গীত 52 : 1 (IRVAS)
{প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ মচকীল নামে গীত। যেতিয়া ইদোমীয়া দোৱেগে চৌলৰ ওচৰলৈ আহি কৈছিল, - “দায়ুদ অহীমেলকৰ ঘৰলৈ আহিছে” এইয়া সেই সময়ৰ ৰচিত গীত। } হে বীৰ, তুমি দুষ্কৰ্মত কিয় গৰ্ব্ব কৰিছা? ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে* হে বীৰ, তুমি ধাৰ্মিকলোকৰ বিৰুদ্ধে কৰা কৰ্মৰ বাবে কিয় গৰ্ব্ব কৰিছা?
গীত 52 : 2 (IRVAS)
তুমি ধ্বংসৰ পৰিকল্পনা কৰিছা; হে ছলনাকাৰী, তোমাৰ জিভা চোকা খুৰৰ নিচিনা;
গীত 52 : 3 (IRVAS)
তুমি ভাল কামতকৈ বেয়া কামহে ভাল পোৱা, সত্য কথাতকৈ মিছা কথা কবলৈহে ভাল পোৱা। *চেলা
গীত 52 : 4 (IRVAS)
হে ছলনাকাৰী জিভা, যি কথাই ধ্বংস আনে, তুমি তাকে ভাল পোৱা।
গীত 52 : 5 (IRVAS)
কিন্তু ঈশ্বৰে তোমাক চিৰকালৰ বাবে বিনষ্ট কৰিব; তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি আনি ছিৰাছিৰ কৰিব; জীৱিতসকলৰ দেশৰ পৰা তোমাক উঘালি পেলাব। (চেলা)
গীত 52 : 6 (IRVAS)
ধাৰ্মিকসকলে তাকে দেখি ভয় কৰিব; তেওঁলোকে তোমাক এই কথা কৈ হাঁহিব,
গীত 52 : 7 (IRVAS)
“চোৱা, সৌ জনে ঈশ্বৰৰ আশ্ৰয়ত নির্ভৰ নকৰিলে, কিন্তু প্ৰচুৰ ধনত ভাৰসা কৰিলে, দুষ্টতাৰ কার্যৰ দ্বাৰাই লাভ কৰা সম্পত্তিত আশ্ৰয় ল’লে[† তেওঁ নিজৰ দুষ্টকৰ্মত অধিক সম্পত্তি যুগুতালে। ]।”
গীত 52 : 8 (IRVAS)
কিন্তু মই হ’লে, ঈশ্বৰৰ গৃহত কেঁচাপতীয়া জিত গছৰ নিচিনা; মই সকলো সময়তে ঈশ্বৰৰ প্রেমৰ ওপৰত ভাৰসা কৰোঁ।
গীত 52 : 9 (IRVAS)
হে ঈশ্বৰ, তুমি যি সকলো কার্য কৰিছা, তাৰ বাবে মই চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিম; তোমাৰ ভক্তসকলৰ সন্মুখত মই তোমাৰ নাম অপেক্ষা কৰিম; কাৰণ এইয়ে ভাল[‡ চীৰকাল মই তোমাক প্ৰসংশা কৰো, হে ঈশ্বৰ; তুমি যি কৰিলা। মই তোমাৰ নামত ভাৰসা কৰো আৰু তোমাক মই তোমাৰ ভক্তসকলৰ সন্মূখত তোমাৰ প্ৰসংশা কৰো। ]।

1 2 3 4 5 6 7 8 9