গীত 5 : 1 (IRVAS)
{প্ৰধান বাদ্যকৰৰ নিমিত্তে: বাঁহী বজাই গোৱা দায়ুদৰ ৰচিত গীত। } হে যিহোৱা, মোৰ কথালৈ কাণ পাতা; মোৰ হুমুনিয়াহ শুনা।
গীত 5 : 2 (IRVAS)
হে মোৰ ৰজা, মোৰ ঈশ্বৰ, তুমি মোৰ কাতৰোক্তিৰ স্বৰ শুনা; কিয়নো মই তোমাৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ।
গীত 5 : 3 (IRVAS)
হে যিহোৱা, প্রতি ৰাতিপুৱাতে তুমি মোৰ মাত শুনিবলৈ পোৱা; ৰাতিপুৱাই মই তোমাৰ সন্মুখত মোৰ নিবেদন* বলিদান উৎসর্গ কৰি উৎসৰ্গ কৰি বাট চাই থাকো।
গীত 5 : 4 (IRVAS)
তুমি দুষ্টতাত সন্তোষ পাওঁতা ঈশ্বৰ নোহোৱা; দুষ্ট লোকে তোমাৰ লগত থাকিব নোৱাৰে।
গীত 5 : 5 (IRVAS)
যিসকল অহংকাৰী লোক, তেওঁলোক তোমাৰ চকুৰ সন্মুখত থিয় হ’ব নোৱাৰিব; সকলো দুষ্কর্ম কৰা লোকক তুমি ঘৃণা কৰা।
গীত 5 : 6 (IRVAS)
যিসকলে মিছা কথা কয় তেওঁলোকক তুমি বিনষ্ট কৰিবা; যিহোৱাই ৰক্তপাতকাৰী আৰু ছলনাকাৰীক ঘৃণা কৰে।
গীত 5 : 7 (IRVAS)
কিন্তু মই তোমাৰ অসীম প্রেমৰ যোগেদি তোমাৰ গৃহত সোমাম, মই ভয়েৰে সৈতে তোমাৰ পবিত্ৰ মন্দিৰৰ ফাললৈ চাই মোৰ মূৰ নত কৰিম।
গীত 5 : 8 (IRVAS)
হে যিহোৱা, মোৰ অনেক শত্রু থকাৰ কাৰণে তুমি মোক তোমাৰ নিজ ধাৰ্মিকতাৰ পথত চলাই নিয়া; তোমাৰ পথ মোৰ সন্মুখত সৰল কৰি দিয়া।
গীত 5 : 9 (IRVAS)
মোৰ শত্রুবোৰৰ মুখত সত্যতা নাই। সিহঁতৰ হৃদয়ত ধ্বংসৰ মনোভাৱ থাকে। সিহঁতৰ ডিঙিৰ নলীবোৰ যেন মুকলি মৈদাম, সিহঁতে কপটভাৱে জিভাৰে প্রশংসাৰ কথা কয়।
গীত 5 : 10 (IRVAS)
হে ঈশ্বৰ, তুমি সিহঁতক নিজৰ দোষৰ ভাৰ বহন কৰিবলৈ দিয়া; সিহঁত নিজ নিজ পৰামর্শতে পতিত হওঁক। সিহঁতৰ অধিক অপৰাধৰ কাৰণে তুমি সিহঁতক খেদাই দিয়া; কিয়নো সিহঁতে তোমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে।
গীত 5 : 11 (IRVAS)
কিন্তু যিসকলে তোমাত আশ্ৰয় লয়, তেওঁলোক আনন্দিত হওঁক; তেওঁলোকে আনন্দেৰে চিৰকাল গীত-গান কৰক, তেওঁলোকৰ ওপৰত তোমাৰ নিৰাপত্তা প্রসাৰিত কৰা যাতে তোমাৰ নামক যিসকলে প্ৰেম কৰে, তেওঁলোকে তোমাত আনন্দ পায়।
গীত 5 : 12 (IRVAS)
কিয়নো হে যিহোৱা, যিসকল ধাৰ্মিক, তুমি তেওঁলোকক আশীৰ্বাদ কৰা; তোমাৰ দয়াৰে তুমি তেওঁলোকক ঢালৰ নিচিনাকৈ আৱৰি ৰাখিছা।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12