1. {#1প্ৰজ্ঞাৰ বৰ্ণনা আৰু নিমন্ত্ৰণ } [PS]প্রজ্ঞাই জানো নকয়? [PE][QS]সুবুদ্ধিয়ে জানো উচ্চস্বৰে নকয়? [QE]
2. [QS]বাটৰ কাষৰ ওখ ঠাইত, [QE][QS]চাৰিআলিত প্রজ্ঞা থিয় হয়। [QE]
3. [QS]তাৰ উপৰিও নগৰৰ প্ৰবেশস্থানত, [QE][QS]আৰু নগৰৰ দুৱাৰৰ ওচৰত থাকি ৰিঙিয়াই কয়, [QE]
4. [QS]“হে লোকসকল, মই তোমালোকক মাতিছোঁ; [QE][QS]আৰু মানৱজাতিৰ সন্তান সকলৰ বাবে মই উচ্ছস্বৰে কওঁ। [QE]
5. [QS]যিসকল শিক্ষিত নহয়, তেওঁলোকে সুবুদ্ধিক বুজা উচিত, [QE][QS]আৰু যিসকলে জ্ঞানক ঘিণ কৰে, তেওঁলোকৰ সুবিবেচনাৰ হৃদয় থকা উচিত। [QE]
6. [QS]শুনা, মই উত্তম বিষয়ৰ কথা কওঁ, [QE][QS]আৰু যেতিয়া মোৰ মুখ মেলোঁ, তেতিয়া মই সত্য কথা কওঁ। [QE]
7. [QS]কিয়নো মোৰ মুখে বিশ্বাসযোগ্য কথা কয়, [QE][QS]আৰু মোৰ ওঁঠে দুষ্টতা ঘিণ কৰে। [QE]
8. [QS]মোৰ মুখৰ সকলো কথা ন্যায়পৰায়ণ; [QE][QS]সেইবোৰৰ মাজত বিকৃত, বা বিভ্রান্তিজনক বিষয়ৰ কথা নাথাকে। [QE]
9. [QS]যি সকলে বুজি পাই, তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ স্পষ্ট; [QE][QS]যি সকলে জ্ঞান লাভ কৰে, তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ সত্য। [QE]
10. [QS]ৰূপতকৈ মোৰ শিক্ষা, আৰু শুদ্ধ সোণতকৈয়ো জ্ঞান গ্ৰহণ কৰা। [QE]
11. [QS]কিয়নো প্রজ্ঞা পদ্মৰাগতকৈয়ো উত্তম, তুমি ইচ্ছা কৰা কোনো বস্তুকে তাৰ লগত তুলনা কৰিব নোৱাৰি। [QE]
12. [QS]মই প্ৰজ্ঞাই সুবুদ্ধিয়ে সৈতে বাস কৰোঁ, [QE][QS]আৰু মই জ্ঞান আৰু বিবেচনা লাভ কৰোঁ। [QE]
13. [QS]যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়; [QE][QS]মই অহংকাৰ, গর্ব, কুপথ, আৰু বিপথগামী কথা ঘিণ কৰোঁ। [QE]
14. [QS]মোৰ ভাল পৰামৰ্শ আৰু গভীৰ প্রজ্ঞা আছে; [QE][QS]সুক্ষ্মদৃষ্টি আৰু পৰাক্ৰম মোৰেই। [QE]
15. [QS]মোৰ দ্বাৰাই ৰজাসকলে ৰাজত্ব কৰে, [QE][QS]অভিজাত লোকসকল আৰু ন্যায়েৰে যিসকল লোকে শাসন কৰে, সেইসকলো মোৰেই। [QE]
16. [QS]অধিপতি, অভিজাত, আৰু যিসকলে [QE][QS]ন্যায়েৰে শাসন কৰে, সেই সকলে মোৰ দ্বাৰাই কৰে। [QE]
17. [QS]যিসকলে মোক প্ৰেম কৰে, ময়ো তেওঁলোকক প্ৰেম কৰোঁ, [QE][QS]আৰু যিসকলে মোক আগ্রহেৰে বিচাৰে, তেওঁলোকে মোক বিচাৰি পায়। [QE]
18. [QS]ঐশ্চৰ্য্য আৰু মান মৰ্য্যদা মোৰ লগতে আছে, [QE][QS]এনে কি অক্ষয় সম্পত্তি আৰু ধাৰ্মিকতা আছে। [QE]
19. [QS]সোণতকৈ আৰু শুদ্ধ সোণতকৈয়ো মোৰ ফল উত্তম; [QE][QS]শুদ্ধ ৰূপতকৈয়ো মই যি উৎপন্ন কৰোঁ সেয়া উত্তম। [QE]
20. [QS]মই যি পথেৰে যাওঁ, সেই পথ শুদ্ধ; [QE][QS]সেই পথে ন্যায়লৈ লৈ যায়। [QE]
21. [QS]সেয়ে যিসকলে মোক ভাল পায় তেওঁলোকক মই উত্তৰাধিকাৰ দিওঁ, [QE][QS]আৰু তেওঁলোকৰ ভঁৰাল পৰিপূৰ্ণ কৰিম। [QE]
22. [QS]যিহোৱাই আৰম্ভণীৰে পৰা মোক সৃষ্টি কৰিলে- [QE][QS]পূৰ্বৰ দৰেই তেওঁৰ প্রথম কাৰ্য। [QE]
23. [QS]অনাদি কালৰ পৰা, পৃথিবীৰ আৰম্ভণীৰে পৰা [QE][QS]মই স্থাপিত হৈ আছোঁ। [QE]
24. [QS]মহাসাগৰৰ আগতে, আৰু পানীৰ ভুমুকবোৰ হোৱাৰ আগতে, [QE][QS]মোক জন্ম দিয়া হৈছিল। [QE]
25. [QS]পৰ্ব্বতবোৰ স্থাপন হোৱাৰ আগতে, [QE][QS]আৰু পাহাৰবোৰৰ পূর্বেই, মোৰ জন্ম হৈছিল। [QE]
26. [QS]যিহোৱাই পৃথিৱী বা পথাৰবোৰ সৃষ্টিৰ কৰাৰ আগতে, [QE][QS]এনেকি পৃথিৱীত উৎপন্ন হোৱা প্রথম ধূলিৰ আগতে মোৰ জন্ম হৈছিল। [QE]
27. [QS]তেওঁ স্বৰ্গ স্থাপন কৰা সময়ত, [QE][QS]আৰু তেওঁ অগাধ জলত দিগন্তৰ সীমা নিৰূপণ কৰোঁতে, মই সেই ঠাইত আছিলোঁ। [QE]
28. [QS]তেওঁ যেতিয়া আকাশ-মণ্ডল স্থাপন কৰিছিল, [QE][QS]আৰু যেতিয়া গভীৰ ভুমুকবোৰ সৃষ্টি কৰিছিল, তেতিয়া মই সেই ঠাইত আছিলোঁ। [QE]
29. [QS]সাগৰ সীমা নিৰূপণ কৰাৰ আগেয়ে মই সেই ঠাইত আছিলোঁ, [QE][QS]সেয়ে সাগৰৰ পানী তেওঁ আজ্ঞা কৰা ঠাইৰ বাহিৰে আন ঠাইত যেন প্লাৱিত নহয়। [QE][QS]আৰু যেতিয়া তেওঁ পৃথিবীৰ মূল ক’ত স্থাপন হব আদেশ দিছিল। [QE]
30. [QS]তেতিয়া মই তেওঁৰ লগত প্ৰধান শিল্পকাৰ ৰূপে আছিলোঁ, [QE][QS]আৰু মই দিনৰ পাচত দিন তেওঁত আনন্দ কৰিছিলোঁ, [QE][QS]সদায় তেওঁৰ আগত প্রশংসা কৰিছিলোঁ। [QE]
31. [QS]মই তেওঁৰ সমগ্র পৃথিৱীত প্রশংসা কৰিছিলোঁ, [QE][QS]আৰু মানৱজাতিৰ মাজত মোৰ আনন্দ হৈছিল। [QE]
32. [QS]এতিয়া হে মোৰ পুত্রসকল, মোৰ কথা শুনা; [QE][QS]কাৰণ যিসকলে মোৰ পথত চলে, তেওঁলোক আনন্দিত হ’ব। [QE]
33. [QS]মোৰ নিৰ্দেশ শুনা আৰু জ্ঞানী হোৱা; [QE][QS]ইয়াক অৱজ্ঞা নকৰিবা। [QE]
34. [QS]যিজনে মোৰ কথা শুনে, তেওঁ আনন্দিত হ’ব- [QE][QS]মোৰ দুৱাৰত প্রতি দিনে পৰ দি থাকিব, [QE][QS]মোৰ ঘৰৰ দুৱাৰৰ কাষত মোৰ বাবে অপেক্ষা কৰি থাকিব। [QE]
35. [QS]কাৰণ যি জনে মোক বিচাৰি পায়, তেওঁ জীৱন পায়, [QE][QS]আৰু তেওঁ যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে। [QE]
36. [QS]কিন্তু যি জনে মোক বিচাৰি নাপায়, তেওঁ নিজৰ অনিষ্ট কৰে। [QE][QS]যিসকলোৱে মোক ঘিণ কৰে, তেওঁলোকে মৃত্যুক ভাল পায়।” [QE]