গীত 81 : 1 (IRVAS)
{প্ৰধান বাদ্যকৰৰ নিমিত্তে: গিত্তীৎ সুৰত গাবলগীয়া আচফৰ ৰচিত গীত। } আমাৰ বল স্বৰূপ ঈশ্বৰৰ উদ্দেশ্যে তোমালোকে উচ্চস্বৰেৰে গান কৰা; যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে আনন্দৰ ধ্বনি কৰা।
গীত 81 : 2 (IRVAS)
গীত আৰম্ভ কৰা, খঞ্জৰী বজোৱা; নেবলেৰে সৈতে মধুৰ বীণা বজোৱা।
গীত 81 : 3 (IRVAS)
ন-জোনৰ দিনা আৰু পূর্ণিমাত আমাৰ উৎসৱৰ দিনা শিঙা বজোৱা।
গীত 81 : 4 (IRVAS)
কিয়নো এয়ে হৈছে ইস্ৰায়েলৰ বাবে এক বিধি আৰু যাকোবৰ ঈশ্বৰে দিয়া এক আজ্ঞা।
গীত 81 : 5 (IRVAS)
যেতিয়া তেওঁ মিচৰ দেশৰ বিৰুদ্ধে ওলাই গৈছিল, তেতিয়া তেওঁ যোচেফৰ বংশৰ কাৰণে এই উৎসৱ সাক্ষী ৰূপে স্থাপন কৰিলে। মই আগেয়ে নজনা এনে এটি মাত শুনিলো:
গীত 81 : 6 (IRVAS)
“মই তেওঁৰ কান্ধৰ পৰা বোজাৰ ভাৰ আঁতৰাই দিলোঁ; পাচি বৈ নিয়াৰ পৰা তেওঁৰ হাত মুক্ত হ’ল।
গীত 81 : 7 (IRVAS)
তুমি সঙ্কটৰ কালত প্ৰাৰ্থনা কৰাত, মই তোমাক উদ্ধাৰ কৰিলোঁ; মেঘ গর্জনৰ শব্দৰ গুপ্ত স্থানৰ পৰা মই তোমাক উত্তৰ দিলোঁ; মিৰীবাৰ জলৰ কাষত মই তোমাক পৰীক্ষা কৰিলোঁ। (চেলা)
গীত 81 : 8 (IRVAS)
হে মোৰ লোকসকল, তোমালোকে মোৰ সাৱধান বাণী শুনা, হে ইস্রায়েলীয়াসকল, তোমালোকে যদি মোৰ কথা শুনিলা হয়!
গীত 81 : 9 (IRVAS)
তোমালোকৰ মাজত কোনো বিদেশী দেৱ-দেৱী নাথাকক; কোনো বিদেশী দেৱতাৰ আগত প্ৰণিপাত নকৰিবা।
গীত 81 : 10 (IRVAS)
ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা; ময়েই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলো; তোমালোকে বহলকৈ মুখ মেলা, মই তাক পূৰ্ণ কৰিম।
গীত 81 : 11 (IRVAS)
কিন্তু মোৰ লোকসকলে মোৰ কথালৈ কাণসাৰ নিদিলে; ইস্ৰায়েলে মোৰ আজ্ঞা মানি নচলিলে।
গীত 81 : 12 (IRVAS)
সেইবাবে মই তেওঁলোকক কঠিনমনা হৃদয় লৈয়ে থাকিবলৈ দিলোঁ, যাতে তেওঁলোকে নিজৰ পৰামর্শতেই চলে।
গীত 81 : 13 (IRVAS)
হায়! মোৰ লোকসকলে যদি কেৱল মোৰ কথাই শুনিলে হয়, হায়! ইস্ৰায়েলে যদি মোৰ পথতে চলিলে হয়!
গীত 81 : 14 (IRVAS)
তেন্তে মই শীঘ্রেই তেওঁলোকৰ শত্রুবোৰক দমন কৰিলোঁ হয়, তেওঁলোকৰ শত্রুবোৰৰ বিৰুদ্ধে মোৰ হাত তুলিলোঁ হয়!
গীত 81 : 15 (IRVAS)
যিহোৱাক ঘিণাওঁতাবোৰে তেওঁৰ সন্মুখত অৱনত হ’ব; তেওঁলোকৰ দণ্ড চিৰকাল স্থায়ী হ’ব।
গীত 81 : 16 (IRVAS)
কিন্তু ইস্রায়েলক মই সবাতোকৈ উত্তম ঘেঁহু খাবলৈ দিম; মই তেওঁলোকক শিলৰ পৰা পোৱা মৌৰে তৃপ্ত কৰিম।”
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16