Assamese Bible Languages

Indian Language Bible Word Collections

Isaiah Chapter 52

1 হে চিয়োন, সজাগ হোৱা, সজাগ হোৱা, তোমালোকৰ শক্তি তুলি ধৰা; হে পবিত্ৰ নগৰ যিৰূচালেম, তোমালোকৰ সুন্দৰ বস্ত্ৰবোৰ পিন্ধা; কাৰণ পুনৰ কেতিয়াও চুন্নৎ নোহোৱা বা অশুচি লোক তোমালোকৰ মাজত নোসোমাব। 2 হে যিৰূচালেম, ধূলিৰ পৰা তোমালোকে নিজকে জোকাৰি দিয়া; উঠি বহা; হে বন্দী-অৱস্থাত থকা হে চিয়োনৰ বন্দী জীয়াৰী, তোমালোকৰ ডিঙিৰ পৰা শিকলি খুলি দিয়া। 3 কাৰণ যিহোৱাই এই কথা কৈছে, “তোমালোক বিনামূল্যে বেচা গৈছিলা, আৰু তোমালোক বিনামূল্যে মুক্ত হবা।” 4 কাৰণ প্ৰভু যিহোৱাই এই কথা কৈছে, আগত মোৰ লোকসকল মিচৰলৈ অস্থায়ীভাবে বাস কৰিবলৈ গৈছিল; কিছু দিনৰ আগত অচূৰীয়া সকলে তেওঁলোকক উপদ্ৰৱ কৰিছিল। 5 এইয়া যিহোৱাৰ ঘোষনা: “মই দেখিলোঁ যে মোৰ লোক সকলক বিনা কাৰণে লৈ যোৱা হৈছে, এতিয়া ইয়াত মোৰ কৰিবলৈ কি আছে? যি সকলে তেওঁলোকৰ ওপৰত শাসন কৰিছিল তেওঁলোকে নিন্দা* বিলাপ কৰিছে, আৰু গোটেই দিন অবিৰাম ভাবে মোৰ নাম নিন্দিত হৈছে।” 6 সেইবাবেই মোৰ লোকসকলে মোৰ নাম জানিব; তেওঁলোকে সেই দিনা জানিব যে মইয়ে সেই জন যি জনে এই কথা কৈছোঁ। হয় মইয়ে।” 7 যিজন বার্তাবাহকে শুভবাৰ্ত্তা আনে, যিজনে শান্তি প্ৰচাৰ কৰে, যিজনে মঙ্গলৰ শুভবাৰ্ত্তা আনে, যিজনে পৰিত্ৰাণ ঘোষণা কৰে, যিজনে চিয়োনক কয়, “তোমালোকৰ ঈশ্বৰে ৰাজত্ব কৰিছে!” সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত কেনে সুন্দৰ! 8 শুনা, তোমালোকৰ প্ৰহৰীসকলে তেওঁলোকৰ মাত উচ্চ কৰিছে; একেলগে তেওঁলোকে জয়-ধ্বনি কৰিছে; কাৰণ যিহোৱা চিয়োনলৈ ঘুৰি অহা, তেওঁলোকে, তেওঁলোকৰ প্রতেক চকুৱে দেখিবলৈ পাব। 9 যিৰূচালেমৰ উচ্ছন্ন লোকসকল, একেলগে গানেৰে আনন্দত উল্লাস কৰা, কাৰণ যিহোৱাই তেওঁৰ লোকসকলক শান্ত্বনা দিলে, তেওঁ যিৰূচালেমক মুক্ত কৰিলে। 10 যিহোৱাই সকলো জাতিৰ দৃষ্টিতে তেওঁৰ পবিত্ৰ বাহু অনাবৃত কৰিলে; সমগ্র পৃথিবীয়ে আমাৰ ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ পাব। 11 তোমালোকে এৰি যোৱা, এৰিযোৱা; তাৰ পৰা ওলাই যোৱা, কোনো অশুচি বস্তু নুচুবা; তাৰ মাজৰ পৰা ওলাই যোৱা; তোমালোক যিসকলে যিহোৱাৰ পাত্ৰ কঢ়িয়াইছা, নিজকে শুচি কৰা। 12 কাৰণ তোমালোক বেগাবেগিকৈ ওলাই যাব লগা নহব, নাইবা আতঙ্ককত এৰি যাব লগা নহব; কাৰণ যিহোৱা তোমালোকৰ আগে আগে যাব, আৰু ইস্ৰায়েলৰ ঈশ্বৰ তোমালোকৰ পাছত যাওঁতা হ’ব। 13 চোৱা, মোৰ দাসবোৰে জ্ঞানেৰে কাৰ্য কৰিব আৰু কৃতকার্য হ’ব; তেওঁ উচ্চস্থানত আৰু উন্নীত হ’ব; তেওঁ অধিক মর্যদাপূর্ণ হ’ব। 14 তেওঁৰ আকৃতিতকৈ তেওঁৰ আকৃতি ইমান বিকৃত আছিল যে, সেয়ে মানুহৰ অবস্থাতকৈ তেওঁৰ দৃশ্য ব্যতিক্রমি আছিল- সেয়ে অনেকে আপোনালৈ ভয় কৰিছিল- 15 সেয়ে তেওঁ অনেক দেশবাসীক সচকিত কৰিব; তেওঁৰ কাৰণে ৰজাসকলে তেওঁলোকৰ মুখ বন্ধ ৰখিব। যি কথা তেওঁলোকক কোৱা হোৱা নাছিল, তেওঁলোকে দেখিবলৈ পাব, আৰু যি শুনা নাছিল, তেওঁলোকে বুজিব পাৰিব।
1 হে চিয়োন, সজাগ হোৱা, সজাগ হোৱা, তোমালোকৰ শক্তি তুলি ধৰা; হে পবিত্ৰ নগৰ যিৰূচালেম, তোমালোকৰ সুন্দৰ বস্ত্ৰবোৰ পিন্ধা; কাৰণ পুনৰ কেতিয়াও চুন্নৎ নোহোৱা বা অশুচি লোক তোমালোকৰ মাজত নোসোমাব। .::. 2 হে যিৰূচালেম, ধূলিৰ পৰা তোমালোকে নিজকে জোকাৰি দিয়া; উঠি বহা; হে বন্দী-অৱস্থাত থকা হে চিয়োনৰ বন্দী জীয়াৰী, তোমালোকৰ ডিঙিৰ পৰা শিকলি খুলি দিয়া। .::. 3 কাৰণ যিহোৱাই এই কথা কৈছে, “তোমালোক বিনামূল্যে বেচা গৈছিলা, আৰু তোমালোক বিনামূল্যে মুক্ত হবা।” .::. 4 কাৰণ প্ৰভু যিহোৱাই এই কথা কৈছে, আগত মোৰ লোকসকল মিচৰলৈ অস্থায়ীভাবে বাস কৰিবলৈ গৈছিল; কিছু দিনৰ আগত অচূৰীয়া সকলে তেওঁলোকক উপদ্ৰৱ কৰিছিল। .::. 5 এইয়া যিহোৱাৰ ঘোষনা: “মই দেখিলোঁ যে মোৰ লোক সকলক বিনা কাৰণে লৈ যোৱা হৈছে, এতিয়া ইয়াত মোৰ কৰিবলৈ কি আছে? যি সকলে তেওঁলোকৰ ওপৰত শাসন কৰিছিল তেওঁলোকে নিন্দা* বিলাপ কৰিছে, আৰু গোটেই দিন অবিৰাম ভাবে মোৰ নাম নিন্দিত হৈছে।” .::. 6 সেইবাবেই মোৰ লোকসকলে মোৰ নাম জানিব; তেওঁলোকে সেই দিনা জানিব যে মইয়ে সেই জন যি জনে এই কথা কৈছোঁ। হয় মইয়ে।” .::. 7 যিজন বার্তাবাহকে শুভবাৰ্ত্তা আনে, যিজনে শান্তি প্ৰচাৰ কৰে, যিজনে মঙ্গলৰ শুভবাৰ্ত্তা আনে, যিজনে পৰিত্ৰাণ ঘোষণা কৰে, যিজনে চিয়োনক কয়, “তোমালোকৰ ঈশ্বৰে ৰাজত্ব কৰিছে!” সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত কেনে সুন্দৰ! .::. 8 শুনা, তোমালোকৰ প্ৰহৰীসকলে তেওঁলোকৰ মাত উচ্চ কৰিছে; একেলগে তেওঁলোকে জয়-ধ্বনি কৰিছে; কাৰণ যিহোৱা চিয়োনলৈ ঘুৰি অহা, তেওঁলোকে, তেওঁলোকৰ প্রতেক চকুৱে দেখিবলৈ পাব। .::. 9 যিৰূচালেমৰ উচ্ছন্ন লোকসকল, একেলগে গানেৰে আনন্দত উল্লাস কৰা, কাৰণ যিহোৱাই তেওঁৰ লোকসকলক শান্ত্বনা দিলে, তেওঁ যিৰূচালেমক মুক্ত কৰিলে। .::. 10 যিহোৱাই সকলো জাতিৰ দৃষ্টিতে তেওঁৰ পবিত্ৰ বাহু অনাবৃত কৰিলে; সমগ্র পৃথিবীয়ে আমাৰ ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ পাব। .::. 11 তোমালোকে এৰি যোৱা, এৰিযোৱা; তাৰ পৰা ওলাই যোৱা, কোনো অশুচি বস্তু নুচুবা; তাৰ মাজৰ পৰা ওলাই যোৱা; তোমালোক যিসকলে যিহোৱাৰ পাত্ৰ কঢ়িয়াইছা, নিজকে শুচি কৰা। .::. 12 কাৰণ তোমালোক বেগাবেগিকৈ ওলাই যাব লগা নহব, নাইবা আতঙ্ককত এৰি যাব লগা নহব; কাৰণ যিহোৱা তোমালোকৰ আগে আগে যাব, আৰু ইস্ৰায়েলৰ ঈশ্বৰ তোমালোকৰ পাছত যাওঁতা হ’ব। .::. 13 চোৱা, মোৰ দাসবোৰে জ্ঞানেৰে কাৰ্য কৰিব আৰু কৃতকার্য হ’ব; তেওঁ উচ্চস্থানত আৰু উন্নীত হ’ব; তেওঁ অধিক মর্যদাপূর্ণ হ’ব। .::. 14 তেওঁৰ আকৃতিতকৈ তেওঁৰ আকৃতি ইমান বিকৃত আছিল যে, সেয়ে মানুহৰ অবস্থাতকৈ তেওঁৰ দৃশ্য ব্যতিক্রমি আছিল- সেয়ে অনেকে আপোনালৈ ভয় কৰিছিল- .::. 15 সেয়ে তেওঁ অনেক দেশবাসীক সচকিত কৰিব; তেওঁৰ কাৰণে ৰজাসকলে তেওঁলোকৰ মুখ বন্ধ ৰখিব। যি কথা তেওঁলোকক কোৱা হোৱা নাছিল, তেওঁলোকে দেখিবলৈ পাব, আৰু যি শুনা নাছিল, তেওঁলোকে বুজিব পাৰিব।
  • Isaiah Chapter 1  
  • Isaiah Chapter 2  
  • Isaiah Chapter 3  
  • Isaiah Chapter 4  
  • Isaiah Chapter 5  
  • Isaiah Chapter 6  
  • Isaiah Chapter 7  
  • Isaiah Chapter 8  
  • Isaiah Chapter 9  
  • Isaiah Chapter 10  
  • Isaiah Chapter 11  
  • Isaiah Chapter 12  
  • Isaiah Chapter 13  
  • Isaiah Chapter 14  
  • Isaiah Chapter 15  
  • Isaiah Chapter 16  
  • Isaiah Chapter 17  
  • Isaiah Chapter 18  
  • Isaiah Chapter 19  
  • Isaiah Chapter 20  
  • Isaiah Chapter 21  
  • Isaiah Chapter 22  
  • Isaiah Chapter 23  
  • Isaiah Chapter 24  
  • Isaiah Chapter 25  
  • Isaiah Chapter 26  
  • Isaiah Chapter 27  
  • Isaiah Chapter 28  
  • Isaiah Chapter 29  
  • Isaiah Chapter 30  
  • Isaiah Chapter 31  
  • Isaiah Chapter 32  
  • Isaiah Chapter 33  
  • Isaiah Chapter 34  
  • Isaiah Chapter 35  
  • Isaiah Chapter 36  
  • Isaiah Chapter 37  
  • Isaiah Chapter 38  
  • Isaiah Chapter 39  
  • Isaiah Chapter 40  
  • Isaiah Chapter 41  
  • Isaiah Chapter 42  
  • Isaiah Chapter 43  
  • Isaiah Chapter 44  
  • Isaiah Chapter 45  
  • Isaiah Chapter 46  
  • Isaiah Chapter 47  
  • Isaiah Chapter 48  
  • Isaiah Chapter 49  
  • Isaiah Chapter 50  
  • Isaiah Chapter 51  
  • Isaiah Chapter 52  
  • Isaiah Chapter 53  
  • Isaiah Chapter 54  
  • Isaiah Chapter 55  
  • Isaiah Chapter 56  
  • Isaiah Chapter 57  
  • Isaiah Chapter 58  
  • Isaiah Chapter 59  
  • Isaiah Chapter 60  
  • Isaiah Chapter 61  
  • Isaiah Chapter 62  
  • Isaiah Chapter 63  
  • Isaiah Chapter 64  
  • Isaiah Chapter 65  
  • Isaiah Chapter 66  
×

Alert

×

Assamese Letters Keypad References