Revelation 22 : 1 (IRVAS)
পাছত সেই দূত জনে মোক জীৱন-জলৰ সেই নদী দেখুৱালে, সেই পানী স্ফটিকৰ নিচিনা উজ্জ্বল৷ ঈশ্বৰ আৰু মেৰ-পোৱালিৰ সেই সিংহাসনৰ পৰা সেই নদী,
Revelation 22 : 2 (IRVAS)
তাৰ আলিবাটৰ মাজেৰে বৈ গৈছিল। সেই নদীৰ ইপাৰে-সিপাৰে জীৱন-বৃক্ষ* আ 2:9, 10; যিহি 47:7, 12; প্ৰ 2:7৷ আছিল; সেই বৃক্ষই বাৰ বিধ ফল উৎপন্ন কৰিছিল আৰু প্ৰতি মাহে তাত ফল ধৰে৷ সেই বৃক্ষৰ পাত জাতি সকলক সুস্থ কৰাৰ কাৰণে।
Revelation 22 : 3 (IRVAS)
তাতে কোনো শাও নহ’ব। সেই নগৰত ঈশ্বৰ আৰু সেই মেৰ-পোৱালিৰ সিংহাসন থাকিব আৰু তেওঁৰ দাস সকলে তেওঁক সেৱা কৰিব৷
Revelation 22 : 4 (IRVAS)
তেওঁলোকে তেওঁৰ মুখ দেখা পাব; মথি 5:8; 1 যো 3:2৷ আৰু তেওঁলোকৰ কপালত তেওঁৰ নাম লিখা থাকিব।
Revelation 22 : 5 (IRVAS)
তাতে ৰাতিও নহ’ব; আৰু চাকিৰ পোহৰ বা সূৰ্যৰ পোহৰ তেওঁলোকৰ প্ৰয়োজন নহব; কিয়নো প্ৰভু পৰমেশ্বৰে তেওঁলোকক দীপ্তি দিব আৰু তেওঁলোকে চিৰকাল ৰাজত্ব কৰিব।
Revelation 22 : 6 (IRVAS)
চেতনা আৰু প্ৰতিজ্ঞাযুক্ত শেষ কথা পাছত দূত জনে মোক ক’লে, “এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য; ঈশ্ৱৰ, যি জন ভাববাদী সকলৰ আত্মাৰ প্ৰভু, তেওঁ তেওঁৰ দাস সকলক যি যি অলপতে ঘটিব লগা আছে সেই বিষয়ে দেখুৱাবলৈ নিজ দূতক পঠিয়ালে৷”
Revelation 22 : 7 (IRVAS)
“আৰু চোৱা! মই বেগাই আহি আছোঁ; যি জনে এই পুস্তকৰ ভাববাণীৰ কথাবোৰ পালন কৰে, তেওঁ ধন্য।”
Revelation 22 : 8 (IRVAS)
মই, যোহনেই এইবোৰ কথা শুনিলোঁ আৰু এই সকলো দেখিলোঁ; যেতিয়া মই এনে শুনি-দেখি সেই দূত জনক যি জনে এই সকলোকে মোক দেখুৱালে তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলো।
Revelation 22 : 9 (IRVAS)
তেতিয়া তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! পাঁ 10:25, 26; প্ৰ 19:10৷ মইয়ো তোমাৰ সহদাস আৰু তোমাৰ ভাই ভাববাদী সকলৰ আৰু এই পুস্তকত লিখা বাক্য পালন কৰোঁতা সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা।”
Revelation 22 : 10 (IRVAS)
পুনৰায় তেওঁ মোক কলে, “এই পুস্তকৰ ভাববাণী কৰা বাক্যবোৰ ছাব মাৰি বন্ধ নকৰিবা, কিয়নো কাল ওচৰ চাপিছে।
Revelation 22 : 11 (IRVAS)
যি জন অন্যায়কাৰী, তেওঁক পুনৰ অন্যায় কৰি থাকিবলৈ দিয়া; যি জন কলঙ্কী, তেওঁ পুনৰ কলঙ্ক কৰি থাকক; যি জন ধাৰ্মিক, তেওঁ পুনৰ ধৰ্ম আচৰণ কৰক; যি জন পবিত্ৰ লোক, তেওঁ পবিত্ৰ হৈ থাকক।”
Revelation 22 : 12 (IRVAS)
“চোৱা! মই বেগাই আহি আছোঁ; মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে, যাৰ যেনে কৰ্ম, তেওঁক তেনে প্ৰতিফল দিয়া হব৷§ গীত 62:12; যিচ 50:9, 10৷
Revelation 22 : 13 (IRVAS)
মই আলফা আৰু ওমেগা, প্ৰথম আৰু শেষ, আদি আৰু অন্ত।
Revelation 22 : 14 (IRVAS)
যি সকল জীৱন-বৃক্ষৰ অধিকাৰী আৰু দুৱাৰেদি নগৰত সোমাবৰ কাৰণে নিজ নিজ বস্ত্ৰ ধোৱে,* ইব্ৰী 9:13, 14; প্ৰ 7:14৷ সেই লোক সকল ধন্য৷
Revelation 22 : 15 (IRVAS)
কিন্তু বাহিৰৰ কুকুৰবোৰ, মায়াবীবোৰ, ব্যভীচাৰিবোৰ, নৰবধীবোৰ আৰু মূৰ্তিপূজকবোৰ আৰু মিছা কথাক প্ৰেম কৰা আৰু মিছা কথাক অভ্যাস প্ৰতিজন লোক বাহিৰত থাকে।
Revelation 22 : 16 (IRVAS)
Revelation 22 : 17 (IRVAS)
মই যীচুৱে, মণ্ডলী সমূহৰ কাৰণে তোমালোকক এইবোৰ কথাৰ সাক্ষ্য দিবলৈ, মোৰ দূতক পঠালোঁ। মই দায়ুদৰ মূল আৰু বংশ, যিচ 11:1; মথি 22:42-45৷ উজ্জ্বল প্ৰভাতীয় তৰা।” গণ 24:17৷
Revelation 22 : 18 (IRVAS)
আত্মা আৰু কন্যাই§ প্ৰ 19:7; 21:9৷ কয় “আহা!” আৰু যি জনাই শুনে, তেৱোঁ কয়, “আহা৷” যি জনৰ পিয়াহ লাগে, তেওঁ আহক আৰু যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক। এই পুস্তকৰ ভাববাণীৰ বাক্য শুনা প্ৰতিজনলৈ মই এই সাক্ষ্য দি কৈছোঁ: কোনোৱে যদি এই বাক্যবোৰত কিবা যোগ কৰে, তেনেহলে এই পুস্তকত লিখা উৎপাতবোৰো ঈশ্বৰে সেই জনৰ ওপৰত যোগ কৰিব;
Revelation 22 : 19 (IRVAS)
আৰু কোনোৱে যদি এই ভাববাণীৰ পুস্তকৰ বাক্যবোৰৰ পৰা কিবা গুচায়, তেনেহলে এই পুস্তকত লিখা জীৱন-বৃক্ষ আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তেওঁৰ ভাগ গুচাব।
Revelation 22 : 20 (IRVAS)
Revelation 22 : 21 (IRVAS)
যি জনে এই কথাৰ সাক্ষ্য দিছে, তেৱেঁ কৈছে, “হয়! মই বেগাই আহি আছোঁ।” আমেন! হে প্ৰভু যীচু, আহক! প্ৰভু যীচুৰ অনুগ্ৰহ সকলোৰে লগত থাকক; আমেন।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21