অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {তূৰৰ বিষয়ে ঘোষণা। } [PS]তূৰৰ বিষয়ে কৰা ঘোষণা: [PE][QS]হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো ঘৰ কি সোমোৱা বাট একোৱেই নাই; [QE][QS]কিত্তীম দেশৰ পৰা তেওঁলোকলৈ ইয়াক প্ৰকাশ কৰা হ’ল। [QE]
2. [QS]হে দ্বীপ-নিবাসীসকল, তোমালোক নিমাত হৈ থাকা; [QE][QS]চীদোনীয়া বণিকসকল সমুদ্ৰ পাৰ হৈ আহি তোমাক যোগান ধৰিছিল। [QE]
3. [QS]চীহোৰৰ উৎপন্ন দ্ৰব্য মহাজলত আছিল, [QE][QS]নীল নদীৰ শস্য তাৰ আয় হৈছিল; আৰু সেয়ে দেশবাসীসকলৰ বজাৰ কৰা ঠাই আছিল। [QE]
4. [QS]হে চীদোন, তুমি লজ্জিত হোৱা; কিয়নো সাগৰে কৈছে, সমুদ্ৰৰ দৃঢ় কোঁঠে কৈছে, [QE][QS]“মই প্ৰসৱ কৰা নাই, মই সন্তান জন্ম দিয়া নাই, [QE][QS]মই ডেকাসকলক প্ৰতিপালন কৰা নাই, নাইবা যুৱতীসকলক ডাঙৰ দীঘল কৰা নাই।” [QE]
5. [QS]যেতিয়া বাৰ্ত্তা মিচৰ দেশলৈ আহিব, তেতিয়া তেওঁলোক তূৰৰ বিষয়ে অতিশয় দুখিত হ’ব। [QE]
6. [QS]তোমালোকে তৰ্চীচলৈ পাৰ হৈ যোৱা, হে দ্বীপ নিবাসীসকল, হাহাকাৰ কৰা। [QE]
7. [QS]হে উল্লাস কৰা নগৰ তোমাৰ সৈতে এইদৰে হ’ল নে? যাৰ উৎপত্তি প্ৰাচীন কালৰ পৰা আছে। [QE]
8. [QS]যাৰ বনিকসকল ৰাজপুত্র, যাৰ বেপাৰীসকল পৃথিৱীৰ মান্যৱন্ত লোক, [QE][QS]সেই ৰাজমুকুট দিয়া তূৰ নগৰৰ বিৰুদ্ধে কোনে এই কল্পনা কৰিলে? [QE]
9. [QS]বাহিনীসকলৰ যিহোৱাই তেওঁৰ অহংকাৰ অমৰ্যাদা কৰিবলৈ, [QE][QS]আৰু তেওঁৰ সকলো গৌৰৱ, আৰু পৃথিৱীৰ মান্যৱন্ত লোকক অপমানিত কৰিবলৈ পৰিকল্পনা কৰিছে। [QE]
10. [QS]হে তৰ্চীচ জীয়াৰী নীল নদীৰ দৰে তোমালোক দেশত হাল বোৱা; তোমাৰত বহু দিনলৈকে বজাৰৰ ঠাই নাই। [QE]
11. [QS]যিহোৱাই সমুদ্ৰৰ ওপৰত নিজৰ হাত মেলিলে, তেওঁ ৰাজ্যবোৰ জোকাৰিলে, [QE][QS]যিহোৱাই কনান[* আন নাম ফ’নেইচিয়া ]ৰ বিষয়ে তাৰ দুৰ্গবোৰ বিনষ্ট কৰিবলৈ আজ্ঞা দিলে। [QE]
12. [QS]তেওঁ ক’লে, “চীদোনৰ নিৰ্যাতিতা কুমাৰী জীয়াৰী, তুমি আৰু উল্লাস নকৰিবা, [QE][QS]উঠা, কিত্তীমলৈ পাৰ হৈ যোৱা; কিন্তু তাতো তুমি জিৰণি নাপাবা। [QE]
13. [QS]কলদীয়া[† আন নাম বেবিলন ]সকলৰ দেশ চোৱা; সেই লোকসকল আৰু নাই; অচূৰীয়া লোকে বনৰীয়া জন্তুৰ বাবে ইয়াক আৰণ্য নিৰূপণ কৰিলে; [QE][QS]সিহঁতে আক্ৰমণ কৰিবৰ অৰ্থে ওখ দ’ম স্থাপন কৰিলে; সিহঁতে তাৰ অট্টালিকাবোৰ ধ্বংস কৰিলে; সিহঁতে তাক ভগ্নৰাশি কৰিলে। [QE]
14. [QS]হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো তোমালোকৰ আশ্ৰয় উচ্ছন্ন হ’ল। [QE]
15. [QS]সেই সময়ত, ৰজাৰ ৰাজত্বকাল দৰে তূৰ নগৰক সত্তৰ বছৰ পহৰা যাব; সত্তৰ বছৰৰ পাছত তূৰ নগৰৰ দশা বেশ্যাৰ গীতৰ দৰে হ’ব। [QE]
16. [QS]“হে বিস্মৃতা বেশ্যা, বীণা লৈ নগৰ খন ফূৰা; [QE][QS]তোমাৰ স্মৰণ ৰাখিবৰ বাবে মনোহৰ বাদ্য বজোৱা, অনেক গীত গোৱা।” [QE]
17. [PS]সত্তৰ বছৰৰ পাছত যিহোৱাই তূৰক সহায় কৰিব; আৰু তেওঁ নিজৰ লাভ জনক ব্যৱসায় পুনৰায় কৰিব, আৰু ৰাজ্যৰ সকলোতে আৰু পৃথিৱীৰ সকলো ৰাজ্যে সৈতে বেশ্যা কৰ্ম কৰিব।
18. তেওঁৰ উপাৰ্জন আৰু আয় যিহোৱাৰ উদ্দেশ্যে ৰখা হ’ব; সেয়ে ভঁৰালত গোটাই থোৱা বা সাঁচি ৰখা নহ’ব; কিয়নো তেওঁৰ উপাৰ্জন যিহোৱাৰ সন্মুখত বাস কৰাসকলৰ অৰ্থে যথেষ্ঠ পৰিমাণে খাবৰ বাবে আৰু সুন্দৰ বস্ত্ৰৰ বাবে ব্যৱহাৰ হ’ব। [QE]
মুঠ 66 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 23 / 66
1 {তূৰৰ বিষয়ে ঘোষণা। } তূৰৰ বিষয়ে কৰা ঘোষণা: হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো ঘৰ কি সোমোৱা বাট একোৱেই নাই; কিত্তীম দেশৰ পৰা তেওঁলোকলৈ ইয়াক প্ৰকাশ কৰা হ’ল। 2 হে দ্বীপ-নিবাসীসকল, তোমালোক নিমাত হৈ থাকা; চীদোনীয়া বণিকসকল সমুদ্ৰ পাৰ হৈ আহি তোমাক যোগান ধৰিছিল। 3 চীহোৰৰ উৎপন্ন দ্ৰব্য মহাজলত আছিল, নীল নদীৰ শস্য তাৰ আয় হৈছিল; আৰু সেয়ে দেশবাসীসকলৰ বজাৰ কৰা ঠাই আছিল। 4 হে চীদোন, তুমি লজ্জিত হোৱা; কিয়নো সাগৰে কৈছে, সমুদ্ৰৰ দৃঢ় কোঁঠে কৈছে, “মই প্ৰসৱ কৰা নাই, মই সন্তান জন্ম দিয়া নাই, মই ডেকাসকলক প্ৰতিপালন কৰা নাই, নাইবা যুৱতীসকলক ডাঙৰ দীঘল কৰা নাই।” 5 যেতিয়া বাৰ্ত্তা মিচৰ দেশলৈ আহিব, তেতিয়া তেওঁলোক তূৰৰ বিষয়ে অতিশয় দুখিত হ’ব। 6 তোমালোকে তৰ্চীচলৈ পাৰ হৈ যোৱা, হে দ্বীপ নিবাসীসকল, হাহাকাৰ কৰা। 7 হে উল্লাস কৰা নগৰ তোমাৰ সৈতে এইদৰে হ’ল নে? যাৰ উৎপত্তি প্ৰাচীন কালৰ পৰা আছে। 8 যাৰ বনিকসকল ৰাজপুত্র, যাৰ বেপাৰীসকল পৃথিৱীৰ মান্যৱন্ত লোক, সেই ৰাজমুকুট দিয়া তূৰ নগৰৰ বিৰুদ্ধে কোনে এই কল্পনা কৰিলে? 9 বাহিনীসকলৰ যিহোৱাই তেওঁৰ অহংকাৰ অমৰ্যাদা কৰিবলৈ, আৰু তেওঁৰ সকলো গৌৰৱ, আৰু পৃথিৱীৰ মান্যৱন্ত লোকক অপমানিত কৰিবলৈ পৰিকল্পনা কৰিছে। 10 হে তৰ্চীচ জীয়াৰী নীল নদীৰ দৰে তোমালোক দেশত হাল বোৱা; তোমাৰত বহু দিনলৈকে বজাৰৰ ঠাই নাই। 11 যিহোৱাই সমুদ্ৰৰ ওপৰত নিজৰ হাত মেলিলে, তেওঁ ৰাজ্যবোৰ জোকাৰিলে, যিহোৱাই কনান* আন নাম ফ’নেইচিয়া ৰ বিষয়ে তাৰ দুৰ্গবোৰ বিনষ্ট কৰিবলৈ আজ্ঞা দিলে। 12 তেওঁ ক’লে, “চীদোনৰ নিৰ্যাতিতা কুমাৰী জীয়াৰী, তুমি আৰু উল্লাস নকৰিবা, উঠা, কিত্তীমলৈ পাৰ হৈ যোৱা; কিন্তু তাতো তুমি জিৰণি নাপাবা। 13 কলদীয়া আন নাম বেবিলন সকলৰ দেশ চোৱা; সেই লোকসকল আৰু নাই; অচূৰীয়া লোকে বনৰীয়া জন্তুৰ বাবে ইয়াক আৰণ্য নিৰূপণ কৰিলে; সিহঁতে আক্ৰমণ কৰিবৰ অৰ্থে ওখ দ’ম স্থাপন কৰিলে; সিহঁতে তাৰ অট্টালিকাবোৰ ধ্বংস কৰিলে; সিহঁতে তাক ভগ্নৰাশি কৰিলে। 14 হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো তোমালোকৰ আশ্ৰয় উচ্ছন্ন হ’ল। 15 সেই সময়ত, ৰজাৰ ৰাজত্বকাল দৰে তূৰ নগৰক সত্তৰ বছৰ পহৰা যাব; সত্তৰ বছৰৰ পাছত তূৰ নগৰৰ দশা বেশ্যাৰ গীতৰ দৰে হ’ব। 16 “হে বিস্মৃতা বেশ্যা, বীণা লৈ নগৰ খন ফূৰা; তোমাৰ স্মৰণ ৰাখিবৰ বাবে মনোহৰ বাদ্য বজোৱা, অনেক গীত গোৱা।”
17 সত্তৰ বছৰৰ পাছত যিহোৱাই তূৰক সহায় কৰিব; আৰু তেওঁ নিজৰ লাভ জনক ব্যৱসায় পুনৰায় কৰিব, আৰু ৰাজ্যৰ সকলোতে আৰু পৃথিৱীৰ সকলো ৰাজ্যে সৈতে বেশ্যা কৰ্ম কৰিব।
18 তেওঁৰ উপাৰ্জন আৰু আয় যিহোৱাৰ উদ্দেশ্যে ৰখা হ’ব; সেয়ে ভঁৰালত গোটাই থোৱা বা সাঁচি ৰখা নহ’ব; কিয়নো তেওঁৰ উপাৰ্জন যিহোৱাৰ সন্মুখত বাস কৰাসকলৰ অৰ্থে যথেষ্ঠ পৰিমাণে খাবৰ বাবে আৰু সুন্দৰ বস্ত্ৰৰ বাবে ব্যৱহাৰ হ’ব।
মুঠ 66 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 23 / 66
×

Alert

×

Assamese Letters Keypad References