গীত 76 : 1 (IRVAS)
{প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া, আচফৰ ৰচিত গীত,সঙ্গীত। } যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে; ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান।
গীত 76 : 2 (IRVAS)
চালেম* যিৰুচালেম ত তেওঁৰ তম্বু আছে; চিয়োনত তেওঁৰ বসতি স্থান আছে।
গীত 76 : 3 (IRVAS)
তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে; ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। *চেলা
গীত 76 : 4 (IRVAS)
তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ; যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, য’ত তুমি তোমাৰ চিকাৰ আহত কৰিছিলা।
গীত 76 : 5 (IRVAS)
এই দুঃসাহসী লোকসকলক অপহৰণ কৰা হ’ল; তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ’ল। পৰাক্ৰমীসকল অসহায় হ’ল।
গীত 76 : 6 (IRVAS)
হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত, ৰথ চালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল।
গীত 76 : 7 (IRVAS)
তুমি, হয় তুমিয়েই আতঙ্কজনক; তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হ’ব পাৰে?
গীত 76 : 8 (IRVAS)
তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হয়; পৃথিৱী আতঙ্কিত হৈ নীৰৱে আছিল।
গীত 76 : 9 (IRVAS)
হে ঈশ্বৰ, তুমি উঠা, বিচাৰ নিস্পতি কৰা; পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা। *চেলা
গীত 76 : 10 (IRVAS)
অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ’ব; তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্রোধ সোঁৱৰণ কৰিবা[† অৱশিষ্ট লোকৰ যুদ্ধক সোঁৱৰণ কৰিব। ]।
গীত 76 : 11 (IRVAS)
তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা; তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব।
গীত 76 : 12 (IRVAS)
তেওঁ ৰাজকোঁৱৰ সকলৰ সাহস খর্ব কৰিব; তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12