গীত 92 : 1 (IRVAS)
{এটি গীত। বিশ্ৰামবাৰৰ অৰ্থে সঙ্গীত। } যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম; হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতি গান কৰা উত্তম;
গীত 92 : 2 (IRVAS)
ৰাতিপুৱা তোমাৰ অসীম প্রেমৰ কথা আৰু প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা প্রচাৰ কৰা উত্তম;
গীত 92 : 3 (IRVAS)
দহ গুণীয়া যন্ত্ৰ আৰু নেবল যন্ত্ৰ সহকাৰে, গভীৰ বীণাৰ স্বৰেৰে তোমাৰ ধন্যবাদ-স্তুতি কৰা উত্তম।
গীত 92 : 4 (IRVAS)
কিয়নো হে যিহোৱা, তুমি তোমাৰ কার্যৰ দ্বাৰাই মোক আনন্দিত কৰিছা; মই তোমাৰ হাতে কৰা কাৰ্য দেখি আনন্দেৰে গীত গান কৰোঁ।
গীত 92 : 5 (IRVAS)
হে যিহোৱা, তোমাৰ কাৰ্যবোৰ কেনে মহৎ! তোমাৰ চিন্তাবোৰ কেনে গভীৰ!
গীত 92 : 6 (IRVAS)
নির্বোধ লোকে নাজানে, বিবেকহীন লোকে এই সকলোবোৰ বুজি নাপায়;
গীত 92 : 7 (IRVAS)
দুষ্টবোৰ যদিও ঘাহঁৰ নিচিনাকৈ বাঢ়ি উঠে, অন্যায়কাৰীবোৰে যদিও উন্নতি লাভ কৰে, তথাপিতো তেওঁলোক চিৰকাললৈকে বিনষ্ট হ’ব।
গীত 92 : 8 (IRVAS)
কিন্তু হে যিহোৱা, তুমি অনন্তকাল উর্দ্ধবাসী।
গীত 92 : 9 (IRVAS)
কিয়নো, হে যিহোৱা, তোমাৰ শত্ৰুবোৰ, তোমাৰ শত্রুবোৰ ধ্বংস হ’ব; তোমাৰ অন্যায়কাৰী সকলোবোৰ ছিন্ন-ভিন্ন হ’ব।
গীত 92 : 10 (IRVAS)
কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিক* শিং তুলি ধৰিলা; তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল † আশীর্বাদেৰে আনন্দিত কৰিলা ঢালি দিলা।
গীত 92 : 11 (IRVAS)
মোৰ শত্ৰুবোৰৰ পতন মই নিজ চকুৰে দেখিলোঁ; মোৰ বিৰুদ্ধে উঠা সেই দুষ্টবোৰৰ সর্বনাশ মই নিজ কাণেৰে শুনিবলৈ পালোঁ।
গীত 92 : 12 (IRVAS)
ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব; লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব।
গীত 92 : 13 (IRVAS)
তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল; তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব।
গীত 92 : 14 (IRVAS)
তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব; তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব;
গীত 92 : 15 (IRVAS)
তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান; তেৱেঁই মোৰ শিলা, তেওঁত কোনো অধার্মিকতা নাই।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15