Romans 9 : 1 (IRVAS)
ইস্ৰায়েলৰ পতনত ঈশ্বৰৰ দোষ নাই মই খ্ৰীষ্টৰ অধীনত সত্য কওঁ, মিছা নকওঁ, আৰু মোৰ বিবেকেও পবিত্ৰ আত্মাৰ অধীনত মোৰ পক্ষে সাক্ষ্য দিছে যে,
Romans 9 : 2 (IRVAS)
মোৰ হৃদয়ত অতি দুখ আৰু নিৰন্তৰ যাতনা হৈছে।
Romans 9 : 3 (IRVAS)
কিয়নো যি সকল শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয়, মোৰ সেই ভাই সকলৰ কাৰণে মই নিজেই খ্ৰীষ্টৰ পৰা শাপগ্ৰস্ত হ’বলৈ ইচ্ছা কৰিব পাৰিলোহেঁতেন।* যা 32:32
Romans 9 : 4 (IRVAS)
তেওঁলোক ইস্ৰায়েলীয়া৷ তেওঁলোক তোলনীয়া পুত্ৰ, যা 4:22 ঐশ্বৰ্য, নানা ধৰ্ম নিয়ম, বিধান-শাস্ত্ৰ, আৰাধনা, আৰু প্ৰতিজ্ঞা সমূহ, তেওঁলোকৰ হয়৷
Romans 9 : 5 (IRVAS)
ওপৰ-পুৰুষ সকলো তেওঁলোকৰেই; আৰু শৰীৰৰ সম্বন্ধে খ্ৰীষ্টও তেওঁলোকৰ পৰাই হ’ল৷ যি জন সৰ্ব্বোপৰি, সেই ঈশ্বৰ যুগে যুগে ধন্য। আমেন।
Romans 9 : 6 (IRVAS)
কিন্তু ঈশ্বৰৰ বাক্য যে বিফল হৈ পৰিল, এনে নহয়। কিয়নো ইস্ৰায়েলৰ পৰা হোৱা সকলোৱে যে ইস্ৰায়েল, এনে নহয়৷
Romans 9 : 7 (IRVAS)
তেওঁলোক অব্ৰাহামৰ বংশ হোৱাত, সকলো যে তেওঁৰ সন্তান, সেয়াও নহয়; কিন্তু “ইচহাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হ’ব৷” আ 21:12
Romans 9 : 8 (IRVAS)
এই শাস্ত্ৰীয় বচনৰ অৰ্থ হ’ল; শৰীৰৰ যি সন্তান, তেওঁলোক ঈশ্বৰৰ সন্তান নহয়; কিন্তু প্ৰতিজ্ঞাৰ যি সন্তান, তেওঁলোকহে বংশ বুলি গণিত হয়৷
Romans 9 : 9 (IRVAS)
কিয়নো প্ৰতিজ্ঞাৰ বাক্য এই§ আ 18:14; গালা 4:23, 28 : এনেকুৱা সময়ত মই আহিম, তেতিয়া চাৰাৰ এটি পুত্ৰ হ’ব।
Romans 9 : 10 (IRVAS)
অকল সেয়ে নহয়; কিন্তু ৰিবেকাও এজনৰ পৰা, আমাৰ পিতৃ ইচহাকৰ পৰা গৰ্ভৱতী হোৱাত,
Romans 9 : 11 (IRVAS)
সন্তান নৌ ওপজোঁতেই আৰু ভাল বা বেয়া একো নকৰোঁতেই, কৰ্মৰ কাৰণে নহয়, কিন্তু আমন্ত্ৰণকাৰীৰ ইচ্ছাৰ কাৰণে, ঈশ্বৰৰ মনোনীতৰ দৰে* ৰো 11:5-7; 2 তী 1:9; তীত 3:5 হোৱা অভিপ্ৰায়ত থিৰে থাকিবলৈ,
Romans 9 : 12 (IRVAS)
তেওঁক কোৱা গৈছিল, বোলে, “বৰটোৱে সৰুটোৰ সেৱাকৰ্ম কৰিব।”
Romans 9 : 13 (IRVAS)
এই বিষয়ে লিখাও আছে: মলা 1:2, 3 “মই যাকোবক প্ৰেম কৰিলোঁ, কিন্তু এচৌক ঘিণ কৰিলোঁ।”
Romans 9 : 14 (IRVAS)
তেনেহলে আমি কি ক’ম? ঈশ্বৰত অধাৰ্মিকতা আছে নে? এনে নহওক।
Romans 9 : 15 (IRVAS)
কিয়নো তেওঁ মোচিক কৈছিল, “মই যি জনক দয়া কৰোঁ, তেওঁকেই দয়া কৰিম; আৰু যি জনক কৃপা কৰোঁ, তেওঁকেই কৃপা কৰিম।” যা 33:19
Romans 9 : 16 (IRVAS)
এতেকে এয়ে, ইচ্ছা কৰা বা দৌৰ মৰা জনৰ পৰা নহয়, কিন্তু দয়াকাৰী ঈশ্বৰৰ পৰাহে হয়।
Romans 9 : 17 (IRVAS)
কিয়নো ধৰ্মশাস্ত্ৰই ফৌৰণকো কৈছে, “তোমাত মোৰ পৰাক্ৰম যেন দেখুৱাম, তাৰ বাবে আৰু গোটেই জগতত মোৰ নাম প্ৰচাৰিত হ’বৰ বাবে, মই তোমাক তুলিলোঁ।”§ যা 9:16
Romans 9 : 18 (IRVAS)
এতেকে যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ দয়া কৰে আৰু যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ কঠিন কৰে।
Romans 9 : 19 (IRVAS)
তেতিয়া আপুনি মোক ক’ব, বোলে, “তেনেহলে তেওঁ আকৌ দোষ ধৰে কিয়? কিয়নো তেওঁৰ ইচ্ছাৰ প্ৰতিৰোধ কোনে কৰিলে?”
Romans 9 : 20 (IRVAS)
হে অবাধ্য লোক, ঈশ্বৰক প্ৰত্যুত্তৰ কৰা তুমি নো কোন? নিৰ্ম্মিত বস্তুৱে, “তুমি মোক এনেকুৱা কিয় কৰিলা” বুলি নিৰ্ম্মাণকৰ্ত্তাক ক’ব নে?
Romans 9 : 21 (IRVAS)
একে লদা মাটিৰে সমাদৰলৈ এটা, অনাদৰলৈ এটা, এনে দুবিধ পাত্ৰ বনাবলৈ, মাটিৰ ওপৰত কুমাৰৰ ক্ষমতা নাই নে?* যিচ 45:9; 64:8; যিৰি 18:6
Romans 9 : 22 (IRVAS)
ঈশ্বৰে, নিজ ক্ৰোধ দেখুৱাবৰ বাবে আৰু পৰাক্ৰম জনাবৰ ইচ্ছাৰে যদি বিনাশৰ কাৰণে যুগুত হোৱা ক্ৰোধৰ পাত্ৰ সকলক অধিক চিৰসহিষ্ণুতাৰে সহন কৰিলে, 2 পি 3:9
Romans 9 : 23 (IRVAS)
আৰু যি সকলক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে, সেই অনুগ্ৰহৰ পাত্ৰবোৰত নিজ প্ৰতাপৰূপ ধনৰ বিষয় জনোৱাৰ অভিপ্ৰায়েৰে দয়াও সাধন কৰিলে,
Romans 9 : 24 (IRVAS)
তেওঁ আমাক তেনেকুৱা দয়াৰ পাত্ৰ বুলি, কেৱল ইহুদী সকলৰ মাজৰ পৰা নহয়, কিন্তু অনা-ইহুদী সকলৰ মাজৰ পৰাও আমন্ত্ৰণ কৰিলে।
Romans 9 : 25 (IRVAS)
সেইদৰে তেওঁ হোচেয়াৰ পুস্তকতো কৈছে: হো 1:10; 2:23; 1 পি 2:10 “যি লোক মোৰ নহয়, তেওঁক মোৰ লোক বুলি, আৰু অপ্ৰিয় জনীক প্ৰেমৰ বুলি মাতিম।
Romans 9 : 26 (IRVAS)
আৰু ‘তোমালোক মোৰ লোক নোহোৱা,’ এই কথা যি ঠাইত তেওঁলোকক কোৱা হৈছিল, তাত তেওঁলোক জীৱনময় ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হ’ব।”
Romans 9 : 27 (IRVAS)
কিন্তু ইস্ৰায়েলৰ বিষয়ে যিচয়াই এই কথা ঘোষণা কৰে, § যিচ 10:22, 23 “ইস্ৰায়েলৰ সন্তান সকলৰ সংখ্যা যদিও সমুদ্ৰৰ বালিৰ নিচিনা হয়, তথাপি অৱশিষ্ট ভাগেহে পৰিত্ৰাণ পাব৷
Romans 9 : 28 (IRVAS)
কিয়নো প্ৰভুৱে তেওঁৰ বাক্য সংক্ষিপ্ত আৰু সমাপ্ত কৰি, পৃথিৱীত সিদ্ধ কৰিব।
Romans 9 : 29 (IRVAS)
এই বিষয়ে যিচয়া আগেয়ে কৈছিল, * যিচ 1:9 “বাহিনী সমূহৰ প্ৰভুৱে আমাৰ বাবে সঁচ নৰখা হ’লে, আমি চদোমৰ নিচিনা হ’লোঁহেঁতেন আৰু ঘমোৰা নগৰৰ তুল্য হ’লোঁহেঁতেন।
Romans 9 : 30 (IRVAS)
নিজৰ দোষত ইস্ৰায়েলৰ পতন তেনেহলে আমি কি ক’ম? অনা-ইহুদী সকলে ধাৰ্মিকতালৈ কার্য নকৰিও, ধাৰ্মিকতা পালে;
Romans 9 : 31 (IRVAS)
কিন্তু ইস্ৰায়েল লোকে ধাৰ্মিকতাৰ বিধানলৈ কার্য কৰিও, সেই বিধান নাপালে।
Romans 9 : 32 (IRVAS)
কি কাৰণে? কিয়নো তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নহয়, কৰ্মৰ দ্বাৰাইহে পোৱা যায় বুলি কার্য কৰিলে। উজুটি খুউৱা শিলত তেওঁলোকে উজুটি খালে;
Romans 9 : 33 (IRVAS)
এই বিষয়ে লিখাও আছে, যিচ 8:14; 28:16 “চোৱা, মই চিয়োনত উজুটি খুউৱা শিল, অৰ্থাৎ বিঘ্নজনক শিল থ’ম। তেওঁত বিশ্বাস কৰা জন লাজত নপৰিব।”

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33