অসমীয়া বাইবেল
KNV
IRVAS
ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
English Bible
Tamil Bible
Hebrew Bible
Greek Bible
Malayalam Bible
Hindi Bible
Telugu Bible
Kannada Bible
Gujarati Bible
Punjabi Bible
Urdu Bible
Bengali Bible
Oriya Bible
Marathi Bible
অধিক
পুৰণি নিয়ম
আদি
যাত্ৰা
লেবীয়া
গননা
দ্বি.বি.
যিহো
বিচাৰ
ৰূথ
1 চমূ
2 চমূ
1 ৰাজা
2 ৰাজা
1 বংশা
2 বংশা
ইজ্ৰা
নহি
ইষ্ট
ইয়ো
গীত
হিতো
উপ
পৰম
যিচ
যিৰি
বিলা
যিহি
দানি
হোচ
যোৱে
আমো
ওবদি
যোনা
মীখ
নহূ
হব
চফ
হ্গ্গ
জখ
মলা
নতুন নিয়ম
মথি
মাৰ্ক
লূক
যোহন
পাঁচনি
ৰোমীয়া
1 কৰি
2 কৰি
গালাতীয়া
ইফিচীয়া
ফিলিপীয়া
কলচীয়া
1 থিচলনীকীয়া
2 থিচলনীকীয়া
1 তীমথিয়
2 তীমথিয়
তীত
ফিলীমন
ইব্ৰী
যাকোব
1 পিতৰ
2 পিতৰ
1 যোহন
2 যোহন
3 যোহন
যিহূদা
প্ৰকাশিত বাক্য
সন্ধান
Book of Moses
Old Testament History
Wisdom Books
প্ৰধান নবীসকল
সৰু সৰু নবীসকল
যীচু খ্ৰীষ্টৰ শুভবাৰ্তা
Acts of Apostles
Paul's Epistles
সাধাৰণ পত্ৰ
Endtime Epistles
Synoptic Gospel
Fourth Gospel
English Bible
Tamil Bible
Hebrew Bible
Greek Bible
Malayalam Bible
Hindi Bible
Telugu Bible
Kannada Bible
Gujarati Bible
Punjabi Bible
Urdu Bible
Bengali Bible
Oriya Bible
Marathi Bible
অধিক
যিহো
পুৰণি নিয়ম
আদি
যাত্ৰা
লেবীয়া
গননা
দ্বি.বি.
যিহো
বিচাৰ
ৰূথ
1 চমূ
2 চমূ
1 ৰাজা
2 ৰাজা
1 বংশা
2 বংশা
ইজ্ৰা
নহি
ইষ্ট
ইয়ো
গীত
হিতো
উপ
পৰম
যিচ
যিৰি
বিলা
যিহি
দানি
হোচ
যোৱে
আমো
ওবদি
যোনা
মীখ
নহূ
হব
চফ
হ্গ্গ
জখ
মলা
নতুন নিয়ম
মথি
মাৰ্ক
লূক
যোহন
পাঁচনি
ৰোমীয়া
1 কৰি
2 কৰি
গালাতীয়া
ইফিচীয়া
ফিলিপীয়া
কলচীয়া
1 থিচলনীকীয়া
2 থিচলনীকীয়া
1 তীমথিয়
2 তীমথিয়
তীত
ফিলীমন
ইব্ৰী
যাকোব
1 পিতৰ
2 পিতৰ
1 যোহন
2 যোহন
3 যোহন
যিহূদা
প্ৰকাশিত বাক্য
21
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
ৰেকৰ্ডসমূহ
যিহো 21:0 (03 52 pm)
Whatsapp
Instagram
Facebook
Linkedin
Pinterest
Tumblr
Reddit
যিহো অধ্যায় 21
1
{লেবীয়াসকলৰ নগৰ নিৰূপণ কৰা। }
তেতিয়া লেবীয়াসকলৰ পিতৃবংশৰ মুখিয়াল লোকসকলে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ পিতৃ-বংশৰ পৰিয়াল সমূহৰ লোকসকলৰ ওচৰলৈ আহিল৷
2
আৰু কনান দেশত থকা চীলোত তেওঁলোকক ক’লে, “আমি থাকিবৰ অৰ্থে নগৰ আৰু পশুবোৰ চৰাবৰ বাবে তাৰ চৰণীয়া ঠাই দিয়াৰ আজ্ঞা যিহোৱাই মোচিৰ দ্বাৰাই তোমালোকক দিছিল।”
3
4
তাতে যিহোৱাৰ আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ উত্তৰাধিকাৰৰ পৰা লেবীয়াসকলক এই নগৰ আৰু চৰণীয়া ঠাই সমূহ দিলে।
5
চিঠি খেলাওঁতে কহাতীয়া বংশৰ নাম উঠিলত: লেবীয়াসকলৰ মাজৰ হাৰোণ পুৰোহিতৰ সন্তান সকলে চিঠিখেলৰ দ্বাৰাই যিহূদা ফৈদৰ, চিমিয়োন ফৈদৰ আৰু বিন্যামীন ফৈদৰ পৰা তেৰ খন নগৰ পালে।
6
আৰু কহাতৰ অৱশিষ্ট বংশই চিঠি খেলৰ দ্বাৰাই ইফ্ৰয়িম ফৈদ সমূহৰ পৰা, আচেৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা দহখন নগৰ পালে।
7
আৰু বংশানুক্ৰমে গেৰ্চোনৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই ইচাখৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা তেৰ খন নগৰ পালে।
8
আৰু বংশানুক্ৰমে মৰাৰীৰ সন্তান সকলে নিজ নিজ ফৈদ অনুসাৰে ৰূবেণ ফৈদৰ, গাদ ফৈদৰ আৰু জবূলূন ফৈদৰ পৰা বাৰখন নগৰ পালে।
এইদৰে মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই লেবীয়া লোকসকলক সেইবোৰ নগৰ আৰু লগত চৰণীয়া ঠাইবোৰ দিলে।
9
পাছত তেওঁলোকে যিহূদাৰ সন্তান সকলৰ ফৈদৰ পৰা আৰু চিমিয়োনৰ সন্তান সকলৰ ফৈদৰ পৰা পোৱা নগৰবোৰৰ নামে সৈতে উল্লেখ কৰাৰ দৰে নগৰ দিলে৷
10
এই নগৰ লেবীৰ সন্তান কহাতীয়া বংশৰ মাজত থকা হাৰোণৰ বংশধৰ সকলৰ হ’ল, কিয়নো তেওঁলোকৰ নাম প্ৰথমেই উঠিল।
11
ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত থকা চাৰিওফালৰ চৰণীয়া ঠায়েৰে সৈতে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে; সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল।
12
কিন্তু সেই নগৰৰ পথাৰসমূহ আৰু তাৰ গাওঁবোৰ তেওঁলোকে আধিপত্যৰ অৰ্থে যিফুন্নিৰ পুত্ৰ কালেবক দিলে।
13
তেওঁলোকে হাৰোণ পুৰোহিতৰ সন্তান সকলক চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ হিব্ৰোণ আৰু চৰণীয়া ঠায়েৰে সৈতে লিব্না,
14
চৰণীয়া ঠায়েৰে সৈতে যত্তীৰ, চৰণীয়া ঠায়েৰে সৈতে ইষ্টমোৱা,
15
চৰণীয়া ঠায়েৰে সৈতে হোলোন, চৰণীয়া ঠায়েৰে সৈতে দবীৰ,
16
চৰণীয়া ঠায়েৰে সৈতে ঐন, চৰণীয়া ঠায়েৰে সৈতে যুত্তা আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎচেমচ, সেই দুই ফৈদৰ পৰা এই ন খন নগৰ পালে।
17
আৰু বিন্যামীন ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে গিবিয়োন, চৰণীয়া ঠায়েৰে সৈতে গেবা,
18
চৰণীয়া ঠায়েৰে সৈতে অনাথোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অলমোন এই চাৰিখন নগৰ দিলে।
19
নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ হাৰোণৰ বংশৰ পুৰোহিতসকলে পালে।
20
আৰু কহাতৰ অৱশিষ্ট পৰিয়াল অৰ্থাৎ কহাতৰ পৰিয়াল সমূহ লেবীয়া, ইফ্ৰয়িম ফৈদৰ পৰা চিঠি খেলৰ দ্বাৰাই নিজ আধিপত্য নগৰ পালে।
21
ইস্ৰায়েলৰ সন্তান সকলে চৰণীয়া ঠায়েৰে সৈতে নৰ-বধী অৰ্থাৎ যিকোনো লোকে অনিচ্ছাকৃত ভাৱে বধ কৰা লোকসকলৰ আশ্ৰয় লোৱা নগৰ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা চিখিম, চৰণীয়া ঠায়েৰে সৈতে গেজৰ আৰু ইয়াৰ চৰণীয়া ঠায়েৰে সৈতে
22
কিব্চয়িম আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎ-হোৰোণ, এই চাৰিখন নগৰ দিলে।
23
আৰু দান ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে ইল্টকি, চৰণীয়া ঠায়েৰে সৈতে গিব্বথোন,
24
চৰণীয়া ঠায়েৰে সৈতে অয়ালোন, চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ, এই চাৰিখন নগৰ দিলে।
25
আৰু মনচিৰ আধা ফৈদৰ পৰা কহাতৰ বংশলৈ, চৰণীয়া ঠায়েৰে সৈতে তানক আৰু চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ এই দুখন নগৰ তেওঁলোকক দিলে।
26
কহাতৰ অৱশিষ্ট বংশধৰসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ দহখন নগৰ পালে।
27
28
অন্য লেবীয়াসকলৰ বংশধৰবোৰৰ মাজৰ গেৰ্চোনৰ সন্তান সকলক মনচিৰ আধা ফৈদৰ পৰা, চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ বাচানত থকা গোলন আৰু চৰণীয়া ঠায়েৰে সৈতে বেষ্টৰা এই দুখন নগৰ দিলে।
গেৰ্চোনৰ বংশধৰ সকললৈ ইচাখৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে কিচিয়োন লগতে চৰণীয়া ঠায়েৰে সৈতে দাবৰৎ,
29
চৰণীয়া ঠায়েৰে সৈতে যমুৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অয়ীন-গন্নীম, এই চাৰিখন নগৰ দিলে।
30
আৰু আচেৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে মিচাল, চৰণীয়া ঠায়েৰে সৈতে অব্দোন,
31
চৰণীয়া ঠায়েৰে সৈতে হিল্কৎ আৰু চৰণীয়া ঠায়েৰে সৈতে ৰহোব, এই চাৰিখন নগৰ দিলে।
32
আৰু নপ্তালী ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় লোৱা নগৰ গালীলত থকা কেদচ, চৰণীয়া ঠায়েৰে সৈতে হম্মোৎ-দোৰ আৰু চৰণীয়া ঠায়েৰে সৈতে কতন, এই তিনিখন নগৰ দিলে।
33
নিজ নিজ বংশানুসাৰে গেৰ্চোনীয়াসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ পালে।
34
পাছত তেওঁলোকে মৰাৰীৰ ফৈদবোৰক অৰ্থাৎ অৱশিষ্ট লেবীয়ালৈ জবূলূন জন-গোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে যক্নীয়াম, চৰণীয়া ঠায়েৰে সৈতে কৰ্তা,
35
চৰণীয়া ঠায়েৰে সৈতে দিম্না আৰু চৰণীয়া ঠায়েৰে সৈতে নহলাল, এই চাৰিখন নগৰ দিলে।
36
ৰূবেণ ফৈদৰ পৰা মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে বেচৰ, চৰণীয়া ঠায়েৰে সৈতে যহচ,
37
চৰণীয়া ঠায়েৰে সৈতে কদেমোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে মেফাৎ, এই চাৰিখন নগৰ দিলে।
38
আৰু গাদ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে অনিচ্ছাকৃত ভাৱে নৰ-বধ কৰা লোকৰ আশ্ৰয় নগৰ গিলিয়দত থকা ৰমোৎ, চৰণীয়া ঠায়েৰে সৈতে মহনয়িম তেওঁলোকক দিয়া হ’ল৷
39
মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে হিচবোন আৰু চৰণীয়া ঠায়ৰে সৈতে যাজেৰ, মুঠতে এই চাৰিখন নগৰ দিলে।
40
লেবীয়াসকলৰ অৱশিষ্ট ফৈদ অৰ্থাৎ মৰাৰীৰ নিজ নিজ বংশ অনুসাৰে এইবোৰ নগৰ হ’ল; তেওঁলোকে চিঠি খেলৰ দ্বাৰাই বাৰ খন নগৰ পালে।
41
ইস্ৰায়েলৰ সন্তান সকলৰ আধিপত্যৰ মাজত থকা লেবীয়াসকলৰ আটাই নগৰ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ আঠচল্লিশ খন নগৰ আছিল।
42
সেইবোৰৰ প্ৰত্যেক নগৰৰ চাৰিওকাষে চৰণীয়া ঠাই আছিল৷ সকলো নগৰ সেই দৰেই আছিল।
43
এইদৰে যিহোৱাই ইস্ৰায়েল লোকৰ পুৰ্বপুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত খাইছিল, সেই দেশ তেওঁ তেওঁলোকক দিলে৷ তেওঁলোকে তাক অধিকাৰ কৰি তাৰ মাজত নিবাস কৰিলে।
44
তেতিয়া যিহোৱাই তেওঁলোকৰ পুৰ্বপুৰুষসকলৰ আগত শপত খোৱাৰ দৰে চাৰিওফালে তেওঁলোকক জিৰণী দিলে৷ তেওঁলোকৰ শত্ৰুসকলৰ মাজৰ কোনেও তেওঁলোকৰ আগত থিয় হ’ব নোৱাৰিলে৷ যিহোৱাই তেওঁলোকৰ সকলো শত্ৰুক তেওঁলোকৰ হাতত দিলে।
45
যিহোৱাই ইস্ৰায়েল বংশলৈ যি যি মঙ্গলৰ বাক্য কৈছিল, তাৰ মাজৰ এটি বাক্যও নিষ্ফল নহ’ল৷ সকলো সিদ্ধ হ’ল।
যিহো 21
1. {লেবীয়াসকলৰ নগৰ নিৰূপণ কৰা। } তেতিয়া লেবীয়াসকলৰ পিতৃবংশৰ মুখিয়াল লোকসকলে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ পিতৃ-বংশৰ পৰিয়াল সমূহৰ লোকসকলৰ ওচৰলৈ আহিল৷ 2. আৰু কনান দেশত থকা চীলোত তেওঁলোকক ক’লে, “আমি থাকিবৰ অৰ্থে নগৰ আৰু পশুবোৰ চৰাবৰ বাবে তাৰ চৰণীয়া ঠাই দিয়াৰ আজ্ঞা যিহোৱাই মোচিৰ দ্বাৰাই তোমালোকক দিছিল।” 3. 4. তাতে যিহোৱাৰ আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ উত্তৰাধিকাৰৰ পৰা লেবীয়াসকলক এই নগৰ আৰু চৰণীয়া ঠাই সমূহ দিলে। 5. চিঠি খেলাওঁতে কহাতীয়া বংশৰ নাম উঠিলত: লেবীয়াসকলৰ মাজৰ হাৰোণ পুৰোহিতৰ সন্তান সকলে চিঠিখেলৰ দ্বাৰাই যিহূদা ফৈদৰ, চিমিয়োন ফৈদৰ আৰু বিন্যামীন ফৈদৰ পৰা তেৰ খন নগৰ পালে। 6. আৰু কহাতৰ অৱশিষ্ট বংশই চিঠি খেলৰ দ্বাৰাই ইফ্ৰয়িম ফৈদ সমূহৰ পৰা, আচেৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা দহখন নগৰ পালে। 7. আৰু বংশানুক্ৰমে গেৰ্চোনৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই ইচাখৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা তেৰ খন নগৰ পালে। 8. আৰু বংশানুক্ৰমে মৰাৰীৰ সন্তান সকলে নিজ নিজ ফৈদ অনুসাৰে ৰূবেণ ফৈদৰ, গাদ ফৈদৰ আৰু জবূলূন ফৈদৰ পৰা বাৰখন নগৰ পালে। এইদৰে মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই লেবীয়া লোকসকলক সেইবোৰ নগৰ আৰু লগত চৰণীয়া ঠাইবোৰ দিলে। 9. পাছত তেওঁলোকে যিহূদাৰ সন্তান সকলৰ ফৈদৰ পৰা আৰু চিমিয়োনৰ সন্তান সকলৰ ফৈদৰ পৰা পোৱা নগৰবোৰৰ নামে সৈতে উল্লেখ কৰাৰ দৰে নগৰ দিলে৷ 10. এই নগৰ লেবীৰ সন্তান কহাতীয়া বংশৰ মাজত থকা হাৰোণৰ বংশধৰ সকলৰ হ’ল, কিয়নো তেওঁলোকৰ নাম প্ৰথমেই উঠিল। 11. ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত থকা চাৰিওফালৰ চৰণীয়া ঠায়েৰে সৈতে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে; সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল। 12. কিন্তু সেই নগৰৰ পথাৰসমূহ আৰু তাৰ গাওঁবোৰ তেওঁলোকে আধিপত্যৰ অৰ্থে যিফুন্নিৰ পুত্ৰ কালেবক দিলে। 13. তেওঁলোকে হাৰোণ পুৰোহিতৰ সন্তান সকলক চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ হিব্ৰোণ আৰু চৰণীয়া ঠায়েৰে সৈতে লিব্না, 14. চৰণীয়া ঠায়েৰে সৈতে যত্তীৰ, চৰণীয়া ঠায়েৰে সৈতে ইষ্টমোৱা, 15. চৰণীয়া ঠায়েৰে সৈতে হোলোন, চৰণীয়া ঠায়েৰে সৈতে দবীৰ, 16. চৰণীয়া ঠায়েৰে সৈতে ঐন, চৰণীয়া ঠায়েৰে সৈতে যুত্তা আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎচেমচ, সেই দুই ফৈদৰ পৰা এই ন খন নগৰ পালে। 17. আৰু বিন্যামীন ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে গিবিয়োন, চৰণীয়া ঠায়েৰে সৈতে গেবা, 18. চৰণীয়া ঠায়েৰে সৈতে অনাথোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অলমোন এই চাৰিখন নগৰ দিলে। 19. নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ হাৰোণৰ বংশৰ পুৰোহিতসকলে পালে। 20. আৰু কহাতৰ অৱশিষ্ট পৰিয়াল অৰ্থাৎ কহাতৰ পৰিয়াল সমূহ লেবীয়া, ইফ্ৰয়িম ফৈদৰ পৰা চিঠি খেলৰ দ্বাৰাই নিজ আধিপত্য নগৰ পালে। 21. ইস্ৰায়েলৰ সন্তান সকলে চৰণীয়া ঠায়েৰে সৈতে নৰ-বধী অৰ্থাৎ যিকোনো লোকে অনিচ্ছাকৃত ভাৱে বধ কৰা লোকসকলৰ আশ্ৰয় লোৱা নগৰ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা চিখিম, চৰণীয়া ঠায়েৰে সৈতে গেজৰ আৰু ইয়াৰ চৰণীয়া ঠায়েৰে সৈতে 22. কিব্চয়িম আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎ-হোৰোণ, এই চাৰিখন নগৰ দিলে। 23. আৰু দান ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে ইল্টকি, চৰণীয়া ঠায়েৰে সৈতে গিব্বথোন, 24. চৰণীয়া ঠায়েৰে সৈতে অয়ালোন, চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ, এই চাৰিখন নগৰ দিলে। 25. আৰু মনচিৰ আধা ফৈদৰ পৰা কহাতৰ বংশলৈ, চৰণীয়া ঠায়েৰে সৈতে তানক আৰু চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ এই দুখন নগৰ তেওঁলোকক দিলে। 26. কহাতৰ অৱশিষ্ট বংশধৰসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ দহখন নগৰ পালে। 27. 28. অন্য লেবীয়াসকলৰ বংশধৰবোৰৰ মাজৰ গেৰ্চোনৰ সন্তান সকলক মনচিৰ আধা ফৈদৰ পৰা, চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ বাচানত থকা গোলন আৰু চৰণীয়া ঠায়েৰে সৈতে বেষ্টৰা এই দুখন নগৰ দিলে। গেৰ্চোনৰ বংশধৰ সকললৈ ইচাখৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে কিচিয়োন লগতে চৰণীয়া ঠায়েৰে সৈতে দাবৰৎ, 29. চৰণীয়া ঠায়েৰে সৈতে যমুৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অয়ীন-গন্নীম, এই চাৰিখন নগৰ দিলে। 30. আৰু আচেৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে মিচাল, চৰণীয়া ঠায়েৰে সৈতে অব্দোন, 31. চৰণীয়া ঠায়েৰে সৈতে হিল্কৎ আৰু চৰণীয়া ঠায়েৰে সৈতে ৰহোব, এই চাৰিখন নগৰ দিলে। 32. আৰু নপ্তালী ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় লোৱা নগৰ গালীলত থকা কেদচ, চৰণীয়া ঠায়েৰে সৈতে হম্মোৎ-দোৰ আৰু চৰণীয়া ঠায়েৰে সৈতে কতন, এই তিনিখন নগৰ দিলে। 33. নিজ নিজ বংশানুসাৰে গেৰ্চোনীয়াসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ পালে। 34. পাছত তেওঁলোকে মৰাৰীৰ ফৈদবোৰক অৰ্থাৎ অৱশিষ্ট লেবীয়ালৈ জবূলূন জন-গোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে যক্নীয়াম, চৰণীয়া ঠায়েৰে সৈতে কৰ্তা, 35. চৰণীয়া ঠায়েৰে সৈতে দিম্না আৰু চৰণীয়া ঠায়েৰে সৈতে নহলাল, এই চাৰিখন নগৰ দিলে। 36. ৰূবেণ ফৈদৰ পৰা মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে বেচৰ, চৰণীয়া ঠায়েৰে সৈতে যহচ, 37. চৰণীয়া ঠায়েৰে সৈতে কদেমোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে মেফাৎ, এই চাৰিখন নগৰ দিলে। 38. আৰু গাদ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে অনিচ্ছাকৃত ভাৱে নৰ-বধ কৰা লোকৰ আশ্ৰয় নগৰ গিলিয়দত থকা ৰমোৎ, চৰণীয়া ঠায়েৰে সৈতে মহনয়িম তেওঁলোকক দিয়া হ’ল৷ 39. মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে হিচবোন আৰু চৰণীয়া ঠায়ৰে সৈতে যাজেৰ, মুঠতে এই চাৰিখন নগৰ দিলে। 40. লেবীয়াসকলৰ অৱশিষ্ট ফৈদ অৰ্থাৎ মৰাৰীৰ নিজ নিজ বংশ অনুসাৰে এইবোৰ নগৰ হ’ল; তেওঁলোকে চিঠি খেলৰ দ্বাৰাই বাৰ খন নগৰ পালে। 41. ইস্ৰায়েলৰ সন্তান সকলৰ আধিপত্যৰ মাজত থকা লেবীয়াসকলৰ আটাই নগৰ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ আঠচল্লিশ খন নগৰ আছিল। 42. সেইবোৰৰ প্ৰত্যেক নগৰৰ চাৰিওকাষে চৰণীয়া ঠাই আছিল৷ সকলো নগৰ সেই দৰেই আছিল। 43. এইদৰে যিহোৱাই ইস্ৰায়েল লোকৰ পুৰ্বপুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত খাইছিল, সেই দেশ তেওঁ তেওঁলোকক দিলে৷ তেওঁলোকে তাক অধিকাৰ কৰি তাৰ মাজত নিবাস কৰিলে। 44. তেতিয়া যিহোৱাই তেওঁলোকৰ পুৰ্বপুৰুষসকলৰ আগত শপত খোৱাৰ দৰে চাৰিওফালে তেওঁলোকক জিৰণী দিলে৷ তেওঁলোকৰ শত্ৰুসকলৰ মাজৰ কোনেও তেওঁলোকৰ আগত থিয় হ’ব নোৱাৰিলে৷ যিহোৱাই তেওঁলোকৰ সকলো শত্ৰুক তেওঁলোকৰ হাতত দিলে। 45. যিহোৱাই ইস্ৰায়েল বংশলৈ যি যি মঙ্গলৰ বাক্য কৈছিল, তাৰ মাজৰ এটি বাক্যও নিষ্ফল নহ’ল৷ সকলো সিদ্ধ হ’ল।
যিহো অধ্যায় 1
যিহো অধ্যায় 2
যিহো অধ্যায় 3
যিহো অধ্যায় 4
যিহো অধ্যায় 5
যিহো অধ্যায় 6
যিহো অধ্যায় 7
যিহো অধ্যায় 8
যিহো অধ্যায় 9
যিহো অধ্যায় 10
যিহো অধ্যায় 11
যিহো অধ্যায় 12
যিহো অধ্যায় 13
যিহো অধ্যায় 14
যিহো অধ্যায় 15
যিহো অধ্যায় 16
যিহো অধ্যায় 17
যিহো অধ্যায় 18
যিহো অধ্যায় 19
যিহো অধ্যায় 20
যিহো অধ্যায় 21
যিহো অধ্যায় 22
যিহো অধ্যায় 23
যিহো অধ্যায় 24
Common Bible Languages
English Bible
Hebrew Bible
Greek Bible
South Indian Languages
Tamil Bible
Malayalam Bible
Telugu Bible
Kannada Bible
West Indian Languages
Hindi Bible
Gujarati Bible
Punjabi Bible
Other Indian Languages
Urdu Bible
Bengali Bible
Oriya Bible
Marathi Bible
×
Alert
×
Assamese Letters Keypad References