Psalms 70 : 1 (IRVAS)
{প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত স্মৰণাৰ্থক গীত। } হে ঈশ্বৰ, মোক ৰক্ষা কৰা! হে যিহোৱা, শীঘ্রে মোক উদ্ধাৰ কৰিবলৈ আহা।
Psalms 70 : 2 (IRVAS)
যিসকল লোকে মোৰ বিপদত সন্তুষ্ট হয়, তেওঁলোক অভিশপ্ত হৈ লাজ পাওক; মোৰ প্ৰাণ বিচাৰোঁতাসকল বঞ্চিত হৈ বিভ্রান্ত হওক।
Psalms 70 : 3 (IRVAS)
যিসকলে মোক আহা আহা বোলে; তেওঁলোকে লাজ পাই উলটি যাওক।
Psalms 70 : 4 (IRVAS)
তোমাক বিচাৰোতাসকল তোমাত আনন্দ কৰি উল্লাসিত হওক; তোমাৰ পৰিত্ৰাণক প্ৰীতি কৰোঁতা সকলে “যিহোৱা মহিমান্বিত হওক” বুলি সদায় কওক।
Psalms 70 : 5 (IRVAS)
কিন্তু মই হ’লে অভাবগ্রস্ত আৰু দৰিদ্ৰ; হে ঈশ্বৰ, মোৰ ওচৰলৈ শীঘ্ৰে আহাঁ; তুমি মোৰ সহায় আৰু মোৰ উদ্ধাৰকৰ্ত্তা; হে যিহোৱা, পলম নকৰিবা।

1 2 3 4 5