Revelation 18 : 1 (IRVAS)
বাবিল মহা-বেশ্যাৰ বিনাশ এইবোৰ ঘটনা ঘটাৰ পাছত মই আন এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ; তেওঁ অধিক অধিকাৰ পোৱা আৰু তেওঁৰ প্ৰতাপত পৃথিৱী খন দীপ্তিময় হ’ল।
Revelation 18 : 2 (IRVAS)
তেওঁ বলৱান মাতেৰে ৰিঙিয়াই ক’লে, “পৰিল, পৰিল* প্ৰ 14:8৷ সেই বাবিল মহা-নগৰ! তাই ভূতবোৰৰ বাসস্থান হৈ পৰিছে সকলো অশুচি আত্মাৰ কয়দখানা আৰু আটাই অশুচি আৰু ঘিণলগীয়া চৰাই বাস কৰা ঠাই † যিৰি 50:39৷ হ’ল।
Revelation 18 : 3 (IRVAS)
কিয়নো সকলো জাতি তাইৰ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পতিত হ’ল৷ আৰু পৃথিৱীৰ ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ কৰিলে, তাইৰ বিলাসিতা শক্তিৰ প্ৰভাৱত পৃথিৱীৰ সদাগৰ সকল ধনৱন্ত হ’ল।”
Revelation 18 : 4 (IRVAS)
পাছত আন এক আকাশ বাণীত এনেদৰে কোৱা শুনিলোঁ, “হে মোৰ লোক সকল, তোমালোকে যেন তাইৰ পৰা ওলাই আহা‡ যিচ 52:11৷ যাতে তোমালোকে তাইৰ পাপৰ অংশীদাৰ নোহোৱা আৰু তাইৰ উৎপাতৰ ভাগ নোপোৱা৷
Revelation 18 : 5 (IRVAS)
কিয়নো তাইৰ পাপ স্বৰ্গলৈ বৃদ্ধি পালে, আৰু তাইৰ অপৰাধ ঈশ্বৰে সোঁৱৰণ কৰিলে।
Revelation 18 : 6 (IRVAS)
তাই যি দৰে দিলে, তোমালোকেও তাইক সেইদৰে প্ৰতিফল দিয়া, আৰু তাইৰ কৰ্ম অনুসাৰে দুগুণত দুগুণ প্ৰতিফল দিয়া; যি পান-পাত্ৰত পেয় যুগুত কৰিলে, সেই পান-পাত্ৰত তোমালোকেও তাইলৈ দুগুণ পেয় যুগুত কৰা।
Revelation 18 : 7 (IRVAS)
তাই যিমান গৌৰৱ আৰু বিলাসিতা কৰিছিল তাইক সিমান যাতনা আৰু শোক দিয়া৷ কিয়নো তাই মনতে কয়, ‘মই ৰাণী হৈ বহি আছোঁ; মই বিধৱা নহওঁ আৰু মই শোকৰ দিন কেতিয়াও নেদেখিম।’§ যিচ 47:7-11৷
Revelation 18 : 8 (IRVAS)
সেই বাবে তাইৰ সকলো উৎপাত: মৃত্যু শোক আৰু আকাল; একেদিনাই উপস্থিত হ’ব৷ তাইক জুইত পুৰি পেলোৱা যাব, কিয়নো তাইৰ বিচাৰকৰ্তা প্ৰভু পৰমেশ্বৰ বলৱান।
Revelation 18 : 9 (IRVAS)
পৃথিৱীৰ যি ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ আৰু বিলাসিতা কৰিছিল, তেওঁলোকে তাইক পোৰাৰ ধুঁৱা যেতিয়া দেখিব, তেতিয়া তাইৰ কাৰণে ক্ৰন্দন কৰি হিয়া ভুকুৱাব৷* যিহি 26:16, 17৷
Revelation 18 : 10 (IRVAS)
তাইৰ যাতনাৰ ভয়ত দুৰৈত থিয় হৈ এইদৰে ক’ব, “হায় হায়, বাবিল মহা-নগৰ, তুমি সন্তাপৰ পাত্ৰ, পৰাক্ৰমী বাবিল নগৰ! কিয়নো এঘণ্টাৰ ভিতৰতে তোমাৰ দণ্ডাজ্ঞা হ’ল।”
Revelation 18 : 11 (IRVAS)
পৃথিৱীৰ সদাগৰ সকলে তাইৰ কাৰণে ক্ৰন্দন আৰু শোক কৰিছে,
Revelation 18 : 12 (IRVAS)
কিয়নো তেওঁলোকৰ বাণিজ্য-দ্ৰব্য, অৰ্থাৎ সোণ, ৰূপ, বহুমুলীয়া মণি, মুকুতা, শণ সুতাৰ মিহি কাপোৰ, বেঙেনা বৰণীয়া কাপোৰ, পাট কাপোৰ, উজ্বল ৰঙা বৰণীয়া কাপোৰ, চন্দন আদি কাঠ, হাতী-দাঁতৰ আটাই পাত্ৰ আৰু বহুমুল্য কাঠৰ, পিতলৰ, লোহাৰ আৰু মৰ্ম্মৰ শিলৰ সকলো পাত্ৰ,
Revelation 18 : 13 (IRVAS)
ডালচেনি, মচলা, ধূপ, সুগন্ধি তেল, ধুনা-এঁঠা, দ্ৰাক্ষাৰস, তেল, মিহি আটাগুড়ি, ঘেঁহু ধান, মেৰ, ঘোঁৰা আৰু ৰথ, বন্দী মানুহ আৰু মানুহৰ প্ৰাণ, এতিয়া কোনেও নিকিনে৷
Revelation 18 : 14 (IRVAS)
তোমাৰ প্ৰাণৰ অভিলাষিত ফলবোৰ তোমাৰ পৰা গুচি গ’ল৷ সকলো শোভা আৰু দীপ্তি তোমাৰ পৰা নোহোৱা হৈ গ’ল; সেইবোৰ কেতিয়াও পুনৰ নাপাবা।
Revelation 18 : 15 (IRVAS)
এই সকলো বস্তুৰে যি সদাগৰ সকল তাইৰ পৰা ধনৱন্ত হৈ গ’ল, তেওঁলোকে তাইৰ যাতনা দেখি ভয়তে দুৰৈত থিয় হৈ, ক্ৰন্দন আৰু শোক কৰিব৷
Revelation 18 : 16 (IRVAS)
তেওঁলোকে কব, “হায় হায়, সেই মহা-নগৰ সন্তাপৰ পাত্ৰ যি শণ সুতাৰ মিহি কাপোৰ পিন্ধা, বেঙেনা বৰণীয়া আৰু উজ্বল ৰঙা বৰণীয়া কাপোৰ পিন্ধা আৰু সোণ, বহুমুলীয়া মণি আৰু মুকুতাৰে অলঙ্কৃত হোৱা!”
Revelation 18 : 17 (IRVAS)
এঘণ্টাৰ ভিতৰতে এই সকলো ধন-সম্পত্তি ধ্বংস হ’ল। জাহাজৰ চাৰেং সকল, জাহাজেৰে ঠায়ে ঠায়ে অহা-যোৱা কৰা লোক সকল আৰু নাৱিক সকলকে আদি কৰি যিমান সমুদ্ৰ-ব্যৱসায়ী লোক আছে, সেই সকলোৱে দুৰৈত থিয় দি থাকিল৷
Revelation 18 : 18 (IRVAS)
তাইক পোৰাৰ ধুঁৱা দেখি তেওঁলোকে ৰিঙিয়াই ক’লে, “এই মহা-নগৰ তুল্য কোন নগৰ আছে?”
Revelation 18 : 19 (IRVAS)
আৰু তেওঁলোকে নিজৰ মুৰত ধুলি পেলাই ক্ৰন্দন আৰু শোক কৰি ৰিঙিয়াই ক’লে, “হায় হায়, সেই মহা-নগৰ সন্তাপৰ পাত্ৰ যত সকলো জাহাজৰ গৰাকী সকল সাগৰত থাকি যি নগৰ ধনৰ বাহুল্যতাৰ দ্বাৰাই ধনৱন্ত হৈ গ’ল, এঘণ্টাৰ ভিতৰতে তাইৰ ধ্বংস হ’ল।”
Revelation 18 : 20 (IRVAS)
“† প্ৰ 19:1-4; যিৰি 51:48৷ হে স্বৰ্গ, পবিত্ৰ লোক, পাঁচনি আৰু ভাববাদী সকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা, কিয়নো ঈশ্বৰে তোমালোকৰ সোধ-বিচাৰ তাইৰ ওপৰত কৰিলে!”
Revelation 18 : 21 (IRVAS)
পাছত এজন বলৱান দূতে এখন জাঁতৰ নিচিনা এচটা ডাঙৰ শিল তুলি লৈ সাগৰত দলিয়াই ক’লে, “এইদৰে বাবিল মহা-নগৰক বলেৰে পেলোৱা হ’ব, আৰু কেতিয়াও দেখা নাযাব।‡ যিৰি 51:63, 64৷
Revelation 18 : 22 (IRVAS)
বীণা বজোৱা, গায়ন-বায়ন, বাঁহীবাদক আৰু কালি বজোৱা সকলৰ মাত তোমাৰ মাজত আৰু কেতিয়াও শুনা নাযাব৷ আৰু কোনো প্ৰকাৰ শিল্পকাৰী লোক তোমাৰ মাজত কেতিয়াও পোৱা নাযাব৷ জাঁত-ঘৰৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব;
Revelation 18 : 23 (IRVAS)
চাকিৰ পোহৰ তোমাৰ মাজত কেতিয়াও দেখা নাযাব৷ দৰা আৰু কন্যাৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব, কিয়নো তোমাৰ সদাগৰ সকল পৃথিৱীৰ ৰাজকুমাৰ আছিল, আৰু তোমাৰ মায়াকৰ্ম্মৰ দ্বাৰাই সকলো জাতিবোৰ ভ্ৰান্ত হ’ল।
Revelation 18 : 24 (IRVAS)
ভাববাদী আৰু পবিত্ৰ লোক সকলকে আদি কৰি যিমান লোকক পৃথিৱীত বধ কৰা হ’ল, সেই সকলোৰে তেজ এই নগৰৰ ভিতৰত পোৱা গ’ল।”
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24