1. [PS]জ্ঞানৱান সন্তানে নিজৰ পিতৃৰ কথা শুনে; [PE][QS]কিন্তু নিন্দকে অনুযোগ নুশুনে। [QE]
2. [QS]মানুহে নিজৰ মুখৰ ফলৰ দ্বাৰাই মঙ্গল ভোগ কৰে; [QE][QS]কিন্তু বিশ্বাসঘাতকে অত্যাচাৰলৈ অভিলাষ কৰে। [QE]
3. [QS]যিজনে নিজৰ মুখ চম্ভালে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; [QE][QS]কিন্তু যিজনে মুখ বহলকৈ মেলে, তেওঁৰ সৰ্ব্বনাশ হয়। [QE]
4. [QS]এলেহুৱাই ইচ্ছা কৰিলেও একো নাপায়; [QE][QS]কিন্তু পৰিশ্ৰমীজনে ইচ্ছা কৰিলে সম্পূৰ্ণভাৱে সন্তুষ্ট হয়। [QE]
5. [QS]সত্যতাত চলাজনে মিছা কথা ঘিণ কৰে; [QE][QS]কিন্তু দুষ্টলোকে নিজকে বিৰক্ত কৰে আৰু তেওঁ লজ্জাজনক কাৰ্য কৰে। [QE]
6. [QS]যেতিয়া এজন লোকে সত্যতাত চলে, তেওঁ ন্যায়ৰ পথ সুৰক্ষিত কৰে। [QE][QS]কিন্তু দুষ্ট লোকসকল তেওঁলোকৰ পাপৰ কাৰণে বিনষ্ট হয়। [QE]
7. [QS]এনে লোক আছে, যিয়ে নিজকে ধনী দেখুৱাই, কিন্তু তেওঁৰ একো নাথাকে; [QE][QS]আৰু এনে লোকো আছে যি সকলো দান কৰে, তথাপি তেওঁ প্রকৃততেই ধনৱান। [QE]
8. [QS]এজন ধনী লোকে নিজৰ সম্পত্তিৰ দ্বাৰাই নিজৰ জীৱনৰ প্রায়শ্চিত কৰিব পাৰে, [QE][QS]কিন্তু এজন দুখীয়া তেনেধৰণৰ ভীতিপ্রদৰ্শনৰ সন্মুখীন নহয়। [QE]
9. [QS]যিজনে সত্যতাত চলে, তেওঁৰ প্ৰদীপ প্রজ্বলিত হৈ থাকে; [QE][QS]কিন্তু দুষ্টলোকৰ চাকি নুমাই যাব। [QE]
10. [QS]অহঙ্কাৰে কেৱল বিবাদ জন্মায়; [QE][QS]কিন্তু যিসকলে সুপৰামৰ্শ শুনে, তেওঁলোকৰ লগত প্রজ্ঞা থাকে। [QE]
11. [QS]অধিক অহঙ্কাৰে সম্পত্তি হ্রাস কৰে; [QE][QS]কিন্তু যি জনে পৰিশ্ৰমেৰে ধন উপাৰ্জন কৰে, তেওঁৰ ধন বৃদ্ধি হয়। [QE]
12. [QS]যেতিয়া আশা সিদ্ধ হ’বলৈ পলম হয়, তেতিয়া হৃদয় ভাগি পৰে; [QE][QS]কিন্তু আকাংক্ষা সিদ্ধ হোৱাই জীৱনৰ বৃক্ষৰ দৰে। [QE]
13. [QS]যি জনে নিৰ্দেশ অবজ্ঞা কৰে, তেওঁ তাৰ আলোচনাৰ বিষয় হ’ব; [QE][QS]কিন্তু যি জনে আজ্ঞা সন্মান কৰে, তেওঁ পুৰস্কাৰ পায়। [QE]
14. [QS]জ্ঞানী লোকৰ শিক্ষা জীৱনৰ ভুমুকস্বৰূপ হয়। [QE][QS]মৃত্যু ফান্দৰ পৰা তোমাক আঁতৰাই ৰাখিব। [QE]
15. [QS]ভাল অন্তদৃষ্টিয়ে অনুগ্ৰহ জয় কৰে; [QE][QS]কিন্তু বিশ্বাস-ঘাতকসকলৰ পথ দুৰ্গম। [QE]
16. [QS]জ্ঞানে প্ৰতিটো সিদ্ধান্ত লওঁতে সুবিবেচনা কৰে; [QE][QS]কিন্তু অজ্ঞানী লোকে মুৰ্খতা বিস্তাৰ কৰে। [QE]
17. [QS]দুষ্ট বৰ্ত্তাবাহক সমস্যাত পৰে; [QE][QS]কিন্তু এজন বিশ্বাসী দূতে পুনৰ মিলন কৰায়। [QE]
18. [QS]যি জনে নিয়মানুৱৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ দৰিদ্ৰ হয় আৰু লাজত পৰে; [QE][QS]কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা গ্রহণ কৰে, তেওঁ সন্মান পায়। [QE]
19. [QS]বাঞ্ছা সিদ্ধিয়ে আত্মা সন্তুষ্টি দিয়ে; [QE][QS]কিন্তু অজ্ঞানীলোকে বেয়াৰ পৰা আঁতৰি আহিবলৈ ইচ্ছা নকৰে। [QE]
20. [QS]জ্ঞানীলোকৰ সঙ্গত থাকা, তাতে তুমিও জ্ঞানী হবা; [QE][QS]কিন্তু অজ্ঞানীলোকৰ সঙ্গীয়ে কষ্ট ভোগ কৰিব। [QE]
21. [QS]দুৰ্যোগে পাপীৰ পাছত দৌৰ মাৰে; [QE][QS]কিন্তু যিসকলে সত্যতাত চলে, তেওঁলোকে উত্তম পুৰস্কাৰ পায়। [QE]
22. [QS]ভাল ব্যক্তিয়ে নিজৰ নাতি-নাতিনীয়েকৰ বাবে উত্তৰাধিকাৰ এৰি যায়; [QE][QS]কিন্তু পাপীৰ ধন সম্পত্তি সত্যতাত চলাজনৰ বাবে সংৰক্ষিত হয়। [QE]
23. [QS]দুখীয়াসকলে নতুন মাটিত চহালে বহুতো শস্য উৎপন্ন হয়; [QE][QS]কিন্তু অন্যায়ৰ দ্বাৰাই ই নষ্ট হয়। [QE]
24. [QS]যি জনে নিজৰ সন্তানক নিয়মানুৱৰ্তিতাত নচলায়, তেওঁ তাক ঘিণ কৰে, [QE][QS]কিন্তু যিজনে তাক প্ৰেম কৰে, তেওঁ উচিত সময়ত তাক শাস্তিও দিয়ে। [QE]
25. [QS]যিসকলে সত্যতাত চলে, তেওঁলোকে হেঁপাহ পলোৱাকৈ আহাৰ খায়; [QE][QS]কিন্তু দুষ্টলোক সদায় ভোকত থাকে। [QE]