1. [QS]অহ, তুমি আকাশ-মণ্ডল বিদাৰি নামি আহিলে, পৰ্ব্বতবোৰ তোমাৰ সাক্ষাতে দ্ৰৱ হৈ গ’লে, কেনে ভাল আছিল। [QE]
2. [QS]দেশবাসীসকলে তোমাৰ সাক্ষাতে কঁপিবলৈ তোমাৰ শত্ৰুবোৰৰ আগত তোমাৰ নাম জনাবলৈ, [QE][QS]অগ্নিয়ে জেং খৰি পোৰাৰ দৰে, আৰু জুয়ে পানী উতলোৱাৰ দৰে তুমি নামি আহিলে, কেনে ভাল আছিল। [QE]
3. [QS]আমি আশা নকৰা ভয়ানক কাৰ্যবোৰ তুমি কৰি নামি আহিলে, আৰু তোমাৰ সাক্ষাতে পৰ্ব্বতবোৰ দ্ৰৱ হৈ গলে, কেনে ভাল আছিল। [QE]
4. [QS]তোমালৈ অপেক্ষা কৰা জনলৈ কাৰ্য সিদ্ধ কৰোঁতা যি তুমি, তোমাৰ বাহিৰে আন ঈশ্বৰ আছে বুলি আগৰ কালৰ পৰা মানুহে শুনা নাই বা চকুৰে দেখা নাই। [QE]
5. [QS]সৎকাৰ্য্য কৰি আনন্দ কৰা জনক, আৰু তোমাৰ পথ সোঁৱৰণ কৰি চলা জনক সহায় কৰিবলৈ তুমি আহিলা। [QE][QS]আমি যেতিয়া পাপ কৰিছিলোঁ, তুমি ক্ৰোধিত হৈছিলা, তোমাৰ পথত আমি সকলো সময়তে উদ্ধাৰ হ’ব পাৰিম। [QE]
6. [QS]কিয়নো আমি সকলোৱেই অশুচি লোকৰ সদৃশ হলোঁ, আৰু আমাৰ সকলো ধাৰ্মিকতা চুৱা কাপোৰৰ দৰে হল; [QE][QS]আমি সকলোৱে পাতৰ দৰে জয় পৰিছোঁ, আৰু আমাৰ অপৰাধবোৰে বতাহৰ দৰে আমাক উড়ুৱাই লৈ গৈছে। [QE]
7. [QS]তোমাৰ নামেৰে প্ৰাৰ্থনা কৰা কোনো এজন নাই; কোনেও তোমাত আশ্ৰয় ল’বলৈ ইচ্ছা কৰা নাই; [QE][QS]কিয়নো তুমি আমাৰ পৰা মুখ লুকুৱাই ৰাখিছা, আৰু আমাৰ অপৰাধৰ প্ৰতাপত আমাক গলি যাবলৈ দিছা। [QE]
8. [QS]কিন্তু এতিয়াও, হে যিহোৱা, তুমি আমাৰ পিতৃ; [QE][QS]আমি মাটি, তুমি আমাৰ কুমাৰ; আৰু আমি সকলোৱেই তোমাৰ হাতৰ কাৰ্য। [QE]
9. [QS]হে যিহোৱা, তুমি অত্যন্ত ক্ৰোধিত নহ’বা, বা আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে সদায় সোঁৱৰণ কৰি নাথাকিবা; [QE][QS]অনুগ্রহ কৰি তোমাৰ লোক, আমাক সকলোলৈ দৃষ্টি কৰ। [QE]
10. [QS]তোমাৰ পবিত্ৰ নগৰবোৰ অৰণ্য হৈ পৰিছে; [QE][QS]চিয়োন অৰণ্য হৈ গ’ল; যিৰূচালেম ধ্বংসস্থান হ’ল। [QE]
11. [QS]আমাৰ পূৰ্বপুৰুষসকলে তোমাৰ প্ৰশংসা কৰা, আমাৰ সেই পবিত্ৰ সুন্দৰ মন্দিৰ [QE][QS]অগ্নিৰে দগ্ধ হ’ল; আৰু আমাৰ মনমোহা সকলো ঠাই উচ্ছন্ন হ’ল। [QE]
12. [QS]হে যিহোৱা; এতিয়াও তুমি কেনেকৈ আঁতৰি থাকিবা? কেনেকৈ তুমি মনে মনে থাকি, আমাক অত্যন্ত দুখ দিবা? [QE]