Assamese Bible Languages

Indian Language Bible Word Collections

Psalms Chapter 104

1 হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান; তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত। 2 বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা। 3 তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা। 4 তুমি বতাহক তোমাৰ দূত[* নিজৰ দূতবোৰক বায়ুস্বৰূপ কৰে। ] কৰিছা; অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা [† বা, তুমি তোমাৰ দূতক বতাহৰ নিচিনা কৰিছা আৰু অগ্নিশিখা কৰিছা। ]। 5 তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা; সেয়ে কেতিয়াও লৰচৰ নহ’ব। 6 তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা। সেই জল সমূহে পৰ্ব্বতবোৰো ঢাকিছিল। 7 কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল; তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল। 8 পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল; তুমি জল সমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল। 9 এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে। 10 উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া; সেইবোৰ পৰ্ব্বতবোৰৰ মাজেদি বৈ যায়। 11 সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়; বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়। 12 জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়, গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়। 13 তেওঁ আকাশৰ পৰা নিজৰ ওপৰ কোঁঠালিৰ পৰা পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে; তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়। 14 তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ’বলৈ দিয়া, যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়; 15 যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস, মুখ উজ্জ্বল কৰা তেল, আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়। 16 যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়; তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়। 17 সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে। 18 ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস; শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান। 19 ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মাণ কৰিলা; তুমি নিৰূপন কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে। 20 তুমি অন্ধকাৰ কৰিলে ৰাতি হয়; অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে। 21 যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে; ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে। 22 সূৰ্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাতত শয়ন কৰে। 23 মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়; সন্ধ্যালৈকে পৰিশ্ৰম কৰে। 24 হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ। 25 সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ; তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে। 26 তাৰ মাজত জাহাজবোৰ চলে; তাত লিবিয়াথনো§ চাওক গীত 74:14 থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা। 27 সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে; যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া। 28 তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়; তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়। 29 তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়; তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে। 30 তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়, আৰু তুমি ভূমিতল নতুন কৰি তোলা। 31 যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক; যিহোৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক। 32 তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়: তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়। 33 মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম। 34 তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক; মই যিহোৱাত আনন্দ কৰিম। 35 পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক; দুষ্টলোক আৰু নাথাকক। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
1 হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান; তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত। .::. 2 বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা। .::. 3 তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা। .::. 4 তুমি বতাহক তোমাৰ দূত[* নিজৰ দূতবোৰক বায়ুস্বৰূপ কৰে। ] কৰিছা; অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা [† বা, তুমি তোমাৰ দূতক বতাহৰ নিচিনা কৰিছা আৰু অগ্নিশিখা কৰিছা। ]। .::. 5 তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা; সেয়ে কেতিয়াও লৰচৰ নহ’ব। .::. 6 তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা। সেই জল সমূহে পৰ্ব্বতবোৰো ঢাকিছিল। .::. 7 কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল; তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল। .::. 8 পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল; তুমি জল সমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল। .::. 9 এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে। .::. 10 উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া; সেইবোৰ পৰ্ব্বতবোৰৰ মাজেদি বৈ যায়। .::. 11 সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়; বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়। .::. 12 জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়, গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়। .::. 13 তেওঁ আকাশৰ পৰা নিজৰ ওপৰ কোঁঠালিৰ পৰা পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে; তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়। .::. 14 তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ’বলৈ দিয়া, যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়; .::. 15 যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস, মুখ উজ্জ্বল কৰা তেল, আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়। .::. 16 যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়; তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়। .::. 17 সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে। .::. 18 ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস; শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান। .::. 19 ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মাণ কৰিলা; তুমি নিৰূপন কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে। .::. 20 তুমি অন্ধকাৰ কৰিলে ৰাতি হয়; অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে। .::. 21 যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে; ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে। .::. 22 সূৰ্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাতত শয়ন কৰে। .::. 23 মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়; সন্ধ্যালৈকে পৰিশ্ৰম কৰে। .::. 24 হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ। .::. 25 সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ; তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে। .::. 26 তাৰ মাজত জাহাজবোৰ চলে; তাত লিবিয়াথনো§ চাওক গীত 74:14 থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা। .::. 27 সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে; যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া। .::. 28 তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়; তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়। .::. 29 তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়; তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে। .::. 30 তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়, আৰু তুমি ভূমিতল নতুন কৰি তোলা। .::. 31 যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক; যিহোৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক। .::. 32 তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়: তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়। .::. 33 মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম। .::. 34 তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক; মই যিহোৱাত আনন্দ কৰিম। .::. 35 পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক; দুষ্টলোক আৰু নাথাকক। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
  • Psalms Chapter 1  
  • Psalms Chapter 2  
  • Psalms Chapter 3  
  • Psalms Chapter 4  
  • Psalms Chapter 5  
  • Psalms Chapter 6  
  • Psalms Chapter 7  
  • Psalms Chapter 8  
  • Psalms Chapter 9  
  • Psalms Chapter 10  
  • Psalms Chapter 11  
  • Psalms Chapter 12  
  • Psalms Chapter 13  
  • Psalms Chapter 14  
  • Psalms Chapter 15  
  • Psalms Chapter 16  
  • Psalms Chapter 17  
  • Psalms Chapter 18  
  • Psalms Chapter 19  
  • Psalms Chapter 20  
  • Psalms Chapter 21  
  • Psalms Chapter 22  
  • Psalms Chapter 23  
  • Psalms Chapter 24  
  • Psalms Chapter 25  
  • Psalms Chapter 26  
  • Psalms Chapter 27  
  • Psalms Chapter 28  
  • Psalms Chapter 29  
  • Psalms Chapter 30  
  • Psalms Chapter 31  
  • Psalms Chapter 32  
  • Psalms Chapter 33  
  • Psalms Chapter 34  
  • Psalms Chapter 35  
  • Psalms Chapter 36  
  • Psalms Chapter 37  
  • Psalms Chapter 38  
  • Psalms Chapter 39  
  • Psalms Chapter 40  
  • Psalms Chapter 41  
  • Psalms Chapter 42  
  • Psalms Chapter 43  
  • Psalms Chapter 44  
  • Psalms Chapter 45  
  • Psalms Chapter 46  
  • Psalms Chapter 47  
  • Psalms Chapter 48  
  • Psalms Chapter 49  
  • Psalms Chapter 50  
  • Psalms Chapter 51  
  • Psalms Chapter 52  
  • Psalms Chapter 53  
  • Psalms Chapter 54  
  • Psalms Chapter 55  
  • Psalms Chapter 56  
  • Psalms Chapter 57  
  • Psalms Chapter 58  
  • Psalms Chapter 59  
  • Psalms Chapter 60  
  • Psalms Chapter 61  
  • Psalms Chapter 62  
  • Psalms Chapter 63  
  • Psalms Chapter 64  
  • Psalms Chapter 65  
  • Psalms Chapter 66  
  • Psalms Chapter 67  
  • Psalms Chapter 68  
  • Psalms Chapter 69  
  • Psalms Chapter 70  
  • Psalms Chapter 71  
  • Psalms Chapter 72  
  • Psalms Chapter 73  
  • Psalms Chapter 74  
  • Psalms Chapter 75  
  • Psalms Chapter 76  
  • Psalms Chapter 77  
  • Psalms Chapter 78  
  • Psalms Chapter 79  
  • Psalms Chapter 80  
  • Psalms Chapter 81  
  • Psalms Chapter 82  
  • Psalms Chapter 83  
  • Psalms Chapter 84  
  • Psalms Chapter 85  
  • Psalms Chapter 86  
  • Psalms Chapter 87  
  • Psalms Chapter 88  
  • Psalms Chapter 89  
  • Psalms Chapter 90  
  • Psalms Chapter 91  
  • Psalms Chapter 92  
  • Psalms Chapter 93  
  • Psalms Chapter 94  
  • Psalms Chapter 95  
  • Psalms Chapter 96  
  • Psalms Chapter 97  
  • Psalms Chapter 98  
  • Psalms Chapter 99  
  • Psalms Chapter 100  
  • Psalms Chapter 101  
  • Psalms Chapter 102  
  • Psalms Chapter 103  
  • Psalms Chapter 104  
  • Psalms Chapter 105  
  • Psalms Chapter 106  
  • Psalms Chapter 107  
  • Psalms Chapter 108  
  • Psalms Chapter 109  
  • Psalms Chapter 110  
  • Psalms Chapter 111  
  • Psalms Chapter 112  
  • Psalms Chapter 113  
  • Psalms Chapter 114  
  • Psalms Chapter 115  
  • Psalms Chapter 116  
  • Psalms Chapter 117  
  • Psalms Chapter 118  
  • Psalms Chapter 119  
  • Psalms Chapter 120  
  • Psalms Chapter 121  
  • Psalms Chapter 122  
  • Psalms Chapter 123  
  • Psalms Chapter 124  
  • Psalms Chapter 125  
  • Psalms Chapter 126  
  • Psalms Chapter 127  
  • Psalms Chapter 128  
  • Psalms Chapter 129  
  • Psalms Chapter 130  
  • Psalms Chapter 131  
  • Psalms Chapter 132  
  • Psalms Chapter 133  
  • Psalms Chapter 134  
  • Psalms Chapter 135  
  • Psalms Chapter 136  
  • Psalms Chapter 137  
  • Psalms Chapter 138  
  • Psalms Chapter 139  
  • Psalms Chapter 140  
  • Psalms Chapter 141  
  • Psalms Chapter 142  
  • Psalms Chapter 143  
  • Psalms Chapter 144  
  • Psalms Chapter 145  
  • Psalms Chapter 146  
  • Psalms Chapter 147  
  • Psalms Chapter 148  
  • Psalms Chapter 149  
  • Psalms Chapter 150  
×

Alert

×

Assamese Letters Keypad References