অসমীয়া বাইবেল
BHS
IRVAS
ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
English Bible
Tamil Bible
Hebrew Bible
Greek Bible
Malayalam Bible
Hindi Bible
Telugu Bible
Kannada Bible
Gujarati Bible
Punjabi Bible
Urdu Bible
Bengali Bible
Oriya Bible
Marathi Bible
অধিক
পুৰণি নিয়ম
আদি
যাত্ৰা
লেবীয়া
গননা
দ্বি.বি.
যিহো
বিচাৰ
ৰূথ
1 চমূ
2 চমূ
1 ৰাজা
2 ৰাজা
1 বংশা
2 বংশা
ইজ্ৰা
নহি
ইষ্ট
ইয়ো
গীত
হিতো
উপ
পৰম
যিচ
যিৰি
বিলা
যিহি
দানি
হোচ
যোৱে
আমো
ওবদি
যোনা
মীখ
নহূ
হব
চফ
হ্গ্গ
জখ
মলা
নতুন নিয়ম
মথি
মাৰ্ক
লূক
যোহন
পাঁচনি
ৰোমীয়া
1 কৰি
2 কৰি
গালাতীয়া
ইফিচীয়া
ফিলিপীয়া
কলচীয়া
1 থিচলনীকীয়া
2 থিচলনীকীয়া
1 তীমথিয়
2 তীমথিয়
তীত
ফিলীমন
ইব্ৰী
যাকোব
1 পিতৰ
2 পিতৰ
1 যোহন
2 যোহন
3 যোহন
যিহূদা
প্ৰকাশিত বাক্য
সন্ধান
Book of Moses
Old Testament History
Wisdom Books
প্ৰধান নবীসকল
সৰু সৰু নবীসকল
যীচু খ্ৰীষ্টৰ শুভবাৰ্তা
Acts of Apostles
Paul's Epistles
সাধাৰণ পত্ৰ
Endtime Epistles
Synoptic Gospel
Fourth Gospel
English Bible
Tamil Bible
Hebrew Bible
Greek Bible
Malayalam Bible
Hindi Bible
Telugu Bible
Kannada Bible
Gujarati Bible
Punjabi Bible
Urdu Bible
Bengali Bible
Oriya Bible
Marathi Bible
অধিক
আদি
পুৰণি নিয়ম
আদি
যাত্ৰা
লেবীয়া
গননা
দ্বি.বি.
যিহো
বিচাৰ
ৰূথ
1 চমূ
2 চমূ
1 ৰাজা
2 ৰাজা
1 বংশা
2 বংশা
ইজ্ৰা
নহি
ইষ্ট
ইয়ো
গীত
হিতো
উপ
পৰম
যিচ
যিৰি
বিলা
যিহি
দানি
হোচ
যোৱে
আমো
ওবদি
যোনা
মীখ
নহূ
হব
চফ
হ্গ্গ
জখ
মলা
নতুন নিয়ম
মথি
মাৰ্ক
লূক
যোহন
পাঁচনি
ৰোমীয়া
1 কৰি
2 কৰি
গালাতীয়া
ইফিচীয়া
ফিলিপীয়া
কলচীয়া
1 থিচলনীকীয়া
2 থিচলনীকীয়া
1 তীমথিয়
2 তীমথিয়
তীত
ফিলীমন
ইব্ৰী
যাকোব
1 পিতৰ
2 পিতৰ
1 যোহন
2 যোহন
3 যোহন
যিহূদা
প্ৰকাশিত বাক্য
47
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
ৰেকৰ্ডসমূহ
আদি 47:0 (01 04 pm)
Whatsapp
Instagram
Facebook
Linkedin
Pinterest
Tumblr
Reddit
আদি অধ্যায় 47
মিচৰত যাকোবৰ পৰিয়াল
1
যোচেফে ফৰৌণৰ ওচৰলৈ গৈ ক’লে, “মোৰ পিতৃ আৰু ভাই-ককাইসকলে তেওঁলোকৰ মেৰ-ছাগ, ছাগলী, গৰুৰ জাক আদি যি যি আছিল সকলোকে লৈ কনান দেশৰ পৰা আহি পালে। তেওঁলোক এতিয়া গোচনত আছে।”
2
ভাই-ককাইসকলৰ মাজৰ পাচঁজনক বাচি লৈ তেওঁ ফৰৌণৰ সৈতে পৰিচয় কৰাই দিলে।
3
ফৰৌণে তেওঁলোকক সুধিলে, “আপোনালোকৰ জীৱিকা কি?”
তেওঁলোকে ক’লে, “আমাৰ পূৰ্বপুৰুষসকলৰ দৰে আপোনাৰ এই দাসবোৰ পশুপালক।”
4
তেওঁলোকে পুনৰ ক’লে, “আমি এই দেশত কিছুকালৰ বাবে থাকিবলৈ আহিছোঁ। কনান দেশত অতিশয় আকাল হোৱাৰ কাৰণে আপোনাৰ এই দাসবোৰৰ পশুৰ জাকে খাবলৈ চৰণীয়া ঠাই পোৱা নাই; সেয়ে দয়া কৰি আপোনাৰ এই দাসবোৰক গোচনত থাকিবলৈ অনুমতি দিয়ক।”
5
ফৰৌণে যোচেফক ক’লে, “তোমাৰ পিতৃ আৰু তোমাৰ ভাই-ককাইসকল তোমাৰ ওচৰলৈ আহিল।
6
মিচৰ দেশখনেই তোমাৰ সন্মুখত আছে। দেশৰ সকলোতকৈ উত্তম ঠাইত তোমাৰ পিতৃ আৰু ভাই-ককাইসকলক থাকিবলৈ দিয়া। তেওঁলোক গোচনতে বাস কৰক। তেওঁলোকৰ মাজত কোনো যোগ্য লোকক যদি জানা, তেন্তে মোৰ পশুধনৰো দায়িত্ব তেওঁলোকৰ ওপৰত দিয়া।”
7
তাৰ পাছত যোচেফে তেওঁৰ পিতৃ যাকোবক আনি ফৰৌণৰ সন্মুখত উপস্থিত কৰিলে। তাতে যাকোবে ফৰৌণক আশীৰ্ব্বাদ কৰিলে।
8
ফৰৌণে যাকোবক সুধিলে, “আপোনাৰ বয়স কিমান হ’ল?”
9
যাকোবে ক’লে, “মোৰ আয়ুসৰ যাত্রাকাল এশ ত্ৰিশ বছৰ; মোৰ জীৱনৰ আয়ুস অলপদিনীয়া আৰু দুখজনক। মোৰ পূর্বপুৰুষসকলে যিমান দীর্ঘ দিনলৈকে জীৱন কটাইছিল, মই সিমান আয়ুস পোৱা নাই।”
10
তাৰ পাছত যাকোবে ফৰৌণক আশীৰ্ব্বাদ কৰি তাৰ পৰা ওলাই গ’ল।
11
যোচেফে তেওঁৰ পিতৃ আৰু ভাই-ককাইসকলৰ বাবে স্থায়ীভাৱে বসবাসৰ ব্যৱস্থা কৰিলে। ফৰৌণৰ আজ্ঞা অনুসাৰে, মিচৰ দেশৰ আটাইতকৈ উত্তম ঠাই ৰামিচেচৰ অঞ্চলত যোচেফে অধিকাৰ হিচাবে তেওঁলোকক বসতি কৰিবলৈ দিলে।
12
যোচেফে তেওঁৰ পিতৃ, ভাই-ককাই আৰু পিতৃৰ পৰিয়ালৰ সকলোকে আহাৰ যোগান ধৰিলে, আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ সংখ্যা অনুসাৰে যোগান ধৰিলে।
মহা আকাল
13
পাছত আকাল ইমান ভীষণ হ’ল যে, গোটেই দেশৰ কোনো ঠাইতে আহাৰ পাবলৈ নাইকিয়া হ’ল। আকালৰ কাৰণে মিচৰ আৰু কনান দেশ বিধ্বস্ত হৈ পৰিল।
14
মিচৰ আৰু কনান দেশৰ বাসিন্দাসকলৰ শস্য বিক্রী কৰি পোৱা যি ধন সেই দুই দেশত আছিল, যোচেফে তাক গোটাই ফৰৌণৰ ৰাজকাৰেঙলৈ আনিলে।
15
যেতিয়া মিচৰ আৰু কনান দেশৰ সকলো ধন শেষ হ’ল, তেতিয়া মিচৰীয়সকলে যোচেফৰ ওচৰলৈ আহি ক’লে, “আমাক শস্য দিয়ক! আমি আপোনাৰ চকুৰ আগতেই মৰিম নেকি? কিয়নো আমাৰ যি ধন আছিল সকলো শেষ হ’ল?”
16
যোচেফে ক’লে, “তেনেহ’লে তোমালোকৰ পশুধনবোৰ মোক দিয়া; তোমালোকৰ ধন যদি শেষ হ’ল, তেন্তে সেইবোৰৰ সলনিয়েই মই শস্য দিম।”
17
তেতিয়া লোকসকলে তেওঁলোকৰ সকলো পশুধন যোচেফৰ ওচৰলৈ আনিবলৈ ধৰিলে। ঘোঁৰা, মেৰ-ছাগ, ছাগলী, গৰুৰ জাক আৰু গাধবোৰৰ সলনি তেওঁ তেওঁলোকক শস্য দিলে; এইদৰে পশুবোৰ লৈ যোচেফে সেই বছৰ তেওঁলোকলৈ আহাৰ যোগালে।
18
সেই বছৰ অন্ত হোৱাত, তাৰ পাছৰ বছৰত লোকসকলে যোচেফৰ ওচৰলৈ আহি ক’লে, “প্রভুৰ ওচৰত আমি লুকাই নাৰাখোঁ যে, আমাৰ সকলো ধন শেষ হ’ল আৰু আমাৰ পশুবোৰো প্ৰভুৰেই হ’ল; এতিয়া শৰীৰ আৰু মাটিৰ বাহিৰে প্ৰভুক দিবলৈ আমাৰ একো নাই।
19
মাটিৰে সৈতে আমি সকলোবোৰ আপোনাৰ চকুৰ সন্মুখতে বিনষ্ট হ’ম কিয়? সেয়ে আপুনি আমাক আৰু আমাৰ মাটিকো কিনি লওক আৰু তাৰ সলনি আমাক আহাৰ দিয়ক। মাটিয়ে সৈতে আমি সকলো ফৰৌণৰ দাস হৈ থাকিম। তাৰ পাছত আমি যেন নমৰি জীয়াই থাকিব পাৰোঁ, সেই কাৰণে আমাক কিছুমান বীজো দিয়ক; তাতে আমাৰ মাটি ছন পৰি নাথাকিব।”
20
তেতিয়া যোচেফে মিচৰ দেশৰ সকলো মাটি ফৰৌণৰ বাবে কিনি ল’লে; আকাল ইমান বেছি হ’ল যে, মিচৰীয়সকলে তেওঁলোকৰ নিজ নিজ মাটি বেচি দিব লগীয়া হ’ল। এইদৰে মিচৰ দেশৰ সকলো মাটি ফৰৌণৰ হ’ল।
21
ফৰৌণৰ দাস হ’বৰ কাৰণে যোচেফে লোকসকলক মিচৰ দেশৰ এক সীমাৰ পৰা অন্য সীমা পর্যন্ত তুলি আনিলে[* যোচেফে লোকসকলক বিভিন্ন নগৰত সংস্থাপন কৰিলে। ]।
22
কেৱল পুৰোহিতসকলৰ মাটিহে যোচেফে নিকিনিলে; কিয়নো পুৰোহিতসকলে ফৰৌণৰ পৰা এক অংশ পায় আৰু তাৰেই তেওঁলোক চলে। সেয়ে তেওঁলোকে নিজৰ মাটি নেবেচিলে।
23
তেতিয়া যোচেফে লোকসকলক ক’লে, “চোৱা, ফৰৌণৰ পক্ষে মই আজি তোমালোকক আৰু তোমালোকৰ মাটি কিনি ললোঁ। এতিয়া এয়া বীজ তোমালোকে লোৱা আৰু গৈ নিজৰ মাটিত খেতি কৰা।
24
শস্য চপোৱাৰ পাছত শস্যৰ পাঁচ ভাগৰ এভাগ ফৰৌণক অৱশ্যেই দিবা; বাকি চাৰিভাগ হ’লে, মাটিৰ বীজৰ কাৰণে আৰু তোমালোকৰ নিজৰ ও পৰিয়ালৰ সকলো ল’ৰা-ছোৱালীবোৰৰ আহাৰৰ কাৰণে ৰাখিবা।”
25
তেওঁলোকে ক’লে, “আপুনি আমাৰ প্ৰাণ ৰক্ষা কৰিলে। আপোনাৰ দৃষ্টিত দয়া পালে আমি ফৰৌণৰ দাস হৈ থাকিম।”
26
পাছত যোচেফে মিচৰৰ ভূমি সম্বন্ধে এই ব্যৱস্থা স্থাপন কৰিলে যে, সকলো শস্যৰ পাঁচ ভাগৰ এভাগ ফৰৌণৰ হ’ব। এইটো ব্যৱস্থা মিচৰ দেশত আজিলৈকে চলি আছে; কেৱল পুৰোহিতসকলৰ মাটিহে ফৰৌণৰ নহ’ল।
27
{যাকোবে যোচেফৰ দুই পুত্ৰক আশীৰ্ব্বাদ দিয়া। }
ইস্ৰায়েলে মিচৰ দেশৰ গোচনত বাস কৰিবলৈ ধৰিলে। সেই ঠাই অধিকাৰ কৰি তেওঁলোক বহুবংশ হ’ল আৰু অতিশয়ৰূপে বৃদ্ধি পালে।
28
মিচৰ দেশত যাকোবে সোঁতৰ বছৰ জীয়াই থাকিল। সেয়ে, তেওঁ সৰ্ব্বমুঠ এশ সাতচল্লিশ বছৰ জীয়াই আছিল।
29
ইস্ৰায়েলৰ মৃত্যুৰ সময় ওচৰ হোৱাত, তেওঁ নিজ পুত্ৰ যোচেফক মাতি আনি ক’লে, “তোমাৰ অনুগ্ৰহ যদি মোলৈ হয়, মোৰ কৰঙন[† সেই সময়ৰ শপত খোৱাৰ এটা নিয়ম। ]ৰ তলত তোমাৰ হাত ৰাখি মোক কথা দিয়া যে, তুমি মোৰ প্রতি বিশ্বাসী আৰু বিশ্বস্ত হৈ থাকিবা। অনুগ্রহ কৰি মোক মিচৰত মৈদাম নিদিবা।
30
কাৰণ মই মোৰ পূর্বপুৰুষসকলৰ মৈদামৰ মাজত সমাধিস্থ হ’ব বিচাৰো। তুমি মোৰ মৃতদেহ মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ গৈ আমাৰ পূর্বপুৰুষসকলক যি ঠাইত মৈদাম দিয়া হৈছিল, সেই ঠাইতে মোকো মৈদাম দিবা।”
যোচেফে তেওঁক ক’লে, “আপুনি কোৱাৰ দৰেই মই কৰিম।”
31
ইস্রায়েলে পুনৰায় ক’লে, “মোৰ ওচৰত শপত খোৱা।” তেতিয়া যোচেফে যাকোবৰ ওচৰত শপত খালে। তাৰ পাছত ইস্ৰায়েল শয্যাৰ মূৰৰ শিতানত মূৰ দোঁৱাই[‡ অর্থাৎ, ইস্ৰায়েলে নিজৰ শয্যাৰ মূৰশিতানত নিজে মূৰ দোঁৱালে। ] পৰিল।
আদি 47
1. {#1মিচৰত যাকোবৰ পৰিয়াল } যোচেফে ফৰৌণৰ ওচৰলৈ গৈ ক’লে, “মোৰ পিতৃ আৰু ভাই-ককাইসকলে তেওঁলোকৰ মেৰ-ছাগ, ছাগলী, গৰুৰ জাক আদি যি যি আছিল সকলোকে লৈ কনান দেশৰ পৰা আহি পালে। তেওঁলোক এতিয়া গোচনত আছে।” 2. ভাই-ককাইসকলৰ মাজৰ পাচঁজনক বাচি লৈ তেওঁ ফৰৌণৰ সৈতে পৰিচয় কৰাই দিলে। 3. ফৰৌণে তেওঁলোকক সুধিলে, “আপোনালোকৰ জীৱিকা কি?” তেওঁলোকে ক’লে, “আমাৰ পূৰ্বপুৰুষসকলৰ দৰে আপোনাৰ এই দাসবোৰ পশুপালক।” 4. তেওঁলোকে পুনৰ ক’লে, “আমি এই দেশত কিছুকালৰ বাবে থাকিবলৈ আহিছোঁ। কনান দেশত অতিশয় আকাল হোৱাৰ কাৰণে আপোনাৰ এই দাসবোৰৰ পশুৰ জাকে খাবলৈ চৰণীয়া ঠাই পোৱা নাই; সেয়ে দয়া কৰি আপোনাৰ এই দাসবোৰক গোচনত থাকিবলৈ অনুমতি দিয়ক।” 5. ফৰৌণে যোচেফক ক’লে, “তোমাৰ পিতৃ আৰু তোমাৰ ভাই-ককাইসকল তোমাৰ ওচৰলৈ আহিল। 6. মিচৰ দেশখনেই তোমাৰ সন্মুখত আছে। দেশৰ সকলোতকৈ উত্তম ঠাইত তোমাৰ পিতৃ আৰু ভাই-ককাইসকলক থাকিবলৈ দিয়া। তেওঁলোক গোচনতে বাস কৰক। তেওঁলোকৰ মাজত কোনো যোগ্য লোকক যদি জানা, তেন্তে মোৰ পশুধনৰো দায়িত্ব তেওঁলোকৰ ওপৰত দিয়া।” 7. তাৰ পাছত যোচেফে তেওঁৰ পিতৃ যাকোবক আনি ফৰৌণৰ সন্মুখত উপস্থিত কৰিলে। তাতে যাকোবে ফৰৌণক আশীৰ্ব্বাদ কৰিলে। 8. ফৰৌণে যাকোবক সুধিলে, “আপোনাৰ বয়স কিমান হ’ল?” 9. যাকোবে ক’লে, “মোৰ আয়ুসৰ যাত্রাকাল এশ ত্ৰিশ বছৰ; মোৰ জীৱনৰ আয়ুস অলপদিনীয়া আৰু দুখজনক। মোৰ পূর্বপুৰুষসকলে যিমান দীর্ঘ দিনলৈকে জীৱন কটাইছিল, মই সিমান আয়ুস পোৱা নাই।” 10. তাৰ পাছত যাকোবে ফৰৌণক আশীৰ্ব্বাদ কৰি তাৰ পৰা ওলাই গ’ল। 11. যোচেফে তেওঁৰ পিতৃ আৰু ভাই-ককাইসকলৰ বাবে স্থায়ীভাৱে বসবাসৰ ব্যৱস্থা কৰিলে। ফৰৌণৰ আজ্ঞা অনুসাৰে, মিচৰ দেশৰ আটাইতকৈ উত্তম ঠাই ৰামিচেচৰ অঞ্চলত যোচেফে অধিকাৰ হিচাবে তেওঁলোকক বসতি কৰিবলৈ দিলে। 12. যোচেফে তেওঁৰ পিতৃ, ভাই-ককাই আৰু পিতৃৰ পৰিয়ালৰ সকলোকে আহাৰ যোগান ধৰিলে, আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ সংখ্যা অনুসাৰে যোগান ধৰিলে। 13. {#1মহা আকাল } পাছত আকাল ইমান ভীষণ হ’ল যে, গোটেই দেশৰ কোনো ঠাইতে আহাৰ পাবলৈ নাইকিয়া হ’ল। আকালৰ কাৰণে মিচৰ আৰু কনান দেশ বিধ্বস্ত হৈ পৰিল। 14. মিচৰ আৰু কনান দেশৰ বাসিন্দাসকলৰ শস্য বিক্রী কৰি পোৱা যি ধন সেই দুই দেশত আছিল, যোচেফে তাক গোটাই ফৰৌণৰ ৰাজকাৰেঙলৈ আনিলে। 15. যেতিয়া মিচৰ আৰু কনান দেশৰ সকলো ধন শেষ হ’ল, তেতিয়া মিচৰীয়সকলে যোচেফৰ ওচৰলৈ আহি ক’লে, “আমাক শস্য দিয়ক! আমি আপোনাৰ চকুৰ আগতেই মৰিম নেকি? কিয়নো আমাৰ যি ধন আছিল সকলো শেষ হ’ল?” 16. যোচেফে ক’লে, “তেনেহ’লে তোমালোকৰ পশুধনবোৰ মোক দিয়া; তোমালোকৰ ধন যদি শেষ হ’ল, তেন্তে সেইবোৰৰ সলনিয়েই মই শস্য দিম।” 17. তেতিয়া লোকসকলে তেওঁলোকৰ সকলো পশুধন যোচেফৰ ওচৰলৈ আনিবলৈ ধৰিলে। ঘোঁৰা, মেৰ-ছাগ, ছাগলী, গৰুৰ জাক আৰু গাধবোৰৰ সলনি তেওঁ তেওঁলোকক শস্য দিলে; এইদৰে পশুবোৰ লৈ যোচেফে সেই বছৰ তেওঁলোকলৈ আহাৰ যোগালে। 18. সেই বছৰ অন্ত হোৱাত, তাৰ পাছৰ বছৰত লোকসকলে যোচেফৰ ওচৰলৈ আহি ক’লে, “প্রভুৰ ওচৰত আমি লুকাই নাৰাখোঁ যে, আমাৰ সকলো ধন শেষ হ’ল আৰু আমাৰ পশুবোৰো প্ৰভুৰেই হ’ল; এতিয়া শৰীৰ আৰু মাটিৰ বাহিৰে প্ৰভুক দিবলৈ আমাৰ একো নাই। 19. মাটিৰে সৈতে আমি সকলোবোৰ আপোনাৰ চকুৰ সন্মুখতে বিনষ্ট হ’ম কিয়? সেয়ে আপুনি আমাক আৰু আমাৰ মাটিকো কিনি লওক আৰু তাৰ সলনি আমাক আহাৰ দিয়ক। মাটিয়ে সৈতে আমি সকলো ফৰৌণৰ দাস হৈ থাকিম। তাৰ পাছত আমি যেন নমৰি জীয়াই থাকিব পাৰোঁ, সেই কাৰণে আমাক কিছুমান বীজো দিয়ক; তাতে আমাৰ মাটি ছন পৰি নাথাকিব।” 20. তেতিয়া যোচেফে মিচৰ দেশৰ সকলো মাটি ফৰৌণৰ বাবে কিনি ল’লে; আকাল ইমান বেছি হ’ল যে, মিচৰীয়সকলে তেওঁলোকৰ নিজ নিজ মাটি বেচি দিব লগীয়া হ’ল। এইদৰে মিচৰ দেশৰ সকলো মাটি ফৰৌণৰ হ’ল। 21. ফৰৌণৰ দাস হ’বৰ কাৰণে যোচেফে লোকসকলক মিচৰ দেশৰ এক সীমাৰ পৰা অন্য সীমা পর্যন্ত তুলি আনিলে[* যোচেফে লোকসকলক বিভিন্ন নগৰত সংস্থাপন কৰিলে। ]। 22. কেৱল পুৰোহিতসকলৰ মাটিহে যোচেফে নিকিনিলে; কিয়নো পুৰোহিতসকলে ফৰৌণৰ পৰা এক অংশ পায় আৰু তাৰেই তেওঁলোক চলে। সেয়ে তেওঁলোকে নিজৰ মাটি নেবেচিলে। 23. তেতিয়া যোচেফে লোকসকলক ক’লে, “চোৱা, ফৰৌণৰ পক্ষে মই আজি তোমালোকক আৰু তোমালোকৰ মাটি কিনি ললোঁ। এতিয়া এয়া বীজ তোমালোকে লোৱা আৰু গৈ নিজৰ মাটিত খেতি কৰা। 24. শস্য চপোৱাৰ পাছত শস্যৰ পাঁচ ভাগৰ এভাগ ফৰৌণক অৱশ্যেই দিবা; বাকি চাৰিভাগ হ’লে, মাটিৰ বীজৰ কাৰণে আৰু তোমালোকৰ নিজৰ ও পৰিয়ালৰ সকলো ল’ৰা-ছোৱালীবোৰৰ আহাৰৰ কাৰণে ৰাখিবা।” 25. তেওঁলোকে ক’লে, “আপুনি আমাৰ প্ৰাণ ৰক্ষা কৰিলে। আপোনাৰ দৃষ্টিত দয়া পালে আমি ফৰৌণৰ দাস হৈ থাকিম।” 26. পাছত যোচেফে মিচৰৰ ভূমি সম্বন্ধে এই ব্যৱস্থা স্থাপন কৰিলে যে, সকলো শস্যৰ পাঁচ ভাগৰ এভাগ ফৰৌণৰ হ’ব। এইটো ব্যৱস্থা মিচৰ দেশত আজিলৈকে চলি আছে; কেৱল পুৰোহিতসকলৰ মাটিহে ফৰৌণৰ নহ’ল। 27. {যাকোবে যোচেফৰ দুই পুত্ৰক আশীৰ্ব্বাদ দিয়া। } ইস্ৰায়েলে মিচৰ দেশৰ গোচনত বাস কৰিবলৈ ধৰিলে। সেই ঠাই অধিকাৰ কৰি তেওঁলোক বহুবংশ হ’ল আৰু অতিশয়ৰূপে বৃদ্ধি পালে। 28. মিচৰ দেশত যাকোবে সোঁতৰ বছৰ জীয়াই থাকিল। সেয়ে, তেওঁ সৰ্ব্বমুঠ এশ সাতচল্লিশ বছৰ জীয়াই আছিল। 29. ইস্ৰায়েলৰ মৃত্যুৰ সময় ওচৰ হোৱাত, তেওঁ নিজ পুত্ৰ যোচেফক মাতি আনি ক’লে, “তোমাৰ অনুগ্ৰহ যদি মোলৈ হয়, মোৰ কৰঙন[† সেই সময়ৰ শপত খোৱাৰ এটা নিয়ম। ]ৰ তলত তোমাৰ হাত ৰাখি মোক কথা দিয়া যে, তুমি মোৰ প্রতি বিশ্বাসী আৰু বিশ্বস্ত হৈ থাকিবা। অনুগ্রহ কৰি মোক মিচৰত মৈদাম নিদিবা। 30. কাৰণ মই মোৰ পূর্বপুৰুষসকলৰ মৈদামৰ মাজত সমাধিস্থ হ’ব বিচাৰো। তুমি মোৰ মৃতদেহ মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ গৈ আমাৰ পূর্বপুৰুষসকলক যি ঠাইত মৈদাম দিয়া হৈছিল, সেই ঠাইতে মোকো মৈদাম দিবা।” যোচেফে তেওঁক ক’লে, “আপুনি কোৱাৰ দৰেই মই কৰিম।” 31. ইস্রায়েলে পুনৰায় ক’লে, “মোৰ ওচৰত শপত খোৱা।” তেতিয়া যোচেফে যাকোবৰ ওচৰত শপত খালে। তাৰ পাছত ইস্ৰায়েল শয্যাৰ মূৰৰ শিতানত মূৰ দোঁৱাই[‡ অর্থাৎ, ইস্ৰায়েলে নিজৰ শয্যাৰ মূৰশিতানত নিজে মূৰ দোঁৱালে। ] পৰিল।
আদি অধ্যায় 1
আদি অধ্যায় 2
আদি অধ্যায় 3
আদি অধ্যায় 4
আদি অধ্যায় 5
আদি অধ্যায় 6
আদি অধ্যায় 7
আদি অধ্যায় 8
আদি অধ্যায় 9
আদি অধ্যায় 10
আদি অধ্যায় 11
আদি অধ্যায় 12
আদি অধ্যায় 13
আদি অধ্যায় 14
আদি অধ্যায় 15
আদি অধ্যায় 16
আদি অধ্যায় 17
আদি অধ্যায় 18
আদি অধ্যায় 19
আদি অধ্যায় 20
আদি অধ্যায় 21
আদি অধ্যায় 22
আদি অধ্যায় 23
আদি অধ্যায় 24
আদি অধ্যায় 25
আদি অধ্যায় 26
আদি অধ্যায় 27
আদি অধ্যায় 28
আদি অধ্যায় 29
আদি অধ্যায় 30
আদি অধ্যায় 31
আদি অধ্যায় 32
আদি অধ্যায় 33
আদি অধ্যায় 34
আদি অধ্যায় 35
আদি অধ্যায় 36
আদি অধ্যায় 37
আদি অধ্যায় 38
আদি অধ্যায় 39
আদি অধ্যায় 40
আদি অধ্যায় 41
আদি অধ্যায় 42
আদি অধ্যায় 43
আদি অধ্যায় 44
আদি অধ্যায় 45
আদি অধ্যায় 46
আদি অধ্যায় 47
আদি অধ্যায় 48
আদি অধ্যায় 49
আদি অধ্যায় 50
Common Bible Languages
English Bible
Hebrew Bible
Greek Bible
South Indian Languages
Tamil Bible
Malayalam Bible
Telugu Bible
Kannada Bible
West Indian Languages
Hindi Bible
Gujarati Bible
Punjabi Bible
Other Indian Languages
Urdu Bible
Bengali Bible
Oriya Bible
Marathi Bible
×
Alert
×
Assamese Letters Keypad References