Psalms 68 : 1 (IRVAS)
{প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত, সঙ্গীত। } ঈশ্বৰ উঠক; তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওঁক; তেওঁক ঘিণাওঁতাবিলাক তেওঁৰ আগৰ পৰা দূৰ হওঁক।
Psalms 68 : 2 (IRVAS)
ধোঁৱাৰ দৰে তুমি তেওঁলোকক উৰুৱাই নিয়া; মম যেনেকৈ জুইৰ ওচৰত গলি যায়, তেনেকৈ দুষ্টবোৰ ঈশ্বৰৰ সন্মুখত বিনষ্ট হওঁক।
Psalms 68 : 3 (IRVAS)
কিন্তু ধাৰ্মিকসকলে আনন্দ কৰক, ঈশ্বৰৰ সাক্ষাতে উল্লাস কৰক; তেওঁলোকে আনন্দ কৰি উল্লাস কৰক।
Psalms 68 : 4 (IRVAS)
তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা; মৰুভূমি[* তেওঁ মেঘৰ মাজেদি ৰথত আহিছে। কিছুমান অনুলিপিত আছে - প্ৰভু যেনেকৈ চীনয় পবিত্ৰ স্থানত আছিল, তেনেকৈ সেইবোৰৰ মাজতো আছে। ]ৰ মাজেদি যি জন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা; তেওঁৰ নাম যিহোৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা।
Psalms 68 : 5 (IRVAS)
ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা ৰক্ষাকর্তা
Psalms 68 : 6 (IRVAS)
অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।
Psalms 68 : 7 (IRVAS)
হে ঈশ্বৰ, তুমি যেতিয়া মৰুভূমিৰ মাজেদি তোমাৰ লোক সকলৰ আগে আগে গৈছিলা, *চেলা
Psalms 68 : 8 (IRVAS)
তেতিয়া পৃথিৱী কঁপি উঠিছিল আৰু আকাশেও বৰষুণ বর্ষাইছিল; এই সকলোবোৰ হৈছিল ঈশ্বৰৰ সাক্ষাতে, চীনয় পর্বতৰ, সেই ঈশ্বৰৰ উপস্থিতিত; ঈশ্বৰৰ সাক্ষাতে, ইস্ৰায়েলৰ ঈশ্বৰৰ উপস্থিতিত।
Psalms 68 : 9 (IRVAS)
হে ঈশ্বৰ, তুমি প্রচুৰ পৰিমাণে বৰষুণ বৰষাইছিলা; তুমি তোমাৰ শুকান দেশত পুনৰায় নিজৰ আধিপত্য শক্তিশালী কৰি তুলিলা।
Psalms 68 : 10 (IRVAS)
তোমাৰ নিজৰ লোকসকলে তাত বাস কৰিলে; হে ঈশ্বৰ, তোমাৰ দয়াৰে তুমি দৰিদ্ৰসকলৰ অভাৱ পূৰণ কৰিছিলা।
Psalms 68 : 11 (IRVAS)
যিহোৱাই লোক সমূহক আদেশ দিয়ে; সু-সংবাদ ঘোষণাকাৰী মহিলাসকল সংখ্যাত বৃহৎ দল।
Psalms 68 : 12 (IRVAS)
তেওঁলোকে ঘোষণা কৰে, “সৈন্যদলৰ ৰজাসকল পলাই গৈছে, পলাই গৈছে!” ঘৰৰ গৃহিণীসকলে যুদ্ধৰ লুটদ্ৰব্য ভাগ বাঁটি লৈছে:
Psalms 68 : 13 (IRVAS)
যদিও তেওঁলোকে মেৰ-ছাগৰ গঁৰালবোৰৰ মাজত থাকে - তথাপি তেওঁলোকে ৰূপেৰে আবৃত হোৱা কপৌৰ ডেউকা আৰু তাৰ সোণোৱালী পাখি পাব।
Psalms 68 : 14 (IRVAS)
সৰ্ব্বশক্তিমান ঈশ্বৰে যেতিয়া দেশৰ মাজত ৰজাসকলক ছত্রভঙ্গ কৰিলে, তেতিয়া চলমোন পর্বতৰ ওপৰত বৰফ পৰিছিল।
Psalms 68 : 15 (IRVAS)
হে বিশাল পর্বত, বাচান পাহাৰৰ বিশাল পর্বত; হে অনেক শৃঙ্গ সম্বলিত পর্বত, বাচান পাহাৰৰ পর্বত!
Psalms 68 : 16 (IRVAS)
হে অনেক শৃঙ্গ সম্বলিত পর্বত, ঈশ্বৰে যি পর্বতক নিজৰ আবাসৰ বাবে বাচি লৈছে, তালৈ তুমি হিংসা দৃষ্টিৰে কিয় চাই আছা? সেই ঠাইতেই যিহোৱাই চিৰকাললৈকে বাস কৰিব।
Psalms 68 : 17 (IRVAS)
ঈশ্বৰৰ শক্তিশালী ৰথ হাজাৰ হাজাৰ, লাখ লাখ; যিহোৱা চীনয় পর্বতৰ পৰা পবিত্র স্থানলৈ আহিব[‡ যিহোৱা তাৰ মাজত আছে, চীনয় পর্বত পবিত্ৰ স্থান। ]।
Psalms 68 : 18 (IRVAS)
তুমি যেতিয়া ওখ পর্বতত উঠিলা, তুমি যুদ্ধ-বন্দীসকলক বন্দী কৰি লৈ গ’লা; লোকসকলৰ পৰা, এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰা সকলৰ পৰাও অনেক দান আহিছিল, যাতে হে ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ মাজত থাকিব পাৰা।
Psalms 68 : 19 (IRVAS)
প্রতিদিনে আমাৰ বোজা বহন কৰা যিহোৱা ধন্য; তেৱেঁই আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ। (চেলা)
Psalms 68 : 20 (IRVAS)
আমাৰ ঈশ্বৰ হৈছে পৰিত্রাণৰ ঈশ্বৰ। যিহোৱা ঈশ্বৰে মৃত্যুৰ পৰা ৰক্ষা কৰে।
Psalms 68 : 21 (IRVAS)
কিন্তু ঈশ্বৰে নিজ শত্ৰুবোৰৰ মূৰ চূৰ্ণ কৰিব, যিসকলে কুপথত চলি থাকে, চুলিৰে পূর্ণ হৈ থকা সেই সকলো লোকৰ মূৰৰ লাউখোলা তেওঁ গুড়ি কৰিব।
Psalms 68 : 22 (IRVAS)
প্ৰভুৱে ক’লে, “মই বাচান দেশৰ পৰা তেওঁলোকক লৈ আনিম; সমুদ্রৰ গভীৰ তলৰ পৰা তেওঁলোকক তুলি আনিম,
Psalms 68 : 23 (IRVAS)
যাতে শত্রুবোৰৰ তেজত তুমি তোমাৰ ভৰি জুবুৰিয়াব পাৰা, আৰু তোমাৰ কুকুৰবোৰৰ জিভাই যেন তাক ইচ্ছা মতে চেলেকি নিজৰ ভাগ পাব পাৰে।”
Psalms 68 : 24 (IRVAS)
হে ঈশ্বৰ, লোকসকলে তোমাৰ আড়ম্বৰপূর্ণ যাত্রা দেখিছে; পবিত্ৰ স্থানলৈ যোৱা মোৰ ঈশ্বৰ, মোৰ ৰজাৰ যাত্রা দেখিছে।
Psalms 68 : 25 (IRVAS)
আগত গায়নসকল গৈছে, শেষত গৈছে বাদ্যযন্ত্রৰ বায়নসকল, খঞ্জৰী বজোৱা ছোৱালীবোৰ তেওঁলোকৰ মাজত গৈছে।
Psalms 68 : 26 (IRVAS)
তোমালোকে বৃহৎ সমাজবোৰৰ মাজত ঈশ্বৰৰ ধন্যবাদ কৰা; হে ইস্ৰায়েল-ভুমুকৰ পৰা ওলোৱা বংশধৰসকল, যিহোৱাৰ ধন্যবাদ কৰা।
Psalms 68 : 27 (IRVAS)
তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিন্যামীন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা, তেওঁৰ বংশ গৈছে; সৌৱা যিহূদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল, সৌৱা জবূলূনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে।
Psalms 68 : 28 (IRVAS)
হে ঈশ্বৰ, তোমাৰ পৰাক্রমৰ আজ্ঞা দিয়া[§ শক্তি থকা আজ্ঞা মোক দিয়া। ]; হে ঈশ্বৰ, তোমাৰ শক্তি প্রদর্শন কৰা, যেনেকৈ আগেয়ে তুমি আমাৰ পক্ষে কার্য প্রদর্শন কৰিছিলা।
Psalms 68 : 29 (IRVAS)
যিৰূচালেমত তোমাৰ মন্দিৰ থকাৰ কাৰণে ৰজাসকলে তোমাৰ উদ্দেশ্যে উপহাৰ লৈ যাব।
Psalms 68 : 30 (IRVAS)
নলনিৰ বনৰীয়া জন্তু সেই মিচৰক তুমি ধমকি দিয়া; বলদে নিজৰ দামুৰিৰ জাকবোৰক নিয়ন্ত্রণ কৰাৰ দৰে সেই সকলো জাতিবোৰক ধমকি দিয়া। যিসকলে উপহাৰ কামনা কৰে, তেওঁলোকক তোমাৰ ভৰিৰ তলত গচকিবা; যি জাতিয়ে যুদ্ধ ভাল পায়, তেওঁলোকক সিচঁৰিত কৰা।
Psalms 68 : 31 (IRVAS)
মিচৰৰ পৰা ৰাষ্ট্রদূতসকল আহিব; কুচে* কুচে ইথিওপিয়া ততালিকে ঈশ্বৰলৈ নিজৰ হাত মেলিব।
Psalms 68 : 32 (IRVAS)
হে পৃথিবীৰ সকলো ৰাজ্য, ঈশ্বৰৰ উদ্দেশ্যে গান কৰা, যিহোৱাৰ স্তুতিগান কৰা। (চেলা)
Psalms 68 : 33 (IRVAS)
তোমালোকে অনাদি কালৰ পৰা অৱস্থান কৰা আকাশৰ মাজেদি ৰথত উঠি চলাচল কৰা জনাৰ উদ্দেশ্যে গান কৰা। শুনা, তেওঁৰ স্বৰ; তেওঁ উচ্চ স্বৰেৰে কথা কৈছে।
Psalms 68 : 34 (IRVAS)
ঈশ্বৰৰ পৰাক্ৰম ঘোষণা কৰা; তেওঁৰ মহিমা ইস্ৰায়েলৰ ওপৰত আছে আৰু আকাশ জুৰি তেওঁৰ পৰাক্ৰম প্রকাশ হৈ আছে।
Psalms 68 : 35 (IRVAS)
হে ঈশ্বৰ, তোমাৰ পবিত্ৰ স্থানত তোমাৰ উপস্থিতিয়ে ভয় জগাই তোলে। ইস্ৰায়েলৰ ঈশ্বৰেই নিজ লোকক বল আৰু শক্তি দান কৰে। ঈশ্বৰৰ প্রশংসা হওঁক!

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35