Psalms 63 : 1 (IRVAS)
{যিহূদাৰ অৰণ্যত থকা সময়ত দায়ূদৰ ৰচিত গীত। } হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; আন্তৰিকতাৰে মই তোমাক বিচাৰিম; পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে, মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।
Psalms 63 : 2 (IRVAS)
এই দৰে মই তোমাৰ আশ্রয় স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ, পবিত্ৰ স্থানত তোমাক চাইছিলোঁ।
Psalms 63 : 3 (IRVAS)
কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম; মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব।
Psalms 63 : 4 (IRVAS)
এইদৰে মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম।
Psalms 63 : 5 (IRVAS)
লোকসকলে মগজু আৰু তেলীয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ’ব; আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।
Psalms 63 : 6 (IRVAS)
মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো; নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ।
Psalms 63 : 7 (IRVAS)
কিয়নো তুমি মোৰ সহায়কর্তা; তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম।
Psalms 63 : 8 (IRVAS)
মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে।
Psalms 63 : 9 (IRVAS)
যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে, তেওঁলোক পৃথিবীৰ অধঃস্থানলৈ গতি কৰিব।
Psalms 63 : 10 (IRVAS)
তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হ’ব; আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হ’ব।
Psalms 63 : 11 (IRVAS)
কিন্তু ৰজাই ঈশ্বৰত আনন্দ কৰিব; তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব, কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হ’ব।

1 2 3 4 5 6 7 8 9 10 11