Song of solomon 1 : 1 (IRVAS)
Song of solomon 1 : 2 (IRVAS)
কইনাই নিজৰ ভালপোৱা স্বীকাৰ কৰা: ৰজা চলোমনৰ অতি সুন্দৰ গীতৰ শৰাই- কইনাই নিজৰ ভালপোৱা স্বীকাৰ কৰা: প্রিয়াৰ কথা তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক* তেওঁ তেওঁৰ ওঁঠ ভৰাই দিয়া, কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম।
Song of solomon 1 : 3 (IRVAS)
তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে; বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম; সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়।
Song of solomon 1 : 4 (IRVAS)
(যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম। ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে; *প্রিয়ৰ প্রতি কইনাৰ কথা: * মই সুখী; মই তোমাক লৈ আনন্দ কৰোঁ; মোক তোমাৰ প্রেমত উল্লাসিত হ’বলৈ দিয়া; তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। আন ৰমণীসকলে যে তোমাৰ প্রশংসা কৰে, ই স্বাভাৱিক কথা। *আন ৰমণীসকলৰ প্রতি: *
Song of solomon 1 : 5 (IRVAS)
হে যিৰূচালেমৰ ৰমণীসকল, মই ক’লা বৰণীয়া হ’লেও সুন্দৰী; মই কেদৰৰ তম্বুৰ নিচিনা ক’লা আৰু চলোমনৰ পর্দাবোৰৰ দৰে সুন্দৰী।
Song of solomon 1 : 6 (IRVAS)
Song of solomon 1 : 7 (IRVAS)
মই ক’লা বাবেই মোলৈ চাই নাথাকিবা; কাৰণ সূর্যৰ তাপে মোক ডেই নিলে। মোৰ ভাই-ককাইসকলে মোৰ ওপৰত খং কৰি মোক দ্ৰাক্ষাবাৰীবোৰৰ দেখা-শুনা কৰিবলৈ দিছিল; সেয়ে মই মোৰ নিজৰ দ্ৰাক্ষাবাৰী† নিজৰ সৌন্দর্য ৰ যত্ন ল’ব পৰা নাই। *প্রিয়ৰ প্রতি যুৱতীৰ কথা: *হে মোৰ প্রিয়তম, মোৰ প্রাণে তোমাকে ভালপায়! মোক কোৱা, তুমি তোমাৰ মেৰ-ছাগৰ জাকক কোন ঠাইত চৰোৱা? তুমি তোমাৰ মেৰ-ছাগবোৰক দুপৰীয়া ক’ত বিশ্রাম কৰোঁৱা? তোমাৰ লগৰীয়াৰ মেৰ-ছাগৰ জাকবোৰৰ কাষত, মই কিয় ওৰণি লোৱা‡ ঘূৰি ফুৰা জনীৰ নিচিনা ঘূৰি ফুৰিম? চলোমন আৰু তেওঁৰ কন্যা দুয়ো দুয়োতে সুখী
Song of solomon 1 : 8 (IRVAS)
*প্রিয়ৰ কথা: *তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী, মোৰ মেৰ-ছাগৰ জাকৰ খোজৰ চিনবোৰৰ পাছে পাছে আহাঁ আৰু তোমাৰ ছাগলী পোৱালিবোৰক মেৰ-ছাগ ৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা।
Song of solomon 1 : 9 (IRVAS)
হে মোৰ প্ৰিয়তমা, ফৰৌণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে, মই তোমাক তুলনা কৰিছোঁ।
Song of solomon 1 : 10 (IRVAS)
গালৰ দুপাশৰ গহণাৰে সৈতে, তোমাৰ গাল দুখন সুন্দৰ দেখাইছে, আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে।
Song of solomon 1 : 11 (IRVAS)
মই তোমাৰ কাৰণে ঠায়ে ঠায়ে ৰূপ খচিত সোণৰ অলঙ্কাৰ নির্মাণ কৰিম। *প্রিয়াৰ কথা: *
Song of solomon 1 : 12 (IRVAS)
ৰজাই যেতিয়া তেওঁৰ বিচনাত§ বা, মহাভোজত বহিছিল শুইছিল, তেতিয়া মোৰ সুগন্ধৰ সুঘ্রাণ বিয়পি পৰিল।
Song of solomon 1 : 13 (IRVAS)
মোৰ ওচৰত মোৰ প্রিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে, যি মোৰ স্তনযুগলৰ মাজত গোটেই ৰাতি থাকে।
Song of solomon 1 : 14 (IRVAS)
মোৰ প্রিয় মোৰ ওচৰত যেন এথোপা জেতুকা ফুল, যি অয়িন-গদীৰ দ্ৰাক্ষাবাৰীত উৎপন্ন হয়।
Song of solomon 1 : 15 (IRVAS)
*প্রিয়ৰ কথা: *চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া; তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা।
Song of solomon 1 : 16 (IRVAS)
*প্রিয়াৰ কথা: *চোৱা, কি সুন্দৰ তুমি! মোৰ প্রিয়; তুমি কিমান যে সুন্দৰ! আমাৰ শয্যা সেউজীয়া ঘাহেঁৰে ভৰা।
Song of solomon 1 : 17 (IRVAS)
এৰচ গছৰ ডাল আমাৰ ঘৰৰ চতি আৰু আমাৰ ঘৰৰ বাটাম দেবদাৰুৰ ডাল।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17