অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)

ৰেকৰ্ডসমূহ

গীত অধ্যায় 68

1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত, সঙ্গীত। } ঈশ্বৰ উঠক; তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওঁক; তেওঁক ঘিণাওঁতাবিলাক তেওঁৰ আগৰ পৰা দূৰ হওঁক। 2 ধোঁৱাৰ দৰে তুমি তেওঁলোকক উৰুৱাই নিয়া; মম যেনেকৈ জুইৰ ওচৰত গলি যায়, তেনেকৈ দুষ্টবোৰ ঈশ্বৰৰ সন্মুখত বিনষ্ট হওঁক। 3 কিন্তু ধাৰ্মিকসকলে আনন্দ কৰক, ঈশ্বৰৰ সাক্ষাতে উল্লাস কৰক; তেওঁলোকে আনন্দ কৰি উল্লাস কৰক। 4 তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা; মৰুভূমি[* তেওঁ মেঘৰ মাজেদি ৰথত আহিছে। কিছুমান অনুলিপিত আছে - প্ৰভু যেনেকৈ চীনয় পবিত্ৰ স্থানত আছিল, তেনেকৈ সেইবোৰৰ মাজতো আছে। ]ৰ মাজেদি যি জন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা; তেওঁৰ নাম যিহোৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা। 5 ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা ৰক্ষাকর্তা 6 অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে। 7 হে ঈশ্বৰ, তুমি যেতিয়া মৰুভূমিৰ মাজেদি তোমাৰ লোক সকলৰ আগে আগে গৈছিলা, *চেলা 8 তেতিয়া পৃথিৱী কঁপি উঠিছিল আৰু আকাশেও বৰষুণ বর্ষাইছিল; এই সকলোবোৰ হৈছিল ঈশ্বৰৰ সাক্ষাতে, চীনয় পর্বতৰ, সেই ঈশ্বৰৰ উপস্থিতিত; ঈশ্বৰৰ সাক্ষাতে, ইস্ৰায়েলৰ ঈশ্বৰৰ উপস্থিতিত। 9 হে ঈশ্বৰ, তুমি প্রচুৰ পৰিমাণে বৰষুণ বৰষাইছিলা; তুমি তোমাৰ শুকান দেশত পুনৰায় নিজৰ আধিপত্য শক্তিশালী কৰি তুলিলা। 10 তোমাৰ নিজৰ লোকসকলে তাত বাস কৰিলে; হে ঈশ্বৰ, তোমাৰ দয়াৰে তুমি দৰিদ্ৰসকলৰ অভাৱ পূৰণ কৰিছিলা। 11 যিহোৱাই লোক সমূহক আদেশ দিয়ে; সু-সংবাদ ঘোষণাকাৰী মহিলাসকল সংখ্যাত বৃহৎ দল। 12 তেওঁলোকে ঘোষণা কৰে, “সৈন্যদলৰ ৰজাসকল পলাই গৈছে, পলাই গৈছে!” ঘৰৰ গৃহিণীসকলে যুদ্ধৰ লুটদ্ৰব্য ভাগ বাঁটি লৈছে: 13 যদিও তেওঁলোকে মেৰ-ছাগৰ গঁৰালবোৰৰ মাজত থাকে - তথাপি তেওঁলোকে ৰূপেৰে আবৃত হোৱা কপৌৰ ডেউকা আৰু তাৰ সোণোৱালী পাখি পাব। 14 সৰ্ব্বশক্তিমান ঈশ্বৰে যেতিয়া দেশৰ মাজত ৰজাসকলক ছত্রভঙ্গ কৰিলে, তেতিয়া চলমোন পর্বতৰ ওপৰত বৰফ পৰিছিল। 15 হে বিশাল পর্বত, বাচান পাহাৰৰ বিশাল পর্বত; হে অনেক শৃঙ্গ সম্বলিত পর্বত, বাচান পাহাৰৰ পর্বত! 16 হে অনেক শৃঙ্গ সম্বলিত পর্বত, ঈশ্বৰে যি পর্বতক নিজৰ আবাসৰ বাবে বাচি লৈছে, তালৈ তুমি হিংসা দৃষ্টিৰে কিয় চাই আছা? সেই ঠাইতেই যিহোৱাই চিৰকাললৈকে বাস কৰিব। 17 ঈশ্বৰৰ শক্তিশালী ৰথ হাজাৰ হাজাৰ, লাখ লাখ; যিহোৱা চীনয় পর্বতৰ পৰা পবিত্র স্থানলৈ আহিব[‡ যিহোৱা তাৰ মাজত আছে, চীনয় পর্বত পবিত্ৰ স্থান। ]। 18 তুমি যেতিয়া ওখ পর্বতত উঠিলা, তুমি যুদ্ধ-বন্দীসকলক বন্দী কৰি লৈ গ’লা; লোকসকলৰ পৰা, এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰা সকলৰ পৰাও অনেক দান আহিছিল, যাতে হে ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ মাজত থাকিব পাৰা। 19 প্রতিদিনে আমাৰ বোজা বহন কৰা যিহোৱা ধন্য; তেৱেঁই আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ। (চেলা) 20 আমাৰ ঈশ্বৰ হৈছে পৰিত্রাণৰ ঈশ্বৰ। যিহোৱা ঈশ্বৰে মৃত্যুৰ পৰা ৰক্ষা কৰে। 21 কিন্তু ঈশ্বৰে নিজ শত্ৰুবোৰৰ মূৰ চূৰ্ণ কৰিব, যিসকলে কুপথত চলি থাকে, চুলিৰে পূর্ণ হৈ থকা সেই সকলো লোকৰ মূৰৰ লাউখোলা তেওঁ গুড়ি কৰিব। 22 প্ৰভুৱে ক’লে, “মই বাচান দেশৰ পৰা তেওঁলোকক লৈ আনিম; সমুদ্রৰ গভীৰ তলৰ পৰা তেওঁলোকক তুলি আনিম, 23 যাতে শত্রুবোৰৰ তেজত তুমি তোমাৰ ভৰি জুবুৰিয়াব পাৰা, আৰু তোমাৰ কুকুৰবোৰৰ জিভাই যেন তাক ইচ্ছা মতে চেলেকি নিজৰ ভাগ পাব পাৰে।” 24 হে ঈশ্বৰ, লোকসকলে তোমাৰ আড়ম্বৰপূর্ণ যাত্রা দেখিছে; পবিত্ৰ স্থানলৈ যোৱা মোৰ ঈশ্বৰ, মোৰ ৰজাৰ যাত্রা দেখিছে। 25 আগত গায়নসকল গৈছে, শেষত গৈছে বাদ্যযন্ত্রৰ বায়নসকল, খঞ্জৰী বজোৱা ছোৱালীবোৰ তেওঁলোকৰ মাজত গৈছে। 26 তোমালোকে বৃহৎ সমাজবোৰৰ মাজত ঈশ্বৰৰ ধন্যবাদ কৰা; হে ইস্ৰায়েল-ভুমুকৰ পৰা ওলোৱা বংশধৰসকল, যিহোৱাৰ ধন্যবাদ কৰা। 27 তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিন্যামীন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা, তেওঁৰ বংশ গৈছে; সৌৱা যিহূদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল, সৌৱা জবূলূনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে। 28 হে ঈশ্বৰ, তোমাৰ পৰাক্রমৰ আজ্ঞা দিয়া[§ শক্তি থকা আজ্ঞা মোক দিয়া। ]; হে ঈশ্বৰ, তোমাৰ শক্তি প্রদর্শন কৰা, যেনেকৈ আগেয়ে তুমি আমাৰ পক্ষে কার্য প্রদর্শন কৰিছিলা। 29 যিৰূচালেমত তোমাৰ মন্দিৰ থকাৰ কাৰণে ৰজাসকলে তোমাৰ উদ্দেশ্যে উপহাৰ লৈ যাব। 30 নলনিৰ বনৰীয়া জন্তু সেই মিচৰক তুমি ধমকি দিয়া; বলদে নিজৰ দামুৰিৰ জাকবোৰক নিয়ন্ত্রণ কৰাৰ দৰে সেই সকলো জাতিবোৰক ধমকি দিয়া। যিসকলে উপহাৰ কামনা কৰে, তেওঁলোকক তোমাৰ ভৰিৰ তলত গচকিবা; যি জাতিয়ে যুদ্ধ ভাল পায়, তেওঁলোকক সিচঁৰিত কৰা। 31 মিচৰৰ পৰা ৰাষ্ট্রদূতসকল আহিব; কুচে* কুচে ইথিওপিয়া ততালিকে ঈশ্বৰলৈ নিজৰ হাত মেলিব। 32 হে পৃথিবীৰ সকলো ৰাজ্য, ঈশ্বৰৰ উদ্দেশ্যে গান কৰা, যিহোৱাৰ স্তুতিগান কৰা। (চেলা) 33 তোমালোকে অনাদি কালৰ পৰা অৱস্থান কৰা আকাশৰ মাজেদি ৰথত উঠি চলাচল কৰা জনাৰ উদ্দেশ্যে গান কৰা। শুনা, তেওঁৰ স্বৰ; তেওঁ উচ্চ স্বৰেৰে কথা কৈছে। 34 ঈশ্বৰৰ পৰাক্ৰম ঘোষণা কৰা; তেওঁৰ মহিমা ইস্ৰায়েলৰ ওপৰত আছে আৰু আকাশ জুৰি তেওঁৰ পৰাক্ৰম প্রকাশ হৈ আছে। 35 হে ঈশ্বৰ, তোমাৰ পবিত্ৰ স্থানত তোমাৰ উপস্থিতিয়ে ভয় জগাই তোলে। ইস্ৰায়েলৰ ঈশ্বৰেই নিজ লোকক বল আৰু শক্তি দান কৰে। ঈশ্বৰৰ প্রশংসা হওঁক!
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত, সঙ্গীত। } ঈশ্বৰ উঠক; তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওঁক; তেওঁক ঘিণাওঁতাবিলাক তেওঁৰ আগৰ পৰা দূৰ হওঁক। 2. ধোঁৱাৰ দৰে তুমি তেওঁলোকক উৰুৱাই নিয়া; মম যেনেকৈ জুইৰ ওচৰত গলি যায়, তেনেকৈ দুষ্টবোৰ ঈশ্বৰৰ সন্মুখত বিনষ্ট হওঁক। 3. কিন্তু ধাৰ্মিকসকলে আনন্দ কৰক, ঈশ্বৰৰ সাক্ষাতে উল্লাস কৰক; তেওঁলোকে আনন্দ কৰি উল্লাস কৰক। 4. তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা; মৰুভূমি[* তেওঁ মেঘৰ মাজেদি ৰথত আহিছে। কিছুমান অনুলিপিত আছে - প্ৰভু যেনেকৈ চীনয় পবিত্ৰ স্থানত আছিল, তেনেকৈ সেইবোৰৰ মাজতো আছে। ]ৰ মাজেদি যি জন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা; তেওঁৰ নাম যিহোৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা। 5. ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা[† ৰক্ষাকর্তা ]। 6. অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে। 7. হে ঈশ্বৰ, তুমি যেতিয়া মৰুভূমিৰ মাজেদি তোমাৰ লোক সকলৰ আগে আগে গৈছিলা, [চেলা] 8. তেতিয়া পৃথিৱী কঁপি উঠিছিল আৰু আকাশেও বৰষুণ বর্ষাইছিল; এই সকলোবোৰ হৈছিল ঈশ্বৰৰ সাক্ষাতে, চীনয় পর্বতৰ, সেই ঈশ্বৰৰ উপস্থিতিত; ঈশ্বৰৰ সাক্ষাতে, ইস্ৰায়েলৰ ঈশ্বৰৰ উপস্থিতিত। 9. হে ঈশ্বৰ, তুমি প্রচুৰ পৰিমাণে বৰষুণ বৰষাইছিলা; তুমি তোমাৰ শুকান দেশত পুনৰায় নিজৰ আধিপত্য শক্তিশালী কৰি তুলিলা। 10. তোমাৰ নিজৰ লোকসকলে তাত বাস কৰিলে; হে ঈশ্বৰ, তোমাৰ দয়াৰে তুমি দৰিদ্ৰসকলৰ অভাৱ পূৰণ কৰিছিলা। 11. যিহোৱাই লোক সমূহক আদেশ দিয়ে; সু-সংবাদ ঘোষণাকাৰী মহিলাসকল সংখ্যাত বৃহৎ দল। 12. তেওঁলোকে ঘোষণা কৰে, “সৈন্যদলৰ ৰজাসকল পলাই গৈছে, পলাই গৈছে!” ঘৰৰ গৃহিণীসকলে যুদ্ধৰ লুটদ্ৰব্য ভাগ বাঁটি লৈছে: 13. যদিও তেওঁলোকে মেৰ-ছাগৰ গঁৰালবোৰৰ মাজত থাকে - তথাপি তেওঁলোকে ৰূপেৰে আবৃত হোৱা কপৌৰ ডেউকা আৰু তাৰ সোণোৱালী পাখি পাব। 14. সৰ্ব্বশক্তিমান ঈশ্বৰে যেতিয়া দেশৰ মাজত ৰজাসকলক ছত্রভঙ্গ কৰিলে, তেতিয়া চলমোন পর্বতৰ ওপৰত বৰফ পৰিছিল। 15. হে বিশাল পর্বত, বাচান পাহাৰৰ বিশাল পর্বত; হে অনেক শৃঙ্গ সম্বলিত পর্বত, বাচান পাহাৰৰ পর্বত! 16. হে অনেক শৃঙ্গ সম্বলিত পর্বত, ঈশ্বৰে যি পর্বতক নিজৰ আবাসৰ বাবে বাচি লৈছে, তালৈ তুমি হিংসা দৃষ্টিৰে কিয় চাই আছা? সেই ঠাইতেই যিহোৱাই চিৰকাললৈকে বাস কৰিব। 17. ঈশ্বৰৰ শক্তিশালী ৰথ হাজাৰ হাজাৰ, লাখ লাখ; যিহোৱা চীনয় পর্বতৰ পৰা পবিত্র স্থানলৈ আহিব[‡ যিহোৱা তাৰ মাজত আছে, চীনয় পর্বত পবিত্ৰ স্থান। ]। 18. তুমি যেতিয়া ওখ পর্বতত উঠিলা, তুমি যুদ্ধ-বন্দীসকলক বন্দী কৰি লৈ গ’লা; লোকসকলৰ পৰা, এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰা সকলৰ পৰাও অনেক দান আহিছিল, যাতে হে ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ মাজত থাকিব পাৰা। 19. প্রতিদিনে আমাৰ বোজা বহন কৰা যিহোৱা ধন্য; তেৱেঁই আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ। (চেলা) 20. আমাৰ ঈশ্বৰ হৈছে পৰিত্রাণৰ ঈশ্বৰ। যিহোৱা ঈশ্বৰে মৃত্যুৰ পৰা ৰক্ষা কৰে। 21. কিন্তু ঈশ্বৰে নিজ শত্ৰুবোৰৰ মূৰ চূৰ্ণ কৰিব, যিসকলে কুপথত চলি থাকে, চুলিৰে পূর্ণ হৈ থকা সেই সকলো লোকৰ মূৰৰ লাউখোলা তেওঁ গুড়ি কৰিব। 22. প্ৰভুৱে ক’লে, “মই বাচান দেশৰ পৰা তেওঁলোকক লৈ আনিম; সমুদ্রৰ গভীৰ তলৰ পৰা তেওঁলোকক তুলি আনিম, 23. যাতে শত্রুবোৰৰ তেজত তুমি তোমাৰ ভৰি জুবুৰিয়াব পাৰা, আৰু তোমাৰ কুকুৰবোৰৰ জিভাই যেন তাক ইচ্ছা মতে চেলেকি নিজৰ ভাগ পাব পাৰে।” 24. হে ঈশ্বৰ, লোকসকলে তোমাৰ আড়ম্বৰপূর্ণ যাত্রা দেখিছে; পবিত্ৰ স্থানলৈ যোৱা মোৰ ঈশ্বৰ, মোৰ ৰজাৰ যাত্রা দেখিছে। 25. আগত গায়নসকল গৈছে, শেষত গৈছে বাদ্যযন্ত্রৰ বায়নসকল, খঞ্জৰী বজোৱা ছোৱালীবোৰ তেওঁলোকৰ মাজত গৈছে। 26. তোমালোকে বৃহৎ সমাজবোৰৰ মাজত ঈশ্বৰৰ ধন্যবাদ কৰা; হে ইস্ৰায়েল-ভুমুকৰ পৰা ওলোৱা বংশধৰসকল, যিহোৱাৰ ধন্যবাদ কৰা। 27. তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিন্যামীন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা, তেওঁৰ বংশ গৈছে; সৌৱা যিহূদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল, সৌৱা জবূলূনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে। 28. হে ঈশ্বৰ, তোমাৰ পৰাক্রমৰ আজ্ঞা দিয়া[§ শক্তি থকা আজ্ঞা মোক দিয়া। ]; হে ঈশ্বৰ, তোমাৰ শক্তি প্রদর্শন কৰা, যেনেকৈ আগেয়ে তুমি আমাৰ পক্ষে কার্য প্রদর্শন কৰিছিলা। 29. যিৰূচালেমত তোমাৰ মন্দিৰ থকাৰ কাৰণে ৰজাসকলে তোমাৰ উদ্দেশ্যে উপহাৰ লৈ যাব। 30. নলনিৰ বনৰীয়া জন্তু সেই মিচৰক তুমি ধমকি দিয়া; বলদে নিজৰ দামুৰিৰ জাকবোৰক নিয়ন্ত্রণ কৰাৰ দৰে সেই সকলো জাতিবোৰক ধমকি দিয়া। যিসকলে উপহাৰ কামনা কৰে, তেওঁলোকক তোমাৰ ভৰিৰ তলত গচকিবা; যি জাতিয়ে যুদ্ধ ভাল পায়, তেওঁলোকক সিচঁৰিত কৰা। 31. মিচৰৰ পৰা ৰাষ্ট্রদূতসকল আহিব; কুচে[* কুচে ইথিওপিয়া ] ততালিকে ঈশ্বৰলৈ নিজৰ হাত মেলিব। 32. হে পৃথিবীৰ সকলো ৰাজ্য, ঈশ্বৰৰ উদ্দেশ্যে গান কৰা, যিহোৱাৰ স্তুতিগান কৰা। (চেলা) 33. তোমালোকে অনাদি কালৰ পৰা অৱস্থান কৰা আকাশৰ মাজেদি ৰথত উঠি চলাচল কৰা জনাৰ উদ্দেশ্যে গান কৰা। শুনা, তেওঁৰ স্বৰ; তেওঁ উচ্চ স্বৰেৰে কথা কৈছে। 34. ঈশ্বৰৰ পৰাক্ৰম ঘোষণা কৰা; তেওঁৰ মহিমা ইস্ৰায়েলৰ ওপৰত আছে আৰু আকাশ জুৰি তেওঁৰ পৰাক্ৰম প্রকাশ হৈ আছে। 35. হে ঈশ্বৰ, তোমাৰ পবিত্ৰ স্থানত তোমাৰ উপস্থিতিয়ে ভয় জগাই তোলে। ইস্ৰায়েলৰ ঈশ্বৰেই নিজ লোকক বল আৰু শক্তি দান কৰে। ঈশ্বৰৰ প্রশংসা হওঁক!
  • গীত অধ্যায় 1  
  • গীত অধ্যায় 2  
  • গীত অধ্যায় 3  
  • গীত অধ্যায় 4  
  • গীত অধ্যায় 5  
  • গীত অধ্যায় 6  
  • গীত অধ্যায় 7  
  • গীত অধ্যায় 8  
  • গীত অধ্যায় 9  
  • গীত অধ্যায় 10  
  • গীত অধ্যায় 11  
  • গীত অধ্যায় 12  
  • গীত অধ্যায় 13  
  • গীত অধ্যায় 14  
  • গীত অধ্যায় 15  
  • গীত অধ্যায় 16  
  • গীত অধ্যায় 17  
  • গীত অধ্যায় 18  
  • গীত অধ্যায় 19  
  • গীত অধ্যায় 20  
  • গীত অধ্যায় 21  
  • গীত অধ্যায় 22  
  • গীত অধ্যায় 23  
  • গীত অধ্যায় 24  
  • গীত অধ্যায় 25  
  • গীত অধ্যায় 26  
  • গীত অধ্যায় 27  
  • গীত অধ্যায় 28  
  • গীত অধ্যায় 29  
  • গীত অধ্যায় 30  
  • গীত অধ্যায় 31  
  • গীত অধ্যায় 32  
  • গীত অধ্যায় 33  
  • গীত অধ্যায় 34  
  • গীত অধ্যায় 35  
  • গীত অধ্যায় 36  
  • গীত অধ্যায় 37  
  • গীত অধ্যায় 38  
  • গীত অধ্যায় 39  
  • গীত অধ্যায় 40  
  • গীত অধ্যায় 41  
  • গীত অধ্যায় 42  
  • গীত অধ্যায় 43  
  • গীত অধ্যায় 44  
  • গীত অধ্যায় 45  
  • গীত অধ্যায় 46  
  • গীত অধ্যায় 47  
  • গীত অধ্যায় 48  
  • গীত অধ্যায় 49  
  • গীত অধ্যায় 50  
  • গীত অধ্যায় 51  
  • গীত অধ্যায় 52  
  • গীত অধ্যায় 53  
  • গীত অধ্যায় 54  
  • গীত অধ্যায় 55  
  • গীত অধ্যায় 56  
  • গীত অধ্যায় 57  
  • গীত অধ্যায় 58  
  • গীত অধ্যায় 59  
  • গীত অধ্যায় 60  
  • গীত অধ্যায় 61  
  • গীত অধ্যায় 62  
  • গীত অধ্যায় 63  
  • গীত অধ্যায় 64  
  • গীত অধ্যায় 65  
  • গীত অধ্যায় 66  
  • গীত অধ্যায় 67  
  • গীত অধ্যায় 68  
  • গীত অধ্যায় 69  
  • গীত অধ্যায় 70  
  • গীত অধ্যায় 71  
  • গীত অধ্যায় 72  
  • গীত অধ্যায় 73  
  • গীত অধ্যায় 74  
  • গীত অধ্যায় 75  
  • গীত অধ্যায় 76  
  • গীত অধ্যায় 77  
  • গীত অধ্যায় 78  
  • গীত অধ্যায় 79  
  • গীত অধ্যায় 80  
  • গীত অধ্যায় 81  
  • গীত অধ্যায় 82  
  • গীত অধ্যায় 83  
  • গীত অধ্যায় 84  
  • গীত অধ্যায় 85  
  • গীত অধ্যায় 86  
  • গীত অধ্যায় 87  
  • গীত অধ্যায় 88  
  • গীত অধ্যায় 89  
  • গীত অধ্যায় 90  
  • গীত অধ্যায় 91  
  • গীত অধ্যায় 92  
  • গীত অধ্যায় 93  
  • গীত অধ্যায় 94  
  • গীত অধ্যায় 95  
  • গীত অধ্যায় 96  
  • গীত অধ্যায় 97  
  • গীত অধ্যায় 98  
  • গীত অধ্যায় 99  
  • গীত অধ্যায় 100  
  • গীত অধ্যায় 101  
  • গীত অধ্যায় 102  
  • গীত অধ্যায় 103  
  • গীত অধ্যায় 104  
  • গীত অধ্যায় 105  
  • গীত অধ্যায় 106  
  • গীত অধ্যায় 107  
  • গীত অধ্যায় 108  
  • গীত অধ্যায় 109  
  • গীত অধ্যায় 110  
  • গীত অধ্যায় 111  
  • গীত অধ্যায় 112  
  • গীত অধ্যায় 113  
  • গীত অধ্যায় 114  
  • গীত অধ্যায় 115  
  • গীত অধ্যায় 116  
  • গীত অধ্যায় 117  
  • গীত অধ্যায় 118  
  • গীত অধ্যায় 119  
  • গীত অধ্যায় 120  
  • গীত অধ্যায় 121  
  • গীত অধ্যায় 122  
  • গীত অধ্যায় 123  
  • গীত অধ্যায় 124  
  • গীত অধ্যায় 125  
  • গীত অধ্যায় 126  
  • গীত অধ্যায় 127  
  • গীত অধ্যায় 128  
  • গীত অধ্যায় 129  
  • গীত অধ্যায় 130  
  • গীত অধ্যায় 131  
  • গীত অধ্যায় 132  
  • গীত অধ্যায় 133  
  • গীত অধ্যায় 134  
  • গীত অধ্যায় 135  
  • গীত অধ্যায় 136  
  • গীত অধ্যায় 137  
  • গীত অধ্যায় 138  
  • গীত অধ্যায় 139  
  • গীত অধ্যায় 140  
  • গীত অধ্যায় 141  
  • গীত অধ্যায় 142  
  • গীত অধ্যায় 143  
  • গীত অধ্যায় 144  
  • গীত অধ্যায় 145  
  • গীত অধ্যায় 146  
  • গীত অধ্যায় 147  
  • গীত অধ্যায় 148  
  • গীত অধ্যায় 149  
  • গীত অধ্যায় 150  
×

Alert

×

Assamese Letters Keypad References