Psalms 89 : 1 (IRVAS)
{ইজ্ৰাহীয়া এথনৰ মচকীল নামৰ গীত। } মই চিৰকাল যিহোৱাৰ গভীৰ প্রেমৰ কীর্তন কৰিম; মই নিজ মুখেৰে পুৰুষানুক্ৰমে সকলোৰে সন্মুখত তোমাৰ বিশ্বস্ততা প্রচাৰ কৰিম।
Psalms 89 : 2 (IRVAS)
মই ঘোষণা কৰিম যে, তোমাৰ গভীৰ প্রেমৰ কার্য চিৰকালৰ বাবে স্থাপন হৈছে; তোমাৰ বিশ্বস্ততা আকাশমণ্ডলৰ দৰেই স্থায়ী।
Psalms 89 : 3 (IRVAS)
তুমি কৈছা, “মই মোৰ মনোনীত জনৰ কাৰণে এটি নিয়ম স্থাপন কৰিলোঁ, মোৰ দাস দায়ুদৰ আগত মই এই শপত কৰিলোঁ:
Psalms 89 : 4 (IRVAS)
‘মই তোমাৰ বংশক চিৰকালৰ কাৰণে স্থাপন কৰিম; বংশানুক্রমে তোমাৰ সিংহাসন স্থাপন কৰিম’।” (চেলা)।
Psalms 89 : 5 (IRVAS)
হে যিহোৱা, আকাশ-মণ্ডলে তোমাৰ আচৰিত কৰ্মৰ প্ৰশংসা কৰে; পবিত্ৰ লোকসকলৰ সমাজত তোমাৰ বিশ্বস্ততাৰ প্ৰশংসা কৰে।
Psalms 89 : 6 (IRVAS)
আকাশমণ্ডলৰ মাজত এনে কি আছে যাক যিহোৱাৰ লগত তুলনা কৰিব পাৰি? স্বর্গৰ দূতবোৰৰ মাজত যিহোৱাৰ তুল্য কোন আছে?
Psalms 89 : 7 (IRVAS)
পবিত্ৰ দূতবোৰৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে; তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভয়ানক।
Psalms 89 : 8 (IRVAS)
হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু? তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে।
Psalms 89 : 9 (IRVAS)
তর্জন-গর্জনেৰে ওফন্দি উঠা সমুদ্ৰক তুমি শাসন কৰা; তাৰ ঢৌ উঠিলে তুমিয়েই সেইবোৰক শান্ত কৰা।
Psalms 89 : 10 (IRVAS)
তুমি ৰাহব[* প্ৰাচীনকালৰ কাহিনীবোৰৰ এটা সৰ্পৰ চৰিত্ৰ। চাওক ইয়োব 9:13;26:12; যিচয়া 51:9 ]ক খণ্ড খণ্ড কৰি, হত হোৱা লোকৰ দৰে কৰিলা; তোমাৰ বাহুবলেৰে তুমি তোমাৰ শত্রুবোৰক ছিন্ন-ভিন্ন কৰিলা।
Psalms 89 : 11 (IRVAS)
আকাশ-মণ্ডল তোমাৰ আৰু পৃথিবীও তোমাৰেই; জগত আৰু তাত থকা সকলোকে তুমিয়েই স্থাপন কৰিলা।
Psalms 89 : 12 (IRVAS)
উত্তৰ আৰু দক্ষিণ তোমাৰেই সৃষ্টি; তাবোৰ[† ই গালীলৰ দক্ষিণ অংশৰ শেষত থকা এখন পৰ্বত। ই প্ৰায় 555 মিটাৰ ওখ। ] আৰু হৰ্মোণে [‡ ই গালীলৰ উত্তৰপূব অংশত থকা এখন পৰ্বত। ই প্ৰায় 270 মিটাৰ ওখ। ] তোমাৰ নামত আনন্দ-ধ্বনি কৰে।
Psalms 89 : 13 (IRVAS)
তোমাৰ বাহু পৰাক্ৰমেৰে ভৰা; তোমাৰ হাত শক্তিশালী, তোমাৰ সোঁ হাত প্রবল।
Psalms 89 : 14 (IRVAS)
ধাৰ্মিকতা আৰু ন্যায়বিচাৰ তোমাৰ সিংহাসনৰ ভিত্তিমূল; প্রেম আৰু বিশ্ৱস্ততা তোমাৰ আগে আগে চলে।
Psalms 89 : 15 (IRVAS)
ধন্য সেই লোক, যি লোকে আনন্দ-ধ্বনি§ ঈশ্বৰক আৰাধনা কৰাৰ সময়ত প্ৰশংসাৰ ধ্বনি ৰে তোমাৰ আৰাধনা কৰে; হে যিহোৱা, তেওঁলোকে তোমাৰ মুখৰ দীপ্তিত চলাফুৰা কৰে।
Psalms 89 : 16 (IRVAS)
ওৰে দিনটো তেওঁলোকে তোমাৰ নামত উল্লাস কৰে; তোমাৰ ধাৰ্মিকতাত তেওঁলোকে তোমাক তুলি ধৰে।
Psalms 89 : 17 (IRVAS)
তুমিয়েই তেওঁলোকৰ শক্তিৰ শোভা; তোমাৰ অনুগ্ৰহতে আমাৰ শক্তি* শিং উন্নত হ’ব।
Psalms 89 : 18 (IRVAS)
আমাৰ ৰজা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা দ্বাৰায়েই নিযুক্ত, আমাৰ সেই ঢাল যিহোৱাৰেই।
Psalms 89 : 19 (IRVAS)
এসময়ত তুমি দর্শনত তোমাৰ ভক্তসকলক কৈছিলা, “এজন বীৰৰ ওপৰত মই সহায় কৰাৰ ভাৰ অৰ্পণ কৰিলোঁ; লোকসকলৰ মাজৰ পৰা এজনক মনোনীত কৰি উন্নত কৰিলোঁ।
Psalms 89 : 20 (IRVAS)
মই মোৰ দাস দায়ুদক বিচাৰি পালোঁ; মোৰ পবিত্ৰ তেলেৰে মই তেওঁক অভিষেক কৰিলোঁ।
Psalms 89 : 21 (IRVAS)
মোৰ হাত সদায় তেওঁৰ লগত থাকিব; মোৰ বাহুৱেও তেওঁক বলৱান কৰিব।
Psalms 89 : 22 (IRVAS)
কোনো শত্রুৱে তেওঁক উপদ্ৰৱ নকৰিব, কোনো দুষ্ট লোকে তেওঁক অত্যাচাৰ নকৰিব।
Psalms 89 : 23 (IRVAS)
মই তেওঁৰ শত্রুবোৰক তেওঁৰ সন্মুখতে গুড়ি কৰিম; যিসকলে তেওঁক ঘৃণা কৰে, তেওঁলোকক প্ৰহাৰ কৰিম।
Psalms 89 : 24 (IRVAS)
মোৰ বিশ্বস্ততা আৰু প্রেম তেওঁৰ লগত থাকিব; মোৰ নামত তেওঁৰ শক্তিৰ শিং উর্দ্ধত উঠিব।
Psalms 89 : 25 (IRVAS)
মই সাগৰৰ ওপৰত তেওঁৰ হাত ৰাখি ক্ষমতা দিম, আৰু তেওঁৰ সোঁহাত নদীবোৰৰ ওপৰত ৰাখিম।
Psalms 89 : 26 (IRVAS)
তেওঁ মোক মাতি ক’ব, ‘তুমিয়েই মোৰ পিতৃ, মোৰ ঈশ্বৰ আৰু মোৰ পৰিত্ৰাণৰ শিলা!’
Psalms 89 : 27 (IRVAS)
মই তেওঁক মোৰ জ্যেষ্ঠ পুত্ৰ কৰিম, পৃথিবীৰ ৰজাসকলৰ মাজত তেওঁক সকলোতকৈ শ্ৰেষ্ঠ কৰিম।
Psalms 89 : 28 (IRVAS)
তেওঁৰ প্রতি মোৰ অটল প্রেম চিৰকাললৈকে ৰাখিম; মোৰ নিয়মটি তেওঁৰ লগত থিৰে থাকিব।
Psalms 89 : 29 (IRVAS)
মই তেওঁৰ বংশকো চিৰকাললৈকে স্থায়ী কৰিম, আকাশ-মণ্ডলৰ দৰেই মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।
Psalms 89 : 30 (IRVAS)
তেওঁৰ সন্তান সকলে যদি মোৰ ব্যৱস্থা ত্যাগ কৰে, আৰু মোৰ নিয়মৰ পথত নচলে,
Psalms 89 : 31 (IRVAS)
যদি তেওঁলোকে মোৰ বিধিবোৰ উলঙ্ঘন কৰে, মোৰ আজ্ঞাবোৰ পালন নকৰে,
Psalms 89 : 32 (IRVAS)
তেন্তে মই বেতেৰে প্রহাৰ কৰি তেওঁলোকক অপৰাধৰ শাস্তি দিম, তেওঁলোকৰ অধৰ্মৰ শাস্তি চাবুকেৰে দিম।
Psalms 89 : 33 (IRVAS)
কিন্তু মই মোৰ অটল প্রেম তেওঁৰ পৰা নিচেইকৈ নুগুচাম; মোৰ প্রতিজ্ঞাৰ বিশ্বস্ততা ব্যৰ্থ হবলৈ নিদিম।
Psalms 89 : 34 (IRVAS)
মই মোৰ নিয়মটি উলঙ্ঘন নকৰিম, মোৰ ওঁঠৰ পৰা ওলোৱা বাক্য সলনি নকৰিম।
Psalms 89 : 35 (IRVAS)
মোৰ পবিত্ৰতাৰ শপত খাই মই এবাৰেই ক’লোঁ; মই দায়ুদৰ আগত কেতিয়াও মিছা কথা নকওঁ।
Psalms 89 : 36 (IRVAS)
তেওঁৰ বংশ চিৰকাললৈকে থাকিব, তেওঁৰ সিংহাসন মোৰ সাক্ষাতে সূৰ্যৰ দৰে চিৰস্থায়ী হব।
Psalms 89 : 37 (IRVAS)
সেয়ে আকাশৰ বিশ্বাসী সাক্ষী চন্দ্ৰৰ নিচিনাকৈ চিৰকালৰ কাৰণে স্থাপিত হব।” (চেলা)
Psalms 89 : 38 (IRVAS)
কিন্তু তুমিয়েই পৰিত্যাগ কৰিলা, অগ্ৰাহ্যও কৰিলা; তোমাৰ অভিষিক্ত জনাৰ বিৰুদ্ধে তুমি ক্ৰোধ কৰিছা।
Psalms 89 : 39 (IRVAS)
তোমাৰ দাসে সৈতে স্থাপন কৰা নিয়মটি তুমি প্রত্যাখান কৰিছা; তুমি তেওঁৰ ৰাজ-মুকুট মাটিলৈ পেলাই অশুচি কৰিলা।
Psalms 89 : 40 (IRVAS)
তুমি তেওঁৰ সকলো প্রাচীৰ ভাঙি পেলালা; তুমি তেওঁৰ কোঁঠবোৰ বিনষ্ট কৰিলা।
Psalms 89 : 41 (IRVAS)
তেওঁৰ দেশৰ কাষেদি যোৱা সকলো বাটৰুৱাই তেওঁক লুট কৰে; তেওঁ ওচৰ-চুবুৰীয়াবোৰৰ নিন্দাৰ পাত্র হৈছে।
Psalms 89 : 42 (IRVAS)
তুমি তেওঁৰ শত্রুবোৰৰ সোঁ হাত শক্তিশালী কৰিলা; তেওঁৰ সকলো শত্রুকে আনন্দিত কৰিলা।
Psalms 89 : 43 (IRVAS)
তুমি তেওঁৰ তৰোৱালৰ ধাৰ ওভটাই দিলা আৰু যুদ্ধত তেওঁক থিয় হবলৈ নিদিলা।
Psalms 89 : 44 (IRVAS)
তুমি তেওঁৰ হাতৰ ৰাজদণ্ড† মহিমা হৰণ কৰিলা; তেওঁৰ সিংহাসন ভুমিলৈ পতিত কৰিলা।
Psalms 89 : 45 (IRVAS)
তুমি তেওঁৰ যৌৱন কাল চুটি কৰিলা; তুমি তেওঁক লাজেৰে ঢাকিলা। (চেলা)
Psalms 89 : 46 (IRVAS)
হে যিহোৱা, আৰু কিমান কাল? তুমি সদায়েই নিজকে লুকুৱাই ৰাখিবা নে? কিমান কাল নো তোমাৰ ক্ৰোধ অগ্নিৰ নিচিনাকৈ জ্বলি থাকিব?
Psalms 89 : 47 (IRVAS)
মোৰ জীৱন কাল কেনে অলপ দিনীয়া, তাক সোঁৱৰা; কি অসাৰতাৰ কাৰণেইবা তুমি মনুষ্যক স্ৰজিলা!
Psalms 89 : 48 (IRVAS)
কেতিয়াও মৃত্যু নেদেখাকৈ কোন মানুহ জীয়াই থাকিব পাৰে? চিয়োলৰ হাতৰ পৰা কোনে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে? (চেলা)
Psalms 89 : 49 (IRVAS)
হে যিহোৱা, তোমাৰ পূৰ্বকালৰ সেই অটল প্রেম ক’ত? সেই প্রেম তুমি তোমাৰ বিশ্বস্ততাৰ দ্বাৰাই দায়ুদৰ আগত শপত খাইছিলা।
Psalms 89 : 50 (IRVAS)
হে যিহোৱা, তোমাৰ দাসবোৰক কৰা অপমান সোঁৱৰণ কৰা; সোঁৱৰণ কৰা, আন জাতিবোৰে মোলৈ কৰা সেই অপমানবোৰ; কেনেকৈ মই মোৰ বুকুত বহন কৰি আছোঁ।
Psalms 89 : 51 (IRVAS)
হে যিহোৱা, তোমাৰ শত্রুবোৰে সেই অপমান কৰিছে, তেওঁলোকে তোমাৰ অভিষিক্ত জনাৰ প্রতি খোজক অপমান কৰিছে।
Psalms 89 : 52 (IRVAS)
যিহোৱা চিৰকাললৈকে ধন্য হওঁক। আমেন, আৰু আমেন।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52