গীত 6 : 1 (IRVAS)
{প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত তাঁৰযুক্ত যন্ত্ৰেৰে গোৱা দায়ুদৰ ৰচিত গীত। } হে যিহোৱা, তুমি খঙত মোক ধমকি নিদিবা; তোমাৰ ক্রোধত মোক শাসন নকৰিবা।
গীত 6 : 2 (IRVAS)
হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই দুর্বল; হে যিহোৱা মোক সুস্থ কৰা, কিয়নো মোৰ হাড়বোৰ ভয়তে কঁপিছে।
গীত 6 : 3 (IRVAS)
মোৰ প্ৰাণো ভয়তে ব্যাকুল হৈছে; হে যিহোৱা, এইদৰে কিমান কাললৈ হৈ থাকিব?
গীত 6 : 4 (IRVAS)
হে যিহোৱা, মোলৈ ঘূৰি চোৱা, মোৰ প্ৰাণ ৰক্ষা কৰা; তোমাৰ অসীম প্রেমেৰে মোক উদ্ধাৰ কৰা।
গীত 6 : 5 (IRVAS)
মৃত্যু হ’লে তোমাক সোঁৱৰণ কৰা নহয়; চিয়োলত* চিয়োলত মৈদাম কোনে তোমাৰ প্ৰশংসা কৰিব?
গীত 6 : 6 (IRVAS)
মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো; গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াও; মোৰ বিচনা তিতি যায়।
গীত 6 : 7 (IRVAS)
দুখতে মোৰ চকুৰ দৃষ্টি কমি গৈছে; শত্রুবোৰৰ কাৰণে মোৰ চকু দুৰ্বল হৈছে।
গীত 6 : 8 (IRVAS)
হে দুষ্ট কার্য কৰা লোকবিলাক, তোমালোক সকলোৱেই মোৰ ওচৰৰ পৰা দূৰ হৈ যোৱা; কিয়নো যিহোৱাই মোৰ ক্ৰন্দন শুনিছে।
গীত 6 : 9 (IRVAS)
যিহোৱাই মোৰ নিবেদন শুনিলে; তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে।
গীত 6 : 10 (IRVAS)
মোৰ সকলো শত্রুবোৰ লজ্জিত হ’ব আৰু ভয়তে ব্যাকুল হ’ব; সিহঁত ঘূৰি যাব আৰু হঠাৎ লাজত পৰিব।

1 2 3 4 5 6 7 8 9 10