অসমীয়া বাইবেল
MHB
IRVAS
ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
English Bible
Tamil Bible
Hebrew Bible
Greek Bible
Malayalam Bible
Hindi Bible
Telugu Bible
Kannada Bible
Gujarati Bible
Punjabi Bible
Urdu Bible
Bengali Bible
Oriya Bible
Marathi Bible
অধিক
পুৰণি নিয়ম
আদি
যাত্ৰা
লেবীয়া
গননা
দ্বি.বি.
যিহো
বিচাৰ
ৰূথ
1 চমূ
2 চমূ
1 ৰাজা
2 ৰাজা
1 বংশা
2 বংশা
ইজ্ৰা
নহি
ইষ্ট
ইয়ো
গীত
হিতো
উপ
পৰম
যিচ
যিৰি
বিলা
যিহি
দানি
হোচ
যোৱে
আমো
ওবদি
যোনা
মীখ
নহূ
হব
চফ
হ্গ্গ
জখ
মলা
নতুন নিয়ম
মথি
মাৰ্ক
লূক
যোহন
পাঁচনি
ৰোমীয়া
1 কৰি
2 কৰি
গালাতীয়া
ইফিচীয়া
ফিলিপীয়া
কলচীয়া
1 থিচলনীকীয়া
2 থিচলনীকীয়া
1 তীমথিয়
2 তীমথিয়
তীত
ফিলীমন
ইব্ৰী
যাকোব
1 পিতৰ
2 পিতৰ
1 যোহন
2 যোহন
3 যোহন
যিহূদা
প্ৰকাশিত বাক্য
সন্ধান
Book of Moses
Old Testament History
Wisdom Books
প্ৰধান নবীসকল
সৰু সৰু নবীসকল
যীচু খ্ৰীষ্টৰ শুভবাৰ্তা
Acts of Apostles
Paul's Epistles
সাধাৰণ পত্ৰ
Endtime Epistles
Synoptic Gospel
Fourth Gospel
English Bible
Tamil Bible
Hebrew Bible
Greek Bible
Malayalam Bible
Hindi Bible
Telugu Bible
Kannada Bible
Gujarati Bible
Punjabi Bible
Urdu Bible
Bengali Bible
Oriya Bible
Marathi Bible
অধিক
আদি
পুৰণি নিয়ম
আদি
যাত্ৰা
লেবীয়া
গননা
দ্বি.বি.
যিহো
বিচাৰ
ৰূথ
1 চমূ
2 চমূ
1 ৰাজা
2 ৰাজা
1 বংশা
2 বংশা
ইজ্ৰা
নহি
ইষ্ট
ইয়ো
গীত
হিতো
উপ
পৰম
যিচ
যিৰি
বিলা
যিহি
দানি
হোচ
যোৱে
আমো
ওবদি
যোনা
মীখ
নহূ
হব
চফ
হ্গ্গ
জখ
মলা
নতুন নিয়ম
মথি
মাৰ্ক
লূক
যোহন
পাঁচনি
ৰোমীয়া
1 কৰি
2 কৰি
গালাতীয়া
ইফিচীয়া
ফিলিপীয়া
কলচীয়া
1 থিচলনীকীয়া
2 থিচলনীকীয়া
1 তীমথিয়
2 তীমথিয়
তীত
ফিলীমন
ইব্ৰী
যাকোব
1 পিতৰ
2 পিতৰ
1 যোহন
2 যোহন
3 যোহন
যিহূদা
প্ৰকাশিত বাক্য
27
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
ৰেকৰ্ডসমূহ
আদি 27:0 (09 26 pm)
Whatsapp
Instagram
Facebook
Linkedin
Pinterest
Tumblr
Reddit
আদি অধ্যায় 27
ৰিবেকাৰ চতুৰতা
1
ইচহাক ক্রমে বৃদ্ধ হ’ল; তাতে চকুৰ দৃষ্টিশক্তি দুৰ্ব্বল হোৱাত তেওঁ চকুৰে মনিব নোৱাৰা হ’ল; এদিন তেওঁ বৰ পুতেক এচৌক মাতি ক’লে, “বোপা।” এচৌৱে উত্তৰ দিলে, “মই ইয়াতে আছোঁ।”
2
তেতিয়া ইচহাকে ক’লে, “চোৱা, মই বৃদ্ধ হৈছোঁ আৰু কোন দিনা যে মৰিম, তাকো নাজানো।
3
সেয়ে, তোমাৰ অস্ত্ৰ-শস্ত্ৰ, তীৰ-ধনু লৈ চিকাৰলৈ যোৱা আৰু মোৰ বাবে পহু মাৰি আনাগৈ।
4
মৃত্যুৰ আগতে মই তোমাক আশীৰ্ব্বাদ কৰি যাবৰ কাৰণে মই ভাল পোৱা সু-স্বাদু আহাৰ মোলৈ যুগুত কৰি আনা।”
5
তাৰ পাছত এচৌৱে পহু মাৰি আনিবৰ বাবে চিকাৰলৈ গ’ল। ইচহাকে যেতিয়া এইবোৰ কথা তেওঁৰ পুত্ৰ এচৌক কৈছিল, তেতিয়া ৰিবেকাই শুনি আছিল।
6
ৰিবেকাই তেওঁৰ প্রিয়পুত্ৰ যাকোবক ক’লে, “চোৱা, তোমাৰ পিতৃয়ে তোমাৰ ককায়েৰা এচৌক এইবুলি কোৱা মই শুনা পালোঁ;
7
‘মোৰ মৃত্যুৰ আগতে, তোমাক যিহোৱাৰ উপস্থিতিত আশীৰ্ব্বাদ কৰি যাবৰ কাৰণে তুমি পহু মাৰি আনি মোৰ বাবে সু-স্বাদু আহাৰ যুগুত কৰা।’
8
সেয়ে বোপা, এতিয়া মই যি কথা কওঁ, তাক মানি তুমি সেইদৰে কৰা।
9
তুমি পশুৰ জাকলৈ গৈ, তাৰ পৰা দুটা উত্তম ছাগলী পোৱালি মোৰ ওচৰলৈ লৈ আনা; তাৰে মই তোমাৰ পিতৃয়ে যেনেকৈ ভাল পায়, তেনেদৰেই সু-স্বাদু আহাৰ তেওঁৰ কাৰণে ৰান্ধি দিম।
10
মৃত্যুৰ পূর্বেই তোমাক আশীৰ্ব্বাদ কৰিবৰ কাৰণে, সেই আহাৰ তুমি পিতৃক খোৱাবলৈ তেওঁৰ কাষলৈ লৈ যাবা।”
11
তেতিয়া যাকোবে তেওঁৰ মাক ৰিবেকাক ক’লে, “মোৰ ককাই এচৌ এজন নোমাল মানুহ; কিন্তু মই হ’লে এজন মসৃণ ছালৰ মানুহ।
12
কিজানি মোৰ পিতৃয়ে মোক চুই চাব আৰু তেওঁৰ আগত মই এজন প্ৰবঞ্চক হ’ম; তাতে মই নিজলৈ আশীৰ্ব্বাদ নানি এক অভিশাপহে আনিম।”
13
তাতে মাকে তেওঁক ক’লে, “মোৰ বোপা, সেই শাও মোৰ ওপৰতে পৰক; তুমি কেৱল মোৰ কথা মানি ছাগলী আনাগৈ।”
14
তেতিয়া যাকোবে গৈ ছাগলী পোৱালিবোৰ আনি মাকক দিলেহি আৰু মাকে তেওঁৰ পিতৃয়ে ভাল পোৱাকৈ সু-স্বাদু আহাৰ যুগুত কৰিলে।
15
তাৰ পাছত ৰিবেকাই তেওঁৰ ওচৰত ঘৰতে থকা বৰ পুতেক এচৌৰ আটাইতকৈ উত্তম বস্ত্ৰ লৈ সৰু পুতেক যাকোবক পিন্ধালে।
16
যাকোবৰ হাত আৰু ডিঙিৰ মসৃণ অংশত সেই ছাগলী পোৱালি দুটাৰ ছালবোৰ লগাই দিলে
17
সেই সু-স্বাদু আহাৰ আৰু পিঠা নিজে যুগুত কৰা তেওঁৰ পুত্ৰ যাকোবৰ হাতত দিলে।
18
যাকোবে পিতৃৰ ওচৰলৈ গৈ মাত দিলে, “হে মোৰ পিতৃ।” ইচহাকে ক’লে, “মই ইয়াতে আছোঁ; বোপা, তুমিনো কোন?”
19
যাকোবে পিতৃক ক’লে, “মই আপোনাৰ বৰ পুত্র এচৌ; আপুনি মোক কোৱাৰ দৰে মই কৰিলোঁ; এতিয়া উঠি বহক আৰু মাংস ভোজন কৰক যাতে আপুনি মোক আশীৰ্ব্বাদ কৰিব পাৰে।”
20
তেতিয়া ইচহাকে নিজ পুত্ৰক সুধিলে, “বোপা, তুমি কেনেকৈ তাক ইমান সোনকালে পালা?” তেওঁ ক’লে, “কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱায়েই তাক মোলৈ আনিলে।”
21
ইচহাকে যাকোবক পুনৰ ক’লে, “মোৰ ওচৰলৈ চাপি আহাঁ বোপা; তুমি সঁচায়েই মোৰ পুত্ৰ এচৌ হোৱানে নোহোৱা, তাক জানিবলৈ মই তোমাক যেন চুই চাব পাৰোঁ।”
22
তাতে যাকোবে তেওঁৰ পিতৃ ইচহাকৰ ওচৰলৈ চাপি গ’ল; তেতিয়া ইচহাকে তেওঁক চুই চাই ক’লে, “মাত-কথা যাকোবৰ, কিন্তু হাত হ’লে এচৌৰ।”
23
ইচহাকে যাকোবক চিনি নাপালে, কাৰণ তেওঁৰ হাত দুখন ককায়েক এচৌৰ হাতৰ দৰে নোমাল আছিল। সেয়ে ইচহাকে যাকোবক আশীৰ্ব্বাদ কৰিলে।
24
তেওঁ ক’লে, “তুমি সচাঁকৈয়ে মোৰ পুত্ৰ এচৌ হোৱানে?” যাকোবে ক’লে, “হয়, মইয়ে হওঁ।”
25
তেতিয়া ইচহাকে ক’লে, “মোৰ ওচৰলৈ আহাৰখিনি আনা; তুমি চিকাৰ কৰি অনা মাংস খাই মই তোমাক আশীৰ্ব্বাদ কৰোঁ।” তাতে যাকোবে আহাৰখিনি আনি দিলে আৰু ইচহাকে তাক ভোজন কৰিলে। তাৰ পাছত যাকোবে দ্ৰাক্ষাৰসো আনি দিয়াত, তেওঁ তাকো পান কৰিলে।
26
তাৰ পাছত তেওঁৰ পিতৃ ইচহাকে তেওঁক ক’লে, “বোপা, ওচৰলৈ আহি তুমি মোক চুমা খোৱাহি।”
ইচহাকে যাকোবক আশীর্বাদ কৰা
27
যাকোবে ওচৰলৈ গৈ ইচহাকক চুমা খালে আৰু ইচহাকে তেওঁৰ গাৰ কাপোৰৰ গোন্ধ পাই তেওঁক আশীৰ্ব্বাদ কৰি ক’লে,
“চোৱা, মোৰ পুত্ৰৰ গোন্ধ
যিহোৱাই আশীৰ্ব্বাদ কৰা এক ক্ষেত্ৰৰ দৰে এই গোন্ধ।
28
ঈশ্বৰে যেন তোমাক আকাশৰ নিয়ৰৰ এক অংশ দিয়ে,
পৃথিৱীৰ উৰ্ব্বৰতাৰ এক অংশ দিয়ে,
আৰু প্রচুৰ শস্য আৰু নতুন দ্ৰাক্ষাৰস দিয়ে।
29
লোক সকলে তোমাৰ সেৱা কৰক
আৰু জাতিবোৰে তোমাৰ আগত প্ৰণিপাত কৰক।
তোমাৰ ভাইসকলৰ ওপৰত তুমি প্ৰভুত্ব কৰা,
আৰু তোমাৰ মাতৃৰ সন্তান সকলে তোমাক প্ৰণিপাত কৰক।
যিসকলে তোমাক শাও দিব,
তেওঁলোক অভিশপ্ত হওঁক;
যিসকলে তোমাক আশীৰ্ব্বাদ কৰিব,
তেওঁলোক আশীৰ্ব্বাদ প্ৰাপ্ত হওঁক।”
30
ইচহাকে যাকোবক আশীৰ্ব্বাদ দি শেষ কৰিলে আৰু যাকোবে তেওঁৰ পিতৃ ইচহাকৰ ওচৰৰ পৰা বাহিৰ হৈ যোৱা মাত্ৰকেই, তেওঁৰ ককায়েক এচৌ চিকাৰৰ পৰা ঘূৰি আহি পালেহি।
31
তেৱোঁ সুস্বাদু আহাৰ ৰান্ধি বাপেকৰ ওচৰলৈ আনি ক’লে, “হে পিতৃ, উঠক আৰু আপোনাৰ পুত্রই চিকাৰ কৰি অনা মাংস ভোজন কৰি মোক আশীৰ্ব্বাদ কৰক।”
32
তেতিয়া তেওঁৰ পিতৃ ইচহাকে তেওঁক সুধিলে, “তুমি কোন?” এচৌৱে ক’লে, “মই আপোনাৰ বৰপুত্ৰ এচৌ।”
33
এই কথা শুনি ইচহাকৰ শৰীৰত কঁপনি উঠিল। তেওঁ সুধিলে, “তেন্তে যিটোৱে মোৰ ওচৰলৈ চিকাৰৰ মঙহ আনিছিল, সি কোন? তুমি অহাৰ আগেয়েই মই সেই সকলোকে খালোঁ আৰু তাক আশীৰ্ব্বাদো কৰিলোঁ; সেই আশীর্বাদৰ ফলও অৱশ্যেই সিয়ে পাব।”
34
বাপেকৰ এই কথা শুনি এচৌ শোকত ভাগি পৰিল আৰু হুৰাওৰাৱে কান্দি কান্দি বাপেকক ক’লে, “পিতৃ, মোক, মোকো আশীৰ্ব্বাদ কৰক।”
35
তেওঁ ক’লে, “তোমাৰ ভায়েৰাই আহি ছল কৰি তুমি পাবলগীয়া আশীৰ্ব্বাদ লৈ গ’ল।”
36
তেতিয়া এচৌৱে ক’লে, “তাক দিয়া যাকোব[* যাকোব নামৰ লগত গোৰোহাৰ শব্দৰ সম্বন্ধ আছে। কিন্তু ইয়াত “ঠগোৱা” বা “প্ৰতাৰণা” কৰা অর্থত ব্যবহাৰ হৈছে। ] নামটো স্বৰূপেই সঠিক হোৱা নাই নে? কিয়নো এইবাৰকে লৈ দুবাৰ সি মোৰ অধিকাৰ ছল কৰি ললে; ডাঙৰ ল’ৰা হিচাবে মোৰ যি জ্যেষ্ঠ অধিকাৰ, তাক সি ল’লে আৰু চাওঁক, এতিয়া মোৰ আশীৰ্ব্বাদো লৈ গ’ল।” এচৌৱে আকৌ ক’লে, “মোৰ কাৰণে আপুনি একো আশীৰ্ব্বাদ ৰখা নাই নে?”
37
তেতিয়া ইচহাকে এচৌক উত্তৰ দি ক’লে, “চোৱা, মই তাক তোমাৰ ওপৰত প্ৰভু পাতিলোঁ আৰু তাৰ জ্ঞাতি-ভাইসকলক তাৰেই দাস কৰিলোঁ; মই তাক শস্য আৰু নতুন দ্ৰাক্ষাৰস দিলোঁ; ইয়াৰ পিছত বোপা, মইনো তোমাৰ অৰ্থে আৰু কি কৰিব পাৰোঁ?”
38
তেতিয়া এচৌৱে আকৌ বাপেকক কাকুতি-মিনতি কৰি ক’লে, “হে পিতৃ, মোৰ কাৰণে আপোনাৰ ওচৰত এটাও আশীর্বাদ নাইনে? হে মোৰ পিতৃ, আপুনি মোক, মোকো আশীৰ্ব্বাদ কৰক।” এইদৰে কৈ এচৌৱে বৰকৈ কান্দিব ধৰিলে।
39
পাছে তেওঁৰ বাপেক ইচহাকে উত্তৰ দি ক’লে,
“চোৱা, যি ঠাইত তুমি বাস কৰিবা
সেই ভূমি উর্বৰ নহ’ব;
তাত আকাশৰ পৰা নিয়ৰ নপৰিব।
40
তুমি নিজৰ তৰোৱালৰ দ্বাৰাই জীবা,
তুমি তোমাৰ ভাইৰ সেৱা কৰিবা;
কিন্তু যেতিয়া তুমি বিদ্রোহী হৈ উঠিবা,
তেতিয়া তুমি তোমাৰ ডিঙিৰ পৰা
তাৰ যুৱলি জোকাৰি পেলাবা।”
মাতৃ ৰিবেকাই যাকোবক পৰামর্শ দিয়া
41
পাছত যাকোবে তেওঁৰ পিতৃৰ পৰা আশীৰ্ব্বাদ লাভ কৰাৰ কাৰণে এচৌৱে তেওঁক ঘিণ কৰিবলৈ ধৰিলে। তেওঁ নিজ মনতে ক’লে, “মোৰ পিতৃৰ বাবে শোকৰ দিন ওচৰ চাপি আহিছে; তাৰ পাছতে মই মোৰ ভাই যাকোবক বধ কৰিম।”
42
বৰপুতেক এচৌৰ এই সকলো কথা ৰিবেকাই জানিব পাৰিলে আৰু সেয়ে তেওঁ মানুহ পঠাই সৰু পুতেক যাকোবক মতাই আনি ক’লে, “শুনা, তোমাৰ ককায়েৰা এচৌৱে তোমাক বধ কৰাৰ মন্ত্রণাৰে নিজকে নিজে শান্ত্বনা দিছে।
43
সেইবাবে বোপা, তুমি মোৰ কথা শুনা। এতিয়া তুমি হাৰণত থকা মোৰ ককাই লাবনৰ ওচৰলৈকে পলাই যোৱা।
44
তোমাৰ ককাইৰ খং মাৰ নেযায় মানে তুমি তেওঁৰ লগতে কিছুদিন থাকাগৈ।
45
তোমাৰ প্রতি তোমাৰ ককায়েৰাৰ খং মাৰ নোযোৱা পর্যন্ত আৰু তুমি তেওঁলৈ যি কৰিলা তাক তেওঁ পাহৰি নোযোৱালৈকে তুমি তেওঁৰ লগত কিছুদিন থাকা; পাছত মানুহ পঠাই মই তোমাক তাৰ পৰা ঘূৰাই আনিম; কিয় মই একেদিনাই তোমালোক দুয়োকো হেৰুৱাম?”
46
পাছত ৰিবেকাই ইচহাকক ক’লে, “এই হিত্তীয়া ছোৱালীবোৰৰ কাৰণে মোৰ আৰু জীয়াই থাকিবলৈ ইচ্ছা নোহোৱা হৈছে। তাৰ উপৰি যাকোবেও যদি এই দেশৰে কোনো হিত্তীয়া ছোৱালী বিয়া কৰে, তেন্তে মই জীয়াই থকাৰ কি লাভ?”
আদি 27
1. {#1ৰিবেকাৰ চতুৰতা } ইচহাক ক্রমে বৃদ্ধ হ’ল; তাতে চকুৰ দৃষ্টিশক্তি দুৰ্ব্বল হোৱাত তেওঁ চকুৰে মনিব নোৱাৰা হ’ল; এদিন তেওঁ বৰ পুতেক এচৌক মাতি ক’লে, “বোপা।” এচৌৱে উত্তৰ দিলে, “মই ইয়াতে আছোঁ।” 2. তেতিয়া ইচহাকে ক’লে, “চোৱা, মই বৃদ্ধ হৈছোঁ আৰু কোন দিনা যে মৰিম, তাকো নাজানো। 3. সেয়ে, তোমাৰ অস্ত্ৰ-শস্ত্ৰ, তীৰ-ধনু লৈ চিকাৰলৈ যোৱা আৰু মোৰ বাবে পহু মাৰি আনাগৈ। 4. মৃত্যুৰ আগতে মই তোমাক আশীৰ্ব্বাদ কৰি যাবৰ কাৰণে মই ভাল পোৱা সু-স্বাদু আহাৰ মোলৈ যুগুত কৰি আনা।” 5. তাৰ পাছত এচৌৱে পহু মাৰি আনিবৰ বাবে চিকাৰলৈ গ’ল। ইচহাকে যেতিয়া এইবোৰ কথা তেওঁৰ পুত্ৰ এচৌক কৈছিল, তেতিয়া ৰিবেকাই শুনি আছিল। 6. ৰিবেকাই তেওঁৰ প্রিয়পুত্ৰ যাকোবক ক’লে, “চোৱা, তোমাৰ পিতৃয়ে তোমাৰ ককায়েৰা এচৌক এইবুলি কোৱা মই শুনা পালোঁ; 7. ‘মোৰ মৃত্যুৰ আগতে, তোমাক যিহোৱাৰ উপস্থিতিত আশীৰ্ব্বাদ কৰি যাবৰ কাৰণে তুমি পহু মাৰি আনি মোৰ বাবে সু-স্বাদু আহাৰ যুগুত কৰা।’ 8. সেয়ে বোপা, এতিয়া মই যি কথা কওঁ, তাক মানি তুমি সেইদৰে কৰা। 9. তুমি পশুৰ জাকলৈ গৈ, তাৰ পৰা দুটা উত্তম ছাগলী পোৱালি মোৰ ওচৰলৈ লৈ আনা; তাৰে মই তোমাৰ পিতৃয়ে যেনেকৈ ভাল পায়, তেনেদৰেই সু-স্বাদু আহাৰ তেওঁৰ কাৰণে ৰান্ধি দিম। 10. মৃত্যুৰ পূর্বেই তোমাক আশীৰ্ব্বাদ কৰিবৰ কাৰণে, সেই আহাৰ তুমি পিতৃক খোৱাবলৈ তেওঁৰ কাষলৈ লৈ যাবা।” 11. তেতিয়া যাকোবে তেওঁৰ মাক ৰিবেকাক ক’লে, “মোৰ ককাই এচৌ এজন নোমাল মানুহ; কিন্তু মই হ’লে এজন মসৃণ ছালৰ মানুহ। 12. কিজানি মোৰ পিতৃয়ে মোক চুই চাব আৰু তেওঁৰ আগত মই এজন প্ৰবঞ্চক হ’ম; তাতে মই নিজলৈ আশীৰ্ব্বাদ নানি এক অভিশাপহে আনিম।” 13. তাতে মাকে তেওঁক ক’লে, “মোৰ বোপা, সেই শাও মোৰ ওপৰতে পৰক; তুমি কেৱল মোৰ কথা মানি ছাগলী আনাগৈ।” 14. তেতিয়া যাকোবে গৈ ছাগলী পোৱালিবোৰ আনি মাকক দিলেহি আৰু মাকে তেওঁৰ পিতৃয়ে ভাল পোৱাকৈ সু-স্বাদু আহাৰ যুগুত কৰিলে। 15. তাৰ পাছত ৰিবেকাই তেওঁৰ ওচৰত ঘৰতে থকা বৰ পুতেক এচৌৰ আটাইতকৈ উত্তম বস্ত্ৰ লৈ সৰু পুতেক যাকোবক পিন্ধালে। 16. যাকোবৰ হাত আৰু ডিঙিৰ মসৃণ অংশত সেই ছাগলী পোৱালি দুটাৰ ছালবোৰ লগাই দিলে 17. সেই সু-স্বাদু আহাৰ আৰু পিঠা নিজে যুগুত কৰা তেওঁৰ পুত্ৰ যাকোবৰ হাতত দিলে। 18. যাকোবে পিতৃৰ ওচৰলৈ গৈ মাত দিলে, “হে মোৰ পিতৃ।” ইচহাকে ক’লে, “মই ইয়াতে আছোঁ; বোপা, তুমিনো কোন?” 19. যাকোবে পিতৃক ক’লে, “মই আপোনাৰ বৰ পুত্র এচৌ; আপুনি মোক কোৱাৰ দৰে মই কৰিলোঁ; এতিয়া উঠি বহক আৰু মাংস ভোজন কৰক যাতে আপুনি মোক আশীৰ্ব্বাদ কৰিব পাৰে।” 20. তেতিয়া ইচহাকে নিজ পুত্ৰক সুধিলে, “বোপা, তুমি কেনেকৈ তাক ইমান সোনকালে পালা?” তেওঁ ক’লে, “কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱায়েই তাক মোলৈ আনিলে।” 21. ইচহাকে যাকোবক পুনৰ ক’লে, “মোৰ ওচৰলৈ চাপি আহাঁ বোপা; তুমি সঁচায়েই মোৰ পুত্ৰ এচৌ হোৱানে নোহোৱা, তাক জানিবলৈ মই তোমাক যেন চুই চাব পাৰোঁ।” 22. তাতে যাকোবে তেওঁৰ পিতৃ ইচহাকৰ ওচৰলৈ চাপি গ’ল; তেতিয়া ইচহাকে তেওঁক চুই চাই ক’লে, “মাত-কথা যাকোবৰ, কিন্তু হাত হ’লে এচৌৰ।” 23. ইচহাকে যাকোবক চিনি নাপালে, কাৰণ তেওঁৰ হাত দুখন ককায়েক এচৌৰ হাতৰ দৰে নোমাল আছিল। সেয়ে ইচহাকে যাকোবক আশীৰ্ব্বাদ কৰিলে। 24. তেওঁ ক’লে, “তুমি সচাঁকৈয়ে মোৰ পুত্ৰ এচৌ হোৱানে?” যাকোবে ক’লে, “হয়, মইয়ে হওঁ।” 25. তেতিয়া ইচহাকে ক’লে, “মোৰ ওচৰলৈ আহাৰখিনি আনা; তুমি চিকাৰ কৰি অনা মাংস খাই মই তোমাক আশীৰ্ব্বাদ কৰোঁ।” তাতে যাকোবে আহাৰখিনি আনি দিলে আৰু ইচহাকে তাক ভোজন কৰিলে। তাৰ পাছত যাকোবে দ্ৰাক্ষাৰসো আনি দিয়াত, তেওঁ তাকো পান কৰিলে। 26. তাৰ পাছত তেওঁৰ পিতৃ ইচহাকে তেওঁক ক’লে, “বোপা, ওচৰলৈ আহি তুমি মোক চুমা খোৱাহি।” 27. {#1ইচহাকে যাকোবক আশীর্বাদ কৰা } যাকোবে ওচৰলৈ গৈ ইচহাকক চুমা খালে আৰু ইচহাকে তেওঁৰ গাৰ কাপোৰৰ গোন্ধ পাই তেওঁক আশীৰ্ব্বাদ কৰি ক’লে, “চোৱা, মোৰ পুত্ৰৰ গোন্ধ যিহোৱাই আশীৰ্ব্বাদ কৰা এক ক্ষেত্ৰৰ দৰে এই গোন্ধ। 28. ঈশ্বৰে যেন তোমাক আকাশৰ নিয়ৰৰ এক অংশ দিয়ে, পৃথিৱীৰ উৰ্ব্বৰতাৰ এক অংশ দিয়ে, আৰু প্রচুৰ শস্য আৰু নতুন দ্ৰাক্ষাৰস দিয়ে। 29. লোক সকলে তোমাৰ সেৱা কৰক আৰু জাতিবোৰে তোমাৰ আগত প্ৰণিপাত কৰক। তোমাৰ ভাইসকলৰ ওপৰত তুমি প্ৰভুত্ব কৰা, আৰু তোমাৰ মাতৃৰ সন্তান সকলে তোমাক প্ৰণিপাত কৰক। যিসকলে তোমাক শাও দিব, তেওঁলোক অভিশপ্ত হওঁক; যিসকলে তোমাক আশীৰ্ব্বাদ কৰিব, তেওঁলোক আশীৰ্ব্বাদ প্ৰাপ্ত হওঁক।” 30. ইচহাকে যাকোবক আশীৰ্ব্বাদ দি শেষ কৰিলে আৰু যাকোবে তেওঁৰ পিতৃ ইচহাকৰ ওচৰৰ পৰা বাহিৰ হৈ যোৱা মাত্ৰকেই, তেওঁৰ ককায়েক এচৌ চিকাৰৰ পৰা ঘূৰি আহি পালেহি। 31. তেৱোঁ সুস্বাদু আহাৰ ৰান্ধি বাপেকৰ ওচৰলৈ আনি ক’লে, “হে পিতৃ, উঠক আৰু আপোনাৰ পুত্রই চিকাৰ কৰি অনা মাংস ভোজন কৰি মোক আশীৰ্ব্বাদ কৰক।” 32. তেতিয়া তেওঁৰ পিতৃ ইচহাকে তেওঁক সুধিলে, “তুমি কোন?” এচৌৱে ক’লে, “মই আপোনাৰ বৰপুত্ৰ এচৌ।” 33. এই কথা শুনি ইচহাকৰ শৰীৰত কঁপনি উঠিল। তেওঁ সুধিলে, “তেন্তে যিটোৱে মোৰ ওচৰলৈ চিকাৰৰ মঙহ আনিছিল, সি কোন? তুমি অহাৰ আগেয়েই মই সেই সকলোকে খালোঁ আৰু তাক আশীৰ্ব্বাদো কৰিলোঁ; সেই আশীর্বাদৰ ফলও অৱশ্যেই সিয়ে পাব।” 34. বাপেকৰ এই কথা শুনি এচৌ শোকত ভাগি পৰিল আৰু হুৰাওৰাৱে কান্দি কান্দি বাপেকক ক’লে, “পিতৃ, মোক, মোকো আশীৰ্ব্বাদ কৰক।” 35. তেওঁ ক’লে, “তোমাৰ ভায়েৰাই আহি ছল কৰি তুমি পাবলগীয়া আশীৰ্ব্বাদ লৈ গ’ল।” 36. তেতিয়া এচৌৱে ক’লে, “তাক দিয়া যাকোব[* যাকোব নামৰ লগত গোৰোহাৰ শব্দৰ সম্বন্ধ আছে। কিন্তু ইয়াত “ঠগোৱা” বা “প্ৰতাৰণা” কৰা অর্থত ব্যবহাৰ হৈছে। ] নামটো স্বৰূপেই সঠিক হোৱা নাই নে? কিয়নো এইবাৰকে লৈ দুবাৰ সি মোৰ অধিকাৰ ছল কৰি ললে; ডাঙৰ ল’ৰা হিচাবে মোৰ যি জ্যেষ্ঠ অধিকাৰ, তাক সি ল’লে আৰু চাওঁক, এতিয়া মোৰ আশীৰ্ব্বাদো লৈ গ’ল।” এচৌৱে আকৌ ক’লে, “মোৰ কাৰণে আপুনি একো আশীৰ্ব্বাদ ৰখা নাই নে?” 37. তেতিয়া ইচহাকে এচৌক উত্তৰ দি ক’লে, “চোৱা, মই তাক তোমাৰ ওপৰত প্ৰভু পাতিলোঁ আৰু তাৰ জ্ঞাতি-ভাইসকলক তাৰেই দাস কৰিলোঁ; মই তাক শস্য আৰু নতুন দ্ৰাক্ষাৰস দিলোঁ; ইয়াৰ পিছত বোপা, মইনো তোমাৰ অৰ্থে আৰু কি কৰিব পাৰোঁ?” 38. তেতিয়া এচৌৱে আকৌ বাপেকক কাকুতি-মিনতি কৰি ক’লে, “হে পিতৃ, মোৰ কাৰণে আপোনাৰ ওচৰত এটাও আশীর্বাদ নাইনে? হে মোৰ পিতৃ, আপুনি মোক, মোকো আশীৰ্ব্বাদ কৰক।” এইদৰে কৈ এচৌৱে বৰকৈ কান্দিব ধৰিলে। 39. পাছে তেওঁৰ বাপেক ইচহাকে উত্তৰ দি ক’লে, “চোৱা, যি ঠাইত তুমি বাস কৰিবা সেই ভূমি উর্বৰ নহ’ব; তাত আকাশৰ পৰা নিয়ৰ নপৰিব। 40. তুমি নিজৰ তৰোৱালৰ দ্বাৰাই জীবা, তুমি তোমাৰ ভাইৰ সেৱা কৰিবা; কিন্তু যেতিয়া তুমি বিদ্রোহী হৈ উঠিবা, তেতিয়া তুমি তোমাৰ ডিঙিৰ পৰা তাৰ যুৱলি জোকাৰি পেলাবা।” 41. {#1মাতৃ ৰিবেকাই যাকোবক পৰামর্শ দিয়া } পাছত যাকোবে তেওঁৰ পিতৃৰ পৰা আশীৰ্ব্বাদ লাভ কৰাৰ কাৰণে এচৌৱে তেওঁক ঘিণ কৰিবলৈ ধৰিলে। তেওঁ নিজ মনতে ক’লে, “মোৰ পিতৃৰ বাবে শোকৰ দিন ওচৰ চাপি আহিছে; তাৰ পাছতে মই মোৰ ভাই যাকোবক বধ কৰিম।” 42. বৰপুতেক এচৌৰ এই সকলো কথা ৰিবেকাই জানিব পাৰিলে আৰু সেয়ে তেওঁ মানুহ পঠাই সৰু পুতেক যাকোবক মতাই আনি ক’লে, “শুনা, তোমাৰ ককায়েৰা এচৌৱে তোমাক বধ কৰাৰ মন্ত্রণাৰে নিজকে নিজে শান্ত্বনা দিছে। 43. সেইবাবে বোপা, তুমি মোৰ কথা শুনা। এতিয়া তুমি হাৰণত থকা মোৰ ককাই লাবনৰ ওচৰলৈকে পলাই যোৱা। 44. তোমাৰ ককাইৰ খং মাৰ নেযায় মানে তুমি তেওঁৰ লগতে কিছুদিন থাকাগৈ। 45. তোমাৰ প্রতি তোমাৰ ককায়েৰাৰ খং মাৰ নোযোৱা পর্যন্ত আৰু তুমি তেওঁলৈ যি কৰিলা তাক তেওঁ পাহৰি নোযোৱালৈকে তুমি তেওঁৰ লগত কিছুদিন থাকা; পাছত মানুহ পঠাই মই তোমাক তাৰ পৰা ঘূৰাই আনিম; কিয় মই একেদিনাই তোমালোক দুয়োকো হেৰুৱাম?” 46. পাছত ৰিবেকাই ইচহাকক ক’লে, “এই হিত্তীয়া ছোৱালীবোৰৰ কাৰণে মোৰ আৰু জীয়াই থাকিবলৈ ইচ্ছা নোহোৱা হৈছে। তাৰ উপৰি যাকোবেও যদি এই দেশৰে কোনো হিত্তীয়া ছোৱালী বিয়া কৰে, তেন্তে মই জীয়াই থকাৰ কি লাভ?”
আদি অধ্যায় 1
আদি অধ্যায় 2
আদি অধ্যায় 3
আদি অধ্যায় 4
আদি অধ্যায় 5
আদি অধ্যায় 6
আদি অধ্যায় 7
আদি অধ্যায় 8
আদি অধ্যায় 9
আদি অধ্যায় 10
আদি অধ্যায় 11
আদি অধ্যায় 12
আদি অধ্যায় 13
আদি অধ্যায় 14
আদি অধ্যায় 15
আদি অধ্যায় 16
আদি অধ্যায় 17
আদি অধ্যায় 18
আদি অধ্যায় 19
আদি অধ্যায় 20
আদি অধ্যায় 21
আদি অধ্যায় 22
আদি অধ্যায় 23
আদি অধ্যায় 24
আদি অধ্যায় 25
আদি অধ্যায় 26
আদি অধ্যায় 27
আদি অধ্যায় 28
আদি অধ্যায় 29
আদি অধ্যায় 30
আদি অধ্যায় 31
আদি অধ্যায় 32
আদি অধ্যায় 33
আদি অধ্যায় 34
আদি অধ্যায় 35
আদি অধ্যায় 36
আদি অধ্যায় 37
আদি অধ্যায় 38
আদি অধ্যায় 39
আদি অধ্যায় 40
আদি অধ্যায় 41
আদি অধ্যায় 42
আদি অধ্যায় 43
আদি অধ্যায় 44
আদি অধ্যায় 45
আদি অধ্যায় 46
আদি অধ্যায় 47
আদি অধ্যায় 48
আদি অধ্যায় 49
আদি অধ্যায় 50
Common Bible Languages
English Bible
Hebrew Bible
Greek Bible
South Indian Languages
Tamil Bible
Malayalam Bible
Telugu Bible
Kannada Bible
West Indian Languages
Hindi Bible
Gujarati Bible
Punjabi Bible
Other Indian Languages
Urdu Bible
Bengali Bible
Oriya Bible
Marathi Bible
×
Alert
×
Assamese Letters Keypad References