গীত 87 : 1 (IRVAS)
{কোৰহৰ বংশৰ ৰচিত গীত। এটি সঙ্গীত। } যিহোৱাই পবিত্ৰ পৰ্ব্বত শ্রেনীৰ ওপৰত তেওঁৰ নগৰ স্থাপন কৰিলে।
গীত 87 : 2 (IRVAS)
যাকোবৰ বংশৰ সকলো নিবাসতকৈ যিহোৱাই চিয়োনৰ দুৱাৰবোৰ ভাল পায়।
গীত 87 : 3 (IRVAS)
হে ঈশ্বৰৰ নগৰ, তোমাৰ বিষয়ে অনেক গৌৰৱৰ কথা কোৱা হৈছে। (চেলা)।
গীত 87 : 4 (IRVAS)
“মই মোৰ চিনাকিবোৰৰ মাজত ৰাহব আৰু বাবিলৰো চর্চা কৰিম; পলেষ্টিয়া, তূৰ আৰু ইথিওপিয়াৰ* ইথিওপিয়াৰ কুচক কথাও চর্চা কৰিম, তেওঁলোকে কয়, ‘এইসকল প্রত্যেকৰে জন্ম তাত হৈছে’।”
গীত 87 : 5 (IRVAS)
এনে কি, চিয়োনৰ বিষয়েও এই বুলি কোৱা হ’ব, “অমুক বা তমুক মানুহৰ তাত জন্ম হৈছিল; সৰ্ব্বোপৰি জনাই নিজেই চিয়োনক স্থাপন কৰিব।”
গীত 87 : 6 (IRVAS)
যিহোৱাই জাতি সমূহৰ নাম লিখি তালিকা কৰাৰ সময়ত এই কথা ক’ব, “এইজনৰ চিয়োনত জন্ম হৈছিল।” (চেলা)।
গীত 87 : 7 (IRVAS)
গায়ক আৰু নাচনীবোৰে একেভাৱে ক’ব, “মোৰ সকলো ভুমুক তোমাৰ মাজতেই আছে।”
❮
❯
1
2
3
4
5
6
7