গীত 60 : 1 (IRVAS)
{প্ৰধান বাদ্যকৰৰ নিমিত্তে চূচন-এদূৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ূদৰ ৰচিত শিক্ষাৰ্থক গীত। যি কালত অৰাম-নহৰয়িম আৰু অৰাম-চোবাৰ লগত তেওঁ যুদ্ধ কৰিছিল আৰু যোৱাবে উভটি লবন উপত্যকাত ইদোমৰ বাৰ হাজাৰ লোকক বধ কৰিছিল, সেই সময়ৰ গীত। } হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰিলা, ভাঙি চূৰ-মাৰ কৰিলা; তুমি ক্ৰুদ্ধ হলা; আমাক পুনৰায় স্থাপন কৰা।
গীত 60 : 2 (IRVAS)
তুমি দেশ খনত কঁপনি তুলি তাক বিচিন্ন কৰিলা; তাৰ ফাটবোৰ ভাল কৰা, কিয়নো সেইবোৰ জোকাৰণি খাইছে।
গীত 60 : 3 (IRVAS)
তুমি তোমাৰ প্ৰজাসকলক নির্দিষ্ট কিছুমান কঠোৰ কষ্ট ভোগ কৰিবলৈ দিলা; তুমি আমাক ঢলংপলং কৰাওঁতা দ্ৰাক্ষাৰসো খাবলৈ দিলা;
গীত 60 : 4 (IRVAS)
যি সকলে তোমাক ভয় কৰে তেওঁলোকৰ বাবে তুমি এখন পতাকা দিয়া; যাতে তেওঁলোকে ধনুৰ পৰা পলাব পাৰে।[* তুমি তেওঁলোকক এখন পতাকা দিছা; সেই পতাকা খন সত্যৰ পক্ষে তুলি ধৰা হয়। ] *চেলা
গীত 60 : 5 (IRVAS)
তাতে তোমাৰ প্ৰিয়সকলে উদ্ধাৰ পাব; তুমি তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা আৰু আমাক উত্তৰ দিয়া।
গীত 60 : 6 (IRVAS)
ঈশ্বৰে নিজৰ পবিত্র ঠাইত† পবিত্ৰতাৰে ক’লে, “মই উল্লাস কৰিম; মই চিখিম ভাগ বাঁটি দিম, আৰু চুক্কোতৰ উপত্যকা জুখি দিম।
গীত 60 : 7 (IRVAS)
গিলিয়দ মোৰেই আৰু মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰ-দণ্ড;
গীত 60 : 8 (IRVAS)
মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; মই ইদোমলৈ মোৰ জোতা দলিয়াই দিম; হে দেশ, তুমি জয়ধ্বনি কৰা‡ হে ফিলিষ্টিয়া দেশ তুমি মোৰ কাৰণে উচ্চ-ধ্বনি কৰা ।”
গীত 60 : 9 (IRVAS)
কোনে মোক সেই দৃঢ় নগৰৰ ভিতৰলৈ লৈ যাব? কোনে মোক ইদোমলৈ লৈ যাব?”
গীত 60 : 10 (IRVAS)
হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰা নাই নে? হে’ ঈশ্বৰ, তুমিতো আমাৰ সৈন্য সমূহৰ লগত যুদ্ধলৈ নোযোৱা।
গীত 60 : 11 (IRVAS)
শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰা; কিয়নো মানুহৰ সহায় বৃথা।
গীত 60 : 12 (IRVAS)
ঈশ্বৰৰ সহায়ৰ দ্বাৰাইহে আমি জয়জয়কাৰ হ’ম; কিয়নো তেৱেঁই আমাৰ শত্ৰুবোৰক বিদ্রুপ কৰিব।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12