গীত 96 : 1 (IRVAS)
তোমালোকে যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; হে সমগ্র পৃথিৱীৰ লোক, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গীত গোৱা।
গীত 96 : 2 (IRVAS)
যিহোৱাৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ ধন্যবাদ কৰা; দিনে দিনে তেওঁৰ পৰিত্ৰাণৰ কথা প্ৰচাৰ কৰা।
গীত 96 : 3 (IRVAS)
বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা, সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা।
গীত 96 : 4 (IRVAS)
কিয়নো যিহোৱা মহান আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁ সকলো দেৱতাতকৈয়ো ভয়ানক।
গীত 96 : 5 (IRVAS)
কিয়নো সকলো জাতিৰ দেৱতাবোৰ অসাৰ মাত্র, কিন্তু যিহোৱা আকাশমণ্ডলৰ সৃষ্টিকর্তা।
গীত 96 : 6 (IRVAS)
মহিমা আৰু প্ৰতাপ তেওঁৰ সন্মুখত আছে; পৰাক্রম আৰু শোভা তেওঁৰ পবিত্ৰ স্থানত বিদ্যমান।
গীত 96 : 7 (IRVAS)
হে জাতিবোৰৰ ফৈদ সমূহ, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, যিহোৱাৰেই গৌৰৱ আৰু পৰাক্রম কীৰ্ত্তন কৰা।
গীত 96 : 8 (IRVAS)
তোমালোকে যিহোৱাৰ নামৰ উদ্দেশ্যে তেওঁৰ যোগ্য গৌৰৱ কীৰ্ত্তন কৰা, নৈবেদ্যৰে সৈতে তেওঁৰ চোতাল কেইখনলৈ আহাঁ।
গীত 96 : 9 (IRVAS)
যিহোৱাৰ পবিত্ৰ শোভাত আহি তেওঁৰ আগত প্ৰণিপাত কৰা; হে সমুদায় পৃথিৱী, তেওঁৰ সন্মুখত কম্পমান হোৱা।
গীত 96 : 10 (IRVAS)
বিভিন্ন জাতিৰ মাজত তোমালোকে কোৱা, “যিহোৱা ৰজা। জগতখনক স্থিৰভাৱে স্থাপিত কৰা হ’ল; সেয়ে কেতিয়াও বিচলিত নহ’ব। তেওঁ ন্যায়েৰে লোকসকলৰ বিচাৰ কৰিব।”
গীত 96 : 11 (IRVAS)
আকাশমণ্ডলে আনন্দ কৰক, পৃথিৱীয়ে উল্লাস কৰক; সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক।
গীত 96 : 12 (IRVAS)
পথাৰ আৰু তাত থকা সকলো উল্লাসিত হওক; তেতিয়া অৰণ্যৰ সকলো বৃক্ষই আনন্দ গান কৰিব।
গীত 96 : 13 (IRVAS)
যিহোৱাৰ সন্মুখতে গান কৰিব; কিয়নো তেওঁ আহি আছে; তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ সত্যতাৰে জাতি সমূহৰ বিচাৰ কৰিব।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13