Zechariah 6 : 1 (IRVAS)
{জখৰিয়াৰ অষ্টম দৰ্শন। } তেতিয়া পুনৰায় মই মোৰ চকু তুলি চাই দেখিলোঁ, দুই পৰ্ব্বতৰ মাজৰ পৰা চাৰিখন ৰথ ওলাই আহিল। সেই পৰ্ব্বত পিতলৰ পৰ্ব্বত।
Zechariah 6 : 2 (IRVAS)
প্ৰথম ৰথত ৰঙা ঘোঁৰা, দ্বিতীয়খনত ক’লা ঘোঁৰা,
Zechariah 6 : 3 (IRVAS)
তৃতীয়খনত বগা ঘোঁৰা আৰু চতুৰ্থ খনত বলী ফুটুকা ঘোঁৰা।
Zechariah 6 : 4 (IRVAS)
তেতিয়া মোৰে সৈতে কথা হোৱা দূতজনক মই প্রশ্ন কৰি ক’লো, “হে মোৰ প্ৰভু, এইবোৰ কি?”
Zechariah 6 : 5 (IRVAS)
দূত-জনে উত্তৰ দি মোক ক’লে, “এইবোৰ হ’ল গোটেই পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকাৰ পৰা ওলাই অহা আকাশৰ চাৰি বায়ু* আত্মা ।
Zechariah 6 : 6 (IRVAS)
ক’লা ঘোঁৰাৰ ৰথখন উত্তৰ দেশৰ ফাললৈ ওলাই গৈছে, বগাবোৰ পশ্চিম† বগা ঘোঁৰাবোৰে ক’লা ঘোঁৰাবোৰক অনুসৰণ কৰিলে দেশৰ ফালে আৰু অনুজ্বল দাগ থকাবোৰ দক্ষিণ দেশলৈ গৈছে।”
Zechariah 6 : 7 (IRVAS)
আৰু বলীবোৰে ওলাই গৈ, পৃথিৱীত ইফালে সিফালে ফুৰিবৰ বাবে অনুমতি খুজিলে, তেতিয়া দূতে ক’লে, “যোৱা পৃথিৱীত ইফালে সিফালে ফুৰাগৈ!” তেতিয়া সেইবোৰে পৃথিৱীত ইফালে সিফালে ফুৰিবলৈ ধৰিলে।
Zechariah 6 : 8 (IRVAS)
তেতিয়া তেওঁ মোক আহ্বান কৰিলে আৰু মোক মাতি ক’লে, “চোৱা, উত্তৰ দেশৰ ফালে ওলাই যোৱাবোৰে উত্তৰ দেশত মোৰ ক্ৰোধ মাৰ নিয়ালে।”
Zechariah 6 : 9 (IRVAS)
সেয়ে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Zechariah 6 : 10 (IRVAS)
“বোলে তুমি গৈ হিল্দয়, টোবিয়া, যিদয়া - এই দেশান্তৰিত লোকসকলৰ পৰা ৰূপ আৰু সোণ‡ উপহাৰ লোৱাগৈ; আৰু আজিয়েই তুমি নিজে এইবোৰ লৈ যিজন বাবিলৰ পৰা আহিল, সেই চফনিয়াৰ পুত্র যোচিয়াৰ ঘৰলৈ যোৱা।
Zechariah 6 : 11 (IRVAS)
তাতে সেই ঘৰত সোমাই সেই ৰূপ আৰু সোণ লৈ, তাৰে দুটা কিৰীটি সাজি যিহোচাদকৰ পুত্ৰ যিহোচূৱা প্ৰধান পুৰোহিতৰ মূৰত দিয়াগৈ।
Zechariah 6 : 12 (IRVAS)
আৰু তুমি তেওঁক ক’বা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “চোৱা, সেই পুৰুষ জনৰ নাম পোখা! তেওঁ যি ঠাইত আছে, সেই ঠাইতেই বাঢ়িব; আৰু তেওঁ তেতিয়া যিহোৱাৰ মন্দিৰ সাজিব!
Zechariah 6 : 13 (IRVAS)
হয়, তেৱেঁই যিহোৱাৰ মন্দিৰ সাজিব আৰু তেওঁ গৌৰৱ মুকুটেৰে বিভূষিত কৰিব; তেওঁ নিজ সিংহাসনত বহি ৰাজত্ব কৰিব। আৰু পুৰোহিত হৈ নিজ সিংহাসনত বহিব আৰু দুয়োটাৰে মাজত শান্তিৰ মন্ত্ৰণা থাকিব।
Zechariah 6 : 14 (IRVAS)
আৰু সেই দুটা কিৰীটি হেলেম, টোবিয়া, যিদয়া, আৰু চফনিয়াৰ পুত্ৰ যোচিয়া§ হন ৰ উদাৰতাৰ সোঁৱৰণৰ অৰ্থে, যিহোৱাৰ মন্দিৰত ৰখা হ’ব।
Zechariah 6 : 15 (IRVAS)
আৰু দূৰৈত থকা লোকসকল যেতিয়া আহি যিহোৱাৰ মন্দিৰ নিৰ্ম্মাণৰ সাহায্য কৰিব, তেতিয়া বাহিনীসকলৰ যিহোৱাই যে মোক তোমালোকৰ ওচৰলৈ পঠিয়ালে, ইয়াক তোমালোকে জানিবা; আৰু তোমালোকে যদি যত্নেৰে ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা, তেতিয়া এয়ে সিদ্ধ হ’ব’।”
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15