Romans 16 : 1 (IRVAS)
মই আপোনালোকক নিবেদন কৰিছোঁ যে, কিংক্ৰিয়া নগৰৰ মণ্ডলীৰ পৰিচাৰিকা ফৈবি নামেৰে আমাৰ ভনীক,
Romans 16 : 2 (IRVAS)
আপোনালোকে পবিত্ৰ লোক সকলৰ যোগ্যমতে প্ৰভুত তেওঁক গ্ৰহণ কৰিব আৰু আপোনালোকৰ পৰা যদি কোনো ধৰণৰ সাহায্য বিচাৰে, তেনেহলে সাহায্য কৰিব; কিয়নো তেওঁ অনেক লোকৰ সহায় আৰু মোৰ নিজৰো উপকাৰ কৰিছিল।
Romans 16 : 3 (IRVAS)
খ্ৰীষ্ট যীচুত মোৰ সহকাৰী হোৱা প্ৰিষ্কা আৰু আক্কিলাক মঙ্গলবাদ দিব;
Romans 16 : 4 (IRVAS)
তেওঁলোকে মোৰ প্ৰাণৰ কাৰণে নিজৰ প্ৰাণ দিবলৈ সাজু আছিল; মই তেওঁলোকক ধন্যবাদ দিওঁ আৰু কেৱল মই নহয়, অনা-ইহুদী সকলৰ আটাই মণ্ডলী সকলো লোকে তেওঁলোকক ধন্যবাদ দিছে;
Romans 16 : 5 (IRVAS)
আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীকো আপোনালোকে মঙ্গলবাদ দিব। খ্ৰীষ্টৰ উদ্দেশ্যে হোৱা এচিয়া দেশৰ প্ৰথম ফল, মোৰ যি প্ৰিয় ইপেনিত, তেওঁকো মঙ্গলবাদ দিব।
Romans 16 : 6 (IRVAS)
যি মৰিয়মে আপোনালোকৰ কাৰণে বহু পৰিশ্ৰম কৰিলে, তেওঁক মঙ্গলবাদ দিব।
Romans 16 : 7 (IRVAS)
মোৰ জ্ঞাতি আৰু লগৰ বন্দীয়াৰ আৰু পাঁচনি সকলৰ মাজত প্ৰসিদ্ধ হোৱা, মোতকৈয়ো আগেয়ে খ্ৰীষ্টত আশ্ৰয় লোৱা, যি আন্দ্ৰনিক আৰু যুনিয়, তেওঁলোকক মঙ্গলবাদ দিব।
Romans 16 : 8 (IRVAS)
প্ৰভুত মোৰ প্ৰিয় আমপ্লিয়াতক মঙ্গলবাদ দিব।
Romans 16 : 9 (IRVAS)
খ্ৰীষ্টত আমাৰ সহকাৰী উৰ্ব্বাণক আৰু মোৰ প্ৰিয় স্তাখুক মঙ্গলবাদ দিব।
Romans 16 : 10 (IRVAS)
খ্ৰীষ্টত পৰীক্ষাসিদ্ধ, আপিল্লিক মঙ্গলবাদ দিব। আৰিষ্টবুলৰ পৰিয়ালক মঙ্গলবাদ দিব।
Romans 16 : 11 (IRVAS)
মোৰ জ্ঞাতি হেৰুদিয়োনক মঙ্গলবাদ দিব। নাৰ্কিচহঁতৰ যি সকল প্ৰভুত আছে, তেওঁলোকক মঙ্গলবাদ দিব।
Romans 16 : 12 (IRVAS)
প্ৰভুত পৰিশ্ৰমকাৰিণী ত্ৰুফেনা আৰু ত্ৰুফোচাক মঙ্গলবাদ দিব। যি প্ৰিয় পৰ্চীয়ে প্ৰভুত বহু পৰিশ্ৰম কৰিলে, তেওঁক মঙ্গলবাদ দিব।
Romans 16 : 13 (IRVAS)
প্ৰভুত মনোনীত ৰূফক, আৰু মোৰ মাতৃস্বৰূপা তেওঁৰ মাকক মঙ্গলবাদ দিব।
Romans 16 : 14 (IRVAS)
অচুঙ্কৃত, ফ্লিগোন, হৰ্ম্মা, পাত্ৰোবা, হৰ্ম্মি, আৰু এওঁলোকৰ লগৰ ভাই সকলক মঙ্গলবাদ দিব।
Romans 16 : 15 (IRVAS)
ফিললগ, যুলিয়া, নীৰিয় আৰু তেওঁৰ ভনীয়েক আৰু ওলুম্প, এওঁলোকক আৰু এওঁলোকৰ লগত থকা সকলো পবিত্ৰ লোককো মঙ্গলবাদ দিব।
Romans 16 : 16 (IRVAS)
আপোনালোকে পৰস্পৰে পবিত্ৰ চুমাৰে মঙ্গলবাদ কৰিব। খ্ৰীষ্টৰ সকলো মণ্ডলীয়ে আপোনালোকক মঙ্গলবাদ কৰিছে।
Romans 16 : 17 (IRVAS)
হে ভাই সকল, মই আপোনালোকক মিনতি কৰোঁ যে, যি সকলে দল দল হৈ গোট সৃষ্টি কৰি পাপক প্ৰৰোচিত কৰে, তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখিব৷ আপোনালোকে যি সত্যৰ শিক্ষা পালে, তেওঁলোক সেই শিক্ষাৰ বিপৰীত; এনেকুৱা লোকৰ পৰা আপোনালোক দূৰত থাকিব৷* 2 থি 3:6, 14৷
Romans 16 : 18 (IRVAS)
কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ সেৱাকৰ্ম নকৰি, নিজ নিজ পেটৰ সেৱাকৰ্ম কৰে; আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে নির্দোষী লোকৰ মন ভুলায়।
Romans 16 : 19 (IRVAS)
কিয়নো আপোনালোকৰ আজ্ঞাধীনতাৰ কথা সকলো ঠাইতে বিয়পি পৰিছে। সেয়েহে মই আপোনালোকৰ কথাত আনন্দ কৰোঁ; কিন্তু আপোনালোক উত্তম বিষয়ত জ্ঞানী আৰু মন্দ বিষয়ত যেন শুদ্ধ হয়, এয়ে মোৰ বাঞ্ছা।
Romans 16 : 20 (IRVAS)
আৰু শান্তিৰ আকৰ ঈশ্বৰে অতি সোনকালে চয়তানক আপোনালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব।† আ 3:15; প্ৰ 12:9, 10৷ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।
Romans 16 : 21 (IRVAS)
মোৰ সহকাৰী তীমথিয় আৰু স্বজাতীয় লুকিয়া, যাচোন আৰু চোচিপাত্ৰ, এওঁলোকে আপোনালোকক মঙ্গলবাদ কৰিছে।
Romans 16 : 22 (IRVAS)
আৰু এই পত্ৰ লিখক যি মই, তৰ্ত্তিয়ই, প্ৰভুত আপোনালোকক মঙ্গলবাদ কৰিছোঁ।
Romans 16 : 23 (IRVAS)
মোৰ আৰু গোটেই মণ্ডলীৰ আলহী শুশ্ৰূষা কৰোঁতা গায়ে আপোনালোকক মঙ্গলবাদ কৰিছে। এই নগৰৰ ভঁৰালী ইৰাস্তচে আৰু ক্বাৰ্ত্ত ভায়ে আপোনালোকক মঙ্গলবাদ কৰিছে।
Romans 16 : 24 (IRVAS)
‡ কিছুমান পুৰণি অনুলিপিত এইদৰে লিখা আছে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকললৈ হওক৷
Romans 16 : 25 (IRVAS)
এতিয়া যীচু খ্ৰীষ্টৰ বিষয়ে যি শুভবাৰ্তা মই প্রচাৰ কৰিলোঁ, সেই শুভবাৰ্তাৰ মাধ্যমত আপোনালোকক স্থিৰ ৰাখিবলৈ ঈশ্বৰৰ ক্ষমতা আছে৷ অনাদি কালৰে পৰা ঈশ্বৰে তেওঁৰ ৰহস্য গোপনে ৰাখিছিল, কিন্তু এতিয়া শুভবাৰ্তাৰ মাধ্যমত সেয়া প্ৰকাশ পালে আৰু সেইদৰেই মই প্ৰচাৰো কৰিলোঁ৷
Romans 16 : 26 (IRVAS)
সম্প্ৰতি অনাদি ঈশ্বৰৰ আজ্ঞাৰ দৰে ভাববাদী সকলে লিখা শাস্ত্ৰৰ দ্বাৰাই এতিয়া প্ৰকাশিত হ’ল আৰু আজ্ঞাধীনতাৰ কাৰণে সকলো অনা-ইহুদী লোকৰ আগত জনোৱা হ’ল৷
Romans 16 : 27 (IRVAS)
যি একমাত্ৰ প্ৰজ্ঞাৱান ঈশ্বৰ, যীচু খ্ৰীষ্টৰ দ্বাৰাই, তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27