1. [PS]মোৰ প্রিয়া, মোৰ কইনাজনী, মই মোৰ উদ্যানত প্রৱেশ কৰিলোঁ; [PE][QS]মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালোঁ; [QE][QS]মই মৌচাকেৰে সৈতে মোৰ মধু খালোঁ; [QE][QS]মই গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ। [QE][QS]ভোজন কৰা, বন্ধু। [QE][QS]হে বন্ধু, খোৱা; [QE][QS]হৃদয় তৃপ্ত কৰি মোৰ ভালপোৱা পান কৰা। [QE][PS]*প্রিয়াৰ কথা: *[PE]
2. [PS]মই টোপনিত আছিলোঁ, কিন্তু মোৰ হৃদয় সাৰে আছিল, [QE][QS]তেনেতে মোৰ প্ৰিয়ই দুৱাৰত টুকুৰিয়াই ক’লে, [QE][QS]“হে মোৰ প্রিয়তমা, মোৰ কইনাজনী, মোৰ কপৌ, অকলুষিতজনী, [QE][QS]দুৱাৰখন খুলি দিয়া। [QE][QS]মোৰ মূৰ নিয়ৰেৰে সিক্ত হৈ পৰিছে, [QE][QS]ৰাতিৰ কুঁৱলীত মোৰ চুলিকোছা সেমেকি গৈছে।” [QE]
3. [QS]“মোৰ বস্ত্র মই খুলি থলোঁ, তাক মই পুনৰ পিন্ধিম নে? [QE][QS]মোৰ ভৰি দুখন মই ধুলোঁ, তাক মই পুনৰ মলিন কৰিম নে?” [QE]
4. [QS]মোৰ প্ৰিয়ই দুৱাৰৰ বিন্ধাইদি হাত ভৰালে, [QE][QS]মোৰ মন তেওঁৰ বাবে ব্যাকুল হ’ল। [QE]
5. [QS]মোৰ প্ৰিয়ক দুৱাৰ খুলি দিবলৈ মই উঠিলোঁ; [QE][QS]মোৰ হাত দুখন গন্ধৰসেৰে ভিজি আছিল, [QE][QS]তৰল গন্ধৰসেৰে ভিজা মোৰ আঙুলিয়েদি [QE][QS]দুৱাৰৰ শলখাডালো ভিজি গ’ল। [QE]
6. [QS]মোৰ প্ৰিয়ৰ কাৰণে মই দুৱাৰখন খুলি দিলোঁ; [QE][QS]কিন্তু মোৰ প্ৰিয় নাছিল, উলটি গুচি গল; [QE][QS]মোৰ হৃদয় ভাঙি পৰিল, মই হতাশাত ভাগি পৰিলো। [QE][QS]মই তেওঁক বিচাৰি ফুৰিলোঁ, কিন্তু নাপালোঁ; [QE][QS]মই তেওঁক মাতিলো, কিন্তু তেওঁ মোক উত্তৰ নিদিলে। [QE]
7. [QS]প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত, [QE][QS]মোক দেখা পালে; [QE][QS]তেওঁলোকে মোক কোবালে, মোক ক্ষতবিক্ষত কৰিলে; [QE][QS]নগৰৰ দেৱালৰ প্ৰহৰীবোৰে মোৰ গাৰ পৰা মোৰ চোলা কাঢ়ি নিলে। [QE]
8. [QS]হে যিৰূচালেমৰ ৰমণীসকল, [QE][QS]মই তোমালোকৰ ওচৰত নিবেদন কৰিছোঁ, [QE][QS]তোমালোকে যদি মোৰ প্ৰিয়তমক লগ পোৱা, [QE][QS]তেন্তে তেওঁক কবা যে, মই তেওঁৰ প্রতি প্ৰেমত দুর্বল হৈছোঁ। [QE][PS]*যিৰূচালেমৰ ৰমণীসকলৰ কথা: *[PE]
9. [PS]নাৰীসকলৰ মাজত তুমি পৰম সুন্দৰী, [QE][QS]তোমাৰ প্রিয়তম অন্যান্য প্রেমিকতকৈ কিহত উত্তম? [QE][QS]তোমাৰ প্রিয় আন প্রেমিকতকৈ কিয় উত্তম, [QE][QS]যে তুমি আমাৰ পৰা এনে প্রতিশ্রুতি বিচাৰিছা? [QE][PS]*প্রিয়াৰ কথা: *[PE]
10. [PS]মোৰ প্ৰিয়ৰ চেহেৰা সুন্দৰ [QE][QS]আৰু শক্তিশালী; [QE][QS]তেওঁৰ লগত কাৰো তুলনা নহয়।[* মোৰ প্ৰিয়ৰ চেহেৰা উজ্জ্বল, গাৰ বৰণ ৰঙচুৱা; তেওঁ দহ হাজাৰ জনৰ মাজত বিশেষ এজন। ] [QE]
11. [QS]তেওঁৰ মূৰ অতি উত্তম নিৰ্ম্মল সোণৰ নিচিনা; [QE][QS]তেওঁৰ চুলি কোচা কেঁকোৰা আৰু ঢোঁৰা কাউৰীৰ নিচিনা ক’লা। [QE]
12. [QS]তেওঁৰ চকুযুৰি জুৰিৰ দাঁতিত থকা এযোৰ কপৌৰ নিচিনা; [QE][QS]তাক গাখীৰেৰে ধোৱা মুকুতাৰ দৰে খোদিত কৰা। [QE]
13. [QS]তেওঁৰ গাল দুখন যেন সুগন্ধি মছলাৰ দলিচা, [QE][QS]য’ৰ পৰা সুগন্ধি সুঘ্রাণ ওলায়। [QE][QS]তেওঁৰ ওঁঠযুৰি যেন তৰল গন্ধৰস বাগৰি অহা লিলি ফুল। [QE]
14. [QS]তেওঁৰ বাহু দুখন যেন ৰত্নখচিত সোণৰ দণ্ড; [QE][QS]তেওঁৰ শৰীৰতো হাতী দাঁতেৰে তৈয়াৰ কৰা; নীলকান্ত মণিৰে ঢকা। [QE]
15. [QS]তেওঁৰ ভৰি দুখন নিখুঁত সোণৰ আধাৰত বহুৱা মার্বলৰ স্তম্ভৰ নিচিনা। [QE][QS]তেওঁ দেখিবলৈ লিবানোনৰ ওখ এৰচ গছৰ নিচিনা উত্তম। [QE]
16. [QS]তেওঁৰ মুখখন অতি মধুৰ; [QE][QS]সম্পূর্ণৰূপে সুন্দৰ ব্যক্তি তেওঁ। [QE][QS]হে যিৰূচালেমৰ ৰমণীসকল, [QE][QS]তেৱেঁই মোৰ প্রিয়তম, মোৰ বন্ধু। [QE]