গীত 48 : 1 (IRVAS)
{এটি সঙ্গীত। কোৰহৰ বংশৰ ৰচিত গীত। } আমাৰ ঈশ্বৰৰ নগৰত, তেওঁৰ পবিত্ৰ পৰ্ব্বতত, যিহোৱা মহান আৰু অতীব প্রশংসাৰ যোগ্য,
গীত 48 : 2 (IRVAS)
উত্তৰপ্রান্তত স্থিত সেই চিয়োন পৰ্ব্বত; ওখ টিলাৰ ওপৰত মহান ৰজাৰ সেই নগৰ দেখিবলৈ সুন্দৰ; গোটেই পৃথিবীকে আনন্দ দিয়ে।
গীত 48 : 3 (IRVAS)
ঈশ্বৰে সেই চহৰৰ অট্টালিকাবোৰৰ মাজত নিজক দুৰ্গ স্বৰূপে প্রকাশ কৰিছে।
গীত 48 : 4 (IRVAS)
ৰজাসকলে একগোট হ’ল আৰু একেলগে আগুৱাই গ’ল।
গীত 48 : 5 (IRVAS)
তেওঁলোকে সেই নগৰ দেখি আতংকিত হ’ল; তেওঁলোক বিহ্বল হৈ পলাই গ’ল।
গীত 48 : 6 (IRVAS)
সেই ঠাইত ভয়তে তেওঁলোকৰ কঁপনি উঠিছিল, প্রসৱকাৰিনী মহিলাৰ দৰে যন্ত্রণা হৈছিল।
গীত 48 : 7 (IRVAS)
যেনেকৈ পূব দিশৰ বতাহে তৰ্চীচৰ জাহাজবোৰ ভাঙি পেলায়, তেনেকৈ তেওঁলোকক ভাঙিলে।
গীত 48 : 8 (IRVAS)
বাহিনীসকলৰ যিহোৱাৰ নগৰত, আমাৰ ঈশ্বৰৰ নগৰত; আমি যি শুনিছিলোঁ, তাকে দেখিলোঁ; দেখিলোঁ, ঈশ্বৰে নগৰখন চিৰকালৰ কাৰণে স্থাপন কৰিব। (চেলা)
গীত 48 : 9 (IRVAS)
হে ঈশ্বৰ, তোমাৰ মন্দিৰৰ ভিতৰত, আমি তোমাৰ গভীৰ প্রেমৰ কথা ধ্যান কৰোঁ।
গীত 48 : 10 (IRVAS)
হে ঈশ্বৰ, তোমাৰ প্ৰশংসাৰ দৰেই তোমাৰ নাম পৃথিৱীৰ শেষ সীমা পর্যন্ত আছে। তোমাৰ সোঁ হাত ধার্মিকতাৰে পৰিপূর্ণ।
গীত 48 : 11 (IRVAS)
তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন পৰ্ব্বতে আনন্দ কৰক, যিহূদাৰ নগৰবোৰ * জীয়ৰীসকল উল্লাসিত হোৱা উল্লাস কৰা।
গীত 48 : 12 (IRVAS)
তোমালোকে চিয়োনৰ চাৰিওফালে ঘূৰা, আহাঁ, তাৰ কোঁঠবোৰ গণনা কৰা।
গীত 48 : 13 (IRVAS)
তাৰ প্রাচীৰবোৰ লক্ষ্য কৰা; তাৰ ৰাজ-অট্টালিকাবোৰ ঘূৰি চোৱা যাতে তোমালোকে সেই কথা তোমালোকৰ ভাৱী সন্তান সকলক ক’ব পাৰা।
গীত 48 : 14 (IRVAS)
এই ঈশ্বৰ, আমাৰ অনন্তকালৰ ঈশ্বৰ; তেওঁ চিৰকাললৈকে আমাৰ পথদৰ্শক হ’ব।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14