ৰূথ 3 : 1 (IRVAS)
বোৱজৰ লগত ৰূথৰ বিবাহ নয়মীয়ে তেওঁৰ বোৱাৰীয়েক ৰূথক ক’লে, “হে মোৰ আইটি, যাৰ দ্বাৰাই তোমাৰ মঙ্গল হয়, এনে সুৰক্ষিত ঠাই মই জানো তোমাৰ কাৰণে নিবিচাৰিম?
ৰূথ 3 : 2 (IRVAS)
তুমি যি বোৱজৰ দাসীসকলৰ লগত কাম কৰিছিলা, সেই বোৱজ জানো আমাৰ সম্পৰ্কীয় লোক নহয়? চোৱা, তেওঁ আজি ৰাতি মৰণা মৰা ঠাইত যৱ ধান জাৰি আছে।
ৰূথ 3 : 3 (IRVAS)
সেয়ে, তুমি এতিয়া গা ধুই পৰিস্কাৰ হোৱা, সুগন্ধি তেল ঘঁহা, আৰু কাপোৰ সলনি কৰি সেই শস্যমৰা ঠাইলৈ যোৱা৷ কিন্তু সেই ব্যক্তিয়ে ভোজন-পান কৰি শেষ নকৰালৈকে তুমি তেওঁক দেখা নিদিবা।
ৰূথ 3 : 4 (IRVAS)
তেওঁ যেতিয়া টোপনি যাব, তেতিয়া তুমি তেওঁৰ শোৱা ঠাই মনত ৰাখি, পাছত তেওঁৰ ওচৰলৈ যাবা আৰু তেওঁৰ ভৰি ফালৰ কাপোৰ গুচাই তাতেই তুমি শুবা; পাছত তুমি কি কৰিব লাগিব, সেই বিষয়ে তেওঁ তোমাক ক’ব।”
ৰূথ 3 : 5 (IRVAS)
তেতিয়া ৰূথে নয়মীক ক’লে, “আপুনি যেনেদৰে ক’লে, মই সেই মতে কৰিম।”
ৰূথ 3 : 6 (IRVAS)
পাছত তেওঁ সেই শস্যমৰা ঠাইলৈ গ’ল, আৰু তেওঁৰ শাহুৱেকে দিয়া আদেশ অনুসাৰে সকলো কৰিলে।
ৰূথ 3 : 7 (IRVAS)
বোৱজে ভোজন-পান কৰি আনন্দ মনেৰে গৈ শস্যৰ দ’মৰ এমূৰত গৈ শুলে, তেতিয়া ৰূথে ধীৰে ধীৰে গৈ তেওঁৰ ভৰিৰ ফালৰ কাপোৰ আতৰালে আৰু তাতেই শুই পৰিল।
ৰূথ 3 : 8 (IRVAS)
পাছত মাজনিশা বোৱজে বাগৰ সলাওঁতে, নিজৰ ভৰিৰ ওচৰত এজনী তিৰোতা মানুহ শুই থকা গম পাই উচপ খাই উঠিল।
ৰূথ 3 : 9 (IRVAS)
তেতিয়া তেওঁ সুধিলে, “তুমি কোন?” তেওঁ ক’লে, “মই আপোনাৰ দাসী ৰূথ; এতেকে আপোনাৰ এই দাসীৰ ওপৰলৈ আপোনাৰ কাপোৰৰ আঁচল মেলি দিয়ক; কাৰণ আপুনি আমাৰ উদ্ধাৰকৰ্তা আৰু আমাৰ সম্পৰ্কীয়[* আপুনি কপোৰ চল মেলি দিয়ক কিয়নো আপুনি মোক বিবাহ কৰক, কিয়নো আপুনি মোৰ উদ্ধাৰকৰ্তা আৰু মোৰ সম্পৰ্কীয়। ]।”
ৰূথ 3 : 10 (IRVAS)
তেতিয়া তেওঁ ক’লে, “আইটি তুমি যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত হোৱা; কিয়নো তুমি ধনী বা দুখীয়া কোনো ডেকা পুৰুষৰ ওচৰলৈ নগৈ, প্ৰথমতকৈ শেষত পুনৰ অধিক প্রেম দেখুৱালা।
ৰূথ 3 : 11 (IRVAS)
এতেকে আইটি, তুমি ভয় নকৰিবা; তুমি কোৱা সকলোকে মই কৰিম, কিয়নো তুমি যে সতী, ইয়াক মোৰ নিজ নগৰৰ ভিতৰত থকা সকলো মানুহে জানে।
ৰূথ 3 : 12 (IRVAS)
এইটো সত্য যে, মই তোমালোকৰ সম্পৰ্কীয় লোক হওঁ, কিন্তু মোতকৈও ওচৰ-সম্পৰ্কীয় আন এজন আছে।
ৰূথ 3 : 13 (IRVAS)
আজি ৰাতি ইয়াতে থাকা৷ ৰাতিপুৱা তেওঁ যদি ওচৰ সম্পৰ্কীয় হিচাপে তোমাক গ্ৰহণ কৰে, তেন্তে ভালেই, তেওঁৱেই সেই কাৰ্য কৰক৷ কিন্তু তেওঁ তোমাক যদি গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে, তেন্তে যিহোৱাৰ জীৱনৰ শপত, ময়েই তোমাক গ্ৰহণ কৰিম। তুমি ৰাতিপুৱালৈকে ইয়াতেই শুই থাকা।”
ৰূথ 3 : 14 (IRVAS)
তেতিয়া ৰূথে ৰাতিপুৱালৈকে তেওঁৰ ভৰিৰ ওচৰত শুই থাকিল; পাছত দোকমোকালিতে অৰ্থাৎ ইজনে সিজনক চিনিব নোৱাৰা সময়তেই তেওঁ উঠিল; কাৰণ বোৱজে কৈছিল, ‘শস্যমৰা ঠাইলৈ মহিলা মানুহ অহা কোনেও জানিব নালাগে’।
ৰূথ 3 : 15 (IRVAS)
পাছত তেওঁ পুনৰ ক’লে, “তুমি গাত লোৱা ওপৰৰ কাপোৰ মেলি ধৰা।” তেতিয়া ৰূথে কাপোৰখন মেলি ধৰোতে তেওঁ ছয় দোন ছয় দোন, অৰ্থাৎ প্ৰায় 4 কিলোগ্ৰাম যৱ ধান জুখি কাপোৰত ঢালি দি তেওঁৰ মুৰত তুলি দিলে; আৰু তেওঁ নগৰলৈ গুচি গ’ল।
ৰূথ 3 : 16 (IRVAS)
পাছত ৰূথে যেতিয়া নিজৰ শাহুৱেকৰ ওচৰলৈ আহিল, তেতিয়া শাহুৱেকে তেওঁক ক’লে, “আইটি তোমাৰ কি হ’ল?” তেতিয়া সেই ব্যক্তি জনে তেওঁলৈ কৰা আটাই কথা শাহুৱেকক তেওঁ ক’লে।
ৰূথ 3 : 17 (IRVAS)
ৰূথে পুনৰ ক’লে, “তেওঁ মোক ‘শাহুৱেৰাৰ ওচৰলৈ শুদাহাতে যাব নালাগে’, এই বুলি কৈ এই ছয় দোন যৱ ধান দিলে।”
ৰূথ 3 : 18 (IRVAS)
তেতিয়া তেওঁৰ শাহুৱেকে তেওঁক ক’লে, “আইটি, এই বিষয়ে কি ঘটিব, সেই বিষয়ে যেতিয়ালৈকে নাজানা তেতিয়ালৈকে তুমি অপেক্ষা কৰি বহি থাকা; কিয়নো সেই ব্যক্তিয়ে আজি এই কাৰ্য সমাধান নকৰালৈকে মনে মনে বহি নাথাকিব।”

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18