গীত 58 : 1 (IRVAS)
{প্ৰধান বাদ্যকৰৰ নিমিত্তে অলতচহেৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ুদৰ ৰচিত গীত। } তোমালোকে বাস্তৱিকতে ধৰ্মৰ কথা কবলগীয়া সময়ত নীৰৱ হৈ থকা নাই নে? হে শাসকসকল* তোমালোক দেৱতাবোৰৰ দৰে বোবা , তোমালোকে জানো ন্যায় ভাৱে ন্যায় বিচাৰ কৰা?
গীত 58 : 2 (IRVAS)
বৰং তোমালোকৰ মনত অন্যায় আৰু দুষ্টতাৰ কার্য আছে; তোমালোকে পৃথিবীত নিজ হাতৰ উপদ্ৰৱেৰে অপৰাধ কৰিছা।
গীত 58 : 3 (IRVAS)
দুষ্টবোৰ গৰ্ভত থকাৰে পৰা বিপথগামী; তেওঁলোকে জন্ম হোৱা মাত্ৰে মিছা কথা কৈ বিপথগামী হয়।
গীত 58 : 4 (IRVAS)
সাপৰ বিষৰ নিচিনা তেওঁলোকৰ বিষ; তেওঁলোক কলা কালসৰ্পৰ নিচিনাকৈ নিজ কাণ বন্ধ কৰি ৰাখিছে,
গীত 58 : 5 (IRVAS)
সেই সাপে যাদুকৰৰ মন্ত্ৰৰ স্বৰ নুশুনে, কোনো অসুবিধা নহয় যিমানেই দক্ষতাপূর্ণ হলেও তেওঁলোক সেই সৰ্পৰ নিচিনা।
গীত 58 : 6 (IRVAS)
হে ঈশ্বৰ, তেওঁলোকৰ মুখৰ ভিতৰতেই দাঁত ভাঙিপেলোৱা; হে যিহোৱা, ডেকা সিংহবোৰৰ প্রধান দাঁত ভাঙি বাহিৰ কৰা।
গীত 58 : 7 (IRVAS)
বেগাই বৈ যোৱা পানীৰ দৰে তেওঁলোক অদৃশ্য হওঁক; যেতিয়া তেওঁলোকে ধনুৰ কাঁড় পোনাই, তেতিয়া সেই কাঁড়বোৰ আগ ছিগা যেন হওক।
গীত 58 : 8 (IRVAS)
শামুকৰ গতিৰ নিচিনাকৈ তেওঁলোক অদৃশ্য হওক, সুৰ্য্য দেখিবলৈ নোপোৱা, মহিলাৰ অসময়ত ওপজা সন্তানৰ নিচিনা হওক।
গীত 58 : 9 (IRVAS)
তোমালোকৰ পাত্রবোৰত কাঁইট খৰিৰ জুইৰ তাপ নাপাওঁতেই, তেওঁ সেইবোৰক ঘূর্ণি বতাহেৰে উড়াই নিব।
গীত 58 : 10 (IRVAS)
ঈশ্বৰে যেতিয়া তেওঁলোকৰ ওপৰত প্রতিশোধ লোৱা ধাৰ্মিক লোকে দেখিব, তেতিয়া তাকে দেখি তেওঁলোকে আনন্দ কৰিব। তেওঁ নিজৰ ভৰি দুষ্টৰ তেজেৰে ধুব।
গীত 58 : 11 (IRVAS)
তাকে দেখি লোকসকলে ক’ব, “সচাঁকৈয়ে ধাৰ্মিক জনে পুৰস্কাৰ পাব; বাস্তৱিক পৃথিবীত বিচাৰ কৰিবলৈ ঈশ্বৰ আছে।”
❮
❯
1
2
3
4
5
6
7
8
9
10
11