে খন্তেকতে খং দেখুৱাই; [QE][QS]কিন্তু যিজনে অপমান অবজ্ঞা কৰে, তেওঁ দূৰদৰ্শী হয়। [QE]
17. [QS]যিজন সত্যবাদী, তেওঁ ন্যায় কথা কয়; [QE][QS]কিন্তু মিছা সাক্ষীয়ে মিছা কথাহে কয়। [QE]
18. [QS]যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে; [QE][QS]কিন্তু জ্ঞানী লোকৰ জিভাই সুস্থতা আনে। [QE]
19. [QS]সত্যবাদী ওঁঠ চিৰকাললৈকে থাকে; [QE][QS]কিন্তু মিছা কোৱা জিভা ক্ষন্তেকীয়া। [QE]
20. [QS]কুকল্পনা কৰা সকলৰ মনত প্ৰতাৰণা থাকে; [QE][QS]কিন্তু শান্তিৰ পৰামৰ্শ দিয়া সকলৰ আনন্দ হয়। [QE]
21. [QS]সত্যতাত চলা জনলৈ কোনো ৰোগ নাহে; [QE][QS]কিন্তু দুষ্টলোক সমস্যাৰে পৰিপূৰ্ণ হয়। [QE]
22. [QS]মিছা কোৱা ওঁঠ যিহোৱাৰ ঘিণলগীয়া; [QE][QS]কিন্তু সত্য আচৰণ কৰাসকলে তেওঁক আনন্দিত কৰে। [QE]
23. [QS]দূৰদৰ্শী লোকে জ্ঞান গুপুতে ৰাখে; [QE][QS]কিন্তু অজ্ঞানীৰ মনে নিৰ্বুদ্ধিতা প্ৰকাশ কৰে। [QE]
24. [QS]পৰিশ্ৰমীসকলৰ হাতে শাসন কৰিবলৈ পাব; [QE][QS]কিন্তু এলেহুৱা লোকক বাধ্যতাৰে পৰিশ্রম কৰিব দিয়া হ’ব। [QE]
25. [QS]মানুহৰ মনৰ দুচিন্তাই তেওঁৰ মূল্য কম কৰে; [QE][QS]কিন্তু ভাল কথাই তেওঁক আনন্দিত কৰে। [QE]
26. [QS]সত্যতাত চলা জন তেওঁৰ বন্ধুৰ পথ দৰ্শক হয়; [QE][QS]কিন্তু দুষ্টলোকৰ পথে তেওঁলোকক বিপথে নিয়ে। [QE]
27. [QS]এলেহুৱাই নিজে ধৰা চিকাৰ নাৰান্ধে; [QE][QS]কিন্তু পৰিশ্ৰমী লোকে মূল্যবান সম্পত্তি লাভ কৰে। [QE]
28. [QS]যিসকলে সজ পথত চলে, তেওঁলোকে জীৱন পায়; [QE][QS]আৰু এই পথত মৃত্যু নাই। [QE]
মুঠ 31 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 12 / 31
1 যি জনে অনুশাসন ভাল পায়, তেওঁ জ্ঞানকো ভাল পায়; কিন্তু যি জনে অনুযোগ ঘিণ কৰে, তেওঁ নিৰ্বোধ। 2 শুদ্ধ লোকে যিহোৱাৰ পৰা অনুগ্ৰহ পায়; কিন্তু যিজনে দুষ্ট কৰ্মৰ পৰিকল্পনা কৰে, তেওঁক দোষাৰোপ কৰা হয়। 3 কোনো লোক দুষ্টতাৰ দ্বাৰাই সংস্থাপিত নহয়; কিন্তু সত্যতাত চলা জনৰ মূল লৰচৰ নহব। 4 গুণৱতী ভাৰ্যা স্বামীৰ মুকুটৰ দৰে; কিন্তু লাজ দিওঁতা মহিলাৰ অস্থি ক্ষয়কাৰী ৰোগ যেন হয়। 5 সত্যতাত চলা জনৰ পৰিকল্পনা ন্যায় হয়; কিন্তু দুষ্টলোকৰ উপদেশ প্ৰতাৰণাপূৰ্ণ। 6 দুষ্টলোকৰ কথাবোৰ ৰক্তপাত কৰিবলৈ খাপ দিয়াৰ দৰে হয়; কিন্তু ন্যায় কৰাসকলৰ কথাই তেওঁলোকক সুৰক্ষিত কৰে। 7 দুষ্টলোকক বিনষ্ট কৰা হয় আৰু তেওঁলোক নাইকিয়া হয়; কিন্তু যিসকল লোকে সত্যতাত চলে, তেওঁলোকৰ ঘৰ থিৰে থাকে। 8 মানুহে নিজৰ প্রজ্ঞা অনুসাৰে প্ৰশংসা পায়; কিন্তু কুটিল কাৰ্য কৰা লোক ঘৃণনীয় হয়। 9 গুৰুত্বহীন পদত থকাতকৈ কেৱল দাস হোৱাই ভাল; খাবলৈ নাই কিন্তু নিজৰ গুৰুত্বকলৈ অহংকাৰ কৰে। 10 যিজনে সত্যতাত চলে, তেওঁ নিজৰ পশুৰ প্রয়োজনীয়তালৈ যত্ন কৰে; কিন্তু দুষ্টলোকৰ সহানুভুতি নিষ্ঠুৰতাযুক্ত। 11 যিজনে নিজৰ মাটিত চহায়, তেওঁ জোৰাওকৈ আহাৰ পায়; কিন্তু যিজনে মূল্যহীন অভিপ্রায়ৰ অনুগামী হয়, তেওঁ জ্ঞানশূন্য। 12 দুষ্টলোকে আনৰ পৰা চুৰ কৰা বস্তুৰ প্রতি পাপীলোকে আকাংক্ষা কৰে; কিন্তু সত্যতাত চলা জনৰ ফল নিজৰ পৰাই আহে। 13 পাপী জনক তেওঁৰ কুকথাই ফান্দত পেলাই; কিন্তু সত্যতাত চলাজন সঙ্কটৰ পৰা ৰক্ষা পায়। 14 মানুহে নিজৰ কথাৰ ফলৰ দ্বাৰাই ভাল বিষয়ত পৰিপূৰ্ণ হয়; তেওঁ নিজৰ হাতেৰে কৰা কামৰ দ্বাৰাই পুৰস্কাৰ পায়। 15 অজ্ঞানীৰ পথ তেওঁৰ নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু জ্ঞানীজনে পৰামৰ্শ শুনে। 16 অজ্ঞানীয়ে খন্তেকতে খং দেখুৱাই; কিন্তু যিজনে অপমান অবজ্ঞা কৰে, তেওঁ দূৰদৰ্শী হয়। 17 যিজন সত্যবাদী, তেওঁ ন্যায় কথা কয়; কিন্তু মিছা সাক্ষীয়ে মিছা কথাহে কয়। 18 যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে; কিন্তু জ্ঞানী লোকৰ জিভাই সুস্থতা আনে। 19 সত্যবাদী ওঁঠ চিৰকাললৈকে থাকে; কিন্তু মিছা কোৱা জিভা ক্ষন্তেকীয়া। 20 কুকল্পনা কৰা সকলৰ মনত প্ৰতাৰণা থাকে; কিন্তু শান্তিৰ পৰামৰ্শ দিয়া সকলৰ আনন্দ হয়। 21 সত্যতাত চলা জনলৈ কোনো ৰোগ নাহে; কিন্তু দুষ্টলোক সমস্যাৰে পৰিপূৰ্ণ হয়। 22 মিছা কোৱা ওঁঠ যিহোৱাৰ ঘিণলগীয়া; কিন্তু সত্য আচৰণ কৰাসকলে তেওঁক আনন্দিত কৰে। 23 দূৰদৰ্শী লোকে জ্ঞান গুপুতে ৰাখে; কিন্তু অজ্ঞানীৰ মনে নিৰ্বুদ্ধিতা প্ৰকাশ কৰে। 24 পৰিশ্ৰমীসকলৰ হাতে শাসন কৰিবলৈ পাব; কিন্তু এলেহুৱা লোকক বাধ্যতাৰে পৰিশ্রম কৰিব দিয়া হ’ব। 25 মানুহৰ মনৰ দুচিন্তাই তেওঁৰ মূল্য কম কৰে; কিন্তু ভাল কথাই তেওঁক আনন্দিত কৰে। 26 সত্যতাত চলা জন তেওঁৰ বন্ধুৰ পথ দৰ্শক হয়; কিন্তু দুষ্টলোকৰ পথে তেওঁলোকক বিপথে নিয়ে। 27 এলেহুৱাই নিজে ধৰা চিকাৰ নাৰান্ধে; কিন্তু পৰিশ্ৰমী লোকে মূল্যবান সম্পত্তি লাভ কৰে। 28 যিসকলে সজ পথত চলে, তেওঁলোকে জীৱন পায়; আৰু এই পথত মৃত্যু নাই।
মুঠ 31 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 12 / 31
×

Alert

×

Assamese Letters Keypad References