ৰোমীয়া 11 : 1 (IRVAS)
পতিত ইস্ৰায়েলে শেষত পৰিত্ৰাণ পাব তেনেহলে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলে নে? এনে নহওক; কিয়নো ময়ো অব্ৰাহামৰ বংশৰ বিন্যামীন ফৈদৰ এজন ইস্ৰায়েলীয়া।
ৰোমীয়া 11 : 2 (IRVAS)
ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই। নতুবা, এলিয়াৰ বিৱৰণত শাস্ত্ৰই কি কৈছে, সেই বিষয়ে আপোনালোকে নাজানে নে? তেওঁ ইস্ৰায়েলৰ লোকৰ বিৰুদ্ধে ঈশ্বৰৰ আগত কিদৰে নিবেদন কৰিছিল?* 1 ৰা 19:10-18 তেওঁ কৈছিল,
ৰোমীয়া 11 : 3 (IRVAS)
“হে প্ৰভু, লোক সকলে তোমাৰ ভাববাদী সকলক বধ কৰিলে, তোমাৰ বেদিবোৰ খান্দি পেলালে; আৰু এতিয়া মইহে অৱশিষ্ট আছোঁ; মোৰো প্ৰাণ তেওঁলোকে বিচাৰি আছে”।
ৰোমীয়া 11 : 4 (IRVAS)
কিন্তু উত্তৰত ঈশ্বৰে তেওঁক কি কয়? “বাল দেৱতাৰ আগত আঁঠু নোলোৱাকৈ থকা এনে সাত হাজাৰ মানুহ মই নিজলৈ অৱশিষ্ট ৰাখিলোঁ।”
ৰোমীয়া 11 : 5 (IRVAS)
এইদৰে বৰ্ত্তমান কালতো অনুগ্ৰহেৰে মনোনীত কৰা অৱশিষ্ট লোক আছে।
ৰোমীয়া 11 : 6 (IRVAS)
কিন্তু সেয়ে যদি অনুগ্ৰহেৰে হয় তেনেহলে কৰ্মেৰে নহয়; অন্যথা সেই অনুগ্ৰহ, অনুগ্ৰহ হৈ নাথাকে।
ৰোমীয়া 11 : 7 (IRVAS)
তেনেহলে কি? ইস্ৰায়েলে যি বিচাৰিছে, সেই পোৱা নাই, কিন্তু মনোনীত লোকেহে তাক পালে; অৱশিষ্ট সকলক কঠিন কৰা হ’ল।
ৰোমীয়া 11 : 8 (IRVAS)
এই বিষয়ে এইদৰে লিখাও আছে, “ঈশ্বৰে সিঁহতক মূৰ্চ্ছাজনক আত্মা, আৰু যাতে নেদেখিব, এনে চকু আৰু যাতে নুশুনিব, এনে কাণ দিলে; আজিলৈকে তেওঁলোক সেইদৰেই আছে।”
ৰোমীয়া 11 : 9 (IRVAS)
আৰু দায়ুদেও কৈছে, গীত 69:22, 23 “সিঁহতৰ ভোজনৰ মেজ, সিহঁতলৈ ফান্দ আৰু কুন্দা, বিঘিনি আৰু প্ৰতিফল স্বৰূপ হওক;
ৰোমীয়া 11 : 10 (IRVAS)
সিহঁতে নেদেখিবলৈ, সিহঁতৰ চকু অন্ধকাৰময় হওক৷” আৰু আপুনি সিহঁতৰ পিঠি সদায় কুঁজী কৰক।
ৰোমীয়া 11 : 11 (IRVAS)
তেনেহলে মই কওঁ, তেওঁলোকে পৰিবলৈ উজুটি খালে নে? এনে নহওক। কিন্তু তেওঁলোকৰ অন্তৰ্জ্বালা জন্মাবলৈ তেওঁলোকৰ অপৰাধৰ দ্বাৰাই অনা-ইহুদী সকলৰ পৰিত্রাণ হ’ল।
ৰোমীয়া 11 : 12 (IRVAS)
পাছত তেওঁলোকৰ অপৰাধেই যদি জগতৰ ধন আৰু তেওঁলোকৰ হানিয়েই যদি অনা-ইহুদী সকলৰ ধন হয়, তেনেহলে তেওঁলোকৰ পৰিপূৰ্ণতা তাতকৈ কিমান অধিক হ’ব?
ৰোমীয়া 11 : 13 (IRVAS)
এতিয়া অনা-ইহুদী লোক যি আপোনালোক, আপোনালোকক মই কৈছোঁ। যেতিয়ালৈকে মই অনা-ইহুদী সকলৰ নিযুক্ত পাঁচনি হৈ আছোঁ, মোৰ সেই পৰিচৰ্যা পদৰ গৌৰৱ কৰিছোঁ;
ৰোমীয়া 11 : 14 (IRVAS)
কিজানি কোনোমতে মোৰ স্বজাতীয় সকলৰ অন্তৰ্জ্বালা জন্মাই, তেওঁলোকৰ কিছুমানৰ পৰিত্ৰাণ কৰাব পাৰোঁ।
ৰোমীয়া 11 : 15 (IRVAS)
কিয়নো তেওঁলোকক ত্যাগ কৰাই যদি জগতৰ মিলন হয়, তেনেহলে তেওঁলোকক গ্ৰহন কৰাই মৃত সকলৰ জীৱন লাভৰ বাহিৰে আনকি হ’ব পাৰে?
ৰোমীয়া 11 : 16 (IRVAS)
যদি সনা পিঠাগুড়িৰ প্ৰথম ভাগ পবিত্ৰ, তেনেহলে গোটেই লদাই পবিত্ৰ; আৰু যদি শিপা পবিত্ৰ, তেনেহলে ডালবোৰো পবিত্ৰ।
ৰোমীয়া 11 : 17 (IRVAS)
কিন্তু কেতবোৰ ডাল যদি ভাঙি পেলোৱা হ’ল আৰু আপুনি বনৰীয়া জলফাই গছ হৈয়ো, যদি সেইবোৰৰ মাজত কলম স্বৰূপে লগোৱা হ’ল আৰু আপুনি জলফাইৰ শিপাৰ ৰসৰ সহভাগী হ’ল,
ৰোমীয়া 11 : 18 (IRVAS)
তেনেহলে ডালবোৰৰ বিৰুদ্ধে দৰ্প নকৰিব। যদিও দৰ্প কৰে, তথাপি আপুনি যে শিপাক ভৰণ-পোষণ দি আছে, এনে নহয়, কিন্তু শিপাইহে আপোনাক ভৰণ-পোষণ দি আছে৷
ৰোমীয়া 11 : 19 (IRVAS)
ইয়াতে আপুনি ক’ব, “মোক কলম স্বৰূপে লগাবলৈহে ডালবোৰ ভাঙি পেলোৱা হ’ল।”
ৰোমীয়া 11 : 20 (IRVAS)
সঁচা, তেওঁলোকৰ অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হ’ল, আপুনি হ’লে বিশ্বাসৰ দ্বাৰাই স্থিৰ হৈ আছে। উচ্চমনা নহ’ব, বৰং ভয় কৰক৷ ফিলি 2:12; 1 পি 5:5
ৰোমীয়া 11 : 21 (IRVAS)
কাৰণ যদি ঈশ্বৰে স্বাভাৱিক ডালবোৰক মৰম নকৰিলে, তেনেহলে আপোনাকো মৰম নকৰিব।
ৰোমীয়া 11 : 22 (IRVAS)
এতেকে ঈশ্বৰৰ স্নেহ আৰু তীক্ষ্ণ ভাব চাওক৷ এফালে যি সকল ইহুদী পৰিল, তেওঁলোকৰ বাবে হৈছে তীক্ষ্ণ ভাব; আনফালে আপোনালোকৰ বাবে তেওঁৰ ভাব হৈছে স্নেহশীল৷ যদি আপুনি সেই স্নেহ ভাবত থাকে, তেতিয়াহে; নহ’লে, আপুনিও কটা যাব।
ৰোমীয়া 11 : 23 (IRVAS)
যদি সেইবোৰ অবিশ্বাসত নাথাকে, তেনেহলে সেইবোৰকো কলম স্বৰূপে লগোৱা হ’ব; কিয়নো সেইবোৰক পুনৰ কলম স্বৰূপে লগাবলৈ ঈশ্বৰ সক্ষম।
ৰোমীয়া 11 : 24 (IRVAS)
কাৰণ স্বাভাৱিক বনৰীয়া জলফাই গছৰ পৰা কটা যোৱা যি আপুনি, আপুনি যদি স্বভাৱৰ বিপৰীতে উত্তম জলফাই গছত কলম স্বৰূপে লগোৱা হ’ল, তেনেহলে স্বাভাৱিক ডাল যি সেইবোৰ, সেই ইহুদী সকল কিমান অধিক নিঃসন্দেহে নিজৰ জলফাই গছত কলম স্বৰূপে লগোৱা হ’ব।
ৰোমীয়া 11 : 25 (IRVAS)
কিয়নো, হে ভাই সকল, আপোনালোকে যেন নিজকে জ্ঞানৱন্ত বুলি নামানে, এই কাৰণে, যেতিয়ালৈকে অনা-ইহুদী লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইস্ৰায়েলী লোকৰ যে কঠিনতা জন্মিল, এই নিগূঢ়-তত্ত্ব আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।
ৰোমীয়া 11 : 26 (IRVAS)
এইদৰে সকলো ইস্ৰায়েলী লোকে পৰিত্ৰাণ পাব; এই বিষয়ে লিখাও আছে:§ যিচ 45:17; 54:7, 8; 59:20, 21; যিৰি 31:31-34; হো 3:5 চিয়োনৰ পৰা উদ্ধাৰকৰ্ত্তা আহিব; তেওঁ যাকোবৰ বংশৰ পৰা ভক্তি লঙ্ঘন দূৰ কৰিব;
ৰোমীয়া 11 : 27 (IRVAS)
আৰু এয়েই তেওঁলোকে সৈতে মোৰ নিয়ম হ’ব, তেতিয়া মই তেওঁলোকৰ পাপ গুচাম৷”
ৰোমীয়া 11 : 28 (IRVAS)
এফালে তেওঁলোক শুভবাৰ্তাৰ সম্বন্ধে আপোনালোকৰ কাৰণে শত্ৰু; কিন্তু আনফালে ঈশ্বৰৰ মনোনীতৰ সম্বন্ধে তেওঁলোক ওপৰ-পুৰুষ সকলৰ কাৰণে প্ৰিয়পাত্ৰ।
ৰোমীয়া 11 : 29 (IRVAS)
কিয়নো ঈশ্বৰৰ অনুগ্ৰহৰ বৰ আৰু আমন্ত্ৰণ অপৰিৱৰ্তনীয়।
ৰোমীয়া 11 : 30 (IRVAS)
কাৰণ যেনেকৈ আপোনালোকে আগেয়ে ঈশ্বৰৰ অবাধ্য আছিল, কিন্তু এতিয়া তেওঁলোকৰ অবাধ্যতাৰ কাৰণে দয়া পালে,
ৰোমীয়া 11 : 31 (IRVAS)
তেনেকৈ এতিয়া এই ইহুদী সকলেও যেন আপোনালোকৰ দয়া প্ৰাপ্তিৰ কাৰণে দয়া পায়, তাৰ বাবে তেওঁলোক এতিয়া অবাধ্য হ’ল;
ৰোমীয়া 11 : 32 (IRVAS)
কিয়নো ঈশ্বৰে সকলোকে দয়া কৰিবৰ বাবে, সকলোকে অবাধ্যতাত বন্ধ কৰিলে।
ৰোমীয়া 11 : 33 (IRVAS)
ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য!
ৰোমীয়া 11 : 34 (IRVAS)
“কিয়নো প্ৰভুৰ মন কোনে জানিলে? আৰু তেওঁৰ মন্ত্ৰণাকাৰীয়ে বা কোন হ’ল?
ৰোমীয়া 11 : 35 (IRVAS)
নতুবা কোনে ঈশ্বৰলৈ আগেয়ে দিলে যে, তাৰ বাবে তেওঁক প্ৰতিদান কৰিব লাগে?”
ৰোমীয়া 11 : 36 (IRVAS)
কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়; তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36