গীত 61 : 1 (IRVAS)
{প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া দায়ূদৰ ৰচিত গীত। } হে ঈশ্বৰ, মোৰ ক্রন্দন শুনা; মোৰ প্ৰাৰ্থনালৈ কাণ দিয়া।
গীত 61 : 2 (IRVAS)
মোৰ মন দুখত যেতিয়া ভাঙি পৰে, মই পৃথিবীৰ অন্তত থাকিলেও তাৰ পৰা তোমাক মাতিম; তুমি মোক মোতকৈ ওখ শিলটোলৈ লৈ যোৱা য’ত মোৰ নিৰাপত্তা আছে।
গীত 61 : 3 (IRVAS)
কিয়নো তুমি মোৰ আশ্ৰয়, শত্ৰুৰ পৰা ৰক্ষা কৰোঁতা দৃঢ় দুৰ্গ।
গীত 61 : 4 (IRVAS)
মই যেন চিৰকাললৈকে তোমাৰ তম্বুত বাস কৰিবলৈ পাম; তোমাৰ ডেউকাৰ আঁৰত মই যেন আশ্রয় পাম। *চেলা
গীত 61 : 5 (IRVAS)
কিয়নো হে ঈশ্বৰ, তুমিয়েই মোৰ সঙ্কল্পবোৰ শুনিলা। তোমাৰ নাম শ্রদ্ধা কৰাসকলৰ আধিপত্য তুমি মোক দিলা।
গীত 61 : 6 (IRVAS)
তুমি ৰজাৰ আয়ুস দীর্ঘাযু় কৰিবা; তেওঁ বয়স বহু পুৰুষলৈকে থাকিব।
গীত 61 : 7 (IRVAS)
তেওঁ ঈশ্বৰৰ সাক্ষাতে চিৰকাল বাস কৰিব; তেওঁৰ ৰক্ষাৰ অৰ্থে দয়া আৰু সত্যতা ব্যৱহাৰ কৰা।
গীত 61 : 8 (IRVAS)
তাতে, মই চিৰকাললৈকে তোমাৰ প্ৰশংসাৰ গান কৰিম; প্রতিদিনে নিজৰ সঙ্কল্প সিদ্ধ কৰিম।
❮
❯
1
2
3
4
5
6
7
8