Assamese Bible Languages

Indian Language Bible Word Collections

Song of solomon Chapter 7

1 হে ৰাজকন্যা, জোতা পিন্ধা তোমাৰ ভৰি দুখন দেখাত কিমান যে ধুনীয়া! তোমাৰ বক্র আকৃতিৰ দুটি কৰঙন মণি-মুক্তাৰ দৰে, সেয়া যেন নিপুণ শিল্পকাৰৰ হাতৰ কার্য। 2 তোমাৰ নাভি এক গোলাকাৰ পাত্রৰ নিচিনা; তাত মিশ্ৰিত দ্ৰাক্ষাৰসৰ অভাৱ নহয়। তোমাৰ উদৰ ঘেঁহু ধানৰ এক দ’মৰ নিচিনা, যাৰ চৌদিশ লিলি ফুলেৰে ঘেৰা। 3 তোমাৰ স্তন দুটা যেন হৰিণীৰ দুটি পোৱালি, এটি কৃষ্ণসাৰৰ যমজ পোৱালি। 4 হাতী-দাঁতৰ ওখ স্তম্ভৰ নিচিনা তোমাৰ ডিঙিৰ গঠণ; তোমাৰ নয়ন দুটি, হিচবোনত বৎ–ৰব্বীম দুৱাৰৰ ওচৰত থকা পুখুৰীৰ নিচিনা; তোমাৰ নাক লিবানোনৰ স্তম্ভৰ নিচিনা, যেন দম্মেচকলৈ যি দম্মেচকৰ মুখ কৰি থকা লিবানোনৰ স্তম্ভ। 5 তোমাৰ ওপৰত থকা মূৰটো কৰ্মিল পাহাৰৰ নিচিনা, আৰু তোমাৰ মূৰৰ চুলিকোছা ঘন বেঙেনা বৰণীয়া; সেই চুলিকোছাই ৰজাক বন্দী কৰি ৰাখিছে। 6 হে মোৰ প্রিয়া, তোমাৰ আনন্দেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মনোহৰ! 7 তোমাৰ দীৰ্ঘকায় গঠণ খাজুৰ গছৰ নিচিনা, বুকুখন যেন দ্রাক্ষাগুটিৰ দুটা থোক। 8 মই মনতে ক’লো, “মই সেই খাজুৰ গছত উঠি তাৰ ডালবোৰ ধৰিম।” তোমাৰ বক্ষযুগল দুথোপা দ্ৰাক্ষাগুটিৰ নিচিনা হওঁক, তোমাৰ নিশ্বাসৰ ঘ্ৰাণ সুমথিৰা টেঙাৰ নিচিনা হওক; 9 তোমাৰ মূখৰ চুমা মোৰ বাবে সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা[* তোমাৰ মুখ সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা হওঁক। ]। সেই ৰস, ওঁঠ আৰু দাঁতৰ ওপৰেদি ধীৰে ধীৰে মোৰ প্রিয়ালৈ বাগৰি যাওঁক। *প্রিয়াৰ কথা: * 10 মই মোৰ প্ৰিয়ৰ, আৰু তেওঁৰ বাঞ্ছা মোলৈ; 11 হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ, আৰু ৰাতি গাৱঁ উত্তম বনৰীয়া ফুলত বোৰত গৈ থাকোঁগৈ। 12 ব’লা, আমি পুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ; দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই, তাৰ ফুল ফুলিছে নে নাই, আৰু ডালিমৰ ফুল ফুলিছে নে নাই, তাক চাওঁগৈ; তাত মই তোমাক মোৰ ভালপোৱা দান কৰিম। 13 দুদা [‡ ‘দুদা’ বা ‘মান্দ্রাক’ মূলতঃ ইব্ৰী ভাষাৰ পৰা আহিছে। ই এবিধ দীঘল পাট আৰু বেঙুনীয়া ৰঙৰ ফলৰ এবিধ ওখ গছ। ইয়াক ‘প্ৰেমৰ আপেল’ বুলিও কয়। যেতিয়া ইয়াক খোৱা হয়, তেতিয়া যৌন ইচ্ছা বৃ্দ্ধি হয় আৰু মহিলাক গর্ভধাৰণ কৰাত সহায় কৰে। ]ফলে নিজৰ সুঘ্ৰাণ বিতৰণ কৰিছে; ন-পুৰণি সকলো ধৰণৰ ফল আমি থকা ঠাইৰ দুৱাৰতে আছে। হে মোৰ প্ৰিয়, মই তোমাৰ বাবেই এই সকলো সাঁচি ৰাখিছো।
1 হে ৰাজকন্যা, জোতা পিন্ধা তোমাৰ ভৰি দুখন দেখাত কিমান যে ধুনীয়া! তোমাৰ বক্র আকৃতিৰ দুটি কৰঙন মণি-মুক্তাৰ দৰে, সেয়া যেন নিপুণ শিল্পকাৰৰ হাতৰ কার্য। .::. 2 তোমাৰ নাভি এক গোলাকাৰ পাত্রৰ নিচিনা; তাত মিশ্ৰিত দ্ৰাক্ষাৰসৰ অভাৱ নহয়। তোমাৰ উদৰ ঘেঁহু ধানৰ এক দ’মৰ নিচিনা, যাৰ চৌদিশ লিলি ফুলেৰে ঘেৰা। .::. 3 তোমাৰ স্তন দুটা যেন হৰিণীৰ দুটি পোৱালি, এটি কৃষ্ণসাৰৰ যমজ পোৱালি। .::. 4 হাতী-দাঁতৰ ওখ স্তম্ভৰ নিচিনা তোমাৰ ডিঙিৰ গঠণ; তোমাৰ নয়ন দুটি, হিচবোনত বৎ–ৰব্বীম দুৱাৰৰ ওচৰত থকা পুখুৰীৰ নিচিনা; তোমাৰ নাক লিবানোনৰ স্তম্ভৰ নিচিনা, যেন দম্মেচকলৈ যি দম্মেচকৰ মুখ কৰি থকা লিবানোনৰ স্তম্ভ। .::. 5 তোমাৰ ওপৰত থকা মূৰটো কৰ্মিল পাহাৰৰ নিচিনা, আৰু তোমাৰ মূৰৰ চুলিকোছা ঘন বেঙেনা বৰণীয়া; সেই চুলিকোছাই ৰজাক বন্দী কৰি ৰাখিছে। .::. 6 হে মোৰ প্রিয়া, তোমাৰ আনন্দেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মনোহৰ! .::. 7 তোমাৰ দীৰ্ঘকায় গঠণ খাজুৰ গছৰ নিচিনা, বুকুখন যেন দ্রাক্ষাগুটিৰ দুটা থোক। .::. 8 মই মনতে ক’লো, “মই সেই খাজুৰ গছত উঠি তাৰ ডালবোৰ ধৰিম।” তোমাৰ বক্ষযুগল দুথোপা দ্ৰাক্ষাগুটিৰ নিচিনা হওঁক, তোমাৰ নিশ্বাসৰ ঘ্ৰাণ সুমথিৰা টেঙাৰ নিচিনা হওক; .::. 9 তোমাৰ মূখৰ চুমা মোৰ বাবে সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা[* তোমাৰ মুখ সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা হওঁক। ]। সেই ৰস, ওঁঠ আৰু দাঁতৰ ওপৰেদি ধীৰে ধীৰে মোৰ প্রিয়ালৈ বাগৰি যাওঁক। *প্রিয়াৰ কথা: * .::. 10 মই মোৰ প্ৰিয়ৰ, আৰু তেওঁৰ বাঞ্ছা মোলৈ; .::. 11 হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ, আৰু ৰাতি গাৱঁ উত্তম বনৰীয়া ফুলত বোৰত গৈ থাকোঁগৈ। .::. 12 ব’লা, আমি পুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ; দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই, তাৰ ফুল ফুলিছে নে নাই, আৰু ডালিমৰ ফুল ফুলিছে নে নাই, তাক চাওঁগৈ; তাত মই তোমাক মোৰ ভালপোৱা দান কৰিম। .::. 13 দুদা [‡ ‘দুদা’ বা ‘মান্দ্রাক’ মূলতঃ ইব্ৰী ভাষাৰ পৰা আহিছে। ই এবিধ দীঘল পাট আৰু বেঙুনীয়া ৰঙৰ ফলৰ এবিধ ওখ গছ। ইয়াক ‘প্ৰেমৰ আপেল’ বুলিও কয়। যেতিয়া ইয়াক খোৱা হয়, তেতিয়া যৌন ইচ্ছা বৃ্দ্ধি হয় আৰু মহিলাক গর্ভধাৰণ কৰাত সহায় কৰে। ]ফলে নিজৰ সুঘ্ৰাণ বিতৰণ কৰিছে; ন-পুৰণি সকলো ধৰণৰ ফল আমি থকা ঠাইৰ দুৱাৰতে আছে। হে মোৰ প্ৰিয়, মই তোমাৰ বাবেই এই সকলো সাঁচি ৰাখিছো।
  • Song of solomon Chapter 1  
  • Song of solomon Chapter 2  
  • Song of solomon Chapter 3  
  • Song of solomon Chapter 4  
  • Song of solomon Chapter 5  
  • Song of solomon Chapter 6  
  • Song of solomon Chapter 7  
  • Song of solomon Chapter 8  
×

Alert

×

Assamese Letters Keypad References