পৰম 8 : 1 (IRVAS)
অহ! তুমি মোৰ ভাইৰ নিচিনা হোৱা হ’লে, যি জনে মোৰ মাতৃৰ স্তন পান কৰিছে! তেতিয়া মই তোমাক বাহিৰত দেখা পালেও, তোমাক চুমা খাব পাৰিলোহেঁতেন; কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন।
পৰম 8 : 2 (IRVAS)
মই তোমাক মোৰ মাৰ ঘৰলৈ লৈ আনিলোহেঁতেন, আৰু তেওঁ মোক শিক্ষা দিব[* তুমি মোক শিক্ষা দিবা। ]। আৰু মই তোমাক মচলাযুক্ত দ্রাক্ষাৰস, আৰু তোমাক সুগন্ধি ডালিমৰ ৰস পান কৰালোহেঁতেন।
পৰম 8 : 3 (IRVAS)
তেওঁৰ বাওঁ হাত মোৰ মূৰৰ তলত আছে, আৰু তেওঁৰ সোঁ হাতে মোক আঁকোৱালি ধৰিছে।
পৰম 8 : 4 (IRVAS)
হে যিৰূচালেমৰ যুৱতীসকল, মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা। *যিৰূচালেমৰ ৰমণীসকলৰ কথা: *
পৰম 8 : 5 (IRVAS)
নিজ প্ৰিয়তমৰ ওপৰত ভাৰসা কৰি মৰুভূমিৰ পৰা সেই গৰাকী কোন আহিছে? *প্রিয়াৰ কথা: * যি ঠাইত তোমাৰ মাতৃয়ে গর্ভ ধাৰণ কৰি তোমাক জন্ম দিলে, যি ঠাইত তোমাক প্রসৱ কৰিলে, সেই সুমথিৰা† খুবানি, সুমথিৰা ৰঙৰ এবিধ টেঙা ফল টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলোঁ।
পৰম 8 : 6 (IRVAS)
মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত, আৰু তোমাৰ বাহুত ৰাখা; কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ; এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়, ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত।
পৰম 8 : 7 (IRVAS)
জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে, আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে; যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে, সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব।
পৰম 8 : 8 (IRVAS)
*যুৱতীৰ ককায়েকসকলৰ কথা; *আমাৰ এজনী সৰু ভনী আছে, তাইৰ আজিলৈকে বুকু উঠা নাই; যি দিনা তাইক বিবাহৰ প্রস্তাৱ দিব, আমি সেই ভনীৰ কাৰণে কি কৰিব পাৰোঁ?
পৰম 8 : 9 (IRVAS)
তাইৰ বুকু যদি এক প্রাচীৰ হয়, তেন্তে আমি তাইৰ ওপৰত এটা ৰূপৰ মিনাৰ সাজিম। তাই যদি এক দুৱাৰ হয়, তেন্তে আমি এৰচ কাঠৰ তক্তাৰে তাক অলঙ্কৃত কৰি ৰাখিম। *ককায়েকসকললৈ যুৱতীৰ কথা: *
পৰম 8 : 10 (IRVAS)
মই মোৰ প্রিয় দৃষ্টিত মই সম্পূর্ণ পৰিপক্ক, সেয়ে মই তেওঁৰ দৃষ্টিত অনুগ্রহপ্রাপ্ত[‡ মই এক প্রাচীৰ আছিলোঁ, কিন্তু এতিয়া মোৰ বক্ষযুগল মিনাৰৰ কোঁঠৰ নিচিনা, সেয়ে, মই সম্পূর্ণকৈ তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাইছো। ]।
পৰম 8 : 11 (IRVAS)
বাল-হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছে; তেওঁ তাক চোৱা-চিতা কৰিবলৈ কেইজনমান ৰখীয়াৰ হাতত তাক সমৰ্পণ কৰিছিল। তাৰ ফলৰ বেচ হিচাবে প্ৰতিজনে এক এক হাজাৰ চেকল[§ এক চেকল হ’ল, সেই সময়ত এজন গাৱঁলীয়া কর্মীৰ এদিনৰ হাজিৰা। ] ৰূপ দিবলগীয়া হৈছিল।
পৰম 8 : 12 (IRVAS)
মোৰ নিজৰ দ্ৰাক্ষাবাৰী আছে, হে মোৰ প্রিয় চলোমন, সেই এক হাজাৰ চেকল তোমাৰেই আৰু দুশ চেকল ৰূপ তেওঁলোকৰ কাৰণে, যিসকলে ফলবোৰৰ চোৱাচিতা কৰে। *প্রিয়ৰ কথা: *
পৰম 8 : 13 (IRVAS)
হে উদ্যানবাসিনী, তোমাৰ লগৰীয়া কেইজনে তোমাৰ স্বৰ শুনিবলৈ কাণ পাতি আছে; তাক মোকো শুনিবলৈ দিয়া। *প্রিয়াৰ কথা: *
পৰম 8 : 14 (IRVAS)
হে মোৰ প্ৰিয়, শীঘ্ৰে আহা, সুগন্ধময় পাহাৰৰ ওপৰত তুমি কৃষ্ণসাৰৰ দৰে হোৱা; অথবা যুবা হৰিণৰ সদৃশ হোৱা।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14