Assamese Bible Languages

Indian Language Bible Word Collections

Psalms Chapter 69

1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: চোচন্নীম সুৰত গাবলগীয়া দায়ূদৰ ৰচিত গীত। } হে ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা; কিয়নো মই জলপ্লাৱনত ডিঙিলৈ ডুবি যাব ধৰিছোঁ। 2 মই গভীৰ বোকাত তল গৈছো, তাত থিয় হবলৈ ঠাই নাই; গভীৰ জলত আহি পৰিলোঁ, ধল পানী মোৰ ওপৰৰে বৈ গৈছে। 3 মই কান্দি কান্দি ভাগৰিলোঁ, মোৰ ডিঙি শুকাই গ’ল; মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে, মোৰ চকু দুৰ্ব্বল হৈ পৰিল। 4 অকাৰণে মোক ঘিণাওঁতাসকল মোৰ মূৰৰ চুলিতকৈয়ো অধিক; অকাৰণে মোৰ শত্ৰু হৈ মোক নষ্ট কৰিব খোজাসকল অতি শক্তিশালী; মই যি চূৰ কৰা নাই, তাক মই ওলোটাই দিব লাগে। 5 হে ঈশ্বৰ, তুমিয়েই মোৰ মুৰ্খতা জানি আছা; আৰু মোৰ দোষবোৰ তোমাৰ আগত লুকাই নাথাকে। 6 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমালৈ অপেক্ষা কৰাসকল মোৰ দ্বাৰাই যেন লাজত নপৰে; হে ইস্ৰায়েলৰ ঈশ্বৰ, তোমাক বিচাৰাসকল মোৰ দ্বাৰাই অপমানিত নহওক। 7 তোমাত মই আসক্ত হোৱাৰ কাৰণে লোকসকলে মোক অপমানিত কৰে; তেওঁলোকে মোক সম্পূর্ণ ভাবে অপদস্থ কৰিলে। 8 মই মোৰ ভাইসকলৰ মাজত বিদেশী হলোঁ; তেওঁলোকে মোক বিদেশীৰ দৰে ব্যৱহাৰ কৰে। 9 কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে; আৰু তোমাক নিন্দা কৰাবিলাকৰ নিন্দা মোৰ ওপৰত পৰিল। 10 যেতিয়া মই কান্দি কান্দি লঘোনেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ[* উপবাসেৰে মই নিজকে নম্র কৰিছিলোঁ। ]; তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হ’ল। 11 যেতিয়া মই চট কাপোৰ পিন্ধি দুখ প্রকাশ কৰিছিলোঁ; তেতিয়া মই তেওঁলোকৰ দৃষ্টান্ত স্বৰূপ হলোঁ। 12 নগৰৰ দুৱাৰমুখত বহাসকলে মোৰ বিষয়ে কথা পাতে; মই মতলীয়াবোৰৰ গানৰ বিষয় হলোঁ। 13 কিন্তু হে যিহোৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ তাক তুমি গ্রহণ কৰা; তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া। 14 বোকাৰ পৰা মোক উদ্ধাৰ কৰা, ডুবি যাবলৈ নিদিবা; মোক ঘিণাওঁতাবোৰৰ পৰা আৰু গভীৰ জলৰ পৰাও মোক উদ্ধাৰ কৰা। 15 ধল পানীয়ে মোক তল নিনিয়াওক, গভীৰ জলে মোক গ্ৰাস নকৰক; আৰু মৈদামৰ মুখ মোৰ ওপৰত বন্ধ নহওক। 16 হে যিহোৱা, মোৰ প্রার্থনাৰ উত্তৰ দিয়া, কিয়নো তোমাৰ প্ৰতিজ্ঞা বিশ্বস্ততা উত্তম; তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোলৈ মুখ ঘূৰুৱা। 17 তোমাৰ দাসৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা; কাৰণ মই সঙ্কটত আছোঁ; শীঘ্ৰে মোক উত্তৰ দিয়া। 18 তুমি মোৰ ওচৰ চাপি মোৰ প্ৰাণ মুক্ত কৰা; মোৰ মুক্তিপণ দি শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা। 19 মোৰ অপযশ, লাজ, আৰু অপমান তুমিয়েই জানি আছা; মোৰ সকলো প্রতিদ্বন্দী তোমাৰ আগত আছে। 20 তীব্র তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল; কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালোঁ, কিন্তু কোনো নাছিল; শান্ত্বনা কৰাসকললৈ অপেক্ষা কৰিলোঁ, কিন্তু এজনো নাপালোঁ। 21 তেওঁলোকে মোক আহাৰৰ বাবে বিহ দিলে; মোৰ পিয়াহত তেওঁলোকে মোক টেঙা ৰস পান কৰালে। 22 তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফান্দৰ দৰে হ’ব; আৰু তেওঁলোকৰ সম্পত্তিয়ে তেওঁলোকক জালত পেলাব[† তেওঁলোকৰ উৎসর্গিত আহাৰে তেওঁলোকৰ বন্ধুৰ কাৰণে ফান্দ স্বৰূপ হ’ব। কিছুমান অনুলিপিত আছে - তেওঁলোকে নিৰাপদে আছোঁ বুলি ভাবে, তেতিয়া তেওঁলোক জালত পৰিব। ]। 23 তেওঁলোকে কেতিয়াও দেখা নাপাবলৈ তেওঁলোকৰ চকু অন্ধ হওক; তুমি তেওঁলোকৰ কঁকাল সদায় কঁপি থকা কৰা। 24 তেওঁলোকৰ ওপৰত তোমাৰ অতিশয় ক্ৰোধ দেখুৱা; তোমাৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকক আতঙ্কগ্রস্থ কৰক। 25 তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক; তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক। 26 কিয়নো তেওঁলোকক নির্যাতন কৰা জনকেই তুমি প্রহাৰ কৰা; তেওঁলোকে তুমি শাস্তি দিয়া সকলৰ দুখৰ বিষয়ে কথা পাতে। 27 তুমি তেওঁলোকৰ অপৰাধৰ ওপৰত অপৰাধ যোগ দিয়া; তেওঁলোকে তোমাৰ ধাৰ্মিকতাৰ ভাগী নহওক। 28 জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক; আৰু ধাৰ্মিকসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক। 29 কিন্তু মই হলে, দুখ আৰু বেদনা পাইছো; হে ঈশ্বৰ, তোমাৰ পৰিত্ৰাণে মোক উন্নত কৰক। 30 মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম; ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম। 31 তেওঁলোকৰ অনুগ্রহ যিহোৱালৈ ভতৰা গৰুতকৈ উত্তম; নাইবা শিং আৰু খুৰা থকা ভতৰাতকৈয়ো, সেয়ে যিহোৱাক অধিক সন্তোষ দিব। 32 নম্ৰসকলে তাকে দেখি আনন্দিত হ’ব; হে ঈশ্বৰক বিচাৰাসকল তোমালোকৰ হৃদয় পুনৰ্জীৱিত হওক। 33 কিয়নো যিহোৱাই দৰিদ্ৰসকললৈ কাণ পাতে; আৰু তেওঁ নিজৰ বন্দীয়াৰসকলক হেয়জ্ঞান নকৰে। 34 আকাশ আৰু পৃথিবীয়ে তেওঁৰ প্ৰশংসা কৰক; সাগৰ আৰু তাৰ মাজত চৰি ফুৰা সমুদায় প্ৰাণীয়ে তেওঁৰ স্তুতি কৰক। 35 কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব; লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব। 36 তেওঁৰ দাসবোৰৰ বংশয়ো তাক অধিকাৰ কৰিব; তেওঁৰ নাম প্ৰেম কৰোঁতাসকলে তাত বাস কৰিব।
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: চোচন্নীম সুৰত গাবলগীয়া দায়ূদৰ ৰচিত গীত। } হে ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা; কিয়নো মই জলপ্লাৱনত ডিঙিলৈ ডুবি যাব ধৰিছোঁ। .::. 2 মই গভীৰ বোকাত তল গৈছো, তাত থিয় হবলৈ ঠাই নাই; গভীৰ জলত আহি পৰিলোঁ, ধল পানী মোৰ ওপৰৰে বৈ গৈছে। .::. 3 মই কান্দি কান্দি ভাগৰিলোঁ, মোৰ ডিঙি শুকাই গ’ল; মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে, মোৰ চকু দুৰ্ব্বল হৈ পৰিল। .::. 4 অকাৰণে মোক ঘিণাওঁতাসকল মোৰ মূৰৰ চুলিতকৈয়ো অধিক; অকাৰণে মোৰ শত্ৰু হৈ মোক নষ্ট কৰিব খোজাসকল অতি শক্তিশালী; মই যি চূৰ কৰা নাই, তাক মই ওলোটাই দিব লাগে। .::. 5 হে ঈশ্বৰ, তুমিয়েই মোৰ মুৰ্খতা জানি আছা; আৰু মোৰ দোষবোৰ তোমাৰ আগত লুকাই নাথাকে। .::. 6 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমালৈ অপেক্ষা কৰাসকল মোৰ দ্বাৰাই যেন লাজত নপৰে; হে ইস্ৰায়েলৰ ঈশ্বৰ, তোমাক বিচাৰাসকল মোৰ দ্বাৰাই অপমানিত নহওক। .::. 7 তোমাত মই আসক্ত হোৱাৰ কাৰণে লোকসকলে মোক অপমানিত কৰে; তেওঁলোকে মোক সম্পূর্ণ ভাবে অপদস্থ কৰিলে। .::. 8 মই মোৰ ভাইসকলৰ মাজত বিদেশী হলোঁ; তেওঁলোকে মোক বিদেশীৰ দৰে ব্যৱহাৰ কৰে। .::. 9 কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে; আৰু তোমাক নিন্দা কৰাবিলাকৰ নিন্দা মোৰ ওপৰত পৰিল। .::. 10 যেতিয়া মই কান্দি কান্দি লঘোনেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ[* উপবাসেৰে মই নিজকে নম্র কৰিছিলোঁ। ]; তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হ’ল। .::. 11 যেতিয়া মই চট কাপোৰ পিন্ধি দুখ প্রকাশ কৰিছিলোঁ; তেতিয়া মই তেওঁলোকৰ দৃষ্টান্ত স্বৰূপ হলোঁ। .::. 12 নগৰৰ দুৱাৰমুখত বহাসকলে মোৰ বিষয়ে কথা পাতে; মই মতলীয়াবোৰৰ গানৰ বিষয় হলোঁ। .::. 13 কিন্তু হে যিহোৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ তাক তুমি গ্রহণ কৰা; তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া। .::. 14 বোকাৰ পৰা মোক উদ্ধাৰ কৰা, ডুবি যাবলৈ নিদিবা; মোক ঘিণাওঁতাবোৰৰ পৰা আৰু গভীৰ জলৰ পৰাও মোক উদ্ধাৰ কৰা। .::. 15 ধল পানীয়ে মোক তল নিনিয়াওক, গভীৰ জলে মোক গ্ৰাস নকৰক; আৰু মৈদামৰ মুখ মোৰ ওপৰত বন্ধ নহওক। .::. 16 হে যিহোৱা, মোৰ প্রার্থনাৰ উত্তৰ দিয়া, কিয়নো তোমাৰ প্ৰতিজ্ঞা বিশ্বস্ততা উত্তম; তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোলৈ মুখ ঘূৰুৱা। .::. 17 তোমাৰ দাসৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা; কাৰণ মই সঙ্কটত আছোঁ; শীঘ্ৰে মোক উত্তৰ দিয়া। .::. 18 তুমি মোৰ ওচৰ চাপি মোৰ প্ৰাণ মুক্ত কৰা; মোৰ মুক্তিপণ দি শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা। .::. 19 মোৰ অপযশ, লাজ, আৰু অপমান তুমিয়েই জানি আছা; মোৰ সকলো প্রতিদ্বন্দী তোমাৰ আগত আছে। .::. 20 তীব্র তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল; কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালোঁ, কিন্তু কোনো নাছিল; শান্ত্বনা কৰাসকললৈ অপেক্ষা কৰিলোঁ, কিন্তু এজনো নাপালোঁ। .::. 21 তেওঁলোকে মোক আহাৰৰ বাবে বিহ দিলে; মোৰ পিয়াহত তেওঁলোকে মোক টেঙা ৰস পান কৰালে। .::. 22 তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফান্দৰ দৰে হ’ব; আৰু তেওঁলোকৰ সম্পত্তিয়ে তেওঁলোকক জালত পেলাব[† তেওঁলোকৰ উৎসর্গিত আহাৰে তেওঁলোকৰ বন্ধুৰ কাৰণে ফান্দ স্বৰূপ হ’ব। কিছুমান অনুলিপিত আছে - তেওঁলোকে নিৰাপদে আছোঁ বুলি ভাবে, তেতিয়া তেওঁলোক জালত পৰিব। ]। .::. 23 তেওঁলোকে কেতিয়াও দেখা নাপাবলৈ তেওঁলোকৰ চকু অন্ধ হওক; তুমি তেওঁলোকৰ কঁকাল সদায় কঁপি থকা কৰা। .::. 24 তেওঁলোকৰ ওপৰত তোমাৰ অতিশয় ক্ৰোধ দেখুৱা; তোমাৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকক আতঙ্কগ্রস্থ কৰক। .::. 25 তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক; তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক। .::. 26 কিয়নো তেওঁলোকক নির্যাতন কৰা জনকেই তুমি প্রহাৰ কৰা; তেওঁলোকে তুমি শাস্তি দিয়া সকলৰ দুখৰ বিষয়ে কথা পাতে। .::. 27 তুমি তেওঁলোকৰ অপৰাধৰ ওপৰত অপৰাধ যোগ দিয়া; তেওঁলোকে তোমাৰ ধাৰ্মিকতাৰ ভাগী নহওক। .::. 28 জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক; আৰু ধাৰ্মিকসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক। .::. 29 কিন্তু মই হলে, দুখ আৰু বেদনা পাইছো; হে ঈশ্বৰ, তোমাৰ পৰিত্ৰাণে মোক উন্নত কৰক। .::. 30 মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম; ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম। .::. 31 তেওঁলোকৰ অনুগ্রহ যিহোৱালৈ ভতৰা গৰুতকৈ উত্তম; নাইবা শিং আৰু খুৰা থকা ভতৰাতকৈয়ো, সেয়ে যিহোৱাক অধিক সন্তোষ দিব। .::. 32 নম্ৰসকলে তাকে দেখি আনন্দিত হ’ব; হে ঈশ্বৰক বিচাৰাসকল তোমালোকৰ হৃদয় পুনৰ্জীৱিত হওক। .::. 33 কিয়নো যিহোৱাই দৰিদ্ৰসকললৈ কাণ পাতে; আৰু তেওঁ নিজৰ বন্দীয়াৰসকলক হেয়জ্ঞান নকৰে। .::. 34 আকাশ আৰু পৃথিবীয়ে তেওঁৰ প্ৰশংসা কৰক; সাগৰ আৰু তাৰ মাজত চৰি ফুৰা সমুদায় প্ৰাণীয়ে তেওঁৰ স্তুতি কৰক। .::. 35 কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব; লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব। .::. 36 তেওঁৰ দাসবোৰৰ বংশয়ো তাক অধিকাৰ কৰিব; তেওঁৰ নাম প্ৰেম কৰোঁতাসকলে তাত বাস কৰিব।
  • Psalms Chapter 1  
  • Psalms Chapter 2  
  • Psalms Chapter 3  
  • Psalms Chapter 4  
  • Psalms Chapter 5  
  • Psalms Chapter 6  
  • Psalms Chapter 7  
  • Psalms Chapter 8  
  • Psalms Chapter 9  
  • Psalms Chapter 10  
  • Psalms Chapter 11  
  • Psalms Chapter 12  
  • Psalms Chapter 13  
  • Psalms Chapter 14  
  • Psalms Chapter 15  
  • Psalms Chapter 16  
  • Psalms Chapter 17  
  • Psalms Chapter 18  
  • Psalms Chapter 19  
  • Psalms Chapter 20  
  • Psalms Chapter 21  
  • Psalms Chapter 22  
  • Psalms Chapter 23  
  • Psalms Chapter 24  
  • Psalms Chapter 25  
  • Psalms Chapter 26  
  • Psalms Chapter 27  
  • Psalms Chapter 28  
  • Psalms Chapter 29  
  • Psalms Chapter 30  
  • Psalms Chapter 31  
  • Psalms Chapter 32  
  • Psalms Chapter 33  
  • Psalms Chapter 34  
  • Psalms Chapter 35  
  • Psalms Chapter 36  
  • Psalms Chapter 37  
  • Psalms Chapter 38  
  • Psalms Chapter 39  
  • Psalms Chapter 40  
  • Psalms Chapter 41  
  • Psalms Chapter 42  
  • Psalms Chapter 43  
  • Psalms Chapter 44  
  • Psalms Chapter 45  
  • Psalms Chapter 46  
  • Psalms Chapter 47  
  • Psalms Chapter 48  
  • Psalms Chapter 49  
  • Psalms Chapter 50  
  • Psalms Chapter 51  
  • Psalms Chapter 52  
  • Psalms Chapter 53  
  • Psalms Chapter 54  
  • Psalms Chapter 55  
  • Psalms Chapter 56  
  • Psalms Chapter 57  
  • Psalms Chapter 58  
  • Psalms Chapter 59  
  • Psalms Chapter 60  
  • Psalms Chapter 61  
  • Psalms Chapter 62  
  • Psalms Chapter 63  
  • Psalms Chapter 64  
  • Psalms Chapter 65  
  • Psalms Chapter 66  
  • Psalms Chapter 67  
  • Psalms Chapter 68  
  • Psalms Chapter 69  
  • Psalms Chapter 70  
  • Psalms Chapter 71  
  • Psalms Chapter 72  
  • Psalms Chapter 73  
  • Psalms Chapter 74  
  • Psalms Chapter 75  
  • Psalms Chapter 76  
  • Psalms Chapter 77  
  • Psalms Chapter 78  
  • Psalms Chapter 79  
  • Psalms Chapter 80  
  • Psalms Chapter 81  
  • Psalms Chapter 82  
  • Psalms Chapter 83  
  • Psalms Chapter 84  
  • Psalms Chapter 85  
  • Psalms Chapter 86  
  • Psalms Chapter 87  
  • Psalms Chapter 88  
  • Psalms Chapter 89  
  • Psalms Chapter 90  
  • Psalms Chapter 91  
  • Psalms Chapter 92  
  • Psalms Chapter 93  
  • Psalms Chapter 94  
  • Psalms Chapter 95  
  • Psalms Chapter 96  
  • Psalms Chapter 97  
  • Psalms Chapter 98  
  • Psalms Chapter 99  
  • Psalms Chapter 100  
  • Psalms Chapter 101  
  • Psalms Chapter 102  
  • Psalms Chapter 103  
  • Psalms Chapter 104  
  • Psalms Chapter 105  
  • Psalms Chapter 106  
  • Psalms Chapter 107  
  • Psalms Chapter 108  
  • Psalms Chapter 109  
  • Psalms Chapter 110  
  • Psalms Chapter 111  
  • Psalms Chapter 112  
  • Psalms Chapter 113  
  • Psalms Chapter 114  
  • Psalms Chapter 115  
  • Psalms Chapter 116  
  • Psalms Chapter 117  
  • Psalms Chapter 118  
  • Psalms Chapter 119  
  • Psalms Chapter 120  
  • Psalms Chapter 121  
  • Psalms Chapter 122  
  • Psalms Chapter 123  
  • Psalms Chapter 124  
  • Psalms Chapter 125  
  • Psalms Chapter 126  
  • Psalms Chapter 127  
  • Psalms Chapter 128  
  • Psalms Chapter 129  
  • Psalms Chapter 130  
  • Psalms Chapter 131  
  • Psalms Chapter 132  
  • Psalms Chapter 133  
  • Psalms Chapter 134  
  • Psalms Chapter 135  
  • Psalms Chapter 136  
  • Psalms Chapter 137  
  • Psalms Chapter 138  
  • Psalms Chapter 139  
  • Psalms Chapter 140  
  • Psalms Chapter 141  
  • Psalms Chapter 142  
  • Psalms Chapter 143  
  • Psalms Chapter 144  
  • Psalms Chapter 145  
  • Psalms Chapter 146  
  • Psalms Chapter 147  
  • Psalms Chapter 148  
  • Psalms Chapter 149  
  • Psalms Chapter 150  
×

Alert

×

Assamese Letters Keypad References