1. [QS]কাইলৈৰ বিষয়ে অহংকাৰ নকৰিবা; [QE][QS]কাৰণ দিনটোত কি হ’ব, সেই বিষয়ে তুমি নাজানা। [QE]
2. [QS]আনলোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজৰ মুখে নকৰক; [QE][QS]অচিনাকী লোকে কৰক, কিন্তু তোমাৰ নিজৰ ওঁঠে নকৰক। [QE]
3. [QS]গধুৰ শিল, আৰু বালিৰ ওজনৰ গুৰুত্ব বিবেচনা কৰা; [QE][QS]কিন্তু অজ্ঞানী লোকৰ উত্তেজনা এই দুয়োটাতকৈ গধুৰ। [QE]
4. [QS]ক্ৰোধ নিষ্ঠুৰ, আৰু খং বানপানীৰ দৰে; [QE][QS]কিন্তু ঈৰ্ষাৰ আগত কোনে থিয় হ’ব পাৰে? [QE]
5. [QS]লুকুৱাই ৰখা প্ৰেমতকৈ, [QE][QS]প্ৰকাশিত অনুযোগ ভাল। [QE]
6. [QS]বন্ধুৰ দ্বাৰা বিশ্বাসঘাত হয়; [QE][QS]কিন্তু এজন শত্রুৱে বহুতো চুমা খাব পাৰে। [QE]
7. [QS]তৃপ্ত হোৱা জনে মৌ চাককো ঘিণ কৰে; [QE][QS]কিন্তু ক্ষুধাতুৰ লোকৰ বাবে সকলো তিতা বস্তুও মিঠা। [QE]
8. [QS]নিজৰ বাহৰ পৰা ভ্ৰমি ফুৰা চৰাই যেনে, [QE][QS]নিজৰ থকা ঠাইৰ পৰা পথভ্ৰষ্ট হোৱা মানুহ তেনে। [QE]
9. [QS]সুগন্ধ দ্রব্য আৰু ধূপে যেনেকৈ হৃদয় আনন্দিত কৰে, [QE][QS]কিন্তু বন্ধুৰ পৰামৰ্শতকৈ তেওঁৰ আন্তৰিকতা শ্রেষ্ঠ। [QE]
10. [QS]তোমাৰ বন্ধু আৰু তোমাৰ বন্ধুৰ পিতৃক পৰিত্যাগ নকৰিবা, [QE][QS]আৰু তোমাৰ বিপদৰ দিনত ভায়েকৰ ঘৰলৈ নাযাবা। [QE][QS]দূৰত থকা ভায়েকতকৈ ওচৰত থকা চুবুৰীয়াই ভাল। [QE]
11. [QS]হে মোৰ পুত্র, জ্ঞানৱান হোৱা, আৰু মোৰ হৃদয়ক আনন্দিত কৰা। [QE][QS]তাৰ পাছত মই বিদ্রূপ কৰা সকলক উত্তৰ দিম। [QE]
12. [QS]দূৰদৰ্শী লোকে বিপদ দেখি নিজকে লুকুৱায়; [QE][QS]কিন্তু অশিক্ষিত লোকে আগুৱাই যায় আৰু ইয়াৰ বাবে ক্ষতিপূৰণ কৰিবলগীয়া হয়। [QE]
13. [QS]যি জনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ বস্ত্ৰ লোৱা; [QE][QS]আৰু অচিনাকী লোকৰ বাবে নিৰাপত্তা স্বৰূপে ধন লোৱা। [QE]
14. [QS]যি কোনোৱে ৰাতিপুৱাতে উচ্চস্বৰে নিজৰ চুবুৰীয়াক আশীৰ্ব্বাদ কৰে, [QE][QS]সেই আশীৰ্ব্বাদ শাও ৰূপেহে গণ্য হয়। [QE]
15. [QS]এজনী দ্বন্দুৰী ভাৰ্যা [QE][QS]বৰষুণৰ দিনত টোপ টোপকৈ পানী পৰাৰ দৰে হয়। [QE]
16. [QS]তেওঁক দমন কৰা মানে বতাহক দমন কৰা, [QE][QS]আৰু তোমাৰ সোঁ হাতত তেল ধৰাৰ দৰে হয়। [QE]
17. [QS]যেনেকৈ লোহাই লোহাক চোকা কৰে, [QE][QS]তেনেকৈ এজন মানুহে নিজৰ বন্ধুৰ মুখ উজ্জ্বল কৰে। [QE]
18. [QS]যি জনে ডিমৰু গছক যত্ন কৰে, সেই জনে তাৰ ফল খাবলৈ পায়; [QE][QS]আৰু যি জনে নিজৰ মালিকক সুৰক্ষা দিয়ে, তেওঁ সন্মান পায়। [QE]
19. [QS]পানীত যেনেকৈ মানুহৰ মুখৰ প্ৰতিবিম্ব দেখা যায়, [QE][QS]তেনেকৈ মানুহৰ হৃদয়ে মানুহৰ প্ৰতিবিম্ব দেখুৱাই। [QE]
20. [QS]চিয়োল আৰু আবদ্দোন যেনেকৈ কেতিয়াও সন্তুষ্ট নহয়, [QE][QS]তেনেকৈ মানুহৰ চকুও কেতিয়াও সন্তুষ্ট নহয়। [QE]
21. [QS]ৰূপৰ বাবে ৰূপ গলোৱা পাত্ৰ, আৰু সোণৰ বাবে অগ্নিশাল; [QE][QS]আৰু এজন মানুহক প্ৰশংসাৰ দ্বাৰাই পৰীক্ষা কৰা হয়। [QE]
22. [QS]যদিও তুমি অজ্ঞানীক ঘেঁহু ধানৰ সৈতে খুন্দা, [QE][QS]তথাপিও তেওঁৰ অজ্ঞানতা দূৰ নহ’ব। [QE]
23. [QS]তোমাৰ পশু জাকৰ অৱস্থাৰ বুজলৈ তুমি নিশ্চিত হোৱা, [QE][QS]আৰু তোমাৰ পশুৰ জাকৰ বিষয়ে চিন্তাকৰা, [QE]
24. [QS]কিয়নো ধন-সম্পত্তি চিৰস্থায়ী নহয়। [QE][QS]আৰু কিৰীটিও জানো পুৰুষানুক্ৰমে থাকে? [QE]
25. [QS]ঘাঁহ শুকাই গৈ পুনৰ নতুন ঘাঁহ গজে, [QE][QS]আৰু পৰ্ব্বতত পশুৰ বাবে আহাৰ থাকে। [QE]
26. [QS]মেৰ-ছাগবোৰে তোমাৰ বস্ত্রৰ যোগান ধৰিব, [QE][QS]আৰু ছাগলীবোৰে তোমাৰ পথাৰৰ মূল্যৰ যোগান ধৰিব। [QE]
27. [QS]তোমাৰ আৰু তোমাৰ পৰিয়ালৰ আহাৰৰ বাবে [QE][QS]আৰু তোমাৰ দাসীসকলৰ প্ৰতিপালনৰ বাবে ছাগলীবোৰে গাখীৰ দিব। [QE]