1. {ইয়োবৰ বিলাপ। }
2. [PS]পাছত ইয়োবে মুখ মেলি তেওঁৰ জন্ম-দিনক শাও দিলে। [PE][QS]ইয়োবে মাত লগাই ক’লে, [QE]
3. [QS]যিদিনত মোৰ জন্ম হৈছিল, সেই দিন বিনষ্ট হওক, [QE][QS]আৰু পুত্ৰ-সন্তান গৰ্ভত স্থিতি হ’ল বুলি কোৱা ৰাতি বিনষ্ট হওক। [QE]
4. [QS]সেইদিন অন্ধকাৰময় হওক; [QE][QS]ঈশ্বৰে ওপৰৰ পৰা তললৈ দৃষ্টি নকৰক, [QE][QS]আৰু তাৰ ওপৰত পোহৰ প্ৰকাশিত নহওক; [QE]
5. [QS]অন্ধকাৰ আৰু মৃত্যুচ্ছায়াই তাক নিজৰ বুলি গ্ৰহণ কৰক; [QE][QS]মেঘে তাক ঢাকি ধৰক; [QE][QS]দিনক আন্ধাৰকৰোঁতা সকলোৱে তাৰ ভয় জন্মাওক। [QE]
6. [QS]সেই ৰাতিক ঘোৰ অন্ধকাৰে ধৰক। [QE][QS]বছৰৰ দিনবোৰৰ মাজত সি আনন্দ নকৰক, [QE][QS]আৰু মাহৰ লেখতো নপৰক। [QE]
7. [QS]চোৱা, সেই ৰাতি অসাৰ্থক হওক, [QE][QS]তাত কোনো আনন্দ-ধ্বনি নহওক। [QE]
8. [QS]দিনক শাও দিওঁতাবোৰে তাক শাও দিয়ক; [QE][QS]বাহুক উচটাবলৈ নিপুণ লোকসকলে তাক শাও দিয়ক। [QE]
9. [QS]সেইদিনৰ প্রভাতীয় তৰা যেন অন্ধকাৰ হৈ যায়। [QE][QS]সেই ৰাতিয়ে যেন প্ৰভাতৰ কাৰণে অপেক্ষা কৰে, কিন্তু সেই প্ৰভাত যেন কোনো দিন নাহে। [QE][QS]সেইদিনে যেন সূৰ্যৰ প্ৰথম ৰশ্মি কেতিয়াও নেদেখক। [QE]
10. [QS]কিয়নো সি মোৰ মাতৃৰ গৰ্ভৰ দুৱাৰ বন্ধ নকৰিলে, [QE][QS]আৰু মোৰ চকুৰ পৰা ক্লেশ ঢাকি নথলে। [QE]
11. [QS]মই কিয় গৰ্ভতে নমৰিলোঁ? [QE][QS]উদৰৰ পৰা বাহিৰ হোৱামাত্ৰে মই কিয় প্ৰাণত্যাগ নকৰিলোঁ? [QE]
12. [QS]কোলাই মোক কিয় ল’লে? [QE][QS]আৰু মই পিয়াহ খাবলৈ স্তনে বা মোক কিয় গ্ৰহণ কৰিলে? [QE]
13. [QS]কিয়নো সেয়ে নোহোৱা হ’লে, মই শুই শান্তি পালোহেঁতেন, [QE][QS]সেয়ে নোহোৱা হ’লে, মই নিদ্ৰিত হলোঁহেঁতেন আৰু শান্তি পালোহেঁতেন। [QE]
14. [QS]তেতিয়া যিসকলে নিজৰ কাৰণে ধ্বংস-স্থান নিৰ্ম্মাণ কৰিছিল, [QE][QS]এনে ৰজাসকলৰ আৰু পৃথিৱীৰ মন্ত্ৰীসকলৰ লগত, [QE]
15. [QS]অথবা সোণ থকা সেই ৰাজপুত্ৰ সকলৰ সৈতে থাকিব পাৰিলেহেঁতেন, [QE][QS]আৰু যিসকলে নিজ নিজ ঘৰ ৰূপেৰে পৰিপূৰ্ণ কৰিছিল, এনে লোকসকলৰ লগত থাকি মই বিশ্ৰাম পালোঁহেঁতেন, [QE]
16. [QS]বা গুপ্ত গৰ্ভস্ৰাবৰ দৰে মই একো নহলোঁহেঁতেন, [QE][QS]পোহৰ দেখিবলৈ নোপোৱা সন্তানৰ দৰে হলোঁহেঁতেন। [QE]
17. [QS]সেই ঠাইত দুষ্টবোৰে আৰু উপদ্ৰৱ নকৰে; [QE][QS]ভাগৰুৱাই তাত জিৰণি পায়। [QE]
18. [QS]তাত বন্দীয়াৰসকলেও একেলগে নিৰাপদে থাকে; [QE][QS]ক্রীতদাস সকলে কাৰ্যাধ্যক্ষ সকলৰ ডাবি-হুমকি আৰু নুশুনে। [QE]
19. [QS]তাত সৰু কি বৰ সকলো একে; [QE][QS]আৰু বন্দী তেওঁৰ গৰাকীৰ পৰা মুক্ত হয়। [QE]
20. [QS]দুৰ্ভগীয়াক কিয় পোহৰ দিয়া যায়? [QE][QS]মনত বিষাদ পোৱাসকলক কিয় জীয়াই থাকিবলৈ দিয়া হয়? [QE]
21. [QS]তেওঁলোকে মৃত্যুলৈ অপেক্ষা কৰে, কিন্তু সেয়ে নাহে, [QE][QS]আৰু গুপ্ত ধনতকৈয়ো তাক বৰকৈ বিচাৰে। [QE]
22. [QS]কিয় পোহৰে তেওঁলোকক অধিক উল্লাস দিয়ে, [QE][QS]কিয় মৈদাম বিচাৰি পালে তেওঁলোকে আনন্দ কৰে? [QE]
23. [QS]যাৰ পথ গুপ্ত থাকে, আৰু ঈশ্বৰে যাৰ চাৰিওফালে বেৰা দিয়ে, [QE][QS]এনে মানুহক কিয় পোহৰ দিয়া হয়? [QE]
24. [QS]কিয়নো মই খাবলৈ নৌপাওঁতেই মোৰ হুমুনিয়াহ আহে, [QE][QS]আৰু মোৰ কেঁকনি পানীৰ ধাৰৰ দৰে ওলাই থাকে। [QE]
25. [QS]কিয়নো মই যিহকে ভয় কৰোঁ, সেয়ে মোলৈ ঘটে, [QE][QS]আৰু যিহলৈ আশঙ্কা কৰোঁ, সেয়ে মোলৈ আহে। [QE]
26. [QS]মোৰ সুখ নাই, শান্তি নাই, বিশ্ৰামো নাই, [QE][QS]কিন্তু দুখহে আহি থাকে।” [QE]