1. [PS]যি কালত যিহোৱাই দায়ূদক চৌল আৰু আন আন শক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল, সেই সময়ত তেওঁ যিহোৱাৰ উদ্দ্যেশেৰে এই কথাৰে গীত গালে৷
2. তেওঁ প্ৰার্থনা কৰি ক’লে, [PE][QS]“যিহোৱা মোৰ শিলা, মোৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা। [QE]
3. [QS]মোৰ ঈশ্বৰ, মোৰ শিলা; তেৱেঁই মোৰ আশ্রয়স্থান। [QE][QS]তেওঁ মোৰ ঢাল, মোৰ পৰিত্ৰাণৰ শিং, মোৰ উচ্চ দু্ৰ্গ আৰু মোৰ আশ্ৰয়স্থান, [QE][QS]তুমি মোৰ ত্ৰাণকৰ্তা; তুমি মোক উপদ্ৰৱৰ পৰা নিস্তাৰ কৰোঁতা। [QE]
4. [QS]প্ৰশংসাৰ যোগ্য যি যিহোৱা, মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; [QE][QS]তাতে মোৰ শত্ৰুবোৰৰ পৰা মই উদ্ধাৰ পাওঁ। [QE]
5. [QS]কিয়নো মৃত্যুৰ ঢৌৱে মোক বেৰি ধৰিছিল৷ [QE][QS]অধৰ্মৰূপ ঢল পানীয়ে মোক অভিভূত কৰিছিল। [QE]
6. [QS]চিয়োলৰ জৰীয়ে মোক আগুৰি ধৰিছিল; [QE][QS]মৃত্যু-পাশে মোক মেৰাই ধৰিছিল। [QE]
7. [QS]সঙ্কতৰ কালত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ; [QE][QS]মোৰ ঈশ্বৰৰ আগত মই কাতৰোক্তি কৰিলোঁ; [QE][QS]তাতে তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, [QE][QS]তেওঁৰ সন্মুখত কৰা মোৰ কাতৰোক্তি তেওঁৰ কাণত পৰিল। [QE]
8. [QS]তেতিয়া পৃথিৱী কঁপিল আৰু জোকাৰ খালে৷ [QE][QS]স্ৱর্গৰ মূলবোৰো জোকাৰ খাই লৰিল; কিয়নো তেওঁৰ ক্ৰোধ জ্বলি উঠিছিল। [QE]
9. [QS]তেওঁ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ গ’ল, [QE][QS]তেওঁৰ মুখৰ পৰা ওলোৱা অগ্নিয়ে গ্ৰাস কৰিলে; [QE][QS]তাৰ পৰা জ্বলি থকা আঙঠা ওলাই জ্বলি থাকিল। [QE]
10. [QS]তেতিয়া তেওঁ আকাশ মুকলি কৰি নামিল, [QE][QS]তেওঁৰ চৰণৰ তলত ঘোৰ অন্ধকাৰ আছিল। [QE]
11. [QS]তেওঁ কৰূবত উঠিছিল আৰু উৰি ফুৰিছিল, [QE][QS]এনে কি, বায়ুৰূপ ডেউকাৰে উৰা মাৰি আহি তেওঁ দৰ্শন দিছিল। [QE]
12. [QS]আৰু তেওঁ অন্ধকাৰক নিজৰ চাৰিওফালে তম্বুৰূপে স্থাপন কৰি ল’লে, [QE][QS]তেওঁ আকাশৰ মেঘত গধুৰ জলৰাশি একত্রিত কৰিলে৷ [QE]
13. [QS]তেওঁৰ সন্মুখত থকা দীপ্তিৰ পৰা [QE][QS]জ্বলন্ত আঙঠা ওলাই পৰিল। [QE]
14. [QS]যিহোৱাই আকাশৰ পৰা গৰ্জ্জন কৰিলে৷ [QE][QS]সৰ্ব্বোপৰি জনে আটাহ পাৰিলে। [QE]
15. [QS]তেওঁ বাণ মাৰি তেওঁৰ শত্ৰুসকলক গোট গোট কৰিলে, [QE][QS]তেওঁ বজ্ৰ মাৰি তেওঁলোকক ব্যাকুল কৰিলে। [QE]
16. [QS]যিহোৱাৰ ভৎসৰ্নাত আৰু তেওঁৰ নাকৰ নিশ্বাস প্ৰশ্বাসৰ বায়ুত, [QE][QS]সমুদ্ৰৰ তলি দেখা গ’ল, [QE][QS]পৃথিৱীৰ মূলবোৰ অনাবৃত হ’ল। [QE]
17. [QS]তেওঁ ওপৰৰ পৰা হাত মেলিলে; আৰু মোক ধৰিলে! [QE][QS]তেওঁ মহাজল সমূহৰ পৰা মোক তুলি আনিলে৷ [QE]
18. [QS]তেওঁ মোক বলৱন্ত শত্ৰুৰ পৰা উদ্ধাৰ কৰিলে, [QE][QS]মোৰ বৈৰীবোৰৰ পৰা মোক উদ্ধাৰ কৰিলে; কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত আছিল। [QE]
19. [QS]মোৰ বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, [QE][QS]কিন্তু যিহোৱা মোৰ উপকাৰক হ’ল। [QE]
20. [QS]তেওঁ মোক বহল ঠাইলৈ উলিয়াই আনিলে৷ [QE][QS]তেওঁ মোক উদ্ধাৰ কৰিলে, কিয়নো তেওঁ মোত সন্তোষ পালে। [QE]
21. [QS]যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে৷ [QE][QS]মোৰ হাতৰ শুদ্ধতাৰ দৰে মোক ফল দিলে। [QE]
22. [QS]কিয়নো মই যিহোৱাৰ পথত চলিলোঁ, [QE][QS]আৰু কুকৰ্ম কৰি মোৰ ঈশ্বৰক এৰা নাই৷ [QE]
23. [QS]কাৰণ তেওঁৰ সকলো শাসন মোৰ সন্মুখত আছে; [QE][QS]মই তেওঁৰ বিধিবোৰ মোৰ পৰা দূৰ কৰা নাই৷ [QE]
24. [QS]তেওঁৰ দৃষ্টিত মই সিদ্ধও আছিলোঁ, [QE][QS]আৰু নিজ অপৰাধৰ পৰা মই নিজকে আঁতৰে ৰাখিলোঁ। [QE]
25. [QS]এই হেতুকে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক ফল দিলে, [QE][QS]তেওঁৰ চকুৰ আগত থকা মোৰ হাতৰ শুদ্ধতাৰ দৰেই মোক ফল দিলে। [QE]
26. [QS]যি জন বিশ্বাসযোগ্য, তেওঁলৈ তুমি নিজৰ বিশ্বাসযোগ্যতা প্রকাশ কৰা, [QE][QS]যি জন নিৰ্দোষী, তেওঁলৈ তুমি নিৰ্দোষীতা প্রকাশ কৰা৷ [QE]
27. [QS]তুমি শুচি লোকলৈ নিজৰ শুচিতা প্ৰকাশ কৰা, [QE][QS]কিন্তু বিপথগামী লোকলৈ তুমি চতুৰ ব্যৱহাৰ কৰোঁতা। [QE]
28. [QS]তুমি দুখ পোৱা লোকক পৰিত্ৰাণ দিওঁতা, [QE][QS]কিন্তু গৰ্ব্বী চকুক তল কৰোঁতা। [QE]
29. [QS]কিয়নো হে যিহোৱা, তুমি মোৰ প্ৰদীপ৷ [QE][QS]আৰু যিহোৱাই মোৰ অন্ধকাৰক পোহৰ কৰি দিয়ে৷ [QE]
30. [QS]কিয়নো তোমাৰ সহায়ত মই সৈন্যদলৰ বিৰুদ্ধে খেদি যাওঁ; [QE][QS]আৰু মোৰ ঈশ্বৰৰ সহায়ত মই জাপ মাৰি গড় পাৰ হওঁ। [QE]
31. [QS]ঈশ্বৰৰ পথ হ’লে সিদ্ধ৷ [QE][QS]যিহোৱাৰ বাক্য নিভাঁজ৷ [QE][QS]তেওঁ প্ৰত্যেক লোকৰ ঢালস্বৰূপ; যি জন তেওঁত থাকে, তেওঁ তাৰ আশ্ৰয়স্থান। [QE]
32. [QS]কিয়নো যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? [QE][QS]আমাৰ ঈশ্বৰত বাহিৰে কোন শিলা আছে? [QE]
33. [QS]ঈশ্বৰ মোৰ দৃঢ় আশ্ৰয়; [QE][QS]তেওঁ সিদ্ধ লোকক নিজ পথত চলায়। [QE]
34. [QS]তেওঁ মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ কৰে [QE][QS]আৰু মোক পর্বতৰ ওখ ঠাইত থিয় কৰায়। [QE]
35. [QS]তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিক্ষা দিয়ে, [QE][QS]তাতে মোৰ বাহুৱে পিতলৰ ধনুকো বেকা কৰিব পাৰে৷ [QE]
36. [QS]তুমি মোক পৰিত্ৰাণ স্বৰূপ ঢাল দিলা, [QE][QS]আৰু তোমাৰ সাহাৰ্যই মোক মহান কৰিলে। [QE]
37. [QS]তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা, [QE][QS]তাতে মোৰ ভৰি পিছলি নগ’ল। [QE]
38. [QS]মই মোৰ শত্ৰুবোৰৰ পাছত খেদি গৈ তেওঁলোকক বিনষ্ট কৰিলোঁ৷ [QE][QS]তেওঁলোক বিনষ্ট নহ’লমানে মই উভটি নাহিলোঁ। [QE]
39. [QS]মই তেওঁলোকক সংহাৰ কৰি এনেকৈ গুড়ি কৰিলোঁ যে, তেওঁলোকে উঠিব নোৱাৰিলে৷ [QE][QS]এনে কি, তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল। [QE]
40. [QS]কিয়নো যুদ্ধ কৰিবৰ অৰ্থে তুমি মোক বলৰূপ কটিবন্ধন দিলা; [QE][QS]তুমি মোৰ বিৰুদ্ধে উঠাবোৰক, [QE][QS2]মোৰ তলতীয়া কৰিলা। [QE]
41. [QS]তুমি মোৰ শত্ৰুবোৰক মোলৈ পিঠি দিয়ালা; [QE][QS]তাতে মোক ঘিণ কৰোঁতাবোৰক [QE][QS2]মই সংহাৰ কৰিলোঁ। [QE]
42. [QS]তেওঁলোকে সহায়ৰ বাবে আটাহ পাৰিলে, [QE][QS]কিন্তু পৰিত্ৰাণ কৰোঁতা কোনো নাছিল৷ [QE][QS]তেওঁলোকে যিহোৱালৈ আটাহ পাৰিলে, কিন্তু তেওঁ তেওঁলোকক উত্তৰ নিদিলে। [QE]
43. [QS]তাতে পৃথিৱীৰ ধূলিৰ নিচিনাকৈ মই তেওঁলোকক গুড়ি কৰিলোঁ, [QE][QS]আৰু বাটৰ বোকাৰ দৰে মই তেওঁলোকক গচকিলোঁ [QE][QS2]আৰু মৰ্দ্দন কৰিলোঁ। [QE]
44. [QS]তুমি মোৰ লোকসকলৰ [QE][QS]বিবাদৰ পৰা মোক ৰক্ষা কৰিলা৷ [QE][QS]তুমি মোৰ ফৈদক উত্তৰাধিকাৰ হ’বলৈ ৰাখিলা৷ [QE][QS]মোৰ অপৰিচিত এটা জাতিক [QE][QS2]মোৰ দাস হ’বলৈ দিলা। [QE]
45. [QS]বিদেশীসকল মোৰ বশীভূত হ’ল৷ [QE][QS]শুনামাত্ৰকে তেওঁলোকে মোৰ আজ্ঞা পালন কৰিলে। [QE]
46. [QS]বিদেশীসকল নিৰূৎসাহী হৈ নিজ নিজ দুৰ্গৰ পৰা [QE][QS2]কঁপি কঁপি ওলাই আহিল। [QE]
47. [QS]যিহোৱা জীৱন্ত! [QE][QS2]মোৰ শিলাৰ প্রশংসা হওঁক৷ [QE][QS]মোৰ পৰিত্ৰাণৰ শিলা, ঈশ্বৰ গৌৰৱাম্বিত হওঁক; [QE]
48. [QS]যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ হৈ প্ৰতিকাৰ সাধে আৰু লোকসকলক মোৰ ভৰিৰ তলত চাপৰ কৰে, [QE]
49. [QS]আৰু মোৰ শত্ৰুবোৰৰ মাজৰ পৰা মোক উলিয়াই আনে৷ [QE][QS]এনে কি, তুমি মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত মোক তোলা, [QE][QS]আৰু উপদ্ৰৱকাৰীবোৰৰ পৰাও মোক উদ্ধাৰ কৰা। [QE]
50. [QS]এই হেতুকে হে যিহোৱা, মই জাতিবোৰৰ মাজত তোমাক ধন্যবাদ কৰিম; [QE][QS]আৰু তোমাৰ নামৰ উদ্দেশে প্ৰশংসাৰ গান কৰিম। [QE]
51. [QS]ঈশ্ৱৰে নিজ ৰজাক মহা-পৰিত্ৰাণ দিয়ে, [QE][QS]আৰু তেওঁ নিজৰ অভিষিক্ত জনক দয়া কৰে। [QE][QS]তেৱেঁই সদাকাললৈকে দায়ুদ আৰু তেওঁৰ বংশক দয়া কৰিব।” [QE]