Assamese Bible Languages

Indian Language Bible Word Collections

Hosea Chapter 3

হোচেয়াই গোমৰক দাসত্বৰ পৰা কিনি লোৱা 1 2 পাছত যিহোৱাই মোক ক’লে, “যেনেদৰে ইস্ৰায়েলীয়াসকল যদিও আন দেৱতাবোৰৰ ফালে ঘূৰিল আৰু অর্ঘ্যত দিয়া কিচমিচৰ পিঠা খাবলৈ তেওঁলোকে ভাল পায়, তথাপিও যিহোৱাই তেওঁলোকক প্ৰেম কৰে; সেইদৰে তোমাৰ ভার্যাৰ আন এজন প্রেমিক থকাত যদিও তাই ব্যভিচাৰ কৰিলে, তথাপিও তুমি পুনৰ উঠি যোৱা আৰু তাইক প্রেম কৰা।[* ‘উঠা’ মান, “কিছুমান পিঠা তৈয়াৰ কৰা”। ]” সেয়ে মই পোন্ধৰ চেকল[† 15 চেকল মানে, 170 গ্রাম ৰূপ। ] ৰূপ আৰু ডেৰ হোম [‡ এক হোমৰ মানে হ’ল, এক শস্য জোখা পাত্রৰ মাপ; প্রায় 110 লিটাৰ, বা 150 কিলোগ্ৰাম। ] যৱেৰে তাইক নিজৰ বাবে কিনি ললোঁ। 3 তাৰ পাছত মই তাইক কলোঁ, “তুমি অনেক দিন পর্যন্ত মোৰ বাবে অপেক্ষা কৰিব লাগিব; তুমি ব্যভিচাৰ নকৰিবা বা কোনো পুৰুষৰে সৈতে ভালপোৱাৰ সম্পর্ক নাৰাখিবা; মইও তোমাৰ প্রতি তেনে ব্যৱহাৰ কৰিম।” 4 কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব। 5 তাৰ পাছত ইস্ৰায়েলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু তেওঁলোকৰ ৰজা দায়ুদক বিচাৰিব। শেষকালত তেওঁলোকে ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তমতালৈ আহিব।
হোচেয়াই গোমৰক দাসত্বৰ পৰা কিনি লোৱা 1 .::. 2 পাছত যিহোৱাই মোক ক’লে, “যেনেদৰে ইস্ৰায়েলীয়াসকল যদিও আন দেৱতাবোৰৰ ফালে ঘূৰিল আৰু অর্ঘ্যত দিয়া কিচমিচৰ পিঠা খাবলৈ তেওঁলোকে ভাল পায়, তথাপিও যিহোৱাই তেওঁলোকক প্ৰেম কৰে; সেইদৰে তোমাৰ ভার্যাৰ আন এজন প্রেমিক থকাত যদিও তাই ব্যভিচাৰ কৰিলে, তথাপিও তুমি পুনৰ উঠি যোৱা আৰু তাইক প্রেম কৰা।[* ‘উঠা’ মান, “কিছুমান পিঠা তৈয়াৰ কৰা”। ]” সেয়ে মই পোন্ধৰ চেকল[† 15 চেকল মানে, 170 গ্রাম ৰূপ। ] ৰূপ আৰু ডেৰ হোম [‡ এক হোমৰ মানে হ’ল, এক শস্য জোখা পাত্রৰ মাপ; প্রায় 110 লিটাৰ, বা 150 কিলোগ্ৰাম। ] যৱেৰে তাইক নিজৰ বাবে কিনি ললোঁ। .::. 3 তাৰ পাছত মই তাইক কলোঁ, “তুমি অনেক দিন পর্যন্ত মোৰ বাবে অপেক্ষা কৰিব লাগিব; তুমি ব্যভিচাৰ নকৰিবা বা কোনো পুৰুষৰে সৈতে ভালপোৱাৰ সম্পর্ক নাৰাখিবা; মইও তোমাৰ প্রতি তেনে ব্যৱহাৰ কৰিম।” .::. 4 কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব। .::. 5 তাৰ পাছত ইস্ৰায়েলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু তেওঁলোকৰ ৰজা দায়ুদক বিচাৰিব। শেষকালত তেওঁলোকে ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তমতালৈ আহিব।
  • Hosea Chapter 1  
  • Hosea Chapter 2  
  • Hosea Chapter 3  
  • Hosea Chapter 4  
  • Hosea Chapter 5  
  • Hosea Chapter 6  
  • Hosea Chapter 7  
  • Hosea Chapter 8  
  • Hosea Chapter 9  
  • Hosea Chapter 10  
  • Hosea Chapter 11  
  • Hosea Chapter 12  
  • Hosea Chapter 13  
  • Hosea Chapter 14  
×

Alert

×

Assamese Letters Keypad References