1. {দবোৰাৰ গীত। }
2. [PS]সেইদিনাখন দবোৰা আৰু অবীনোৱমৰ পুত্ৰ বাৰাকে এই গীত গালে, [PE][QS]“নেতাসকলে ইস্রায়েলৰ লোকক যুদ্ধত পৰিচালনা কৰিলে, [QE][QS]লোকসকলে স্বেচ্ছায় আনন্দেৰে আগবাঢ়ি গ’ল[* অৰ্থাৎ যিহোৱাই নিজৰ ধাৰ্মিকতা স্থাপন কৰিলে ] - [QE][QS]আমি যিহোৱাৰ প্রশংসা গীত কৰোঁ! [QE]
3. [QS]হে ৰজাসকল শুনা! নেতাসকল, মনোযোগ দিয়া! [QE][QS]মই, ময়েই যিহোৱাৰ উদ্দেশ্যে গান কৰিম; [QE][QS]মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম। [QE]
4. [QS]হে যিহোৱা, তুমি যেতিয়া চেয়ীৰৰ পৰা ওলাই আহিছিলা, ইদোমৰ পৰা আগুৱাই আহিছিলা, [QE][QS]পৃথিৱী কঁপি উঠিছিল, আকাশে গৰজি উঠিছিল, [QE][QS]এনেকি মেঘেও জল বৰষালে। [QE]
5. [QS]যিহোৱাৰ সাক্ষাতে পর্বতমালা কঁপি উঠিছিল; [QE][QS]এনেকি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে চীনয় পর্বত কঁপি উঠিল। [QE]
6. [QS]চমগৰ[† চমগৰ অনাতৰ পুত্ৰ ] আৰু যায়েলৰ দিনত [QE][QS]ৰাজআলিবোৰ জনশূণ্য হৈ পৰিছিল আৰু [QE][QS]পথিকসকলে বেঁকা বাটেদি যাতায়ত কৰিছিল। [QE]
7. [QS]মই, দবোৰাই নেতৃত্ব নিদিয়ালৈকে, [QE][QS]ইস্রায়েলৰ ভূমিত কৃষকসকল নাছিল, [QE][QS]মই ইস্রায়েলবাসীৰ মাতৃৰ দৰে হ’লো। [QE]
8. [QS]লোকসকলে নতুন দেৱতাবোৰক মনোনীত কৰিছিল; [QE][QS]তেতিয়া নগৰৰ দুৱাৰত যুদ্ধ লাগিল। [QE][QS]চল্লিশ হাজাৰ ইস্রায়েল লোকৰ মাজত এখনো ঢাল বা এপাত যাঠি দেখা পোৱা নাছিলো। [QE]
9. [QS]মোৰ মন ইস্রায়েলৰ নেতাসকলৰ লগতে আছে, [QE][QS]যিসকলে স্বেচ্ছায় আনন্দেৰে যুদ্ধলৈ গৈছিল, [QE][QS]সেইসকলৰ বাবে আমি যিহোৱাৰ ধন্যবাদ কৰোঁ! [QE]
10. [QS]তোমালোক যিসকলে বগা গাধত উঠি, [QE][QS]পিঠিত আসনৰ বাবে কম্বলৰ গদিত বহি ঘূৰি ফুৰা [QE][QS]আৰু তোমালোক যিসকলে পথত খোজ কাঢ়ি ফুৰা, [QE][QS]তোমালোকে এই সকলো বিষয়ে ভাৱা! [QE]
11. [QS]তোমালোকে পশুবোৰে পানী পিবলৈ অহা ঠাইত ধনুৰ্ধৰসকল[‡ গায়কসকলৰ কথা শুনা ]ৰ মাত কথা শুনা, [QE][QS]তাত তেওঁলোকে যিহোৱাৰ ধাৰ্মিকতাৰ কার্যবোৰৰ কথা পুনৰ কয়, [QE][QS]আৰু ইস্রায়েলত যিহোৱাৰ সৈনিকসকলে কৰা ধার্মিকতাৰ কার্যবোৰ বর্ণনা কৰে। [QE][QS]“তাৰ পাছত যিহোৱাৰ সন্তানসকল নগৰৰ দুৱাৰবোৰলৈ নামি গ’ল। [QE]
12. [QS]সাৰ পোৱা দবোৰা, সাৰ পোৱা! [QE][QS]সাৰ পোৱা, সাৰ পোৱা, গীতগান কৰা! [QE][QS]হে অবীনোৱমৰ পুত্ৰ বাৰাক, উঠা আৰু [QE][QS]যুদ্ধত যিসকলক তোমালোকে ধৰিলা, বন্দী কৰি লৈ যোৱা। [QE]
13. [QS]তাৰ পাছত জীয়াই থকা লোকসকল গণ্য-মান্য লোকৰ ওচৰলৈ নামি আহিল; [QE][QS]যিহোৱাৰ লোকসকলে যুদ্ধ কৰিবৰ বাবে মোৰ ওচৰলৈ নামি আহিল। [QE]
14. [QS]কিছু লোক আহিল ইফ্ৰয়িমৰ পৰা, য’ত অমালেকীয়াসকলে বাস কৰিছিল; [QE][QS]তোমালোকৰ পাছে পাছে বিন্যামীন বংশৰ লোক আহিল; [QE][QS]মাখীৰৰ পৰা সেনাপতিসকল নামি আহিল; [QE][QS]আৰু জবূলূনৰ বংশৰ লোকসকলে শাসনকর্তাৰ দণ্ড লৈ নামি আহিল। [QE]
15. [QS]ইচাখৰৰ মুখ্য লোকসকল দবোৰাৰ লগত আছিল আৰু ইচাখৰ বাৰাকৰ লগত আছিল। [QE][QS]বাৰাকৰ পাছে পাছে দৌৰি লোকসকলে শীঘ্ৰে উপত্যকালৈ নামি গ’ল। [QE][QS]ৰূবেণৰ ফৈদৰ মাজত অনেক দৃঢ়মনৰ লোক আছিল। [QE]
16. [QS]তোমালোকে মেৰ-ছাগ ৰখীয়াবোৰৰ বাঁহীৰ শব্দ শুনি শুনি কিয় মেৰ-ছাগৰ জুহালৰ মাজত বহি আছিলা? [QE][QS]যিহেতু ৰূবেণৰ বংশত অনেক দৃঢ়মনা লোক আছিল। [QE]
17. [QS]গিলিয়দৰ বংশৰ লোকসকল যৰ্দ্দনৰ সিপাৰে বাস কৰিলে; [QE][QS]আৰু দান ফৈদৰ লোকে কিয় জাহাজৰ কাষত বাস কৰিলে? [QE][QS]আচেৰৰ লোকসকল সমুদ্ৰৰ তীৰত থাকি বন্দৰবোৰৰ কাষত বাস কৰিলে। [QE]
18. [QS]জবূলূন আৰু নপ্তালীৰ ফৈদ ৰণস্থলীত প্ৰাণক মৰণলৈকে তুচ্ছ জ্ঞান কৰা লোক। [QE]
19. [QS]ৰজাসকলে আহি যুদ্ধ কৰিলে; কনানৰ ৰজাসকলে যুদ্ধ কৰিলে; [QE][QS]মগিদ্দোৰ পানীৰ কাষত থকা তানকত তেওঁলোকে যুদ্ধ কৰিলে; কিন্তু তেওঁলোকে কোনো ৰূপ লুটি নিব নোৱাৰিলে। [QE]
20. [QS]আকাশৰ পৰা তৰাবোৰে যুদ্ধ কৰিলে; [QE][QS]নিজ নিজ পথবোৰৰ পৰা তৰাবোৰে চীচৰাৰ বিৰুদ্ধে যুদ্ধ কৰিলে। [QE]
21. [QS]কীচোন নদীয়ে সিহঁতক উটাই নিলে; [QE][QS]সেই প্ৰাচীন কালৰ নদীৰপানী, কীচোন নদীয়ে শত্রুবোৰক উটুৱাই নিলে। [QE][QS]হে মোৰ মন, শক্তিশালী হৈ আগবাঢ়া। [QE]
22. [QS]তেতিয়া ঘোঁৰাবোৰৰ খুৰাৰ আঘাতত মাটি কঁপি উঠিল; তেওঁৰ শক্তিশালী ঘোঁৰাবোৰে চেঁকুৰি দৌৰিবলৈ ধৰিলে। [QE]
23. [QS]যিহোৱাৰ দূতে কৈছে, মেৰোজ চহৰক অভিশাপ দিয়া! [QE][QS]তাৰ নিবাসীসকলক অতিশয় শাও দিয়া! [QE][QS]কিয়নো সিহঁত যিহোৱাৰ সহায়ৰ অৰ্থে নাহিল- [QE][QS]বীৰসকলৰ বিৰুদ্ধে যুদ্ধত যিহোৱাক সহায় কৰিবলৈ নাহিল। [QE]
24. [QS]কেনীয়া হেবৰৰ ভার্যা যায়েল, আন মহিলাসকলতকৈ ধন্যা মহিলা; [QE][QS]তেওঁ সকলো তম্বুবাসী মহিলাতকৈও অতি ধন্যা। [QE]
25. [QS]চীচৰাই পানী খুজিলত তেওঁ গাখীৰ দিলে; [QE][QS]এটি ৰাজকীয় পাত্ৰত তেওঁ ঘন গাখীৰ আনি দিলে। [QE]
26. [QS]তেওঁ তম্বু বন্ধা খুটিটোলৈ নিজৰ হাত মেলিলে, বনুৱাৰ হাতুৰীটো সোঁ হাতত ল’লে; [QE][QS]চীচৰাক হাতুৰীৰে আঘাত কৰি তেওঁৰ মূৰ ভাঙিলে; [QE][QS]মূৰৰ কাষেদি খুঁটি বিন্ধাই চীচৰাৰ মূৰৰ লাওখোলা গুড়ি কৰিলে। [QE]
27. [QS]তেওঁৰ ভৰিৰ ওচৰত মূৰ গুজি চীচৰা পৰি গ’ল, [QE][QS]আৰু য’ত পৰিছিল, তাতে পৰি থাকিল। [QE][QS]ভৰিৰ ওচৰত যি ঠাইত পৰিছিল, সেই ঠাইতে তেওঁক নিশংসভাবে বধ কৰা হ’ল। [QE]
28. [QS]চীচৰাৰ মাতৃয়ে এখন খিড়িকিয়েদি জুমি চালে - [QE][QS]তেওঁ জালিকটা খিড়িকিৰে চাই চিঞঁৰি ক’লে, [QE][QS]“চীচৰাৰ ৰথ আহিবলৈ কিয় ইমান পলম হৈছে? [QE][QS]তেওঁৰ ৰথবোৰ টনা ঘোঁৰাবোৰৰ চেকুৰাৰ শব্দ কিয় এতিয়ালৈকে শুনা নাই?” [QE]
29. [QS]তেওঁৰ জ্ঞানৱতী লিগিৰীবোৰে উত্তৰ দিলে আৰু তেৱোঁ একে উত্তৰকে নিজকে নিজে দিলে: [QE]
30. [QS]তেওঁলোকে লুটদ্ৰব্য পাই ভাগ কৰা নাই নেকি? [QE][QS]- প্ৰতিজন পুৰুষৰ কাৰণে এজনী বা দুজনী ৰমণী; [QE][PIS]চীচৰাৰ কাৰণে খমখমীয়া ৰঙীণ পোছাক, [PIE][QS]ফুল কৰা ৰঙীণ পোছাক, [QE][QS]মোৰ ডিঙিৰ চৌপাশে ফুল বচা দুটাকৈ পোছাক[§ এইবোৰ লুট কৰা সকলৰ ডিঙি আছিল ]- [QE]
31. [QS]হে যিহোৱা, তোমাৰ সকলো শত্ৰুবোৰ যেন এনেদৰেই বিনষ্ট হয়! [QE][QS]কিন্তু যিসকলে তোমাক প্ৰেম কৰে, সেইসকল যেন প্ৰতাপেৰে উদয় হোৱা সূৰ্যৰ নিচিনা হৈ উঠে। [QE][QS]ইয়াৰ পাছত দেশত চল্লিশ বছৰলৈকে শান্তি আছিল। [QE]