অসমীয়া বাইবেল
HOV
IRVAS
ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
English Bible
Tamil Bible
Hebrew Bible
Greek Bible
Malayalam Bible
Hindi Bible
Telugu Bible
Kannada Bible
Gujarati Bible
Punjabi Bible
Urdu Bible
Bengali Bible
Oriya Bible
Marathi Bible
অধিক
পুৰণি নিয়ম
আদি
যাত্ৰা
লেবীয়া
গননা
দ্বি.বি.
যিহো
বিচাৰ
ৰূথ
1 চমূ
2 চমূ
1 ৰাজা
2 ৰাজা
1 বংশা
2 বংশা
ইজ্ৰা
নহি
ইষ্ট
ইয়ো
গীত
হিতো
উপ
পৰম
যিচ
যিৰি
বিলা
যিহি
দানি
হোচ
যোৱে
আমো
ওবদি
যোনা
মীখ
নহূ
হব
চফ
হ্গ্গ
জখ
মলা
নতুন নিয়ম
মথি
মাৰ্ক
লূক
যোহন
পাঁচনি
ৰোমীয়া
1 কৰি
2 কৰি
গালাতীয়া
ইফিচীয়া
ফিলিপীয়া
কলচীয়া
1 থিচলনীকীয়া
2 থিচলনীকীয়া
1 তীমথিয়
2 তীমথিয়
তীত
ফিলীমন
ইব্ৰী
যাকোব
1 পিতৰ
2 পিতৰ
1 যোহন
2 যোহন
3 যোহন
যিহূদা
প্ৰকাশিত বাক্য
সন্ধান
Book of Moses
Old Testament History
Wisdom Books
প্ৰধান নবীসকল
সৰু সৰু নবীসকল
যীচু খ্ৰীষ্টৰ শুভবাৰ্তা
Acts of Apostles
Paul's Epistles
সাধাৰণ পত্ৰ
Endtime Epistles
Synoptic Gospel
Fourth Gospel
English Bible
Tamil Bible
Hebrew Bible
Greek Bible
Malayalam Bible
Hindi Bible
Telugu Bible
Kannada Bible
Gujarati Bible
Punjabi Bible
Urdu Bible
Bengali Bible
Oriya Bible
Marathi Bible
অধিক
1 চমূ
পুৰণি নিয়ম
আদি
যাত্ৰা
লেবীয়া
গননা
দ্বি.বি.
যিহো
বিচাৰ
ৰূথ
1 চমূ
2 চমূ
1 ৰাজা
2 ৰাজা
1 বংশা
2 বংশা
ইজ্ৰা
নহি
ইষ্ট
ইয়ো
গীত
হিতো
উপ
পৰম
যিচ
যিৰি
বিলা
যিহি
দানি
হোচ
যোৱে
আমো
ওবদি
যোনা
মীখ
নহূ
হব
চফ
হ্গ্গ
জখ
মলা
নতুন নিয়ম
মথি
মাৰ্ক
লূক
যোহন
পাঁচনি
ৰোমীয়া
1 কৰি
2 কৰি
গালাতীয়া
ইফিচীয়া
ফিলিপীয়া
কলচীয়া
1 থিচলনীকীয়া
2 থিচলনীকীয়া
1 তীমথিয়
2 তীমথিয়
তীত
ফিলীমন
ইব্ৰী
যাকোব
1 পিতৰ
2 পিতৰ
1 যোহন
2 যোহন
3 যোহন
যিহূদা
প্ৰকাশিত বাক্য
14
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
ৰেকৰ্ডসমূহ
গীত 3:99 (02 01 am)
1 চমূ 14:0 (02 01 am)
Whatsapp
Instagram
Facebook
Linkedin
Pinterest
Tumblr
Reddit
1 চমূ অধ্যায় 14
1
2
এদিন চৌলৰ পুত্ৰ যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহাঁ আমি পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্য দলৰ আন দিশে যাওঁ।” কিন্তু তেওঁ এই কথা পিতৃক নক’লে।
সেই সময়ত চৌল গিবিয়াৰ বাহিৰ ভাগৰ মিগ্ৰোণত থকা এজোপা ডালিম গছৰ তলত আছিল। তেওঁৰ লগত প্ৰায় ছশ লোক আছিল,
3
তেওঁলোকৰ সৈতে যিহোৱাৰ পুৰোহিত এলী চীলোত আছিল, তেওঁৰ পৰিনাতি পীনহচৰ নাতি ঈখাবোদৰ ককায়েক অহীটুবৰ পুত্ৰ যি অহিয়া তেওঁ এফোদ বস্ত্ৰ পিন্ধি তেওঁৰ লগত আছিল; আৰু যোনাথন যে গ’ল, সেই কথা লোকসকলে জনা নাছিল।
4
যিবোৰ বাটেৰে যোনাথনে পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্যদলৰ ওচৰলৈ যাব খুজিছিল, সেইবোৰ বাটৰ দুয়োকাষে ওখ শিলৰ পাহাৰ আছিল। এফালৰ শিলৰ পাহাৰটোৰ নাম বোচেচ আৰু আন ফালৰ পাহাৰটোৰ নাম চেনি।
5
তাৰ মাজৰ এটা উত্তৰফালে মিকমচৰ সন্মুখত আৰু দ্বিতীয়টো দক্ষিণফালে গেবাৰ সন্মুখত জোঙা হৈ উঠিছিল।
6
যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহা, আমি সেই অচুন্নৎ নগৰ ৰক্ষী সৈন্য দলক অতিক্ৰম কৰি যাওঁ, যিহোৱাই হয়তো আমাৰ পক্ষে কাম কৰিব; কাৰণ বহু লোকৰ পৰাই হওঁক বা কম সংখ্যক লোকৰ পৰাই হওঁক, উদ্ধাৰ কৰিবলৈ যিহোৱাক বাধা কৰোঁতা কোনো নাই।”
7
তেওঁৰ অস্ত্ৰবাহকে ক’লে, “আপুনি মনত যি ভাবিছে তাকেই কৰক; আপুনি আগুৱাই যাওক; মই আপোনাৰ লগত আছোঁ, আপুনি যি আদেশ দিয়ে মই পালন কৰিম।”
8
তাৰ পাছত যোনাথনে ক’লে, “আমি সেই লোক সকলৰ ফালে আগুৱাই গৈ তেওঁলোকক দেখা দিওঁ।
9
যদি তেওঁলোকে আমাক কয়, ‘আমি তোমালোকৰ ওচৰলৈ নোযোৱালৈকে অপেক্ষা কৰা, তেনেহ’লে আমি নিজ ঠাইতে থাকিম, তেওঁলোকৰ ওচৰলৈ নাযাওঁ।
10
কিন্তু তেওঁলোকে যদি কয়, ‘আমাৰ ওচৰলৈ আহাঁ’, তেনেহ’লে আমি যাম; কাৰণ যিহোৱাই যে, তেওঁলোকক আমাৰ হাতত শোধাই দিলে; এয়ে আমালৈ চিন হ’ব।”
11
তাৰ পাছত তেওঁলোক দুয়োজনে পলেষ্টীয়াসকলৰ সৈন্যদলৰ আগত নিজক দেখা দিওঁতে পলেষ্টীয়াসকলে ক’লে, “সৌৱা চোৱা, ইব্ৰীয়াসকল যি যি গাতত লুকাই আছিল সেইবোৰৰ এতিয়া ওলাই আহিছে।”
12
পাছত সেই নগৰ ৰক্ষী সৈন্যদলৰ লোকসকলে যোনাথন আৰু অস্ত্ৰবাহকক মাতি ক’লে, “আমাৰ ওচৰলৈ উঠি আহাঁ, আমি তোমালোকক কিছুমান বস্তু দেখুৱাম।” যোনাথনে তেওঁৰ অস্ত্ৰবাহকক ক’লে, “মোৰ পাছে পাছে উঠি আহাঁ, কাৰণ যিহোৱাই তেওঁলোকক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰিলে।”
13
যোনাথনে হাতে-ভৰিয়ে বগাই উঠি গ’ল আৰু তেওঁৰ অস্ত্ৰবাহক তেওঁৰ পাছত গ’ল; সেই সময়ত লোকসকল যোনাথনৰ সন্মুখত মৃত্যু মুখত পৰিল আৰু তেওঁৰ অস্ত্ৰবাহকে তাৰে কিছুমানক বধ কৰিলে।
14
যোনাথন আৰু তেওঁৰ অস্ত্ৰবাহকে কৰা এই প্ৰথম আক্ৰমণত এক একৰ মাটিৰ প্ৰায় আধা সীৰলু দৈর্ঘ্যত প্ৰায় বিশ জন মান লোকক বধ কৰিলে।
15
তাতে ছাউনিত, পথাৰত, আৰু লোকসকলৰ মাজত আতংক হ’ল, আনকি নগৰৰ প্ৰহৰী সৈন্যদল আৰু আক্ৰমণকাৰীসকলৰ মাজতো আতংকৰ সৃষ্টি হ’ল। তাতে ভয়ানক আতংকৰ সৃষ্টি হ’ল।
16
তেতিয়া বিন্যামীনৰ গিবীয়াত থকা চৌলৰ প্ৰহৰীসকলে দেখিলে যে, লোক সমূহ ছিন্ন-ভিন্ন হৈ ইফালে-সিফালে গৈছে।
17
তাতে চৌলে তেওঁৰ লগত থকা লোকসকলক ক’লে, “গণি চোৱা আমাৰ মাজৰ কোন হেৰাল।” যেতিয়া তেওঁলোকে গণি চালে, তেতিয়া যোনাথন আৰু তেওঁৰ অস্ত্ৰবাহকক নাপালে।
18
চৌলে অহিয়াক ক’লে, “ঈশ্বৰৰ কার্যৰ বাবে ব্যৱহাৰিত হোৱা এফোদ বস্ত্ৰ ইয়ালৈ আনা।” কাৰণ সেই দিনা ইস্ৰায়েলৰ সৈন্যসকলৰ সৈতে অহিয়াই এফোদ বস্ত্ৰ পিন্ধি আছিল।
19
যেতিয়া চৌলে পুৰোহিতৰ লগত কথা পাতি আছিল, তেতিয়া পলেষ্টীয়াসকলৰ ছাউনিত একেৰাহে উত্তেজনা বৃদ্ধি হৈ গৈছিল। তাতে চৌলে পুৰোহিতক ক’লে, “আপোনাৰ হাত গুচাওক।”
20
তাৰ পাছত চৌল আৰু তেওঁৰ লগত থকা লোকসকল গোট খাই ৰণলৈ গ’ল। প্ৰত্যেক জন ফিলষ্টীয়ানৰ তৰোৱাল তেওঁৰ দেশৰ লোকসকলৰ বিৰুদ্ধে উঠিল আৰু তাত অধিক ভুল বুজা-বুজি হ’ল।
21
পূর্বৰে পৰা পলেষ্টীয়াসকলৰ লগত থকা ইব্ৰীয়াসকল, আৰু যি সকল তেওঁলোকৰ লগত ছাউনিলৈ গৈছিল, তেওঁলোকেও চৌল আৰু যোনাথনৰ লগত থকা ইস্ৰায়েলী লোক সকলৰ লগত যোগ দিছিল।
22
যেতিয়া ইস্ৰায়েল লোকসকল ইফ্ৰয়িম পৰ্বতীয়া অঞ্চলত লুকাই আছিল, তেতিয়া তেওঁলোকে পলেষ্টীয়াসকলৰ পলোৱাৰ বাতৰি শুনাৰ পাছতো তেওঁলোকৰ পাছে পাছে যুদ্ধ ক্ষেত্ৰলৈ খেদি গ’ল।
23
সেয়ে যিহোৱাই সেইদিনাই ইস্ৰায়েলক উদ্ধাৰ কৰিলে আৰু বৈৎ-আবন অতিক্ৰম কৰি যুদ্ধ কৰি গ’ল।
24
সেইদিনা ইস্ৰায়েল লোকসকল ক্লেশত পৰিলে কাৰণ চৌলে তেওঁলোকক শপত দি ক’লে, “মই শত্ৰুবোৰক প্ৰতিশোধ নোলোৱলৈকে সন্ধ্যাৰ আগেয়ে যি কোনোৱে আহাৰ কৰিব, সি অভিশপ্ত হ’ব।” এই কাৰণে কোনেও আহাৰ গ্ৰহণ নকৰিলে।
25
তাৰ পাছত সকলো লোক অৰণ্যলৈ সোমাই গ’ল আৰু তাত মাটিৰ ওপৰত মৌ আছিল।
26
যেতিয়া তেওঁলোক অৰণ্যত সোমাই গৈছিল, তেতিয়া সেই মৌ বৈ থকা দেখিও কোনেও নাখালে কাৰণ লোকসকলে সেই শপতলৈ ভয় কৰিলে।
27
কিন্তু যোনাথনে তেওঁৰ পিতৃয়ে লোকসকলক দিয়া শপতৰ কথা শুনা নাছিল। সেই কাৰণে তেওঁ নিজৰ হাতত থকা লাখুটিৰ আগ মৌ-ছাকৰ মাজত সোমোৱাই দিলে আৰু হাতত লৈ মুখত দিলে; তাতে তেওঁৰ চকু উজ্জ্বল[* ঈশ্বৰে তেওঁক পুনৰ শক্তি ঘূৰাই দিলে। ] হ’ল।
28
তেতিয়া লোকসকলৰ মাজৰ এজনে ক’লে, “আপোনাৰ পিতৃয়ে লোকসকলক শপত দি এই দৃঢ় আজ্ঞা কৰিছিল যে, যিজনে আজি আহাৰ কৰিব, সি অভিশপ্ত হব; যদিও লোকসকল ভোকত দুৰ্বল হ’য়।”
29
তেতিয়া যোনাথনে ক’লে, “মোৰ পিতৃয়ে ৰাজ্যক সঙ্কটত পেলাইছে। চোৱা, এই অকণমান মৌ চাকি চোৱাত মোৰ চকু কেনেদৰে উজ্জ্বল হৈ গ’ল!
30
কিমান ভাল হ’লহেতেন! আজি যদি শত্ৰুবোৰৰ লুটদ্ৰব্যৰ পৰা পোৱা আহাৰ লোকসকলে ইচ্ছামতে ভোজন কৰিবলৈ পালেহেঁতেন? কিয়নো এতিয়াও পলেষ্টীয়াসকলৰ মাজত মহা-সংহাৰ হোৱা নাই।”
31
সেইদিনা তেওঁলোকে মিকমচৰ পৰা অয়ালোনলৈকে পলেষ্টীয়াসকলক আক্ৰমণ কৰিলে। সেয়ে লোকসকল অতিশয় ক্লান্ত হ’ল।
32
তাতে লোকসকল লুভীয়া লোকৰ দৰে লুটদ্ৰব্যৰ ওচৰলৈ দৌৰি গৈ মেৰ, ছাগলী, গৰু, আৰু দামুৰি ধৰি মাটিত বধ কৰিলে আৰু তেজেৰে সৈতে মঙহ খাবলৈ ধৰিলে।
33
তেতিয়া তেওঁলোকে চৌলক ক’লে, “চাওক, লোক সকলে তেজেৰে সৈতে মঙহ ভোজন কৰি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিছে।” চৌলে ক’লে, “তোমালোক অবিশ্বাসীৰ দৰে কাম কৰিছা, এতিয়া, মোৰ ওচৰলৈ এটা ডাঙৰ শিল আনা”;
34
চৌলে পুনৰ ক’লে, “তোমালোকে লোকসকলৰ মাজলৈ যোৱা আৰু এইদৰে তেওঁলোকক কোৱা, ‘তোমালোক প্ৰতিজনে নিজ নিজ গৰু, মেৰ আৰু ছাগলী মোৰ ওচৰলৈ আনি ইয়াতে বধ কৰি ভোজন কৰা; কিন্তু তেজেৰে সৈতে মঙহ খাই যিহোৱাৰ বিৰুদ্ধে পাপ নকৰিবা’।” সেয়ে প্ৰত্যেকজন লোকে নিজ নিজ গৰু লগত আনি সেই ৰাতি সেই ঠাইতে বধ কৰিলে।
35
36
চৌলে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে; যিহোৱাৰ উদ্দেশ্যে তেওঁ নিৰ্মাণ কৰা সেয়ে প্ৰথম বেদি।
তাৰ পাছত চৌলে ক’লে, “আহা আমি এই ৰাতি পলেষ্টীয়াসকলৰ পাছত খেদি গৈ, ৰাতিপুৱা নোহোৱালৈকে তেওঁলোকৰ বস্তু লুট কৰোঁ আৰু তেওঁলোকৰ একো অৱশিষ্ট নাৰাখোহক;” তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আপোনাৰ দৃষ্টিত যি ভাল দেখে, তাকেই কৰক।” তেতিয়া পুৰোহিতে ক’লে, “আহা, আমি ইয়াতে ঈশ্বৰৰ ওচৰ চাপোঁহক।”
37
তাৰ পাছত চৌলে ঈশ্বৰ গুৰিত সুধিলে, “মই পলেষ্টীয়াসকলৰ পাছত যামনে? তুমি সিহঁতক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰিবানে?” কিন্তু সেইদিনা যিহোৱাই উত্তৰ নিদিলে।
38
তেতিয়া চৌলে ক’লে, “হে লোকসকলৰ অধিপতি সকল, তোমালোক ওচৰ চাপি আহাঁ, আৰু আজিৰ এই পাপ কি দোষত হ’ল, তাৰ বুজ-বিচাৰ কৰি চোৱা।
39
কিয়নো ইস্ৰায়েলৰ উদ্ধাৰকৰ্তা যিহোৱাৰ জীৱনৰ শপত, যদি মোৰ পুত্ৰ যোনাথনৰ দোষত এয়া হৈছে, তেনেহলে সিও নিশ্চয়কৈ মৰিব।” কিন্তু লোকসকলৰ মাজত কোনেও তেওঁক উত্তৰ নিদিলে।
40
পাছত তেওঁ গোটেই ইস্ৰায়েলক ক’লে, “তোমালোক এফালে থাকা, মই আৰু মোৰ পুত্ৰ যোনাথন আনফালে থাকিম।” তাতে লোকসকলে চৌলক ক’লে, “আপোনাৰ দৃ্ষ্টিত যি ভাল দেখে, তাকেই কৰক।”
41
তেতিয়া চৌলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক’লে, প্ৰকৃততে কি হয়, তাক দেখুৱাই দিয়া। তাতে চিঠি খেলৰ দ্বাৰাই যোনাথন আৰু চৌলক নিৰ্ণয় কৰা হ’ল, কিন্তু লোক সমূহ এৰা পৰিল।
42
তেতিয়া চৌলে ক’লে, “মোৰ আৰু মোৰ পুত্ৰ যোনাথনৰ মাজত চিঠি খেল কৰা।” তাতে যোনাথনক নিৰ্ণয় কৰা হ’ল।
43
তেতিয়া চৌলে যোনাথনক ক’লে, “তুমি কি কৰিলা, সেই বিষয়ে মোক কোৱা;” তাতে যোনাথনে তেওঁক ক’লে, “মোৰ হাতত থকা লাখুটিৰ আগেৰে যৎকিঞ্চিৎ মৌৰস লৈ সঁচাকৈ চাকিছিলোঁ হয়; চাওঁক, মই মৰিব লগা হওঁ।”
44
পাছত চৌলে ক’লে, “যদি তুমি নমৰা, তেনেহলে ঈশ্বৰে মোলৈকে অধিক কৰক, কাৰণ হে যোনাথন তুমি অৱশ্যে মৰিব লাগিব।”
45
তেতিয়া লোকসকলে চৌলক ক’লে, “যিজনে ইস্ৰায়েলৰ মাজত এনে উদ্ধাৰ কাৰ্য সাধন কৰিলে, সেই যোনাথন মৰিব লাগিব নে? এনে নহওক; যিহোৱাৰ জীৱনৰ শপত, তেওঁ মুৰৰ এডালি চুলিও মাটিত নপৰিব; কিয়নো তেওঁ আজি ঈশ্বৰেৰে সৈতে কাৰ্য কৰিলে।” এইদৰে লোকসকলে যোনাথনক ৰক্ষা কৰা বাবে তেওঁৰ মৃত্যু নহ’ল।
46
পাছত চৌলে পলেষ্টীয়াসকলক খেদি যোৱাৰ পৰা উভটি আহিল; আৰু ফিলিষ্টীয়া সকলো নিজ নিজ ঠাইলৈ গুচি গ’ল।
47
চৌলে ইস্ৰায়েলৰ সম্পূৰ্ণ ক্ষমতা নিজৰ হাতত ল’লে। তাৰ পাছত ইস্ৰায়েলৰ চৌদিশে যিমান শত্ৰু আছিল, সেই সকলোৰে বিৰুদ্ধে তেওঁ যুদ্ধ কৰিলে। তেওঁ মোৱাব, অম্মোনীয়া, চোবাৰ ৰজা ইদোম আৰু পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰিলে। তেওঁ যি দিশত গৈছিল, সেই দিশতে শত্ৰুৰ ওপৰত জয় লাভ কৰিছিল।
48
চৌল অতি সাহিয়াল আছিল। তেওঁ অমালেকীয়াসকলকো পৰাজয় কৰিছিল। আনকি যিসকল শত্ৰুৱে ইস্ৰায়েলসকলক লুট কৰিব বিচাৰিছিল, সেই শত্ৰুবোৰৰ পৰা ইস্ৰায়েলক তেওঁ ৰক্ষা কৰিছিল।
49
চৌলৰ পুত্ৰসকলৰ নাম আছিল, যোনাথন, যিচবী, আৰু মল্কীচুৱা। তেওঁৰ দুজনী জীয়েক আছিল; ডাঙৰ জনীৰ নাম মেৰব, আৰু সৰুজনীৰ নাম মীখল।
50
চৌলৰ ভাৰ্য্যাৰ নাম আছিল অহীনোৱম, তেওঁ অহামাচৰ জীয়েক আছিল; আৰু তেওঁৰ সেনাপতিৰ নাম অবনেৰ, তেওঁ চৌলৰ দদায়েক নেৰৰ পুত্ৰ আছিল।
51
চৌলৰ পিতৃৰ নাম আছিল, কীচ। আৰু অবনেৰৰ পিতৃৰ নাম নেৰ, তেওঁ অবিয়েলৰ পুত্ৰ আছিল।
52
চৌলৰ জীৱনৰ সকলো সময়তে পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ হৈ আছিল; সেয়ে তেওঁ শক্তিশালী আৰু সাহসী বলৱান পুৰুষক দেখিলেই নিজৰ লগত ৰাখিছিল।
1 চমূ 14
1. 2. এদিন চৌলৰ পুত্ৰ যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহাঁ আমি পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্য দলৰ আন দিশে যাওঁ।” কিন্তু তেওঁ এই কথা পিতৃক নক’লে। সেই সময়ত চৌল গিবিয়াৰ বাহিৰ ভাগৰ মিগ্ৰোণত থকা এজোপা ডালিম গছৰ তলত আছিল। তেওঁৰ লগত প্ৰায় ছশ লোক আছিল, 3. তেওঁলোকৰ সৈতে যিহোৱাৰ পুৰোহিত এলী চীলোত আছিল, তেওঁৰ পৰিনাতি পীনহচৰ নাতি ঈখাবোদৰ ককায়েক অহীটুবৰ পুত্ৰ যি অহিয়া তেওঁ এফোদ বস্ত্ৰ পিন্ধি তেওঁৰ লগত আছিল; আৰু যোনাথন যে গ’ল, সেই কথা লোকসকলে জনা নাছিল। 4. যিবোৰ বাটেৰে যোনাথনে পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্যদলৰ ওচৰলৈ যাব খুজিছিল, সেইবোৰ বাটৰ দুয়োকাষে ওখ শিলৰ পাহাৰ আছিল। এফালৰ শিলৰ পাহাৰটোৰ নাম বোচেচ আৰু আন ফালৰ পাহাৰটোৰ নাম চেনি। 5. তাৰ মাজৰ এটা উত্তৰফালে মিকমচৰ সন্মুখত আৰু দ্বিতীয়টো দক্ষিণফালে গেবাৰ সন্মুখত জোঙা হৈ উঠিছিল। 6. যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহা, আমি সেই অচুন্নৎ নগৰ ৰক্ষী সৈন্য দলক অতিক্ৰম কৰি যাওঁ, যিহোৱাই হয়তো আমাৰ পক্ষে কাম কৰিব; কাৰণ বহু লোকৰ পৰাই হওঁক বা কম সংখ্যক লোকৰ পৰাই হওঁক, উদ্ধাৰ কৰিবলৈ যিহোৱাক বাধা কৰোঁতা কোনো নাই।” 7. তেওঁৰ অস্ত্ৰবাহকে ক’লে, “আপুনি মনত যি ভাবিছে তাকেই কৰক; আপুনি আগুৱাই যাওক; মই আপোনাৰ লগত আছোঁ, আপুনি যি আদেশ দিয়ে মই পালন কৰিম।” 8. তাৰ পাছত যোনাথনে ক’লে, “আমি সেই লোক সকলৰ ফালে আগুৱাই গৈ তেওঁলোকক দেখা দিওঁ। 9. যদি তেওঁলোকে আমাক কয়, ‘আমি তোমালোকৰ ওচৰলৈ নোযোৱালৈকে অপেক্ষা কৰা, তেনেহ’লে আমি নিজ ঠাইতে থাকিম, তেওঁলোকৰ ওচৰলৈ নাযাওঁ। 10. কিন্তু তেওঁলোকে যদি কয়, ‘আমাৰ ওচৰলৈ আহাঁ’, তেনেহ’লে আমি যাম; কাৰণ যিহোৱাই যে, তেওঁলোকক আমাৰ হাতত শোধাই দিলে; এয়ে আমালৈ চিন হ’ব।” 11. তাৰ পাছত তেওঁলোক দুয়োজনে পলেষ্টীয়াসকলৰ সৈন্যদলৰ আগত নিজক দেখা দিওঁতে পলেষ্টীয়াসকলে ক’লে, “সৌৱা চোৱা, ইব্ৰীয়াসকল যি যি গাতত লুকাই আছিল সেইবোৰৰ এতিয়া ওলাই আহিছে।” 12. পাছত সেই নগৰ ৰক্ষী সৈন্যদলৰ লোকসকলে যোনাথন আৰু অস্ত্ৰবাহকক মাতি ক’লে, “আমাৰ ওচৰলৈ উঠি আহাঁ, আমি তোমালোকক কিছুমান বস্তু দেখুৱাম।” যোনাথনে তেওঁৰ অস্ত্ৰবাহকক ক’লে, “মোৰ পাছে পাছে উঠি আহাঁ, কাৰণ যিহোৱাই তেওঁলোকক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰিলে।” 13. যোনাথনে হাতে-ভৰিয়ে বগাই উঠি গ’ল আৰু তেওঁৰ অস্ত্ৰবাহক তেওঁৰ পাছত গ’ল; সেই সময়ত লোকসকল যোনাথনৰ সন্মুখত মৃত্যু মুখত পৰিল আৰু তেওঁৰ অস্ত্ৰবাহকে তাৰে কিছুমানক বধ কৰিলে। 14. যোনাথন আৰু তেওঁৰ অস্ত্ৰবাহকে কৰা এই প্ৰথম আক্ৰমণত এক একৰ মাটিৰ প্ৰায় আধা সীৰলু দৈর্ঘ্যত প্ৰায় বিশ জন মান লোকক বধ কৰিলে। 15. তাতে ছাউনিত, পথাৰত, আৰু লোকসকলৰ মাজত আতংক হ’ল, আনকি নগৰৰ প্ৰহৰী সৈন্যদল আৰু আক্ৰমণকাৰীসকলৰ মাজতো আতংকৰ সৃষ্টি হ’ল। তাতে ভয়ানক আতংকৰ সৃষ্টি হ’ল। 16. তেতিয়া বিন্যামীনৰ গিবীয়াত থকা চৌলৰ প্ৰহৰীসকলে দেখিলে যে, লোক সমূহ ছিন্ন-ভিন্ন হৈ ইফালে-সিফালে গৈছে। 17. তাতে চৌলে তেওঁৰ লগত থকা লোকসকলক ক’লে, “গণি চোৱা আমাৰ মাজৰ কোন হেৰাল।” যেতিয়া তেওঁলোকে গণি চালে, তেতিয়া যোনাথন আৰু তেওঁৰ অস্ত্ৰবাহকক নাপালে। 18. চৌলে অহিয়াক ক’লে, “ঈশ্বৰৰ কার্যৰ বাবে ব্যৱহাৰিত হোৱা এফোদ বস্ত্ৰ ইয়ালৈ আনা।” কাৰণ সেই দিনা ইস্ৰায়েলৰ সৈন্যসকলৰ সৈতে অহিয়াই এফোদ বস্ত্ৰ পিন্ধি আছিল। 19. যেতিয়া চৌলে পুৰোহিতৰ লগত কথা পাতি আছিল, তেতিয়া পলেষ্টীয়াসকলৰ ছাউনিত একেৰাহে উত্তেজনা বৃদ্ধি হৈ গৈছিল। তাতে চৌলে পুৰোহিতক ক’লে, “আপোনাৰ হাত গুচাওক।” 20. তাৰ পাছত চৌল আৰু তেওঁৰ লগত থকা লোকসকল গোট খাই ৰণলৈ গ’ল। প্ৰত্যেক জন ফিলষ্টীয়ানৰ তৰোৱাল তেওঁৰ দেশৰ লোকসকলৰ বিৰুদ্ধে উঠিল আৰু তাত অধিক ভুল বুজা-বুজি হ’ল। 21. পূর্বৰে পৰা পলেষ্টীয়াসকলৰ লগত থকা ইব্ৰীয়াসকল, আৰু যি সকল তেওঁলোকৰ লগত ছাউনিলৈ গৈছিল, তেওঁলোকেও চৌল আৰু যোনাথনৰ লগত থকা ইস্ৰায়েলী লোক সকলৰ লগত যোগ দিছিল। 22. যেতিয়া ইস্ৰায়েল লোকসকল ইফ্ৰয়িম পৰ্বতীয়া অঞ্চলত লুকাই আছিল, তেতিয়া তেওঁলোকে পলেষ্টীয়াসকলৰ পলোৱাৰ বাতৰি শুনাৰ পাছতো তেওঁলোকৰ পাছে পাছে যুদ্ধ ক্ষেত্ৰলৈ খেদি গ’ল। 23. সেয়ে যিহোৱাই সেইদিনাই ইস্ৰায়েলক উদ্ধাৰ কৰিলে আৰু বৈৎ-আবন অতিক্ৰম কৰি যুদ্ধ কৰি গ’ল। 24. সেইদিনা ইস্ৰায়েল লোকসকল ক্লেশত পৰিলে কাৰণ চৌলে তেওঁলোকক শপত দি ক’লে, “মই শত্ৰুবোৰক প্ৰতিশোধ নোলোৱলৈকে সন্ধ্যাৰ আগেয়ে যি কোনোৱে আহাৰ কৰিব, সি অভিশপ্ত হ’ব।” এই কাৰণে কোনেও আহাৰ গ্ৰহণ নকৰিলে। 25. তাৰ পাছত সকলো লোক অৰণ্যলৈ সোমাই গ’ল আৰু তাত মাটিৰ ওপৰত মৌ আছিল। 26. যেতিয়া তেওঁলোক অৰণ্যত সোমাই গৈছিল, তেতিয়া সেই মৌ বৈ থকা দেখিও কোনেও নাখালে কাৰণ লোকসকলে সেই শপতলৈ ভয় কৰিলে। 27. কিন্তু যোনাথনে তেওঁৰ পিতৃয়ে লোকসকলক দিয়া শপতৰ কথা শুনা নাছিল। সেই কাৰণে তেওঁ নিজৰ হাতত থকা লাখুটিৰ আগ মৌ-ছাকৰ মাজত সোমোৱাই দিলে আৰু হাতত লৈ মুখত দিলে; তাতে তেওঁৰ চকু উজ্জ্বল[* ঈশ্বৰে তেওঁক পুনৰ শক্তি ঘূৰাই দিলে। ] হ’ল। 28. তেতিয়া লোকসকলৰ মাজৰ এজনে ক’লে, “আপোনাৰ পিতৃয়ে লোকসকলক শপত দি এই দৃঢ় আজ্ঞা কৰিছিল যে, যিজনে আজি আহাৰ কৰিব, সি অভিশপ্ত হব; যদিও লোকসকল ভোকত দুৰ্বল হ’য়।” 29. তেতিয়া যোনাথনে ক’লে, “মোৰ পিতৃয়ে ৰাজ্যক সঙ্কটত পেলাইছে। চোৱা, এই অকণমান মৌ চাকি চোৱাত মোৰ চকু কেনেদৰে উজ্জ্বল হৈ গ’ল! 30. কিমান ভাল হ’লহেতেন! আজি যদি শত্ৰুবোৰৰ লুটদ্ৰব্যৰ পৰা পোৱা আহাৰ লোকসকলে ইচ্ছামতে ভোজন কৰিবলৈ পালেহেঁতেন? কিয়নো এতিয়াও পলেষ্টীয়াসকলৰ মাজত মহা-সংহাৰ হোৱা নাই।” 31. সেইদিনা তেওঁলোকে মিকমচৰ পৰা অয়ালোনলৈকে পলেষ্টীয়াসকলক আক্ৰমণ কৰিলে। সেয়ে লোকসকল অতিশয় ক্লান্ত হ’ল। 32. তাতে লোকসকল লুভীয়া লোকৰ দৰে লুটদ্ৰব্যৰ ওচৰলৈ দৌৰি গৈ মেৰ, ছাগলী, গৰু, আৰু দামুৰি ধৰি মাটিত বধ কৰিলে আৰু তেজেৰে সৈতে মঙহ খাবলৈ ধৰিলে। 33. তেতিয়া তেওঁলোকে চৌলক ক’লে, “চাওক, লোক সকলে তেজেৰে সৈতে মঙহ ভোজন কৰি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিছে।” চৌলে ক’লে, “তোমালোক অবিশ্বাসীৰ দৰে কাম কৰিছা, এতিয়া, মোৰ ওচৰলৈ এটা ডাঙৰ শিল আনা”; 34. চৌলে পুনৰ ক’লে, “তোমালোকে লোকসকলৰ মাজলৈ যোৱা আৰু এইদৰে তেওঁলোকক কোৱা, ‘তোমালোক প্ৰতিজনে নিজ নিজ গৰু, মেৰ আৰু ছাগলী মোৰ ওচৰলৈ আনি ইয়াতে বধ কৰি ভোজন কৰা; কিন্তু তেজেৰে সৈতে মঙহ খাই যিহোৱাৰ বিৰুদ্ধে পাপ নকৰিবা’।” সেয়ে প্ৰত্যেকজন লোকে নিজ নিজ গৰু লগত আনি সেই ৰাতি সেই ঠাইতে বধ কৰিলে। 35. 36. চৌলে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে; যিহোৱাৰ উদ্দেশ্যে তেওঁ নিৰ্মাণ কৰা সেয়ে প্ৰথম বেদি। তাৰ পাছত চৌলে ক’লে, “আহা আমি এই ৰাতি পলেষ্টীয়াসকলৰ পাছত খেদি গৈ, ৰাতিপুৱা নোহোৱালৈকে তেওঁলোকৰ বস্তু লুট কৰোঁ আৰু তেওঁলোকৰ একো অৱশিষ্ট নাৰাখোহক;” তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আপোনাৰ দৃষ্টিত যি ভাল দেখে, তাকেই কৰক।” তেতিয়া পুৰোহিতে ক’লে, “আহা, আমি ইয়াতে ঈশ্বৰৰ ওচৰ চাপোঁহক।” 37. তাৰ পাছত চৌলে ঈশ্বৰ গুৰিত সুধিলে, “মই পলেষ্টীয়াসকলৰ পাছত যামনে? তুমি সিহঁতক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰিবানে?” কিন্তু সেইদিনা যিহোৱাই উত্তৰ নিদিলে। 38. তেতিয়া চৌলে ক’লে, “হে লোকসকলৰ অধিপতি সকল, তোমালোক ওচৰ চাপি আহাঁ, আৰু আজিৰ এই পাপ কি দোষত হ’ল, তাৰ বুজ-বিচাৰ কৰি চোৱা। 39. কিয়নো ইস্ৰায়েলৰ উদ্ধাৰকৰ্তা যিহোৱাৰ জীৱনৰ শপত, যদি মোৰ পুত্ৰ যোনাথনৰ দোষত এয়া হৈছে, তেনেহলে সিও নিশ্চয়কৈ মৰিব।” কিন্তু লোকসকলৰ মাজত কোনেও তেওঁক উত্তৰ নিদিলে। 40. পাছত তেওঁ গোটেই ইস্ৰায়েলক ক’লে, “তোমালোক এফালে থাকা, মই আৰু মোৰ পুত্ৰ যোনাথন আনফালে থাকিম।” তাতে লোকসকলে চৌলক ক’লে, “আপোনাৰ দৃ্ষ্টিত যি ভাল দেখে, তাকেই কৰক।” 41. তেতিয়া চৌলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক’লে, প্ৰকৃততে কি হয়, তাক দেখুৱাই দিয়া। তাতে চিঠি খেলৰ দ্বাৰাই যোনাথন আৰু চৌলক নিৰ্ণয় কৰা হ’ল, কিন্তু লোক সমূহ এৰা পৰিল। 42. তেতিয়া চৌলে ক’লে, “মোৰ আৰু মোৰ পুত্ৰ যোনাথনৰ মাজত চিঠি খেল কৰা।” তাতে যোনাথনক নিৰ্ণয় কৰা হ’ল। 43. তেতিয়া চৌলে যোনাথনক ক’লে, “তুমি কি কৰিলা, সেই বিষয়ে মোক কোৱা;” তাতে যোনাথনে তেওঁক ক’লে, “মোৰ হাতত থকা লাখুটিৰ আগেৰে যৎকিঞ্চিৎ মৌৰস লৈ সঁচাকৈ চাকিছিলোঁ হয়; চাওঁক, মই মৰিব লগা হওঁ।” 44. পাছত চৌলে ক’লে, “যদি তুমি নমৰা, তেনেহলে ঈশ্বৰে মোলৈকে অধিক কৰক, কাৰণ হে যোনাথন তুমি অৱশ্যে মৰিব লাগিব।” 45. তেতিয়া লোকসকলে চৌলক ক’লে, “যিজনে ইস্ৰায়েলৰ মাজত এনে উদ্ধাৰ কাৰ্য সাধন কৰিলে, সেই যোনাথন মৰিব লাগিব নে? এনে নহওক; যিহোৱাৰ জীৱনৰ শপত, তেওঁ মুৰৰ এডালি চুলিও মাটিত নপৰিব; কিয়নো তেওঁ আজি ঈশ্বৰেৰে সৈতে কাৰ্য কৰিলে।” এইদৰে লোকসকলে যোনাথনক ৰক্ষা কৰা বাবে তেওঁৰ মৃত্যু নহ’ল। 46. পাছত চৌলে পলেষ্টীয়াসকলক খেদি যোৱাৰ পৰা উভটি আহিল; আৰু ফিলিষ্টীয়া সকলো নিজ নিজ ঠাইলৈ গুচি গ’ল। 47. চৌলে ইস্ৰায়েলৰ সম্পূৰ্ণ ক্ষমতা নিজৰ হাতত ল’লে। তাৰ পাছত ইস্ৰায়েলৰ চৌদিশে যিমান শত্ৰু আছিল, সেই সকলোৰে বিৰুদ্ধে তেওঁ যুদ্ধ কৰিলে। তেওঁ মোৱাব, অম্মোনীয়া, চোবাৰ ৰজা ইদোম আৰু পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰিলে। তেওঁ যি দিশত গৈছিল, সেই দিশতে শত্ৰুৰ ওপৰত জয় লাভ কৰিছিল। 48. চৌল অতি সাহিয়াল আছিল। তেওঁ অমালেকীয়াসকলকো পৰাজয় কৰিছিল। আনকি যিসকল শত্ৰুৱে ইস্ৰায়েলসকলক লুট কৰিব বিচাৰিছিল, সেই শত্ৰুবোৰৰ পৰা ইস্ৰায়েলক তেওঁ ৰক্ষা কৰিছিল। 49. চৌলৰ পুত্ৰসকলৰ নাম আছিল, যোনাথন, যিচবী, আৰু মল্কীচুৱা। তেওঁৰ দুজনী জীয়েক আছিল; ডাঙৰ জনীৰ নাম মেৰব, আৰু সৰুজনীৰ নাম মীখল। 50. চৌলৰ ভাৰ্য্যাৰ নাম আছিল অহীনোৱম, তেওঁ অহামাচৰ জীয়েক আছিল; আৰু তেওঁৰ সেনাপতিৰ নাম অবনেৰ, তেওঁ চৌলৰ দদায়েক নেৰৰ পুত্ৰ আছিল। 51. চৌলৰ পিতৃৰ নাম আছিল, কীচ। আৰু অবনেৰৰ পিতৃৰ নাম নেৰ, তেওঁ অবিয়েলৰ পুত্ৰ আছিল। 52. চৌলৰ জীৱনৰ সকলো সময়তে পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ হৈ আছিল; সেয়ে তেওঁ শক্তিশালী আৰু সাহসী বলৱান পুৰুষক দেখিলেই নিজৰ লগত ৰাখিছিল।
1 চমূ অধ্যায় 1
1 চমূ অধ্যায় 2
1 চমূ অধ্যায় 3
1 চমূ অধ্যায় 4
1 চমূ অধ্যায় 5
1 চমূ অধ্যায় 6
1 চমূ অধ্যায় 7
1 চমূ অধ্যায় 8
1 চমূ অধ্যায় 9
1 চমূ অধ্যায় 10
1 চমূ অধ্যায় 11
1 চমূ অধ্যায় 12
1 চমূ অধ্যায় 13
1 চমূ অধ্যায় 14
1 চমূ অধ্যায় 15
1 চমূ অধ্যায় 16
1 চমূ অধ্যায় 17
1 চমূ অধ্যায় 18
1 চমূ অধ্যায় 19
1 চমূ অধ্যায় 20
1 চমূ অধ্যায় 21
1 চমূ অধ্যায় 22
1 চমূ অধ্যায় 23
1 চমূ অধ্যায় 24
1 চমূ অধ্যায় 25
1 চমূ অধ্যায় 26
1 চমূ অধ্যায় 27
1 চমূ অধ্যায় 28
1 চমূ অধ্যায় 29
1 চমূ অধ্যায় 30
1 চমূ অধ্যায় 31
Common Bible Languages
English Bible
Hebrew Bible
Greek Bible
South Indian Languages
Tamil Bible
Malayalam Bible
Telugu Bible
Kannada Bible
West Indian Languages
Hindi Bible
Gujarati Bible
Punjabi Bible
Other Indian Languages
Urdu Bible
Bengali Bible
Oriya Bible
Marathi Bible
×
Alert
×
Assamese Letters Keypad References